সাগৰত তেলৰ সন্ধান

লেখক- দিলীপ কুমাৰ শইকীয়া

পৃথিৱীৰ সকলো বৃত্তিৰ ভিতৰত তেল আৰু খনিত নিয়োজিত বৃত্তিকে সবাতোকৈ বিপদজনক বুলি স্বীকৃতি দিয়া হয়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এইবোৰ কামতো শাৰীৰিক অংশগ্ৰহণ যান্ত্ৰিক ব্যৱস্থাই বহু পৰিমাণে সহজ কৰি তুলিছে। মূলতঃ ভূভাগত আৰু সমুদ্ৰ গৰ্ভত কৰা তেলৰ উৎপাদন পদ্ধতি একে হলেও প্ৰক্ৰিয়া বহু যোজন বেলেগ। বিশাল সমুদ্ৰত সাগৰতলিৰ পৰা তেল গেছৰ উৎপাদন প্ৰক্ৰিয়াই মোক অতি আকৰ্ষণ কৰি আহিছে। অএনজিচিৰ মুঠ তৈল উৎপাদনৰ ৬৫ শতাংশ মুম্বাই হাইয়েই যোগান ধৰে। সেয়ে ভাৰতৰ মুঠ হাইড্ৰকাৰ্বনৰ মুখ্য উৎস‌ও এই ক্ষেত্ৰ‌ই। অএনজিচিৰ আটাইবোৰ কৰ্মক্ষেত্ৰৰ ভিতৰতে মুম্বাই হাইতে সৰ্বাধুনিক পদ্ধতি ব্যৱহাৰ কৰি তেল গেছ উৎপাদন কৰি অহা হৈছে।

সেই আগ্ৰহৰ বাবেই ২০০২ চনত শিৱসাগৰৰ পৰা নিজ ইচ্ছাত বদলি হৈ মুম্বাই হাইত যোগদান কৰিলোগৈ। সমুদ্ৰৰ চাকৰিৰ বাবে প্ৰাৰম্ভিক বাধ্যতামূলক সুৰক্ষা প্ৰশিক্ষণৰ অন্তত এদিন আহিবলগীয়া দিনবোৰৰ বাবে মোৰ নিৰ্দিষ্ট কৰ্মস্থলীলৈ বুলি জুহুৰ হেলিবেছ পালোগৈ। ইয়াৰ পৰাই অএনজিচিৰ মুম্বাই হাইৰ বিভিন্ন ৰিগ, উৎপাদন ক্ষেত্ৰলৈ বিভিন্ন গোট হৈ যাত্ৰী যাবলৈ গোট খাইছেহি। নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট হেলিকপ্তাৰত উঠাৰ লগে লগেই কেপ্তেইনে বিপদকালীন সময়ত সাগৰত নামিবলগীয়া হলে কেনেকৈ খিড়িকী ঢকিয়াই খুলি সেইফালে সাগৰলৈ ওলাব পাৰি প্ৰদৰ্শন কৰিলে। নৌযাঁওতেই সাগৰত জপিয়াব লগীয়া হোৱাৰ সম্ভাৱনীয়তাই মোৰ মানসিক অৱস্থাত বাৰুকৈয়ে এজোকাৰ দিলে। ইয়ে হয়তো আহিবলগীয়া দিনবোৰৰ কৰ্তব্যৰ বিপদসংকুলতাৰো আভাস দিয়ে। আমি যাবলগীয়া প্লেটফৰ্ম খনলৈ মুম্বাইৰ পৰা ১৭৬কিমি দূৰ, হেলিকপ্তাৰেৰে এঘণ্টাৰ যাত্ৰা।

