খাৰুৱা তেলৰ কিছু কথা

লেখক- পংকজ কুমাৰ নেওগ

খাৰুৱা তেল কেনেকৈ কি অৱস্থাত থাকে বা কেনেকৈ খাদত পোৱা যায় তাৰ বিষয়ে বহুতৰে সম্যক ধাৰণা নাই। অনেকৰে এটা ধাৰণা যে ভূগৰ্ভৰ তলত পানীৰ পুখুৰীৰ দৰে খাৰুৱা তেলৰো পুখুৰী আছে। কথাটো সম্পূৰ্ণ অসত্য। ভূগৰ্ভত থকা কিছুমান প্ৰস্তৰ স্তৰৰ ৰন্ধ্ৰত খাৰুৱা তেলৰ টোপালবোৰ গোট খাই থাকে। খাৰুৱা তেল বহন কৰা এনে বালি শিলাস্তৰক তৈল ভাণ্ডাৰ বা আগাৰ (Oil Reservoir) কোৱা হয়। বালিশিলত থকা ৰন্ধ্ৰ বা খাৰুৱাতেলৰ টোপালবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা সম্ভৱ। এখন খিৰিকীৰ আইনাত বৰষুণৰ টোপাল লাগি ধৰাৰ দৰে তেলৰ টোপালবোৰ ইটো সিটো লগ হৈ শিলতে লাগি থাকে।

ভূগৰ্ভস্থ তৈল ভাণ্ডাৰ পৃথিবীৰ বহুত ঠাইতে পোৱা যায়। খাৰুৱা তেল উৎপাদন কৰা মুখ্য দেশবোৰৰ ভিতৰত মধ্য প্ৰাচ্যৰ চৌদি আৰব, কুৱেইট, সংযুক্ত আৰৱ আমিৰশ্বাহী, ৰাচিয়া, আমেৰিকা, ইৰাণ, চীনদেশ ইত্যাদি প্ৰধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩১খন প্ৰদেশে তেল উত্পাদন কৰে আৰু তাৰ ভিতৰত টেক্সাচ, আলাস্কা, কেলিফৰ্ণিয়া, লুইজিয়ানা আৰু ওকলাহোমা উল্লেখযোগ্য।

আমেৰিকা যুক্তৰাষ্ট্ৰ তেল উৎপাদনত চহকী যদিও উত্পাদনতকৈ উপভোগ অনেক বেছি আৰু প্ৰায় ৬০ শতাংশ তেল বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। আমদানি তেলৰ সৰহখিনি কানাডা, চৌদি আৰৱ, মেক্সিকো, ভেনিজুৱেলা আৰু নাইজেৰিয়াৰ পৰা আহে।

১৮৮৯ চনত ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে অসমৰ ডিগবৈ চহৰত খাৰুৱা তেল আবিষ্কাৰ হয়। প্ৰথম তৈল খাদটো ১৮৯০ চনত আৰম্ভ কৰাৰ পাছত ১৮৯৩ চনত মাৰ্ঘেৰিটাত প্ৰথমটো শোধানাগাৰ স্থাপিত হয়। ১৮৯৯ চনৰ পৰা আসাম অয়ল কোম্পানীয়ে তৈল উৎপাদনৰ কাম-কাজ চলাবলৈ ধৰে। অসমৰ বাহিৰে খাৰুৱা তেল উৎপাদন কৰা অন্যান্য প্ৰদেশবোৰ হল গুজৰাট, ৰাজস্থান আৰু আৰৱ সাগৰস্থিত বোম্বে হাই তৈলক্ষেত্ৰ। অৰুণাচল, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৱেও কিছু পৰিমাণ খাৰুৱা তেল উৎপাদন কৰে। ভাৰতবৰ্ষৰ বছৰেকীয়া খাৰুৱা তেলৰ উৎপাদন মাত্ৰ ৩৫ নিযুত টন কিন্তু ইয়াৰ বিপৰীতে বছৰি আমাক ২৬০ নিযুত টন আৱশ্যক। ২০১৯ চনত খাৰুৱা তেলৰ আমদানি আছিল ২২৬.৫ নিযুত টন; ২০২০ চনত এই আমদানি ১৬৮ নিযুত টনলৈ হ্ৰাস পায়। ২০১৯ চনত খাৰুৱা তেল আমদানিৰ বাবে ভাৰতবৰ্ষই খৰচ কৰে প্ৰায় ১০৫ বিলিয়ন ডলাৰ। ইৰাক, নাইজেৰিয়া, ইউ, এ, ই, আমেৰিকা ইত্যাদি দেশৰ পৰা ভাৰতবৰ্ষই খাৰুৱা তেল আমদানি কৰে।

