অষ্টম অধ্যায়: ৰামধেনু যুগৰ অসমীয়া সাহিত্য

লেখক- মৃণাল জ্যোতি গোস্বামী

৮.৪ নাটক
বিংশ শতিকাৰ চতুৰ্থ দশকৰ প্ৰথম কেইবছৰ অসমীয়া নাটকৰ ক্ষেত্ৰখনত বৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত অসমীয়া নাটকে এক বিশেষ মাত্ৰা লাভ কৰিলে৷ বিশেষকৈ বাস্তৱবাদী চিন্তাচৰ্চাৰে, অপূৰ্ব গীতিময়তাৰে অসমীয়া সামাজিক নাটকৰ ক্ষেত্ৰখনলৈ তেওঁ নতুন ধল সুমুৱাই আনিলে৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পাছৰ বছৰটোতেই প্ৰকাশ পোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ (১৯৪৮), নগাঁও নাট্য-সমিতিৰ ‘পিয়লি ফুকন’ (১৯৪৮) নাটক দুখনে অসমীয়া নাটকৰ ক্ষেত্ৰখনক উদ্বেলিত কৰে৷ শৈলেন ভৰালীৰ ভাষাৰে ‘‘স্বাধীনতা লাভৰ ঠিক পাছতেই প্ৰকাশিত কেইবাখনো নাটকৰ কাহিনী-নিৰ্মাণ, চৰিত্ৰ-সৃষ্টি আৰু উপস্থাপন-পদ্ধতিত গতানুগতিকতা অতিক্ৰম কৰাৰ চেষ্টা কৰা হ’ল৷ ইয়াৰে দুটা ভাল উদাহৰণ নগাঁও নাট্য-সমিতিৰ পিয়লি ফুকন (১৯৪৮) আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা (১৯৪৮)৷’’ এই সময়ছোৱাৰ আন এখন উল্লেখযোগ্য নাটক হ’ল সাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণানন্দ ভট্টাচাৰ্যই লিখি উলিওৱা ‘মগৰীবৰ আজান’ (১৯৪৮)৷

স্বৰাজোত্তৰ কালত দেশত সংঘটিত পৰিৱৰ্তিত ৰাজনৈতিক আৰু সামাজিক পটভূমিত নাটকৰ বিষয়বস্তু আৰু ৰীতিৰ আমূল পৰিৱৰ্তন ঘটিল৷ নাট্যকাৰসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ’ল, তেওঁলোক সামাজিক বাস্তৱতাৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিল৷ দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে পৌৰাণিক আৰু ঐতিহাসিক নাটকেই অসমৰ মঞ্চ দখল কৰিছিল৷ স্বৰাজোত্তৰ কালত এই ধাৰা দুটা ক্ৰমান্বয়ে শীৰ্ণ হৈ আহিল আৰু তাৰ পৰিৱৰ্তে সামাজিক নাটকে অধিক প্ৰাধান্য লাভ কৰিবলৈ ধৰিলে৷ অৱশ্যে এটা কথা ঠিক যে এই কালছোৱাতো কেইবাখনো উল্লেখযোগ্য পৌৰাণিক আৰু ঐতিহাসিক নাটক ৰচিত হৈছে৷ অৱশ্যে এই সময়ত ৰচিত ঐতিহাসিক নাটকত নতুন সামাজিক দৃষ্টিভঙ্গীৰ পোহৰ পৰিল৷ শৈলেন ভৰালীৰ ভাষাৰে ক’ব পাৰি– ‘‘স্বাধীনতাৰ পূৰ্বৰ সকলো বাধা-নিষেধ আঁতৰ কৰি দিয়াত নাট্যকাৰসকলে ঐতিহাসিক চৰিত্ৰসমূহক অধিক স্পষ্ট আৰু বলিষ্ঠ ৰূপ দাঙি ধৰাৰ সুবিধা পালে৷’’ ইয়াৰ লগতে বুৰঞ্জীমূলক নাটককো নতুন সামাজিক চিন্তা-চেতনা জগাই তোলাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ যত্ন কৰা পৰিলক্ষিত হয়৷ এক অৰ্থত ন-ৰূপেৰে পৌৰাণিক আৰু ঐতিহাসিক নাটকৰ ধাৰাটো উদ্ভাসিত হৈ উঠে৷