হেলিবেছৰ পৰা উৰা মাৰিয়েই তলত জুহু বীছৰ জনসমাগম দেখি মনতো ভাল লাগি গল। আধাঘণ্টামান উৰাৰ পাছত তলত একুৰা জুইৰে সৈতে এখন প্লেটফৰ্ম দেখিলো। দুৰে দুৰে আন কেবাখনো তাতোকৈ বহু সৰু প্লেটফৰ্ম। তাৰ কাষেদি আৰু আধা ঘণ্টামানৰ পিছত হেলিকপ্তাৰখন ক্ৰমে নামিবলৈ ধৰিলে। দুৰত কেবাখনো আগতে দেখাধৰণৰ প্লেটফৰ্মৰ সমষ্টি। তাৰে এখনৰ ওপৰত থকা হেলিপেড এখনত হেলিকপ্তাৰ নামিলেগৈ। চাৰিওফালে এশফুটমান তলত বৰ্ণিল সাগৰ। তললৈ নমা খটখটিৰ ফাকেদি তলৰ সাগৰ জিলিকি আছে। সাৱধানেৰে তললৈ নামি মূল প্ৰশাসনিক ভৱন থকা প্লেটফৰ্মলৈ গৈ যাৱতীয় যোগদান প্ৰক্ৰিয়া সমাপন কৰিলো।

এই প্লেটফৰ্মখন চাৰিখন পৃথক প্লেটফৰ্ম আৰু দীঘল দলঙেৰে সংযোজিত। সমুদ্ৰত পোতা বিয়াগোম খুটাৰ ওপৰত মূল প্ৰচেছিং যন্ত্ৰপাতিৰে ভৰা কেবামহলীয়া অংশ। প্ৰতিটো প্লেটফৰ্ম বেলেগ বেলেগ কামৰ বাবে। এখনত তেল গেছ পৃথকীকৰণ, খাৰুৱা তেল শোধন, শোধিত তেল ভূভাগলৈ প্ৰেৰণৰ ব্যৱস্থা। আনখনত পৃথকীকৃত গেছৰ এক অংশ তেল উত্তোলনৰ বাবে উচ্চ চাপলৈ পৰিৱৰ্তন আৰু বাকী অংশ ভূভাগলৈ প্ৰেৰণৰ ব্যৱস্থা। আন এখনত তেলৰ উৎপাদন নিয়মীয়া কৰি ৰাখিবলৈ উৎপাদন ক্ষেত্ৰৰ সীমাত উচ্চ চাপত পানী ইঞ্জেকচনৰ ব্যৱস্থা। ইয়াত অএনজিচিৰ ৭০-৮০জন আৰু ১৫০-২০০ ঠিকাদাৰী কৰ্মচাৰীৰ বাবে পৃথক থকাখোৱা ব্যৱস্থা আছে। গোটেই প্ৰকল্পটো এখন সৰু যন্ত্ৰ নগৰী। এনে একোটা প্ৰকল্পত অসমৰ লাকুৱা গেলেকীৰ দৰে ক্ষেত্ৰতকৈ অধিক উৎপাদন হয়। ইয়াত অসমৰো বাৰজনমান লোক আছে।

