পুনৰ্জন্ম
লেখক- আব্দুল ৰাকিব
মূল ইংৰাজী লেখক – ডাঃ মন প্ৰতিভ বৰুৱা
অনুবাদ– আব্দুল ৰাকিব
এটি অতিপ্ৰাকৃতিক জয়াল নিস্তব্ধতা সেই সময়ত দুই নং পুৰুষ ৱাৰ্ডটোত বিৰাজ কৰিছিল।
বিপ…বিপ…
বিপ…বিপ…
প্ৰায় সকলো বিছনাই ৰোগীৰে পৰিপূৰ্ণ কোঠাটোৰ কেইখনমান বিছনাত সংলগ্ন মনিটৰবোৰেহে চন্দোময় শব্দেৰে সোপা মাৰি ধৰা নিৰ্জনতাক ভেদিবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰিছিল। সেইয়া ডিচেম্বৰ মাহৰ এটা শীতৰ নিশাৰ কথা, য’ত কুকুৰ কেইটায়ো ৰাওচি জুৰিবলৈ এৰি হস্পিতালৰ কৰিড’ৰৰ চুক একোটাত উম বিচাৰিছিল। ডিউটিত থকা নাৰ্ছ কেইগৰাকীয়ে তেওঁলোকৰ কোঠাতে শ্ব’ল, কম্বল আদি মেৰিয়াই ৰুম হিটাৰেৰে জাৰ পলুৱাইছিল। ৱাৰ্ড বয় আৰু জামাদাৰ লৰাহঁতেও খালি পৰি থকা বেঞ্চ আৰু ৰোগী কঢ়িওৱা ট্ৰলীকেইখনতে গায়ে–মুৰে কম্বল টানি শীতক প্ৰত্যাহবান জনাবলৈ বৰ কষ্টেৰে যুঁজিছিল। ক’তো যেন পাত এটিও ইঞ্চি মাত্ৰও হিলা নাছিল। নিশাটো বৰ দীঘল আৰু নুপুৱাবই যেন!
এটা হতাশ অনুভৱ।
তেনে এক পৰিবেশৰ মাজত মই বহিৰ্বিভাগৰ জৰুৰীকালীন কক্ষৰ পৰা চেঁচা বতাহে কোবাই থকা দীঘল কৰিড’ৰটোৰে মোৰ জিৰণি কক্ষলৈ বাট বুলিছিলোঁ। তেতিয়া নিশা ২: ৩০। প্ৰায় পাঁচ ঘণ্টাৰ বিৰামহীন ৰোগীৰ লগত দৌৰা–দৌৰিৰ ভাগৰ আৰু শেষ নিশাৰ টোপনিত মই জিৰণি কক্ষৰ চোফাখনতে ঢলি পৰিছিলোঁ। মোৰ চিফ্ট শেষ হ’বলৈ তেতিয়াও আৰু চাৰিঘণ্টা বাকী।
দ্বায়িত্বৰ বিপৰীতে এটি আশা,
হে ভগৱান, নিশা যেন আকৌ জৰুৰীকালীন কোনো পৰিস্থিতি নহয়!
ভালকৈ নিতাল মাৰিবলৈ নৌ পাওঁতেই অতি কৰ্কশ মাতেৰে লেণ্ড ফ’নটো বাজি উঠিল।
ফ’নটোৰ সিপাৰে চিষ্টাৰ এঞ্জেলা।
“চাৰ সোনকালে আহক!”
২নং কোঠাৰ বাৰ নম্বৰ বিছনাৰ ৰোগীৰ বুকুৰ বিষ হৈছে আৰু ৰক্তচাপ জুখিব নোৱাৰাকৈ নামি গৈছে।”
দেহাৰ অৱশিষ্ট শক্তিখিনিক জাৰি–জোকাৰি মই ৰোগীৰ ওচৰলৈ প্ৰায় দৌৰ দিলোঁ।
‘যুগ দাস’
প্ৰায় এমাহ ধৰি সেই বিছনাখনতে অতিবাহিত কৰা কৰ্কট ৰোগী গৰাকীক আজি পুৱা ষষ্ঠতম কেম’ঠেৰাপি দিয়া হৈছে। প্ৰতি দিনেই পুৱা সন্ধিয়াই মই তেওঁক নিয়মিত চিকিৎসা সেৱা আগবঢ়াই আছোঁ।
ডেকা কালৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ শ্ৰীদাসৰ কেতিয়াও হাৰি যাব নোখোজা মানসিকতা এগৰাকী চিকিৎসক হিচাপে মোৰ বাবেও অনুপ্ৰেৰণাৰ আকৰ। তেখেত আত্মবিশ্বাসী, সোনকালেই এই ৰোগক পৰাভূত কৰি পৰিয়ালৰ মাজলৈ উলটি যাব।
“ঘৰলৈ উলতি গৈ আপুনি প্ৰথমতে কি কৰিব?”