ৰামধেনু যুগৰ প্ৰাৰম্ভিক দশকটিত কেইবাখনো পৌৰাণিক নাট ৰচিত হৈছিল; যথা– মুক্তিনাথ বৰদলৈৰ ‘ভক্ত প্ৰহ্লাদ’ (১৯৪৯), সুৰেন্দ্ৰনাথ শইকীয়াৰ ‘কৰ্ণ’ (১৯৪৯) আৰু ‘লক্ষ্মণ’ (১৯৪৯) ইত্যাদি৷ ইয়াৰ পাছৰ পৰা ক্ৰমান্বেয়ে পৌৰাণিক নাটৰ ধাৰাটি ক্ষীণ হৈ আহে৷ ৰামধেনু যুগত অৱশ্যে ঐতিহাসিক নাটকৰ ধাৰা এটিও প্ৰবাহিত হৈ আছিল৷ অতুলচন্দ্ৰ হাজৰিকাৰ ‘ছত্ৰপতি শিবাজী’ (১৯৪৭), প্ৰবীণ ফুকনৰ ‘মণিৰাম দেৱান’ (১৯৪৮) আৰু ‘লাচিত বৰফুকন’ (১৯৪৯), সুৰেন্দ্ৰনাথ শইকীয়াৰ ‘কুশল কোঁৱৰ’ (১৯৪৯), প্ৰফুল্ল বৰাৰ ‘পিয়লি ফুকন’ (১৯৪৮), আব্দুল মালিকৰ ‘ৰাজদ্ৰোহী’ (১৯৫৬), ফণী শৰ্মাৰ ‘ভোগজৰা’ (১৯৫৭), সত্যপ্ৰসাদ বৰুৱাৰ ‘জ্যোতিৰেখা’ (১৯৫৮), হেম শৰ্মাৰ ‘কাঞ্চনমালা’ (১৯৫৭), উত্তম বৰুৱাৰ ‘বৰ মানুহৰ দোলা’ (১৯৬১), ‘জেৰেঙাৰ সতী’ (১৯৬২) আৰু ‘বৰৰজা ফুলেশ্বৰী’ (১৯৭১); যুগল দাসৰ ‘১৮৫৭’ (১৯৬২) আদি এই ক্ষেত্ৰত উল্লেখযোগ্য৷ তাৰ পৰৱৰ্তী সময়ত এই ধাৰাটি ক্ৰমান্বয়ে শীৰ্ণ হৈ আহে৷

ৰামধেনু যুগত ৰচিত নাটকসমূহ লক্ষ্য কৰিলে আমাৰ চকুত পৰে যে এই সময়ছোৱাত অসমীয়া নাটকৰ ক্ষেত্ৰখনত থকা শ্বেইক্সপীয়েৰৰ একক প্ৰভাৱ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে৷ তাৰ পৰিৱৰ্তে হেন্‌ৰিক ইবছেন, বাৰ্ণাৰ্ড শ্ব’ প্ৰমুখ্যে বাস্তৱবাদী নাট্যকাৰসকলৰ আৰ্হিৰেই নাটকত বাস্তৱ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ল৷ আৰম্ভ হ’ল প্ৰতিটো অঙ্ক আৰু দৃশ্যৰ আৰম্ভণিতে দীঘলীয়া মঞ্চ নিৰ্দেশনাৰ ব্যৱস্থা৷ পূৰ্বৰ পাঁচ অঙ্কৰ ঠাইত তিনি অঙ্কত নাটকৰ কাহিনী বিভক্ত কৰা হ’ল৷ ইয়াৰ লগতে আধুনিক সমালোচকৰ দৃষ্টিত অবাস্তৱ যেন লগা স্বগত উক্তি, কাষৰীয়া উক্তি, নাটকীয় একোক্তি, আকাশবাণী, নেপথ্য বাণী আদি অধিকাংশ নাটকতে বৰ্জন কৰা হ’ল; তদুপৰি¸ মূল নাট্য কাহিনীৰ লগত পূৰ্বে সংযোগ কৰা উপ-কাহিনী, লঘু দৃশ্য আদিও পৰিহাৰ কৰা হ’ল৷

