তোৰ সেই স্মৃতিবোৰ পাহৰি যোৱাৰ ভয়ত
লেখক- শিল্পী ভূঞা গোস্বামী
৯৯৩ চনৰ, ডিচেম্বৰ মাহৰ এটা দিন
:ঘৰলৈ যোৱা, ঘৰলৈ যোৱা তোমালোক সব সোনকালে ঘৰলৈ যোৱাগৈ! যোৱা যোৱা!
সেইদিনা ঠিক এনেকৈয়ে চিঞৰি চিঞৰি আমাৰ স্কুলৰে দাদাকেইজনমান সেঁহাই ফোঁপাই আমাৰ শ্ৰেণীকোঠাটোলৈ ধপলিয়াই সোমাই আহিছিল।
: কিয়? কি হ’ল?
ভয় আৰু কৌতূহলত সমস্বৰে ওলোৱা স্বাভাৱিক প্ৰশ্ন।
: ফেক্টৰিত বোলে কিবা হৈছে। সোনকালে ঘৰলৈ যোৱাগৈ।
তেওঁলোকে উত্তেজনাৰে কৈছিল-
যেন বুজাই থাকিবলৈ আৰু সময় নাই।
বছৰেকীয়া পৰীক্ষা চলি আছিল। সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ তেতিয়া। সেইদিনা কি পৰীক্ষা আছিল পাহৰিলোঁ, কিন্তু ভালকৈ মনত আছে যে উক্ত বিষয়টোৰ প্ৰশ্নবোৰ মনতে আওঁৰাই পৰীক্ষা আৰম্ভ হোৱালৈ ৰৈ আছিলোঁ। লগতে মনত প্ৰশ্ন কাকত বিলোৱাৰ আগৰ সময়খিনিৰ উৎকণ্ঠা। পৰীক্ষকে প্ৰশ্ন কাকত বিলাবলৈ ঠিক আৰম্ভ কৰিবলৈ লওঁতেই হুলস্থূলখন লাগিছিল। এনে অগতানুগতিক পৰিস্থিতি এটা দেখি কোঠাটোত সকলো হতবাক হৈ পৰিছিল। চাৰিওফালে হুৱাদুৱা। শিক্ষকসকলেও সেইদিনাৰ পৰীক্ষা বাতিল কৰি আমাক ঘৰা-ঘৰি হবলৈ আদেশ দিছিল। লৰালৰিকৈ নিজা নিজা বেগ পত্ৰ সামৰি আমি মনত অনেক প্ৰশ্ন লৈ চাইকেলেৰে ঘৰলৈ বাট লৈছিলোঁ। মনতে খঙো উঠিছিল যে পৰীক্ষা কেইদিনমান পিচুৱাব আৰু এতিয়া। পৰীক্ষা শেষ হোৱাৰ পাছতেই পিকনিক যোৱাৰ কথা আছিল। পৰীক্ষা পিচুৱালে পিকনিক যোৱাও নহ’ব।
আনফালে মোৰ দেউতাৰ সেইদিনা বন্ধৰ (অ’ফ দে’) দিন আছিল। মোৰ সৰু ভণ্টিৰ স্কুলখন আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰত আছিল। তাই দেউতাৰ লগত স্কুললৈ গৈ বৰ ভাল পাইছিল। সেইবাবে দেউতাই বন্ধৰ দিনত তাইক প্ৰায়েই নিজেই স্কুলত থবলৈ গৈছিল। সেইদিনা স্কুল গৈ ঠিক পাইছিলগৈহে। মোৰ ভণ্টিয়ে দেউতাৰ “বিজয় চুপাৰ” স্কুটাৰ খনৰ পৰা নমাৰ আগতেই আকাশখনলৈ চাই দেউতাক ক’লে-
: দেতা সেইফালে চা, আকাশখন ইমান ক’লা ক’লা লাগিছে।
দেউতায়ো চাই দেখিলে যে হয় এটা চুকৰ পৰা আকাশখন ক’লা হৈ আহিছে। এটা অগতানুগতিক দৃশ্য। দেউতাৰ বুজিবলৈ বাকী নাথাকিল যে ফেক্ট’ৰিত কিবা অঘটন ঘটিছে। লগেলগে দেউতা ভণ্টিক লৈ ঘৰমুৱা হ’ল।
মই স্কুলৰ পৰা ঘূৰি আহোঁতে দেখা পাইছিলোঁ যে মানুহবোৰে ইতিমধ্যে ঠাইখন এৰি যোৱা আৰম্ভ কৰিছেই।
: খুৰা কি হৈছেনো?