খাৰুৱা তেলৰ পৰা বিভিন্ন লাগতিয়াল পদাৰ্থ উত্পন্ন হয়। এইবোৰৰ ভিতৰত গাড়ী চলাবলৈ ব্যৱহাৰ হোৱা পেট্ৰলৰ কথা সকলোৱে জানে। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অন্যান্য অনেক পদাৰ্থ আছে। খাৰুৱা তেলৰ সিংহভাগ শক্তিৰ উৎসলৈ পৰিৱৰ্তিত কৰা হয়। গেছলিনৰ উপৰি হিটিং অইল, ডিজেল, জেট প্লেনৰ ইন্ধন, প্ৰপেন ইত্যাদি তৈয়াৰ কৰিব পাৰি। পেট্ৰকেমিকেলছ যেনে কৃত্ৰিম ৰবৰ, প্লাষ্টিক আদি বনাবলৈ খাৰুৱা তেল লাগে। সৰু লৰা-ছোৱালীয়ে ছবি আকোঁতে ব্যৱহাৰ কৰা ক্ৰেয়ন্স, বাছন ধোৱা তৰল চাবোন, ডিঅ’ডৰেম্ট, চশমাৰ আইনা, টায়াৰ, এমোনিয়া ইত্যাদিও ইয়াৰ পৰা তৈয়াৰ কৰা হয়।

ভূগৰ্ভৰ পৰা খাৰুৱা তেল একো একোটা খাদ বা কূপৰ জৰিয়তে উৎপাদন কৰা হয়। তৈলখাদ খনন অতি খৰচী আৰু সেইবাবে তাৰ আগেয়ে ভূবৈজ্ঞানিক অধ্যয়নৰ আৱশ্যক। এই অধ্যয়নবোৰৰ জৰিয়তে তৈলাগাৰৰ বিস্তৃতি, গভীৰতা, শিলাস্তৰৰ ৰন্ধ্ৰতা, তেলৰ টোপালবোৰ গোট খাই কিমান বেগেৰে শিলাস্তৰেদি গতি কৰিব পাৰে (শিলাস্তৰৰ ভেদ্যতা), শিলাস্তৰত স্বাভাৱিকভাৱে থকা ফাঁটৰ পৰিমাণ ইত্যাদি নিৰ্ণয় কৰি খনন কৰিব লগা খাদৰ স্থান নিৰ্ণয় কৰা হয়।

বহুত দিনৰ আগেয়ে তৈল অন্বেষণকাৰীসকলে একপ্ৰকাৰ অনুমানৰ ভিত্তিত খাদৰ স্থান নিৰ্ণয় কৰিছিল আৰু তেনেভাৱে কৰা খনন কাৰ্যত কেতিয়াবা সফলতা আৰু কেতিয়াবা বিফলতা লভিছিল। শুনা যায় যে আমেৰিকাৰ টেক্সাছ কাউবয়সকলে পথাৰেদি যাওঁতে মূৰত পিন্ধি থকা কাউবয় টুপীটো খুলি দূৰলৈ দলিয়াই পঠাইছিল আৰু টুপীটো য’তে পৰে তাতে তেলৰ অন্বেষণ কৰিছিল। কেতিয়াবা ভূপৃষ্ঠত দেখিবলৈ পোৱা কিছুমান লক্ষণৰ (Surface indications) সহায়ত ভূগৰ্ভত খাৰুৱা তেল বা গেছৰ ভাণ্ডাৰ থকা বুলি গম পোৱা যায়। ব্ৰিটিছসকলে ভূপৃষ্ঠত খাৰুৱা তেলৰ নমুনা প্ৰত্যক্ষ কৰি ডিগবৈ আৰু ওচৰ পাজৰৰ তৈলক্ষেত্ৰবোৰ আবিষ্কাৰ কৰিবলৈ সক্ষম হয়। উজনি অসমত ৰেলৰ লাইন বহাবলৈ কাঠৰ আৱশ্যক হোৱাত হাতীৰ সহায়ত হাবিৰ পৰা ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডাবোৰ টানি অনোৱা হৈছিল। এই হাতীবোৰৰ ভৰিত লাগি অহা বোকাত খাৰুৱা তেলৰ বিৰিঙণি দেখা পোৱা গৈছিল আৰু গোন্ধো পোৱা গৈছিল।

