দ্য গুড ম’ৰ’

লেখক- স্বপ্না দত্ত ভৰালী

The Good-Morrow (দ্য গুড ম’ৰ’)
মূলঃ JOHN DONNE
অনুবাদ: স্বপ্না দত্ত ভৰালী

সুপ্ৰভাত

মই বিস্মিত হওঁ, শপত খাই কৈছোঁ,
প্ৰেমত পৰাৰ আগলৈকে তুমি আৰু মই কি কৰি আছিলোঁ?
দুগ্ধপোষ্য কেঁচুৱাৰ দৰে নাছিলোঁনে?
শিশুসুলভ আনন্দত মত্ত হৈ!
নে ঘুমন্ত হৈ আছিলোঁ সাতজন নিদ্ৰিত মানুহৰ গুহাত?
হয়তো সেয়াই! কিন্তু এতিয়া সেই সকলো আনন্দই যেন এক কল্পনাহে।
যদি কেতিয়াবা কোনো সুন্দৰীক দেখিছিলোঁ, আকাংক্ষা কৰিছিলোঁ বা পাইছিলোঁ,
সেয়া মাথোঁ তোমাৰেই সপোনৰ বাদে আন নাছিল।
আৰু এতিয়া,
সাৰপাই উঠা আমাৰ আত্মালৈ সুপ্ৰভাত।
সিহঁতে এজনে আনজনলৈ ভয়াৰ্ত দৃষ্টিৰে চোৱা নাই।
প্ৰেমৰ বাবে, এৰা, প্ৰেমেই নিয়ন্ত্ৰণ কৰে সকলোবোৰ।
প্ৰেমেই এটি সৰু পঁজাঘৰকো কৰিব তুলিব পাৰে সৰ্বত্ৰ।
সমুদ্ৰ অভিযানকাৰীয়ে নতুন নতুন জগত আৱিষ্কাৰ কৰি যাওক,
মানচিত্ৰ আঁকোতাই বিশ্বৰ ওপৰত বিশ্ব অংকন কৰি যাওক।
আমাক মাথোঁ এখন বিশ্বৰেই অধিকাৰ দিয়া যাওক।
প্ৰত্যেকৰে এখনকৈ,
একেখনেই দুয়োৰে।
তোমাৰ চকুত মোৰ মুখৰ প্ৰচ্ছায়া,
মোৰ চকুত তোমাৰ,
আমাৰ সঁচা হৃদয়ো তাতেই আছে।
ইয়াতকৈ ভাল গোলাৰ্দ্ধ আৰু ক’ত বিচাৰি পাম!
ধাৰাল উত্তৰ আৰু নিম্নগামী পশ্চিমবিহীন?
মৃত্যু সেইটোৰেই হয়, য’ত সম মিশ্ৰণতাৰ অভাৱ হয়,
যদি আমাৰ প্ৰেম এক হয় বা আমি দুয়ো সমানভাৱে এজনে আনজনক ভালপাওঁ,
আমি কেতিয়াও হাৰি নাযাওঁ,
আমাৰ কেতিয়াও মৃত্যু নহয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!