চিনাকি মানুহ এজনক সুধিলোঁ।
তেওঁ কৈছিল—
: ফেক্টৰিত বোলে গেছ লিক হৈছে। গেছ বিয়পিলে কোনো বাছি নাথাকিব। সেইকাৰণে অতি সোনকালে যিমান পাৰি সিমান দূৰলৈ যাবগৈ লাগে। গেছ কিমান দূৰলৈ যায় তাৰ ঠিক নাই।”
ভয়ত লৰালৰিকৈ ঘৰ পালোগৈ। ভাবিলোঁ দেতাৰ আজি বন্ধ যেতিয়া আমিও সোনকালে গুছি যাব পাৰিম। কিন্তু ঘৰৰ বাহিৰত দেখোন স্কুটাৰখন নাই। এনেকুৱা সময়ত নো ক’ত গ’ল দেতা? চাইকেলখন প্ৰায় দলি মাৰি থোৱাৰ দৰেই থৈ ঘৰৰ ভিতৰ সোমালোঁ। গম পালো যে দেউতাই ইতিমধ্যে ভণ্টিক ঘৰত থৈ নিজৰ বন্ধৰ দিন হোৱা সত্ত্বেও ফেক্টৰিলৈ ধাপলি মেলিলে।
সাৰনগৰী হিচাপে বিখ্যাত মনোমোহা নামৰূপৰ “হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড”ৰ HFCL,(বৰ্তমান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (BVFCL), বুলি জনাজাত) চালে চকু ৰৈ যোৱা ক’লনিখনৰ বাসিন্দা আছিলোঁ আমি। A, B, C, D, E, F এইদৰে মুঠ ছটা ছেক্টৰত বিভক্ত আছিল আমাৰ ক’লনিখন, আৰু তাতেই আছিল শাৰী শাৰীকৈ আৱাস গৃহবিলাক, স্কুল- কলেজ, বজাৰ, সংগীত মহাবিদ্যালয়, খেল উদ্যান ইত্যাদি ইত্যাদি আৰু লগতে আছিল এই সকলোবোৰ থকাৰ মুখ্য কাৰণটো- নামৰূপবাসীৰ মৰমৰ ফেক্টৰিটো। গছ- গছনি, ফুলনি বাৰী, শাক-পাচলিৰ বাৰীৰে জাতিষ্কাৰ হৈ থাকিছিল কলনিখনৰ ঘৰবিলাক। ৰাস্তাবোৰত ষ্ট্ৰীট লাইটৰ লগতে শাৰী পাতি আছিল কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু আদি গছবিলাক।
মোৰ দেউতা সেই সময়ত সাৰকাৰখানাৰ ( HFCL), প্ৰদাকসন্ বিভাগত কৰ্মৰত হৈ আছিল।
১৯৯৩ চনৰ, ডিচেম্বৰ মাহৰ সেই অবাঞ্ছিত দিনটোৰ কথা ভাবিলে সেই দিনটোৰ দৃশ্যবোৰ এতিয়াও মনত সজীৱ উঠে। সেইদিনা ফেক্টৰিত কিবা বিজুতি ঘটাৰ কথাটো নামৰূপৰ লগতে ইয়াৰ ওচৰ-চুবুৰীয়া অঞ্চলবোৰটো জুইৰ দৰে বিয়পি গৈছিল। চাৰিওফালে চিঞৰ-বাখৰ। সকলোৱে যি যেনেকৈ পাৰে গাড়ী, স্কুটাৰ, চাইকেল অথবা খোজ কাঢ়ি, লগত যিমানলৈকে সম্ভৱ সিমান বস্তু লৈ নামৰূপ এৰি যাবলৈ ধৰিছিল। কিছুমানে ঘৰত সেই সময়ত যি অৱস্থাত আছিল তেনেকৈয়ে, কিছুমানে নিজৰ পোহনীয়া গৰু, ছাগলী, কুকুৰ, হাঁহ- কুকুৰা আদিবোৰ লৈ বেগ দিছিল। এগৰাকী মহিলাই গা