আধুনিক যুগত নানা ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তেল বা গেছ আগাৰৰ অৱস্থান নিৰ্ণয় কৰা হয়। শব্দ তৰঙ্গ ব্যৱহাৰ কৰি বিজ্ঞানী সকলে ভূ-গৰ্ভৰ বিভিন্ন শিলাস্তৰৰ প্ৰকৃতি ঠাঁৱৰ কৰিব পাৰে। তেওঁলোকে জিঅ’ফোন নামৰ এবিধ যন্ত্ৰৰ সহায়ত ভূগৰ্ভৰ শিলাস্তৰৰ বিভিন্ন গভীৰতাৰ পৰা ঠেকা খাই উভতি অহা শব্দ তৰঙ্গৰ গতিবেগ নিৰ্ণয় কৰে। সকলোবোৰ শব্দ তৰঙ্গ শোধন আৰু পুঙ্খানুপুঙ্খে অধ্যয়ন কৰাৰ পিছত খাৰুৱা তেল থাকিব পৰা সম্ভাব্য শিলাস্তৰবোৰ চিনাক্তকৰণ কৰা হয়। বিজ্ঞানী সকলে শব্দ তৰঙ্গৰ সলনি বিদ্যুত প্ৰবাহো ব্যৱহাৰ কৰে।

ভূবিজ্ঞানীসকলে ভূগৰ্ভৰ বিভিন্ন শিলাস্তৰবোৰো অধ্যয়ন কৰিব পাৰে। অন্বেষণমূলক খাদৰ পৰা খননৰ সময়ত একো একোটা ফোঁপোলা চুঙা বা বেৰেলত শিলাস্তৰৰ দীঘলীয়া স্তম্ভ কাটি আনিব পাৰি। ভূগৰ্ভৰ এই শিলৰ নমুনাক “ক’ৰ”(Core) বুলি কোৱা হয়। ভূগৰ্ভৰ এই শিলৰ নমুনাবোৰ অণুবীক্ষণ যন্ত্ৰেৰে অধ্যয়ন কৰি কোন কোন গভীৰতাত খাৰুৱা তেল আছে বা থাকিব পাৰে ক’ব পৰা সম্ভৱ। কোনো এক বিশেষ গভীৰতাত খাৰুৱা তেল থাকিলে শিলৰ নমুনাত ক’লা চেকা দেখা পোৱাৰ লগতে খাৰুৱা তেলৰ গোন্ধো পোৱা যায়।