হাইড্ৰকাৰ্বনৰ উৎপাদন তেল গেছৰ অন্বেষণৰ শেহৰ পৰ্যায়হে। ভূ বা সমুদ্ৰ পৃষ্ঠৰ পৰা কেবাহেজাৰ মিটাৰ গভীৰতাত হাইড্ৰকাৰ্বন আছে নে নাই, আছে যদি তাৰ পৰা ব্যৱসায়িকভাৱে লাভজনক কৰি তেল উৎঘাটন কৰিব পাৰিবনে সেয়া সিদ্ধান্ত কৰা আটাইতকৈ কঠিন কাম। উজনি অসমৰ ৰাইজে খৰালি গাঁৱে গাঁৱে বোমা ফুটাই ফুৰা ছাৰ্ভে পাৰ্টি নিশ্চয় দেখিছে। এঠাইত বোমা ফুটাই নিৰ্দিষ্ট দূৰে দূৰে ৰখা কিছু জিওফোনত ভূগৰ্ভৰ বিভিন্ন স্তৰৰ পৰা প্ৰতিফলন ঘটি উভতি অহা শব্দতৰংগ দুৰত ৰখাই থোৱা এখন গাড়ীত ৰেকৰ্ড কৰা হয়। ঠিক তেনেকৈ সমুদ্ৰতো একোখন বিশেষ জাহাজৰ পৰা উচ্চ কম্পনাংকৰ শব্দ এৰি নিৰ্দিষ্ট দুৰে দুৰে এক বৃহৎ অঞ্চল জুৰি ওপঙাই ৰখা হাইড্ৰফ’নত প্ৰতিফলিত শব্দ তৰংগ সংগ্ৰহ কৰা হয়। ভূগৰ্ভৰ বিভিন্ন স্তৰত থকা বিভিন্ন পদাৰ্থৰ প্ৰতিফলন বেলেগ বেলেগ। সেই সংগৃহীত তথ্যবোৰ বিশেষজ্ঞৰ দ্বাৰা চুপাৰ কম্পিউটাৰত বিশ্লেষণ কৰি কোনো এক অঞ্চলত হাইড্ৰকাৰ্বনৰ উপস্থিতি নিৰ্ণয় কৰা হয়। উপস্থিতি ধৰা পৰিলেও ভূভাগ আৰু সমুদ্ৰ গৰ্ভৰ তেল উৎঘাটনৰ মাপকাঠি বেলেগ। ভূভাগত এটা তেল খাদ খান্দি তেল উলিয়াওঁতে যিমান খৰচ হয় সমুদ্ৰত তাৰ পৰিমাণ কেবাগুণো অধিক। তদুপৰি নিষ্কাশন, পৃথক্কৰণ, শোধন, পৰিবহণ এক বিশাল কাৰবাৰ। এটা কথাৰ পৰা এই কথাটো বুজাত সহজ হব যে মুম্বাই হাই ১৯৬৫ চনতে আৱিষ্কৃত হোৱাৰ পাছতো ১৯৭৪ চনতহে উৎপাদন কৰিব পৰা গৈছিল। আনহাতে কৃষ্ণা গোদাৱৰী বেছিনত ৰিলায়েন্সেও হাইড্ৰকাৰ্বনৰ ব্লক পোৱাৰ পাছতো খনন কৰাৰো বহু পাছতহে উৎপাদন আৰম্ভ কৰিব পাৰিছিল।

এক নিৰ্দিষ্ট অঞ্চল খননৰ বাবে চিহ্নিত হোৱাৰ পাচত সম্ভাব্য তেল গেছৰ উৎপাদন আৰু পৰৱৰ্তী শোধন পৰিবহণৰ প্ৰক্ৰিয়া কেনেকৈ কৰা হব সেয়ায়ো এক বৃহৎ প্ৰকল্প। কোনো এক নতুন অঞ্চলত তেল খাদৰ খনন প্ৰক্ৰিয়াত সফল হোৱাৰ শতাংশ হাৰ ত্ৰিশৰ আশে পাশেহে। এবাৰ খনন হলে খাদত কৰা ভূগৰ্ভৰ তথ্য আহৰণে (logging) সমীপবৰ্তী অঞ্চলৰ এক বিতং ছবি ডাঙি ধৰিব পাৰে। এইবোৰে পৰৱৰ্তী খননত প্ৰভুত সহায় কৰে। অৱশ্যে প্ৰতিস্থিত তৈলক্ষেত্ৰৰ ক্ষেত্ৰত এই সফলতাৰ হাৰ ৬০-৭০% লৈকে হয়।

মুম্বাই হাইৰ দৰে আপেক্ষিকভাৱে বাম সমুদ্ৰত jack up rigৰ দ্বাৰা খনন কৰা হয়। এনে ৰিগ তিনিদলীয়া একোটা গঠনৰ তিনিটা খুটাৰ ওপৰত ঠিয় কৰি খনন কৰা হয়। একোখন খননৰ সকলো সুবিধা থকা বিশেষ জাহাজ (এইবোৰে নিজে যাব নোৱাৰে টানিহে নিব লাগে) যত ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ খুটা তিনিটা ওপৰ তল কৰিব পাৰি। এনে জাহাজ তিনিখন টাগ বটে tug boat বাৰ্জ ইঞ্জিনীয়াৰৰ নিৰ্দেশক্ৰমে সুনিৰ্দিষ্ট স্থানলৈ টানি নিয়া হয়। টানি নিওতে খুটা কিটা সমুদ্ৰ পৃষ্ঠৰ পৰা ৫০ফুটমান ডাঙি লোৱা হয়।