ধুই থকা সাজেৰেই কেচুৱাটো লৈ ধাপলি মেলিছিল। সেই সময়ত গাড়ী মটৰ আদি বৰ কম আছিল গতিকে বহুত মানুহ বেগা-বেগিকৈ খোজ কাঢ়ি, মাজে মাজে দৌৰি দৌৰি হলেও নামৰূপখনৰ পৰা যিমান পাৰি সিমান দূৰলৈ যাবলৈ চেষ্টা কৰিছিল। ফেক্টৰিত কাম কৰি থকা বহুত কৰ্মচাৰী ফেক্টৰি এৰি নিজ নিজ ঘৰলৈ ঘূৰি আহিছিল যাতে পৰিয়ালটো লৈ সেই ঠাই এৰি সোনকালে যাবগৈ পাৰে। সাৰনগৰীৰ ওচৰ পাজৰৰ গাওঁবোৰো খালী হৈ গৈছিল আৰু দলে দলে মানুহ বৰহাটৰ দিশে বাট লৈছিল। আমাৰ ক’লনিৰ গাতে লাগি থকা আন দুখন ক’লনিৰ, (অসম পেট্ৰ’কেমিকেলছ লিমিটেড (APL) আৰু নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন” (NTPS)) পৰাও মানুহ নামৰূপ এৰি যাবলৈ ধৰিছিল। মুঠতে চাৰিওফালে মানুহৰ চিঞৰ-বাখৰ, দৌৰা-দৌৰি। নিজৰ মৰমৰ এৰিব নোৱাৰা বস্তুবোৰ যিমান পাৰি সিমান সামৰি লৈ মানুহবোৰ অজান দূৰত্বলৈ গুছি গৈছিল। মৰমৰ ঘৰখন, অতি মৰমৰ নামৰূপখন বহুতে হয়তো শেষবাৰলৈ চকু ফুৰাই গৈছিল। আমাৰ ঘৰ থকা লাইনটো, তাৰ আগৰ পিছৰ শাৰী শাৰীকৈ থকা আমাৰ চিনাকি মানুহবোৰৰ ঘৰবোৰো প্ৰায় খালী হৈ গৈছিল। আঙুলিত গণিব পৰাকৈ মানুহ থাকি গৈছিল মাত্ৰ। সদায় ৰমক-জমক্ কৈ থকা আমাৰ মৰমৰ নামৰূপখন ক্ষন্তেকতে এখন নিৰ্যাতিত চহৰলৈ পৰিৱৰ্তন হৈ গছিল। আৰু মই তাৰেই সাক্ষী হৈ ৰৈ আছিলোঁ। যেন মহাপ্ৰলয়ৰ ঠিক আগৰ দৃশ্য এটাহে চাই আছোঁ।
আমাৰ ঘৰত আমি তিনিজনী বাই-ভনী, আমাৰ অকণমানি ভাইটিটো আৰু আৰু আমাৰ মা, আমি আটাইয়ে দেউতা আহি পোৱালৈ ৰৈ আছিলোঁ। বাৰে বাৰে ৰাস্তালৈ চকু। কিন্তু দেউতাৰ কোনো খবৰ নাই। আমি দেউতাক বৰ মৰম কৰিছিলোঁ। দেউতা ঘৰত নাথাকিলে আমাৰ একদম মন নবহিছিল। আমাৰ দেতা আমাৰ বন্ধুৰ দৰে আছিল। তই বুলি সম্বোধন কৰিছিলোঁ। দেতা নহ’লে আমাৰ কোনো কামেই যেন নহৈছিল। কিবা এটা হ’লেই আন ল’ৰা ছোৱালীৰ দৰে মাকক চিঞৰাৰ সলনি আমি “দেতা, দেতা” হে কৰিছিলোঁ। আমাৰ পঢ়া-শুনা চোৱা, আমাৰ লগত ৰং-ধেমালি কৰা, বেসুৰা মাতেৰে আমাৰ লগত চিঞৰি চিঞৰি গান গোৱা, আমাৰ লগত ফুলনি, শাক-পাচলিৰ বাৰীত সময় কটোৱা, আমাৰ জন্মদিনবোৰত নিজেই ৰান্ধি আমাৰ বন্ধু-বান্ধৱবোৰক খাবলৈ মতা, এই সকলোবোৰ চাকৰিৰ ব্যস্ততাৰ মাজতো বৰ নিয়াৰিকৈ কৰিছিল দেউতাই। ক’লনিত সকলোৰে প্ৰিয় আছিল।