তৈল অন্বেষণকাৰীসকল যেতিয়া সকলো ধৰণৰ ভূবৈজ্ঞানিক বা ভূতাত্বিক অধ্যয়নৰ সহায়ত কোনো এঠাইত খাৰুৱা তেল থকাৰ সম্ভাৱনা প্ৰবল বুলি ভাবে তেওঁলোকে খনন আৰম্ভ কৰে। এটা খাদ ভূগৰ্ভৰ তৈলাগাৰত প্ৰৱেশ কৰোঁতে হঠাতে তৈলাগাৰৰ চাপ কমি যোৱা বাবে কিছু খাৰুৱা তেল ভূপৃষ্ঠলৈ ওলাই অহা সম্ভৱ। আমি মনত ৰখা উচিত ভূগৰ্ভৰ তৈল ভাণ্ডাৰবোৰত ওপৰৰ নিযুত টন শিলাস্তৰৰ প্ৰচণ্ড চাপ থাকে আৰু এই প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপত খাৰুৱা তেলৰ সৈতে গেছো সম্পৃক্ত হৈ আগাৰত জমা হয়। খননৰত খাদ এটাই এনে ধৰণৰ ভাণ্ডাৰত প্ৰৱেশ কৰাৰ লগে লগে মুহূৰ্ততে চাপ কমি যায়। ক’কাকোলা বটলৰ মুখখন হঠাতে খুলিলে যিদৰে ভিতৰৰ বস্তুখিনি সম্প্ৰসাৰিত হৈ বটলৰ মুখলৈ ওলাই আহে ভূগৰ্ভৰ খাৰুৱা তেলৰ ভাণ্ডাৰটো তাৰ সৈতে তুলনা কৰিব পাৰি।

বহুত বছৰৰ আগেয়ে যেতিয়া তৈলকূপ খনন কাৰ্য বা আনুষঙ্গিক সৰঞ্জামাদি খুব উন্নত নাছিল৷ সেই সময়ত খাৰুৱা তেল আৱিষ্কাৰ হোৱাৰ সময়ত খাদৰ পৰা ওলোৱা তেল কেইবাশ ফুট ওপৰলৈ ফোঁৱাৰাৰ দৰে উঠি যোৱা দৃশ্য দেখা গৈছিল। এনে ধৰণৰ তেলখাদ বোৰক ফোঁৱাৰা (Gushers) কোৱা হৈছিল। আজিকালি তেল কোম্পানীবোৰে এনেধৰণৰ ফোঁৱাৰা বা খাদৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ এবিধ বিশেষ বিস্ফোৰণ প্ৰতিৰোধক সৰঞ্জাম খাদৰ মূৰত সংস্থাপন কৰে। তৈল উদ্যোগত ইয়াক “ব্ল’-আউট প্ৰিভেণ্টাৰ” (Blow Out Preventer) নামেৰে জনা যায়।

এখন তৈলক্ষেত্ৰ নতুন হৈ থাকোঁতে তৈলাগাৰৰ চাপে ভূস্তৰৰ শিলাৰন্ধ্ৰ আৰু স্বাভাৱিকভাৱে থকা ফাঁটবোৰৰ মাজেৰে খাৰুৱা তেল উৎপাদন খাদৰ (Oil Producer) ফালে ঠেলি নিয়ে। খাৰুৱা তেলৰ এই স্বাভাৱিক প্ৰবাহ বা উত্পাদনক ‘প্ৰাথমিক উৎপাদন’ (Primary Recovery) কোৱা হয়। প্ৰাথমিক উৎপাদনৰ সময় সীমা কেইদিনমানৰ বাবে বা কেইবাবছৰৰো হ’ব পাৰে। এটা সময়ত তৈলাগাৰৰ চাপ কমি যোৱা বাবে খাদবোৰে নিজে তেল উৎপাদন কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। এনে সময়ত তেল কোম্পানীবোৰে তেল উৎপাদন কৰিবলৈ খাদবোৰত পাম্প বহুৱায়।

