পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ (ইক’চিষ্টেম ৰিষ্ট’ৰেচন)

পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ (ইক’চিষ্টেম ৰিষ্ট’ৰেচন)

লেখক- ভৃগু কুমাৰ বড়া

ফৰেষ্ট মেন অফ ইণ্ডিয়া শ্ৰীযুত যাদৱ পায়েং দেৱৰ নাম নুশুনা মানুহ অসমত হয়তো খুব কমেই ওলাব। তেখেতে শুকান মৰুভূমি সদৃশ বালি চাপৰিকো বিশাল অভয়াৰণ্যলৈ পৰিৱৰ্তন কৰিলে। মানুহে কৰিব নোৱাৰা কাম একো নাই যদিহে কৰিম বুলি ভাবি লয়। সৰু কালৰ কথা মনত পৰে, আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ যে অসমখন হাবি-বনেৰে ভৰা আৰু আমাৰ প্ৰত্যাশা এই হাবি-বন আঁতৰি অসমখন ফুলেৰে ভৰি পৰক। সময়ৰ সোঁতত সেই পাঠ্যপুথি সলনি হ’ল, কাৰণ হাবি-বন আঁতৰিল কিন্তু ফুলেৰে জাতিষ্কাৰ নহ’ল। এইটো অকল অসমৰে সমস্যা নহয়, সমগ্ৰ বিশ্বৰে সমস্যা। বৰ্ধিত জনসংখ্যাৰ হেঁচা, জনসাধাৰণৰ মাজত সমূচিত পৰিৱেশ সচেতনতাৰ অভাৱ, চৰকাৰৰো উচিত কাৰ্যকৰী নীতিৰ অভাৱ আদি নানা কাৰণত আমাৰ চৌপাশৰ পৰিস্থিতি তন্ত্ৰ অবনমিত হৈছে।

জনসাধাৰণ তথা বিশ্বৰ ৰাষ্ট্ৰ সমূ্হৰ মাজত প্ৰাকৃতিক ভাৰসাম্য সজাগতা তথা ৰক্ষাৰ বাবে প্ৰতিবছৰে জুন মাহৰ ৫ তাৰিখে ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিবস (WED) পালন কৰি আহিছে। ইয়াৰ অধিৱেশন ১৯৭৪ চনত প্ৰথমবাৰ অনুষ্ঠিত হৈছিল। তেতিয়াৰে পৰা ই সামুদ্ৰিক প্ৰদূষণ, মানৱ অত্যধিক জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি, বহনক্ষম ব্যৱহাৰ (sustainable consumption) আৰু বন্যপ্ৰাণী অপৰাধৰ দৰে পাৰিপাৰ্শ্বিক সমস্যাৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ এক মঞ্চ হৈ আহিছে। বহনক্ষম ব্যৱহাৰ হৈছে ভৌতিক সামগ্ৰী, শক্তি আৰু অবস্তুগত সেৱাৰ ব্যৱহাৰ এনেদৰে কৰা যাতে সেইবোৰৰ ব্যৱহাৰে পৰিৱেশৰ ওপৰত অতি কম প্ৰভাৱ পেলায় আৰু মানুহৰ প্ৰয়োজনীয়তা বৰ্তমানতৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও পূৰণ কৰিব পাৰি। বিশ্ব পৰিৱেশ দিৱস হৈছে বাৰ্ষিক ১৪৩খন দেশে অংশগ্ৰহণ কৰা পৰিৱেশ সচেতনতা প্ৰসাৰৰ এক বিশ্বব্যাপী মঞ্চ। প্ৰতি বছৰে এই দিৱসে সংগঠন তথা চৰকাৰ আৰু চেলিব্ৰিটিসকলৰ বাবে পৰিৱেশ সজাগতা কাম কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰি আহিছে।

প্ৰতিবছৰে বিশ্ব পৰিৱশ দিবস সন্মিলন বেলেগ বেলেগ দেশত অনুষ্ঠিত হৈ আহিছে। ২০২১ চনৰ উদ্যোক্তা ৰাষ্ট্ৰ হৈছে পাকিস্তান আৰু এই বছৰৰ বিষয়বস্তু হৈছে পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ।

পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰৰ অৰ্থ হৈছে অৱনমিত বা ধ্বংস হোৱা পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰত সহায় কৰা, লগতে এতিয়াও অক্ষত থকা পৰিৱেশ তন্ত্ৰ সংৰক্ষণ কৰা। পুনৰুদ্ধাৰ পৰিস্থিতিবিজ্ঞান হৈছে পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰৰ বৈজ্ঞানিক অধ্যয়ন, যি হৈছে সক্ৰিয় মানৱ হস্তক্ষেপ আৰু কাৰ্যৰ দ্বাৰা অৱনমিত, ক্ষতিগ্ৰস্ত, বা ধ্বংস হোৱা পৰিৱেশ তন্ত্ৰ আৰু বাসস্থানবোৰ নৱীকৰণ আৰু পুনৰুদ্ধাৰ কৰাৰ বিষয়ে অধ্যয়ন তথা চেষ্টা কৰা হয়। বিংশ শতিকাৰ শেষৰ ফালে পৰিস্থিতি বিজ্ঞানৰ এক পৃথক বিষয় হিচাপে পুনৰুদ্ধাৰ পৰিস্থিতি বিজ্ঞানৰ উদ্ভৱ হৈছিল। অৱশ্যে বহু থলুৱা লোক, জমিদাৰ আৰু সাধাৰণ লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰ বা পাৰিপাৰ্শ্বিক ব্যৱস্থাপনাৰ হকে কাম কৰি আহিছে।

সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ সৈতে স্বাস্থ্যকৰ পৰিস্থিতি তন্ত্ৰই মাটি উৰ্বৰ শক্তি বৃদ্ধি কৰে আৰু লগতে শষ্য, ফল-মূল, মাছ আদি খাদ্য বস্তুকে ধৰি কাঠ আদিৰো উৎপাদন বৃদ্ধি হয় আৰু সেউজগৃহ গেছসমূহৰ পৰিমাণ হ্ৰাস কৰে৷ পুনৰুদ্ধাৰ বিভিন্ন ধৰণে হ’ব পাৰে – উদাহৰণস্বৰূপে সক্ৰিয়ভাৱে বৃক্ষৰোপণ কৰা বা প্ৰকৃতিৰ ওপৰত চাপ আঁতৰ কৰা যাতে প্ৰকৃতিয়ে নিজে পুনৰুদ্ধাৰ হ’ব পাৰে। পৰিৱেশ তন্ত্ৰ এটাক ইয়াৰ মূল অৱস্থালৈ ঘূৰাই নিয়াটো সদায়ে সম্ভৱ বা আকাংক্ষিত নহ’বও পাৰে। উদাহৰণস্বৰূপে, আমাক এতিয়াও কৃষিভূমি আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন কিন্তু আগতে এই ভূমিসমূহ অৰণ্য আছিল। এতিয়াৰ সমাজ ব্যৱস্থাৰ দৰে পৰিৱেশ তন্ত্ৰবোৰে পৰিৱৰ্তনশীল জলবায়ুৰ সৈতে খাপ খাব লাগিব।

আজিৰ পৰা ৯ বছৰ অৰ্থাৎ ২০৩০ চনৰ ভিতৰত ৩ লাখ ৫০ হেজাৰ হেক্টৰ অৱনমিত স্থলজ আৰু জলজ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰে ৯ লাখ কোটি আমেৰিকান ডলাৰৰ (প্ৰায় ৬ কোটি ৬০ লাখ কোটি ভাৰতীয় টকা) পৰিৱেশ তন্ত্ৰ সেৱা সৃষ্টি কৰিব পাৰে। পুনৰুদ্ধাৰে বায়ুমণ্ডলৰ পৰা ১৩ ৰ পৰা ২৬ গিগাটন সেউজগৃহ গেছ আঁতৰ কৰিব পাৰে। এনে হস্তক্ষেপত হ’ব পৰা অৰ্থনৈতিক লাভালাভ বিনিয়োগৰ ব্যয়ৰ ন গুণতকৈও বেছি অনুমান কৰা হৈছে, আনহাতে আমি যদি নিষ্ক্ৰিয় ভূমিকা পালন কৰো, পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰতকৈ কমেও তিনিগুণ অধিক আমাৰ ক্ষতি হ’ব।

বনাঞ্চল, কৃষিভূমি, চহৰ, আৰ্দ্ৰভূমি আৰু মহাসাগৰ এই সকলো ধৰণৰ পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰিব পাৰি। চৰকাৰ আৰু উন্নয়ন সংস্থাৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান, সম্প্ৰদায়িক সংগঠন আৰু ব্যক্তিলৈকে প্ৰায় যিকোনো লোকে পুনৰুদ্ধাৰৰ কামত যোগদান কৰিব পাৰে, কাৰণ পৰিৱেশ অৱক্ষয় ভিন্ন কাৰণত ঘটে আৰু ভিন্ন স্তৰত হোৱা যোগদানে পৰিৱেশ পুনৰুদ্ধাৰৰ বিভিন্ন স্কেলত প্ৰভাৱ পেলাব পাৰে।

উদাহৰণস্বৰূপে, ক্ষতিকাৰক নীতি যেনে অত্যধিক কৃষিৰ বাবে ৰাজসাহায্য বা দুৰ্বল কাৰ্যকৰী আইনৰ ফলত বনাঞ্চল ধ্বংস কৰিব পাৰে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ তন্ত্ৰ অৱক্ষয় ঘটিব পাৰে। দুৰ্বল আৱৰ্জনা ব্যৱস্থাপনা বা ঔদ্যোগিক দুৰ্ঘটনাৰ বাবে হ্ৰদ আৰু উপকূলীয় অঞ্চল প্ৰদূষিত হ’ব পাৰে। বাণিজ্যিক চাপৰ ফলত চহৰবোৰৰ অধিকাংশ ভূমি কংক্ৰিটেৰে ঠাহ খাই পৰে আৰু অতি কম সেউজীয়া ভূমি বাকী থাকেগৈ।

পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰে সেইবোৰৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ জীৱিকা সুৰক্ষিত আৰু উন্নত কৰিব। ই ৰোগ নিয়ন্ত্ৰণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। দৰাচলতে, পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰে আমাক সকলো বহনক্ষম উন্নয়ন লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে।

তাত্ত্বিক কথাৰ সলনি কেইটামন জ্বলন্ত উদাহৰণৰ সহায়ত পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ সফলতাৰ কাহিনী জানো আহক:

* প্ৰথমে আমি ফৰেষ্ট মেন অফ ইণ্ডিয়া, শ্ৰীযুত যাদৱ পায়েং দেৱৰ নাম ল’ব লাগিব। তেখেতে এক বৃহৎ অঞ্চল নিজ হাতে গছ পুলি লগাই এখন অভয়াৰণ্যৰ সৃষ্টি কৰিলে যাক আজি মুলাই অভয়াৰণ্য নামেৰে জনা যায়। এই অভয়াৰণ্য আজি বহু জীৱ জন্তুৰ বাসস্থান। ইয়াতকৈ ডাঙৰ পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰৰ কাহিনী পাবলৈ খুব কমেই আছে।

* মুম্বাইৰ ভাসুবাহ ব্যীছৰ চাফাই অভিযান: এই ব্যীছৰ চাফাই অভিযান আফজ্ৰল শ্বাহ এজন মানুহৰ একক প্ৰচেষ্টাত আৰম্ভ হৈছিল আৰু পাছলৈ এন জি অ, স্থানীয় সংগঠন, ব্যক্তি আদি সকলো ওলাই আহি ব্যীছৰ চাফাই অভিযান নামি পাৰিছিল। আফজ্ৰল শ্বাহ পেছাত এজন উকীল। দুবছৰৰ ভিতৰত ভাসুবাহ ব্যীছখন এখন আৱৰ্জনা পেলোৱা ঠাইৰ পৰা এখন নিকা ব্যীছলৈ ৰূপ সলনি হ’ল আৰু সুদীৰ্ঘ ২০ বছৰৰ পাছত এই নিকা ব্যীছত কাছ কণী পাৰিবলৈ উভতি অহা দেখা গ’ল।

* ইউক্ৰাইনৰ ডেনিউব ডেল্টাৰ পুনৰ বন্য জীৱনি কৰণ: ২০১৯ চনৰ কথা। ডেনিউব ডেল্টালৈ পানী যোৱা ১০টা বান্ধ আঁতৰাই পেলোৱা হ’ল আৰু বনৰীয়া ম’হ এই ডেল্টা অঞ্চলত এৰি দিয়া হ’ল। ডেনিউব নদী যি অঞ্চলত কৃষ্ণ সাগৰত মিলিত হৈছে সেয়া ইউৰোপৰ সৰ্ববৃহৎ জলাহভূমি। বনৰীয়া ম’হে কোনো এবিধ উদ্ভিদৰ আধিপত্য হ’বলৈ নিদিয়ে আৰু সেই অঞ্চলত উদ্ভিদৰ বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। বান্ধ সমূহ আঁতৰাই পেলোৱাৰ ফলত এই অঞ্চললৈ প্ৰাকৃতিকভাৱে বন্য জীৱন ঘূৰি আহিছে আৰু এই অঞ্চল বন্য পৰ্যটন অঞ্চললৈ পৰিবৰ্তন হৈছে।

এনে ধৰণৰ বহু উদাহৰণ আমি বিচাৰিলে পাই থাকিম। যোৱা বছৰৰলৈকে ফেচবুকত এটা চেলফি ট্ৰেণ্ড দেখা পাই আছিলোঁ। প্ৰথমে এক অবৰ্জনময় ৰাজহুৱা অঞ্চলৰ চেলফি লয় আৰু সেই আৱৰ্জনা সমূহ চফা কৰাৰ পাছত আৰু এখন চেলফি লয়। এই ট্ৰেণ্ডটো যথেষ্ট উৎসাজনক ট্ৰেণ্ড আছিল, হয়তো কভিদ-১৯ মহামাৰীৰ কাৰণে এই ট্ৰেণ্ডটো সাময়িকভাৱে তল পৰি আছে।

আমাৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা স্বাছ ভাৰত মিছনো পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰৰ এক অংশ মাথোঁন। মানৱ জাতিয়ে কৰিব নোৱৰা কাম একো নাই। যদি আমি, মানৱ জাতি সঁচাকেই জীৱ শ্ৰেষ্ঠ হওঁ তেন্তে প্ৰকৃতিৰ লগত সহবস কৰাটোহে বুদ্ধিমানৰ কাম। প্ৰাকৃতিক শোষণ কৰি, প্ৰকৃতিৰ বিৰুদ্ধে গ’লে প্ৰকৃতিয়েও আমাৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব। প্ৰকৃতিৰ শক্তিৰ তুলনাত মানৱ জাতিৰ শক্তি অতি তুচ্ছ। আহক, আমি প্ৰকৃতিৰ লগত মিলিজুলি থাকিবলৈ শিকোঁ। এই ধৰণী আমাৰ মাতৃ। আহক, আমি আমাৰ মাতৃক শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ আৰু যত্ন লওঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!