যি দেউতা অফিচলৈ যোৱাৰ সময়ত সদায় মন বেয়া কৰিছিলোঁ, সৰুতে চিঞৰি চিঞৰি কান্দিছিলোঁও, সেই দেউতা আজি ইমান অজান বিপদ এটালৈ আগবাঢ়ি গ’ল, শান্তিত থাকিব পৰা নাছিলোঁ আমি।
ফেক্টৰিৰ ডাঙৰ ডাঙৰ পাইপবোৰলৈ মোৰ মনত পৰিবলৈ ধৰিছিল। সেইবোৰ যদি ফুটি যায়, বিষাক্ত গেছ ওলাবলৈ ধৰে যদি। উফ! ভয়ানক দৃশ্যবোৰ মনলৈ আহি থাকিল। গোসাঁই ঘৰতে ভগৱানক খাতি খাতি আটাইকেইটা বহি থাকিলোঁ। মাজে মাজে কান্দোন। মাজে মাজে বাহিৰলৈ গৈ চাওঁ। আমাৰ লাইনটোত খালী হৈ যোৱা ঘৰবোৰ দেখি দেখি চকুপানী ওলাই গৈছিল।
: তহঁতৰ দেতা আহিব সোনকালে, তহঁতিও গুছি যাবি দেই। চিন্তা নকৰিবি।
যোৱাৰ সময়ত ওচৰৰে বৰমা এগৰাকীয়ে এইদৰে আমাক সকাহ দি গৈছিল।
মবাইল ফ’নটো দূৰ আমাৰ ঘৰত তেতিয়া লেণ্ড লাইন ফ’নো নাছিল। তেতিয়া সেইবোৰৰ ব্যৱস্থাই নাছিল। ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ গৈছিল। কোনো খবৰ নাছিল দেউতাৰ। দেউতা সুকলমে ঘূৰি অহাৰ অপেক্ষা কৰাৰ বাদে আন একো কৰাৰে উপায় নাছিল। আমিও আমাৰ গাড়ীত আমাৰ মৰমৰ বস্তুকেইপদমান ভৰাই থৈছিলোঁ। দেউতা আহিলে নামৰূপ এৰি গুচি যাবলগীয়াও হ’ব পাৰে। কিন্তু দেউতাৰ কোনো খবৰেই নাছিল। বাৰে বাৰে পদূলিলৈ চকু। চিন্তা আৰু আতংকেৰে পাৰ হৈছিল এটা এটা ক্ষণ্।
আবেলি হৈছিল বোধহয়। ধপ্ ধপ্ ধপ্ ধপ্– আহ! অৱশেষত সেই মৰমৰ চিনাকি শব্দটোয়ে আমাৰ মুখৰ হেৰুৱা হাঁহি ঘূৰাই আনিছিল। আমাৰ অতি মৰমৰ “বিজয় চুপাৰ” খনৰ চিৰ পৰিচিত মাতটো দূৰৈৰ পৰাই শুনা পোৱাৰ লগে লগেই আমি দৌৰি গেটৰ মুখ পালোঁগৈ। মোৰ মৰমৰ ধুনীয়া দেতাটো মুখত এমোকোৰা তামোল লৈ, সন্তুষ্টিৰ হাঁহি এটা মাৰি ঘৰ ওলাইছিলহি। আমিও যেন পুনৰ প্ৰাণ পাই উঠিলোঁ।
এতিয়া আৰু চিন্তা নাই।
ফেক্টৰিটো বাচিল। — দেউতাই কৈছিল।
এটা দুৰ্কপলীয়া দিনৰ অন্ত পৰিল।
পাছত কেইবাদিনলৈও বাতৰিত খবৰ পাই আমাৰ ঘৰলৈ দূৰ-দূৰণিৰ পৰা পৰিয়ালৰ মানুহবোৰ খবৰ লবলৈ আহি থাকিল।
বহুতে দেউতাক কৈছিল-
“বন্ধৰ দিন আছিল। পৰিয়ালটো লৈ গুছি যোৱাৰ সলনি ফেক্টৰিলৈ যোৱাৰ কি দৰকাৰ আছিল। কিবা এটা হোৱাহেঁতেন?”