তেলৰ সৈতে সাধাৰণতে প্ৰাকৃতিক গেছৰো উত্পাদন হয়। তেল কোম্পানীবোৰে কেতিয়াবা গেছ পৃথকৰণ কৰি ভূগৰ্ভৰ তৈলাগাৰলৈ পুনৰ পাম্প/ইঞ্জেক্ট কৰি পঠায়। ই তৈলাগাৰৰ চাপ ৰক্ষা কৰাত সহায় কৰাৰ লগতে প্ৰাথমিক উৎপাদনৰ সময়ছোৱাও কিছু দীৰ্ঘ কৰে। কেতিয়াবা এই ব্যৱস্থাপনা খুব এটা ফলপ্ৰসূ নহয় আৰু ভূগৰ্ভৰ তৈলাগাৰত যথেষ্ট খাৰুৱাতেল থাকি যায়। এনেক্ষেত্ৰত সাধাৰণতে তেল কোম্পানীবোৰে ‘মাধ্যমিক উৎপাদন (Secondary Recovery) ব্যৱস্থা’ৰ সহায় লয়। মাধ্যমিক উৎপাদন ব্যৱস্থাই ভূগৰ্ভৰ তৈলভাণ্ডাৰত ৰৈ যোৱা তেলৰ কিছু অংশ উলিওৱাত সহায় কৰি তেলৰ সামূহিক উৎপাদন বঢ়ায়।
ধৰি লওক পাকঘৰত কাম কৰি থাকোঁতে অসাৱধানতাবশতঃ আপোনাৰ হাত লাগি সাঁফৰ খোলা মিঠাতেল এবটল মজিয়াত পৰিল। আপুনি কাপোৰেৰে মজিয়াখন চফা কৰিলেও তেলৰ চামনি এটা মজিয়াত লাগি থাকিব। এতিয়া পানীৰ নলত পাইপ এডাল সংযুক্ত কৰি মজিয়াত পানী মাৰিলে আৰু অলপ তেল আঁতৰাব পাৰিব। মাধ্যমিক খাৰুৱা তেল উৎপাদন ব্যৱস্থাত ঠিক এনে এটা নিয়মৰ উপযোগ হয়। তেল কোম্পানীবোৰে ভূগৰ্ভৰ তৈলাগাৰলৈ কিছুমান কূপ খনন কৰি সেইবোৰৰ মাজেৰে প্ৰচণ্ড চাপত পানী পাম্প বা ইঞ্জেক্ট কৰি পঠায়। এনেদৰে পাম্প কৰা পানীয়ে বালিশিলৰ ৰন্ধ্ৰবোৰত লাগি থকা খাৰুৱা তেলৰ কিছু অংশ ঠেলি উৎপাদন খাদৰ ফালে নিয়ে। তেল আৰু প্ৰাকৃতিক গেছ প্ৰযুক্তিত এই ব্যৱস্থাপনাক ‘বন্যাকৰণ’ (Water-flooding) কোৱা হয়। এখন তৈলক্ষেত্ৰত বিভিন্ন বন্যাকৰণ পদ্ধতিৰ ব্যৱস্থাপনা সম্ভৱ হ’ব পাৰে। । তৈলাগাৰলৈ কেইটা খাদৰ জৰিয়তে পানী পাম্প বা ইঞ্জেক্ট কৰা হ’ব, তৈলক্ষেত্ৰৰ খাদৰ পেটাৰ্ণ, পানীৰ পৰিমাণ ইত্যাদি বহুত কথা বিবেচনা কৰি সৰ্বোত্তম পন্থা বা ব্যৱস্থাটো লোৱা হয়।

ধৰা হওক এটা ভূগৰ্ভৰ তৈলাগাৰত আৰম্ভণিতে ১০ বেৰেল খাৰুৱা তেল মজুত আছে (দৰাচলতে কেইবা নিযুত তেল থাকিব পাৰে)। এই তেলৰ পৰিমাণক “আৰম্ভণিতে মজুত থকা তেল” বা ‘Original Oil in Place’ (OOIP) কোৱা হয়। প্ৰাথমিক উৎপাদনৰ হেতু এই ১০ বেৰেল ‘অ’, অ’, আই, পি’ৰ প্ৰায় ২.৫ বেৰেল উৎপাদন হ’ব। বন্যাকৰণ বা ৱাটাৰফ্লাডিঙৰ বাবে ওপৰুৱাকৈ আৰু আধা বা এক বেৰেল তেল উৎপাদন হ’ব পাৰে। ইয়াৰ অৰ্থ এয়েই যে আমাৰ কাল্পনিক ১০ বেৰেলৰ তৈলাগাৰটোত প্ৰাথমিক আৰু মাধ্যমিক উৎপাদনৰ পিছত ৬.৫ৰ পৰা ৭ বেৰেল খাৰুৱা তেল থাকি যাব। এক কথাত ক’বলৈ গলে প্ৰতি বেৰেল তেল উৎপাদনৰ বিপৰীতে ভূগৰ্ভত ২ বেৰেল তেল থাকি যায়।