এই সময়ৰ নাট্যকাৰসকলৰ মাজত সামাজিক সংস্কাৰ, বৰ্তমান যুগৰ সমস্যাসমূহ চিত্ৰিত কৰাৰ প্ৰয়াস দেখা যায়৷ বিশেষকৈ নৱলব্ধ স্বাধীনতাৰ উদ্দীপনাই নাট্যকাৰসকলক স্বাধীনতা লাভৰ নাইবা স্বাধীনতা ৰক্ষাৰ কাৰণে জীৱন আহুতি দিয়া বীৰ-বীৰাঙ্গনাসকলৰ আত্মাহুতিৰ কাহিনী চিত্ৰিত কৰিবলৈকো প্ৰেৰণা দান কৰিছে৷ ইয়াৰ লগতে ৰেডিঅ’ নাটক আৰু একাঙ্কিকা-নাটৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ ধৰে৷

এই সময়ছোৱাৰ উল্লেখযোগ্য কেইগৰাকীমান নাট্যকাৰ হ’ল– জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰবীণ ফুকন, প্ৰফুল্ল বৰুৱা, আব্দুল মালিক, সুৰেণ শইকীয়া, উত্তম বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, সাৰদা বৰদলৈ, যুগল দাস, প্ৰবীণ ফুকন, ফণী শৰ্মা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, গিৰীশ চৌধুৰী, অনিল চৌধুৰী, লক্ষ্যধৰ চৌধুৰী, সুৰেন্দ্ৰ শইকীয়া, কুমুদ বৰুৱা, প্ৰফুল্ল বৰা, দৈৱ চন্দ্ৰ তালুকদাৰ, অভয় ডেকা, অমৰেন্দ্ৰ পাঠক, সুৰেশ গোস্বামী, ধৰ্মেশ্বৰ ঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, সত্যপ্ৰসাদ বৰুৱা, অৰুণ শৰ্মা, ফণী তালুকদাৰ, প্ৰফুল্ল বৰা আদি৷ অৱশ্যে ইয়াৰে কেইবাজনো নাট্যকাৰে সপ্তম দশকৰ পাছতো তেওঁলোকৰ নাট্য চৰ্চা অব্যাহত ৰাখিছিল৷
পঞ্চাশৰ দশকত ৰচিত সাৰদা বৰদলৈৰ ‘পহিলা তাৰিখ’ (১৯৫৪) আৰু গিৰীশ চৌধুৰীৰ ‘মিনা বজাৰ’ (১৯৫৮) নামৰ নাটদুখনত নতুন জীৱনবোধৰ প্ৰকাশ ঘটিল৷ ইয়াৰ উপৰি অনিল চৌধুৰীৰ ‘প্ৰতিবাদ’ (১৯৫৩), প্ৰবীণ ফুকনৰ ‘শতিকাৰ বান’ (১৯৫৮), সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘অভিমান’ (১৯৫২) আৰু ‘কংকন’ (১৯৫৬); সত্যপ্ৰসাদ বৰুৱাৰ ‘শিখা’ (১৯৫৭), জনাৰ্দন ঠাকুৰৰ ‘ভৈয়ামৰ সেন্দূৰী আলি’ (১৯৫৪), অৰুণ শৰ্মাৰ ‘উৰুখা পঁজা’ (১৯৬০) এই দশকটিৰ উল্লেখযোগ্য ফচল৷

