“ওৱেটিঙ ফৰ গ’ডো’’ –আশা-আকাঙ্ক্ষাৰ অন্তহীন অপেক্ষাত আমি সকলো

লেখক- চিত্তৰঞ্জন ওজা

বিংশ শতাব্দীৰ এখন বিশ্ববিখ্যাত নাটক হ’ল ছেমুৱেল বাৰ্কলে বেকেটৰ ‘ওৱেটিঙ ফ’ৰ গ’ডো’। বেকেট আছিল আধুনিক ইউৰোপীয় সাহিত্যৰ এজন স্বনামধন্য নাট্যকাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেতিয়া সমগ্ৰ মানৱ জাতিয়ে এক ধ্বংস যজ্ঞ আৰু অৱক্ষয়ৰ মাজেৰে পাৰ হ’বলগীয়া হয় সেই সময়তে প্ৰখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটে এই নাটকখন লিখি উলিয়ায়। মানৱীয় মূল্যবোধ ভুলুণ্ঠিত হোৱাৰ সময়ত, যেতিয়া দুঃখ-দুৰ্দশা আৰু হতাশাৰ মাজত জীয়াই থকাটোৱে এটা ডাঙৰ সমস্যা হৈ পৰিছিল সেই সময়তে লিখা এই নাটক “গ’ডোৰ অপেক্ষাত।” পৃথিবী তোলপাল লগোৱা এই নাটকখনৰ মাজেৰে হয়তো নাট্যকাৰে আমাৰ সৰ্বসাধাৰণ মানুহৰ অন্তৰত থকা আশা-আকাঙ্ক্ষাৰ এক অন্তহীন অপেক্ষাৰ কথাকে বুজাব বিচাৰিছে। এই এবচাৰ্ড নাটকখনে বেকেটক বিশ্ব বিয়াপি খ্যাতিৰ শিখৰলৈ লৈ যায়, ১৯৬৯ চনত নাট্যকাৰক ইয়াৰ বাবে নোবেল বঁটা প্ৰদান কৰে। নাটকৰ কাহিনী থুলমূলকৈ এনেধৰণৰ আছিল।

ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন এডাল বৃক্ষৰ তলত লগ হয়। তেওঁলোকে বিভিন্ন বিষয়লৈ আলোচনা কৰে। আলোচনা বোৰৰ পৰা এটা কথা স্পষ্ট যে তেওঁলোক গ’ডো নামৰ মানুহ এজনৰ অপেক্ষাৰত, মানুহজনক তেওঁলোকে কেতিয়াও লগ পোৱা নাই। কিছু পৰৰ পিছত অন্য দুজন মানুহৰ আবিৰ্ভাৱ ঘটে – প’জো আৰু লগতে তেওঁৰ ক্ৰীতদাস লাকী। বজাৰত বিক্ৰী কৰিবলৈ লাকীক লৈ আহিছিল। লাকীৰ গলত এডাল বন্দীত্বৰ ৰছী, সি লগত প’জোৰ বাবে বহিবলৈ চকী আৰু বেগ লৈ ফুৰে। লাকীয়ে বাকীবোৰক নাচি-বাগি আমোদ দিয়ে। কিছু কথা বতৰাৰ পিছত প’জো আৰু লাকী গুচি যায়। ইয়াৰ ঠিক পিছতে গ’ডোৰ বাৰ্তাবাহক এজন আহে, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক জনায় যে গ’ডো সেইদিনা যদিও আহিবলগীয়া আছিল কিন্তু আহিব নোৱাৰে। লগতে এইটোও ক’লে যে পিছৰ দিনাখন তেওঁ নিশ্চয়কৈ আহিব। দুয়োজন ঘূৰি যাবলৈ সিদ্ধান্ত লয় যদিও দেখা গ’ল তেওঁলোক দুজন মঞ্চৰ পৰা আঁতৰি নগ’ল আৰু নাটকৰ আঁৰকাপোৰ টানি দিয়া হয়।