পৃথিৱীৰ সকলোবোৰ তেল কোম্পানী এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়ালৈকে মুঠ ১৯৫ বিলিয়ন বেৰেল তেল উত্পাদন কৰিছে যদিও ৪০০ বিলিয়ন বেৰেলতকৈ অধিক তেল এতিয়াও ভূগৰ্ভৰ তৈলভাণ্ডাৰত ৰৈ গৈছে। প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ তৈল উৎপাদনৰ পাছতো ভূগৰ্ভত ৰৈ যোৱা বিশাল পৰিমাণৰ তেল উত্পাদনৰ বাট বিচাৰি তৈল বিজ্ঞানী সকল ব্যস্ত। তেওঁলোকে ভাবে যে “বৰ্ধিত তৈল উত্পাদন প্ৰণালী”ৰে (Enhanced Oil Recovery Methods) তৈলভাণ্ডাৰত মজুত থকা তেল (OOIP)ৰ ৩০ৰ পৰা ৬০ শতাংশ উৎপাদন কৰা নিতান্তই সম্ভৱ। কিছুমান এনে ধৰণৰ প্ৰযুক্তিৰ কথা তলত উল্লেখ কৰা হ’ল।

(১) তাপ আৰু ভাপৰ সহায়ত তৈল উত্পাদন বৃদ্ধি: সাধাৰণ অৱস্থাত গধুৰ তেল থকা তৈল ভাণ্ডাৰবোৰৰ উৎপাদন অতি সামান্য। তৈলাগাৰত থকা তেলৰ সান্দ্ৰতা (Viscosity) বেছি বাবে খাৰুৱা তেল উৎপাদন খাদলৈ বৈ যাব নোৱাৰে। এনেবোৰ গধুৰ তৈল ভাণ্ডাৰলৈ ষ্টীম বা ভাপ উচ্চ চাপত পাম্প/ইঞ্জেক্ট কৰা হয়। গৰম ভাপ আৰু পানীৰ সান্নিধ্যলৈ আহি তেলৰ সান্দ্ৰতা বহু পৰিমাণে কমে আৰু পাম্পৰ সহায়ত এনে তেল উৎপাদন কৰা সম্ভৱ। আমেৰিকাত ব্যৱহাৰ হোৱা “বৰ্ধিত তৈল উত্পাদন প্ৰণালী”ৰ শতকৰা ৫০ ভাগ তাপ আৰু ভাপ পদ্ধতিৰে চলিছে।

(২) গেছ ইঞ্জেকশ্যন: তৈলাগাৰত হাইড্ৰ’কাৰ্বন গেছ, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন ইত্যাদি উচ্চ চাপত পাম্প/ইঞ্জেক্ট কৰি তেলৰ উত্পাদন বঢ়োৱা হয়। এই গেছ তেলৰ সৈতে মিহলি হৈ তেলৰ সান্দ্ৰতা কমায়। কোনো গেছ তেলত মিহলি হৈ তেলৰ আয়তন বৃদ্ধি কৰে (Swelling) আৰু কিছু গেছে তেল পোনপটীয়াকৈ ঠেলি নি উৎপাদন খাদলৈ নিয়ে।