কিন্তু মোৰ দেউতাই যে সদায় নিজৰ দায়িত্বকহে প্ৰথম স্থান দিয়ে। সেইকাৰণেই কেৱল নিজৰ পৰিয়ালটোৰ কথা ভাবি গুছি যাব নোৱাৰিলে।
ক’লনি এৰি যোৱা মানুহবোৰো লাহে লাহে নিজ নিজ ঘৰলৈ ঘূৰি আহিছিল।
নামৰূপখনো পুনৰ সেউজ হৈ উঠিছিল।
সেই ঘটনাটোৰ “technical details” বোৰ নাজানো কিন্তু শুনা মনত আছে যে, নামৰূপৰ সাৰকাখানাৰ সেই ভয়ানক অগ্নিকাণ্ডটো যদি যথাসময়ত নিয়ন্ত্ৰণ কৰা নহ’লহেঁতেন তেতিয়া বোলে ভূপালৰ গেছ দুৰ্ঘটনাৰ পুনৰাবৃত্তি দেখিবলৈ পোৱা গ’লহেঁতেন। তেনে হোৱা হ’লে হাজাৰ হাজাৰ মানুহৰ মৃত্যু আৰু বহুতো চিৰকাললৈ পংগু হ’লহেঁতেন। গোটেই নামৰূপখন আৰু তাৰ ওচৰ পাজৰৰ অঞ্চলসমূহ এটা ডাঙৰ অঘটনৰ পৰা ৰক্ষা পৰিছিল, কেৱল মোৰ দেউতা আৰু আঙুলিৰ মুৰত জুখিব পৰা কেইজনমান সাহসী মানুহৰ কাৰণে। মোৰ মনত থকাৰ ভিতৰত পেহা শ্ৰী যুত লক্ষ্মেস্বৰ বৰদলৈ আৰু আমাৰ কাষৰে কোৱাৰ্টাৰটোত থকা শ্ৰী যুত বিনোদ শৰ্মা খুৰা সেই মানুহকেইজনৰ অন্যতম আছিল। এই লেখাটোৰ জৰিয়তে সেইদিনা ফেক্টৰিত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আজিকালি হোৱাহেঁতেন হয়তো এই খবৰটোৱে ফেচবুক, টুইটাৰ আদিৰ লগতে আন সকলো সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিলেহেঁতেন।
যি পৰিস্থিতিত ফেক্টৰিৰ ভিতৰত কৰ্মৰত অৱস্থাত থকা মানুহেও ঘটনাৰ গম পোৱাৰ লগে লগেই কৰ্মস্থলী এৰি নিজৰ প্ৰাণ লৈ, নিজৰ পৰিয়াল লৈ নামৰূপ এৰি গুচি গৈছিল, তেনে সময়ত মোৰ দেউতা
”স্বৰ্গীয় দুলাল চন্দ্ৰ ভূঞাই” নিজৰ কথা, নিজৰ পৰিয়ালৰ কথা এবাৰো নাভাবি বন্ধৰ দিন হোৱা সত্ত্বেও অনাগত অঘটনটোৰ পৰা ফেক্টৰিটো বচাবলৈ, নিজৰ কৰণীয়খিনি কৰিবলৈ আগুৱাই গৈছিল।
এনেকুৱাই আছিল মোৰ দেউতা, সদায় নিৰ্ভীক,
স্পষ্টবাদী আৰু সাহসী। এইখিনি লিখি থাকোঁতে চকুপানীবোৰ ৰাখিব পৰা নাই যদিও গৌৰৱেৰে মনটোও ভৰি পৰিছে।
দেতা তোৰ সাহসীকতাৰ কাহিনীবোৰ, তোৰ মানবীয়তাৰ উদাহৰণবোৰ লিখি ৰাখিবলৈ চেষ্টা কৰিছোঁ। লেখিকা নহয় যদিও লিখাৰ প্ৰয়াস কৰিছোঁ, তোৰ সেই স্মৃতিবোৰ পাহৰি যোৱাৰ ভয়ত।