পিছৰ দিনা সেই একেই সময়তে ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন একেডাল বৃক্ষৰ তলত লগ হয়। তেওঁলোক গ’ডো নামৰ মানুহ জনৰ অপেক্ষাত ৰৈ থাকে। এষ্ট্ৰাগনক শেষৰাতি গ’ডো ৰ বাবে অপেক্ষাত থকা কথাটো ভ্লাডিমিৰে মনত পেলাই দিবলগীয়া হয়। আগদিনাৰ দৰে সেইদিনাও প’জো আৰু লাকী মঞ্চত দেখা যায়, এইবাৰ প’জোক দেখা গ’ল অন্ধ ৰূপত আৰু লাকীক বোবা ৰূপত। প’জো আৰু লাকী গুচি যোৱাৰ পিছত গ’ডোৰ বাৰ্তাবাহকজন উপস্থিত হয় আৰু জনায় যে গ’ডো সেই নিশা আহিব নোৱাৰে কিন্তু পিছৰ দিনা আহিবই। ভ্লাডিমিৰে যেতিয়া জোৰকৈ ধৰিলে যে আগদিনা নিশা কথা দিছিল যে সেইদিনা আহিবই, বাৰ্তাবাহকৰ মতে তেওঁ ভ্লাডিমিহঁতক লগেই পোৱা নাছিল। দুয়োজন ঘূৰি যাবলৈ সিদ্ধান্ত লয় যদিও দেখা গ’ল তেওঁলোক দুজন মঞ্চৰ পৰা গুচি নগ’ল আৰু নাটকৰ আঁৰকাপোৰ টানি দিয়া হয়। গ’ডো হ’ল নাটকৰ এক অদৃশ্য চৰিত্ৰ, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন যাৰ বাবে অন্তহীন অপেক্ষাৰত। বহুতো সমালোচকে ভাবে যে নাট্যকাৰ যিহেতু নাস্তিক, গ’ডো চৰিত্ৰটো ভগৱানকে বুজাব বিচাৰিছে।

ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন গ’ডোৰ অপেক্ষাত, যদিও কোনোদিন গ’ডোক লগ পোৱা নাই। এই যে গ’ডোৰ বাবে অপেক্ষা, এয়াই নেকি জীৱন য’ত আছে অপেক্ষা, অন্তহীন অপেক্ষা। জন্মৰ পিছত কৈশোৰ, যৌৱন প্ৰাপ্তিলৈ অপেক্ষা, চাকৰি, ব্যৱসায় কৰি খুটি খাব পৰালৈ অপেক্ষা, ইয়াৰ পিছত কামনা-বাসনা, বিবাহ, সন্তান জন্ম, টকা, সম্পত্তিকলৈ অপেক্ষা। এইবোৰ প্ৰাপ্তিৰ পিছত নিজৰ খ্যাতি, সন্মানলৈ, শেষত মৃত্যুলৈ অপেক্ষা। কিছুমানৰ বাবে মৃত্যুৰ পিছতো পুনৰ জনম বা বৈকুণ্ঠ প্ৰাপ্তিলৈ অপেক্ষা। মুঠতে জন্মৰ পৰা মৃত্যুলৈ অপেক্ষাৰ অন্ত নাই। জীৱন যেন এক প্ৰতীক্ষাৰ গল্প। এই প্ৰতীক্ষাৰ গল্প লৈয়ে ছামুৱেল বেকেটৰ যুগান্তকাৰী নাটক “গ’ডোৰ অপেক্ষাত।”