(৩) কেমিকেল ইঞ্জেকশ্যন: এই পদ্ধতি কেইবাধৰণৰো হ’ব পাৰে। ৱাটাৰফ্লাডিং বা বন্যাকৰণ পদ্ধতিত পানীৰ সৈতে দীঘল শৃঙ্খলযুক্ত অণুৰে গঠিত ‘পলিমাৰ’ যোগ দি পানীৰ সান্দ্ৰতা বঢ়োৱা হয়। এনে পলিমাৰ মিহলোৱা উচ্চ সান্দ্ৰতাৰ পানী তৈলাগাৰত ইঞ্জেক্ট কৰি গধুৰ খাৰুৱা তেল উতপাদন খাদলৈ সহজে ঠেলি নিব পাৰি। কেতিয়াবা তেলৰ উৎপাদন বঢ়াবলৈ এবিধ চাবোনজাতীয় ৰাসায়নিক দ্ৰব্য (Surfactant) তৈলাগাৰলৈ ইঞ্জেক্ট কৰা হয়। এই ৰাসায়নিক দ্ৰব্যই তেলৰ সৈতে মিহলি হৈ দুয়োৰে মাজত থকা পৃষ্ঠটানৰ (Surface Tension) পৰিমাণ হ্ৰাস কৰে। ইয়াৰ ফলত শিলাৰন্ধ্ৰত লাগি থকা তেলৰ কণিকাবোৰ সহজে ওলাই আহি তৈল উৎপাদন বৃদ্ধি কৰে।

উল্লিখিত “বৰ্ধিত তৈল উৎপাদন প্ৰণালী”বোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড ইঞ্জেকশ্যন প্ৰণালীৰ প্ৰচলন উল্লেখযোগ্য। ভূগৰ্ভৰ তৈলাগাৰত ৰৈ যোৱা খাৰুৱা তেল কাৰ্বন-ডাই-অক্সাইডে পাতল কৰি উচ্চ চাপযুক্ত কৰে আৰু সহজেই উৎপাদন খাদলৈ ঠেলি পঠাব পাৰে। একো একোটা তৈলাগাৰৰ পৰা অৰ্থনৈতিক উৎপাদন শেষ কৰি উঠি এই ভাণ্ডাৰবোৰ কাৰ্বন-ডাই-অক্সাইড ধৰি বা সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰি (Underground Storage)। বিভিন্ন ফেক্টৰীবোৰত জীৱাশ্ম ইন্ধনৰ দহনৰ পৰা বা অন্যান্য উৎসৰ পৰাও যথেষ্ট পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়। এনে গেছ ভূগৰ্ভৰ ভাণ্ডাৰত ধৰি ৰাখিব পাৰিলে জলবায়ু পৰিষ্কাৰ হৈ থাকিব। তদুপৰি খাদৰ মাধ্যমেৰে কাৰ্বন-ডাই-অক্সাইড তৈলাগাৰলৈ ইঞ্জেক্ট কৰোঁতে ই তৈল উৎপাদন বঢ়োৱাতো সহায় কৰে। কাৰ্বন-ডাই-অক্সাইড ইঞ্জেকশ্যন “বৰ্ধিত তৈল উৎপাদন প্ৰণালী”ৰে আমেৰিকা আৰু কানাডাত ১৫২ বিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড ভূগৰ্ভত ধৰি ৰাখিব পৰা যাব (Carbon-dioxide Sequestration)। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰত বছৰি প্ৰায় ৪৮ নিযুত টন স্বাভাৱিকভাৱে উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ “বৰ্ধিত তৈল উৎপদন প্ৰণালী”ৰ বাবে ব্যৱহাৰ কৰা হয়।

ইয়াৰ উপৰি কিছু অপৰম্পৰাগত প্ৰণালীৰেও ভূগৰ্ভস্থ তৈলাগাৰৰ পৰা খাৰুৱা তেল উৎপাদন কৰিব পাৰি। এনে অপৰম্পৰাগত প্ৰণালীবোৰ সাধাৰণতে অতি কম ৰন্ধ্ৰতা আৰু ভেদ্যতা (Low porosity & Permeability) থকা তৈলভাণ্ডাৰৰ বাবে ব্যৱহাৰ কৰা হয়। এই প্ৰণালীবোৰৰ ভিতৰত অনুভূমিক খনন (Horizontal Drilling), ডাইৰেকশ্যনেল ড্ৰিলিঙ, হাইড্ৰ’লিক ফ্ৰেকচাৰিং ইত্যাদিবোৰ উল্লেখযোগ্য।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!