ষাঠিৰ দশকটিত ৰচিত লক্ষ্যধৰ চৌধুৰীৰ ‘নিমিলা অংক’ (১৯৬৫) আৰু ফণী শৰ্মাৰ ‘কিয়?’ (১৯৬১) দুখন উল্লেখযোগ্য সামাজিক নাটক৷ তাৰ পৰৱৰ্তী কালৰ কেইখনমান উল্লেখযোগ্য সামাজিক আৰু ৰাজনৈতিক চেতনাযুক্ত নাটক হ’ল– ফণী শৰ্মাৰ ‘চিৰাজ’ (১৯৬৭); প্ৰফুল্ল বৰাৰ ‘সাঁকো’ (১৯৬৫); অৰুণ শৰ্মাৰ ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’ (১৯৬৭); অনিল চৌধুৰীৰ ‘চিৰন্তন’ (১৯৫৫); অভয় ডেকাৰ ‘গড়াখহনীয়া’ (১৯৫৫); অমৰ পাঠকৰ ‘ইণ্টাৰভিউ’ (১৯৫৫); ৰত্ন ওজাৰ ‘গহ্বৰ’ (১৯৬৯); অৰূপ চক্ৰৱৰ্তীৰ ‘আগমনি’ (১৯৭০) আদি৷

বিংশ শতিকাৰ সপ্তম দশকতে অসমীয়া নাট্যধাৰাত আমেৰিকাত আলোড়ন সৃষ্টি কৰা ‘এবছাৰ্ড নাটকে’ও ঠাই পালে৷ এবছাৰ্ড নাটকৰ আৰ্হিৰে অসমীয়াত তেনে নাটক ৰচনা কৰিলে অৰুণ শৰ্মাই৷ উল্লেখযোগ্য যে এটা সময়ত এবছাৰ্ড শব্দটোৰ সমাৰ্থক শব্দ হিচাপে অসমীয়াত ‘উদ্ভট’ শব্দটো প্ৰয়োগ কৰা হৈছিল৷ কিন্তু সাম্প্ৰতিক কালৰ সমালোচকসকলে ‘উদ্ভট’ শব্দই এবছাৰ্ড (নাটকৰ ক্ষেত্ৰত)ৰ সম্পূৰ্ণ অৰ্থ বহন নকৰে বুলি বিবেচনা কৰি অসমীয়া ভাষাত (আনকি অনেক ভাৰতীয় ভাষাতো) ‘এবছাৰ্ড’ শব্দকে ব্যৱহাৰ কৰে৷ অৰুণ শৰ্মাই ১৯৬৪ চনত ৰচনা কৰা ‘আহাৰ’ এখন সাৰ্থক এবছাৰ্ড নাটক৷ পৰৱৰ্তী দশক কেইটাত আৰু কেইখনমান উল্লেখযোগ্য অসমীয়া এবছাৰ্ড নাটক ৰচিত হৈছিল৷

স্বাধীনতাৰ পাছৰ দুটা দশকত একাংকিকা নাটকে জনপ্ৰিয়তা অৰ্জন কৰে৷ একাংকিকা নাটৰ প্ৰচলন তথা জনপ্ৰিয়তাৰ ক্ষেত্ৰত মহেশ্বৰ নেওগে দিয়া মন্তব্যটি প্ৰণিধানযোগ্য– ‘‘পূৰ্ণাঙ্গ নাটকে আৰু এটি নতুন প্ৰত্যাহবান শুনিছে এটি ফুকলীয়া ল’ৰাৰপৰা– ল’ৰাটি হ’ল একাংকিকা৷’’ অৱশ্যে মন কৰিবলগীয়া যে একাংকিকা নাটকসমূহৰ সৰহভাগেই স্কুল-কলেজৰ ছাত্ৰ আৰু শিক্ষকৰ দ্বাৰা ৰচিত আৰু এইবোৰ লিখা হৈছিল নিয়মীয়াকৈ অনুষ্ঠিত হোৱা বিভিন্ন একাংকিকা নাট প্ৰতিযোগিতাৰ বাবেহে৷ অৱশ্যেই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে একাংকিকা নাট প্ৰতিযোগিতা পাতি এই নাটকৰ ধাৰাটোক আগবঢ়াই দিছে৷
এইখিনিতে আৰু এটি কথা উল্লেখ কৰি যোৱা হ’ল– নাটক মূলতঃ পৰিৱেশনৰ বাবে লিখা হয় বাবে এতিয়ালৈকে বহু সংখ্যক নাটক ছপাশাল গৰকি কিতাপ আকাৰে প্ৰকাশৰ মুখ দেখা নাই৷ অনেক নাটক হাতে লিখা অৱস্থাতে থাকি গ’ল আৰু এটা সময়ত লুপ্ত পালে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!