এই অন্তহীন অপেক্ষা, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ অন্তঃসাৰশূন্য কথাবতৰা, নাটকৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰে প্ৰকাশ পোৱা শূন্যতাত এক নঞৰ্থকতাবাদ (Nihilism )ৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। Nihilism শব্দটো আহিছে লেটিন শব্দ Nihil ৰ পৰা, ইয়াৰ অৰ্থ nothing। এই ধাৰণাৰ বশৱৰ্তী মানুহে ভাবে যে পৃথিবী সত্য বুলি কোনো কথা নাই, নাই কোনো মূল্যবোধ, নীতি, আনকি বাস্তবিকতাকো সন্দেহৰ চকুৰে চায়। নাটকৰ চৰিত্ বোৰৰ অন্তঃসাৰশূন্য কথাবতৰাবোৰে নাট্যকাৰৰ ‘এবচাৰ্ড’, হাস্যৰস আৰু বিচ্চিন্নতাবাদৰ অনুভূতি দেখিবলৈ পাওঁ, ইয়াৰ মূলতে হ’ল পৃথিবীৰ প্ৰতি নাট্যকাৰৰ নঞৰ্থকতাবাদী ধাৰণাৰ।

১১ শতিকাৰ পৰা ১৮ শতিকালৈ এই মধ্যকালীন সময়ৰ ভক্তি আন্দোলনে ভাৰতবৰ্ষত সাংস্কৃতিক ইতিহাসত এক গভীৰ প্ৰভাৱ পেলাইছিল। সেই সময়তে ভগৱানৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহুজন ধৰ্মপ্ৰৱৰ্তকে বহুতো ধৰ্মীয় গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত ৰামানন্দ, কবিৰদাস, গুৰু নানক, শ্ৰীমন্ত শংকৰদেৱ, তুলসীদাস, সুৰদাস, মীৰাবাই, হৰিদাস, তুকাৰাম অন্যতম। ভাৰতীয় জাতীয় জীৱনত এই ভক্তি আন্দোলনে এক নঞৰ্থক প্ৰভাৱ পেলোৱা দেখা যায়। জীৱনটো দুঃখ-দুৰ্দশাৰে পৰিপূৰ্ণ এক কাৰাবাস, ধনসম্পদ, সতি-সন্ততি সকলো অসাৰ, ভগৱানক স্মৰণ কৰি মুক্তিলৈ অন্তহীন অপেক্ষা কৰাত বাহিৰে উপাই নাই, মৃত্যুহে একমাত্ৰ মুক্তিৰ পথ। এইখিনিতে লালা লাজপত ৰায়ৰ এষাৰি উক্তি মনকৰিবলগীয়া। “The general prevailing idea of life in India is that it is necessarily evil. That life itself is a misery and a misfortune from which it is desirable to escape, is so deeply written in the souls of our people that it is not easy to efface it.” ভক্তি আন্দলোনৰ পৰা সৃষ্টি হোৱা এই বৈৰাগ্য ভাব নঞৰ্থকতাবাদৰ এক উদাহৰণ নহয় জানো।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ছেমুৱেল বেকেটৰ নাটকত নঞৰ্থকতাবাদী চিন্তাধাৰাৰ মাজতো কিছু আশাৰ ৰেঙণিও দেখিবলৈ পাওঁ। ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক যেতিয়া জনায় যে গ’ডো নাহে, তথাপি তেওঁলোক মঞ্চ এৰি আঁতৰি নাযায়, আৰ কাপোৰ পৰে কিন্তু ৰৈ থাকে, বাস্তৱৰ মুখামুখি হবলৈ। সপোনবোৰ ভঙাৰ পিছতো নতুন সপোন দেখা স্পৃহাই নিৰাশাৰ মাজত আশাৰ ৰেঙণি দেখুৱায়।