এদিন তেওঁক মই সুধিছিলোঁ।
“মোৰ ফুলৰ বাগিচাখন সম্পূৰ্ণ কৰিম।”
তেওঁৰ মুখখন হঠাতে বহুত পোহৰ হৈ জিলিকিছিল। ।
“বাগিচাখন পোনতে সম্পূৰ্ণ কৰিম। যাতে ঘৰলৈ আহিব লগীয়া কণমানিটিয়ে চকুমেলিয়েই ধৰণীখন ধুনীয়া দেখে, চৌদিশে।”
একমাত্ৰ বোৱাৰীয়ে সোনকালেই ভাল খবৰ দিয়াৰ কথা।
তেওঁ আকৌ কৈ যায়,
“মই ইয়ালৈ আহোঁতে গোলাপ কেইজোপা ফুলিবলৈ আৰম্ভ কৰিছিলেই। এতিয়া উলতি গৈ হালধীয়া কেলেন্দুলা কেইজোপাৰ গুৰি চপাম। আৰু সেই যে বহু ৰঙী! “
মাজতে তেওঁ ফুলজোপাৰ নামটো পাহৰে।
অকণমান ভাবি পুনৰ আৰম্ভ কৰে।
কল্পনাৰ উচ্ছাসে তেওঁৰ উলাহৰ পাৰ ভাঙে।
“কাৰ্পেট গ্ৰাছখিনিও প্ৰায় সাজু। কণমানিটিয়ে যেতিয়া তাত থুপুক থাপাককৈ খোজ পেলাব, আমি দুয়োৱে একেলগে কিৰিলিয়াম। “
বিগত এমাহৰ সংস্পৰ্শই আমাক চিকিৎসক ৰোগীৰ যান্ত্ৰিক সম্পৰ্কৰ পৰা উত্তৰণ ঘটাইছিল। ক’ব নোৱাৰাকৈয়ে মোৰ পুৱাৰ ৰাউণ্ডটো পলম হ’বলৈ ধৰিছিল। তেওঁৰ লগত কটোৱা অতিৰিক্ত সময়খিনিয়ে, সৰু সৰু খুহুটীয়া কথাত তেখেতৰ প্ৰাণখোলা অট্টহাস্যই সঁচাকৈয়ে নিস্তেজ ৱাৰ্ডটোত সকলো ৰোগীৰে মনত জীৱনী শক্তিৰ নতুন ঢল বোৱাইছিল।
তেখেত বদ্ধপৰিকৰ,
সোনকালেই উলতি গৈ ঘৰলৈ আগমন হ’বলগীয়া নতুন প্ৰাণটিক কোলাৰ উমেৰে সাৱটি ধৰিব। জীৱনৰ পৰৱৰ্তী দিনবোৰ বাগিছাখনতে দুয়ো উমলি–জামলি পৃথিৱীতে সৰগ ৰচিব।
এই আশা অমূলকো নাছিল। অন্তিম কেমথেৰাপীৰ পিচত তেখেতৰ স্বাস্থ্য ভাললৈ আহিছিল।
মই তেখেতৰ বিছনাৰ ওচৰ পালোঁগৈ। তেতিয়ালৈ দেহাটো চেঁচা পৰি আহিছিল আৰু নাড়ীস্পন্দন নাছিল। ৰক্তচাপো অনিৰ্ণীত হৈ ৰৈছিল।
যুগ দাস গুচি গ’ল নেকি!
জীৱনৰ দুৰন্ত প্ৰেমিকজন এনেকৈয়ে হাৰি যাব নে!
তেখেতৰ হৃত হৃদস্পন্দন ঘূৰাই আনিবলৈ মই চি পি আৰ (কাৰ্ডিঅ পালম’নাৰী ৰিচাচিটেছন) আৰম্ভ কৰিলোঁ। এই প্ৰক্ৰিয়াত বুকুত হাতেৰে চাপ দি হৃদস্পন্দন পুনৰ স্বতঃস্ফূৰ্ত কৰিবলৈ চেষ্টা কৰা হয়।
গভীৰ নিৰাশাৰ মাজতো মই আশা কৰি আছোঁ তেখেত ঘূৰি আহক। ইমান সহজে আমি তেওঁক যাবলৈ দিব নোৱাৰো। তেওঁৰ সপোনবোৰক ইমান আলাসতে যহি যাবলৈ দিওঁ কেনেকৈ!