নতুন অঞ্চলত এনে ৰিগ নিৰ্দিষ্ট স্থান পোৱাৰ পিছত খনন আৰম্ভ কৰে। কিন্তু আবিস্কৃত ক্ষেত্ৰত তাৰ আগতে কেইটা খাদ খন্দা হব সেইঅনুসৰি ডিজাইন কৰা একোখন মানৱবিহীন সৰু প্লেটফৰ্ম উপযুক্তভাৱে পাইল ড্ৰাইভ কৰি স্থাপন কৰি লোৱা হয়। এনে প্লেটফৰ্মত খান্দিবলগীয়া খাদসমূহৰ পৰা তেল গেছ সংগ্ৰহ কৰিব পৰাকৈ প্ৰয়োজনীয় সা-সুবিধা থকা এক ব্যৱস্থাৰ লগতে উৎপাদিত তেল গেছ সমীপৱৰ্তী উৎপাদন প্ৰকল্পৰ লগত পাইপ লাইনেৰে সংযোজিত কৰি লোৱা হয়। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত এনে প্লেটফৰ্মৰ খাদসমূহৰ বাবে ৰখা wellhead bayৰ ফালে জেক‌আপ ৰিগটো থকা জাহাজখনৰ ৰিগটো পোনাই লৈ খনন আৰম্ভ কৰা হয়। সাধাৰণতে খৰালিহে এনে ৰিগবোৰৰ চলাচল কৰা হয়। বাৰিষাৰ উচ্ছল সাগৰত এনে ৰিগৰ চলাচল অতি বিপদজনক।

একোখন মানৱবিহীন উৎপাদন প্লেটফৰ্মত ৬টাৰ পৰা ১৬টালৈকে তেল খাদ থাকিব পাৰে। একোখন প্ৰকল্পৰ লগত এনে প্লেটফৰ্মৰ সংখ্যা ২০খনলৈকে থাকে। এনে প্ৰকল্পৰ পৰা উৎপাদিত খাৰুৱা তেল শোধন কৰি ভূভাগলৈ পাইপলাইনেৰে পৰিবাহিত কৰা হয়। উৎপাদিত গেছৰ যিমানখিনি তেল উৎপাদনত প্ৰয়োজন হয় বাকীখিনি এখন ক্ষেত্ৰৰ সাধাৰণ গ্ৰীডত দিয়া হয়।

এখন তেল উৎপাদন ক্ষেত্ৰৰ পৰা দিন যোৱাৰ লগে লগে উৎপাদন কমি আহি থাকে। তেনে ক্ষেত্ৰত ক্ষেত্ৰখনৰ উৎপাদন যাতে বাহাল থাকে তাৰ বাবে তেলৰ উৎসৰ চাৰিওফালে উচ্চ চাপৰ পানী ইনজেক্ট কৰি খাদৰ দিশে তেল গেছখিনি অহাত সহায় কৰা হয়। ভূগৰ্ভৰ পৰা তেল অকলে ওলাই আহিব নোৱাৰে। ওপৰত থকা খাদৰ সুৰুঙাইদি তেলক গেছেহে ওপৰলৈ আহোঁতে লগতে ঠেলি লৈ আহে। সেয়ে গেছ শেষ হৈ আহিলে তলৰ পৰা তেল অকলে ওলাই অহাত অসুবিধা হয়। তেনে ক্ষেত্ৰত খাদৰ তৈল উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি গেছ ইনজেক্ট কৰি তেলৰ উৎপাদনত সহায়তা আগবঢ়োৱা হয়। সেই ইনজেক্ট কৰা গেছখিনি পুনৰ তেলৰ লগতে ওলাই আহে যিখিনি প্ৰয়োজনমতে আকৌ ব্যৱহাৰ কৰিব পাৰি।