সাহিত্যক জীৱনৰ দাপোন বুলি কোৱা হয়। সাহিত্য কেৱল দাপোনেই নহয়, দাপোনত নেদেখা বহু বস্তু সাহিত্যৰ মাজেৰে প্ৰতিফলিত হয়। ছেমুৱেল বেকেটৰ “গ’ডোৰ অপেক্ষাত“ নাটকৰ মাজেৰেও আমি আমাৰ সমাজখন প্ৰতিফলিত হোৱা দেখা পাওঁ। ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ যি অপেক্ষা, সেয়া আমাৰ সমাজৰ সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ অসম্পূৰ্ণ আশা-আকাঙ্ক্ষা, সুখ-শান্তি প্ৰতিফলিত কৰা যেন লাগে। বহু আশা আকাংক্ষাৰ অপৰিপূৰ্ণতাৰ আভাস পালেও মানুহৰ প্ৰাণ থাকে সেই অন্তহীন অপেক্ষাত য’ত এক অনবদ্য আশাৰ ৰেঙণি মনত তিৰবিৰাই থাকে। এষ্ট্ৰাগনৰ নিচিনা হয়টো আগৰ দিনটোত কি বিচাৰিছিল পাহৰিয়ে যায়। গ’ডো চৰিত্ৰৰ মাজত আমাৰ জীৱনৰ সেই আশা-আকাঙ্ক্ষাকে দেখিবলৈ পাওঁ যি বহু অপেক্ষাৰ পিছতো দেখা নাযায়, অথচ আশাবোৰও মৰহি নাযায়।

প’জো চৰিত্ৰটো আমাৰ শাসক শ্ৰেণীক যেন প্ৰতিনিধিত্ব কৰিছে। সময়ৰ লগে লগে নিজৰ কথাবোৰ সলনি হয়, আজি কোৱা কথা কাইলৈ পাহৰি যায় প’জোৰ নিচিনা। সময়ৰ লগে লগে অন্ধও হৈ যায়, জনসাধাৰণৰ দুঃখ–দুৰ্দশা নেদেখা হয়। লাকী হ’ল সমাজৰ শোষিত নিপীড়িত জনতাৰ এজন। সৰ্বদা শাসক শ্ৰেণীৰ বোজা কঢ়িয়াই গোলামী কৰিয়ে থাকে, যেতিয়া শাসক শ্ৰেণীৰ কোনো কামত নাহে বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে। এই শোষিত শ্ৰেণী প’জোৰ হাতোৰাৰ পৰা বছৰ বছৰ ধৰি ওলাব খুজিও পৰা নাই, দুঃখ-দুৰ্দশাৰ মাজত যেন লাহে লাহে তেওঁলোক বোবা হৈ যায়, নাটকখনৰ চৰিত্ৰৰ দৰে।

যুগ-যুগ ধৰি মানৱ জাতি এই নাটকৰ চৰিত্ৰৰ দৰে অপেক্ষাৰত, ভাল দিনলৈ, সুখ-শান্তিলৈ। নেতিবাচক সময়ৰ সোঁতে আৱৰি ৰখা জীৱনটোৰ প্ৰতি খোজতে মানুহে শুভ সময়ৰ অপেক্ষাত অন্তৰত আশাৰ বাণী কঢ়িয়াই ফুৰে। জীবনৰ অৰ্থ -অনৰ্থ, আশা-হতাশা, প্ৰতীক্ষা-প্ৰাপ্তিৰ এক দুৰ্লভ নাট্যচিত্ৰ এই নাটক। বিশেষ কোনো ঘটনা নাথাকিলেও, বিশেষ কোনো সমাপ্তি নাথাকিলেও দৰ্শকক ৰখা যায় গভীৰ চিন্তাৰ জগতত, দৰ্শকক আনি দিয়ে চিন্তাৰ জগতৰ বুদ্ধিদীপ্ত অনুশীলনৰ অনন্য এক খোৰাক। জীৱনৰ সত্য আৰু মৰীচিকা স্পষ্টভাৱে প্ৰকাশ হয় এই নাটকৰ মাধ্যমত। বেকেটেৰ “ওৱেটিং ফৰ গ’ডো“ক এইকাৰণেই সমসাময়িক সময়ৰ এক সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে বিবেচনা কৰা হয়।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!