মৃত্যুৰ স‘তে আমিও এঘড়ী যুঁজিম।
মই আগন্তুক ২০ মিনিটৰ বাবে চি পি আৰ কৰি থাকিবলৈ সিদ্ধান্ত লৈ জৰুৰীকালীন কক্ষৰ পৰা পেৰামেডিকেলৰ কৰ্মচাৰীজনকো মাতি পঠিয়ালোঁ।
তেনেতে ২নং ৱাৰ্ডত থকা লেণ্ড ফ’নটো একেই কৰ্কশ শব্দ কৰি বাজি উঠিল। চিষ্টাৰ এঞ্জেলাই ফ’নটো ধৰি মোলৈ চাই চিঁঞৰিলে,
“জৰুৰীকালীন কক্ষত এগৰাকী গৰ্ভৱতী মহিলা আসন্ন প্ৰসৱ মুহূৰ্তসহ উপস্থিত হৈছে। চাৰ এতিয়াই যাব লাগিব। যিকোনো মুহূৰ্ততে প্ৰসৱ হ’ব পাৰে।”
চিকিৎসকৰ জীৱনৰ এইবিলাক আটাইতকৈ কঠিন মুহূৰ্ত্ত। কাক ধৰিম কাক এৰিম। জৰুৰীকালীন কক্ষলৈ দৌৰিলোঁ। মহিলাগৰাকী প্ৰসৱ বেদনাৰ তৃতীয় স্তৰত।
তেওঁৰ সুদীৰ্ঘ মৰণকাতৰ চিৎকাৰত শীতৰ ঠেৰেঙা লগা নিশাটোও যেন ঘামি উঠিব।
প্ৰায় দহ মিনিটমানৰ পিচত নৱজীৱনৰ প্ৰথম কান্দোনে স্বস্তিৰ এজাক মলয়া বোৱাই সকলোকে কিছু সকাহ দিলে। এটি স্বাস্থ্যবান পুত্ৰ সন্তান। প্ৰায় ২০ মিনিটমান প্ৰসুতিৰ লগত প্ৰসৱোত্তৰ যাৱতীয় নিৰীক্ষণৰ বাবে থাকি মই আকৌ ল’ৰি আহিলোঁ যুগ দাসৰ ওচৰলৈ!
আধাতে এৰি আহিবলগীয়া যুঁজখন অসম্পূৰ্ণ হৈয়ে ৰ’ল।
যুগ দাস গ’লগৈ।
তেতিয়া নিশা ৩ বাজি ৩০ মিনিট। দ্বায়িত্বই আমাক বহু সময়ত মানবীয় আবেগ অনুভূতিবোৰক ঠাইতে সমাধিস্থ কৰিবলৈ বাধ্য কৰে। যুগ দাসৰ ডেথ চাৰ্টিফিকেটখন লিখি উঠি মই পুনৰ প্ৰসুতি গৰাকীৰ ওচৰলৈ উভতি আহিলোঁ।
নৱজীৱনৰ আলোকেৰে আলোকিত এহাল উদ্বীপ্ত দম্পতী। মই তেওঁলোকক অভিনন্দন জনালোঁ।
নৱজাতকৰ দেউতাকে কৃতজ্ঞতা যাঁচি নিজৰ পৰিচয়ৰে মোক আকৌ জোকাৰি গ’ল।
“নমস্কাৰ, মই বৰুণ দাস। মোৰ পিতৃও ইয়াতে ভৰ্তি হৈ আছে। কাইলৈ তেওঁৰ চুটিৰ দিন।”
আনন্দাশ্ৰুখিনি মচি মচি বৰুণ দাসে কৈ গ’ল।
“দেউতাই যে নাতিটোক পাই কিমান আনন্দ পাব।“
তেওঁৰ হেঁপাহৰ বাগিচাখন আৰু নাতিটোৰ আগমনে দেউতাৰ জীৱনটোলৈ সুখৰ বৰষুণ নমাব।”
মই জৰুৰীকালীন কক্ষৰ পৰা ওলাই আহিলোঁ। ইতিমধ্যে পূবত ফেহুজালি দিছিল। পক্ষীৰ কলৰৱো আৰম্ভ হৈছিল। ক্লান্ত দেহা আৰু ভাগৰুৱা মন এটাৰে মই মোৰ জিৰণি কক্ষলৈ ঘূৰি আহিলোঁ। এটি নতুন পুৱাৰ আগমনে নিশাটোক ইতিমধ্যে বিদায় দিছিল।
কিন্ত মোৰ ক্লান্ত চকুহালত তেতিয়াও নিশাটোৱেই ভাঁহি আছিল। যুগ দাসলৈ বৰকৈ মনত পৰিছিল।
এটি গভীৰ বিশ্বাসে হৃদয়ত খোপনি পুতিছিল।
যুগ দাসে আমাক এৰি যোৱা নাই। সেই মুহূৰ্ত্ততেই তেওঁৰ পুনৰ্জন্ম হৈছিল।
সেই দিনাই,
সেই মুহূৰ্ততে,
আৰু সেই বছৰটোতে,
ডিচেম্বৰৰ শীতল পুৱাটোতে।