এনে একোখন উৎপাদন প্ৰকল্পত ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰে কৰ্মচাৰী থাকে। বিভিন্ন প্ৰদেশৰ লোকসকলে পৰস্পৰে পৰস্পৰৰ ভৰসাত একেলগে এই যুঁজত অৱতীৰ্ণ হয়। আমাৰখন প্লেটফৰ্মত দাক্ষিণাত্যৰ লোক বেছি বাবে হিন্দীৰ সমানে ইংৰাজী ব্যৱহাৰ হয়। অএনজিচিৰ কৰ্মচাৰীসকল চৈধ্যদিনীয়া চিফ্টত কাম কৰে। ঠিকাদাৰী কৰ্মচাৰীসকলৰ তেনে বিশেষ ধৰাবন্ধা নাই। একেলগে ইমান দিন দিনে নিশাই থাকোঁতে মানুহখিনিৰ মাজত এক আত্মিক বান্ধোনৰ সৃষ্টি হয়। দিনটোৰ কামৰ পাছত সন্ধিয়া সাধাৰণ কোঠাত সকলো একগোট হয়। দৈনিক মুম্বাইৰ পৰা অহা বিভিন্ন ভাষাৰ কুৰিখনৰো অধিক বাতৰিকাকত আলোচনীৰ উপৰি টিভিত বিভিন্ন অনুষ্ঠান চাই সময় পাৰ কৰে। বিভিন্ন ঘৰৰ ভিতৰত খেলিব পৰা খেল যেনে কেৰম, টেবুল টেনিছ আদিও খেলে। মাজে মাজে হাউচী, মনোৰঞ্জনৰ অনুষ্ঠানো হয়। ঘৰৰ লগত যোগাযোগৰ ব্যৱস্থা আগৰ দিনত নাছিলেই আজিকালি পিছে এটি ফোন হৈছে। সেইটোৱেই সকলোৱে ব্যৱহাৰ কৰিব লাগে। মূল প্লেটফৰ্মত অৱশ্যে EPABX ফোন থাকে।

মূল প্লেটফৰ্মৰ লগত চাৰিওফালে সংযুক্ত হৈ থকা তেল গেছ উৎপাদন হোৱা মানৱবিহীন প্লেটফৰ্ম দূৰৱৰ্তী সংযোগ ব্যৱস্থাৰে সংযোজিত। প্ৰতিটো খাদৰ বিভিন্ন parameters প্ৰতি মুহূৰ্ততে মূল নিয়ন্ত্ৰণ কক্ষত নিৰীক্ষণ কৰি থকা হয়। তাৰ ওপৰত ভিত্তি কৰি সামগ্ৰিক পৰিকল্পনা কৰা হয়। এনে পৰিকল্পনা ৰূপায়িত কৰিবলৈ মানৱবিহীন প্লেটফৰ্মবোৰলৈ কৰ্মচাৰীসকল ভূভাগৰ গাড়ীৰ দৰে হেলিকপ্তাৰেৰে অহা যোৱা কৰে। বিভিন্ন প্লেটফৰ্মত কৰ্মৰত কৰ্মচাৰীৰ মাজত ৱাকিটকীয়েই যোগাযোগৰ মাধ্যম। তদুপৰি প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী পৰিবহণ কৰিবলৈ সৰু ডাঙৰ জাহাজ নিয়োজিত কৰা হয়। মুম্বাই হাইৰ সমগ্ৰ যোগান ব্যৱস্থা মুম্বাইৰ ওচৰৰ নাভাৰ পৰা নিয়ন্ত্ৰণ কৰা হয়।

মই তৈল উৎপাদনৰ গোটেই প্ৰক্ৰিয়াৰে শেষৰটো স্তৰ অৰ্থাৎ উৎপাদনৰ লগতহে পোনপটীয়াকৈ জড়িত। তথাপি পঢ়ুৱৈয়ে যাতে বিশেষ কাৰিকৰী জ্ঞান নোহোৱাকৈও সহজে তৈল উৎপাদনৰ অতি জটিল প্ৰক্ৰিয়াৰ বিষয়ে কিছু আভাস পাব পাৰে তাৰ বাবে অলপ চেষ্টা কৰিলো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!