অসমৰ জলবায়ুৰ পৰিৱৰ্তন, খনিজ সম্পদ, ভৌগলিক অৱস্থান আৰু ভূমিকম্পৰ কাৰণ

লেখক- লক্ষ্য জ্যোতি নাথ

************************
সাহিত্য ডট অৰ্গৰ এই সংখ্যা বিশিষ্ট চিকিৎসক, অসমীয়াত কথা বতৰা গোটৰ সক্ৰিয় সদস্য আৰু সাহিত্য ডট অৰ্গৰ প্ৰাক্তন সম্পাদক, লেখক তথা সমাজসেৱক প্ৰয়াত ডা° ভূপেন শইকীয়া দেৱৰ স্মৃতিত উৎসৰ্গা কৰা হ’ল৷
************************

অসমখন বৰ বিচিত্ৰ ঠাই, ভাৰতৰ উত্তৰ-পূৱ কোণত অৱস্থিত চাৰিওফালে পাহাৰীয়া ৰাজ্যবোৰে যেন অসমখনক সুৰক্ষা দি আৱৰি ৰাখিছে। উত্তৰে গৌৰৱৰে থিয় হৈ আছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হিমালয়। জ্ঞানী লোকে বহু আগতেই অসমৰ ভূ-গৰ্ভত, অসমৰ মাটিত বিভিন্ন তথ্যৰ সম্ভেদ পাইছিল। তেওঁলোকে এই সুযোগ এৰি দিয়া নাছিল। এই অসমতেই ১৮ শ শতিকাতে ব্ৰিটিছে তেলৰ সন্ধান পাইছিল, চাহ গছৰ সন্ধান পাইছিল। ব্ৰহ্মপুত্ৰৰ দৰে এখন বহল, বিশাল নদীয়ে অসমক দুভাগ কৰি অসমৰ মাজেৰে বৈ গৈছে। এই অসম কিছু কিছু ক্ষেত্ৰত বৰ ভাল ঠাই আৰু কিছু ক্ষেত্ৰত বিপদসঙ্কুল ঠাই।
১৮৬৭ চনত আছাম ৰেইলৱে’এণ্ড ট্ৰেডিং কোম্পানীয়ে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল লাইন বহুৱাই থাকোঁতে মাৰ্ঘেৰিটাৰ পৰা ১০ মাইল দূৰত দিগবৈত তেলৰ সন্ধান পাইছিল। ৰেইল লাইন বহুৱাত সহায় কৰিবলৈ অনা হাতীৰ ভৰিত তেল দেখা পায়। তাৰ পাছত সেই ঠাইডোখৰত তেলৰ সন্ধান আৰম্ভ কৰে।
অনেক গৱেষণাৰ পাছত ১৮৮৯ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটিছসকলে ডাঙৰ ডাঙৰ যন্ত্ৰ পাতি আনি তাত খনন আৰম্ভ কৰে। প্ৰথমেই ১৭৮ ফুট গভীৰতাত কিছু তেল পালে। ১৮৯৯ চনত আছাম অ‌ইল কোম্পানী গঠন কৰি তেল খননৰ কাম ভালকৈ আৰম্ভ কৰি দিলে। ১৮৯০ চনৰ নৱেম্বৰত খনন কাৰ্য চলাই ৬৬২ ফুট গভীৰতালৈকে তেল পালে। আৰু ১৯০১ চনত অসমৰ দিগবৈত এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। এনেকৈয়ে অসমৰ এখন হাবি-বননিৰে ভৰি থকা ঠাইত পনীয়া সোণ বিচাৰি পালে। দিগবৈ তৈল নগৰী হৈ উঠিল।
তাৰ পাছত এতিয়া অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে। সেইকেইটা হ’ল ডিগবৈ তেল শোধনাগাৰ, গুৱাহাটী তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। খনিজ সম্পদেৰে ভৰপূৰ আমাৰ এই অসমৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ।
চাহৰ ক্ষেত্ৰটো ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ এজন স্কট অভিযানকাৰীয়ে অসমৰ হাবিয়ে-বনে ঘূৰি থাকোঁতে এই গছবিধ দেখা পাইছিল। তাৰ পাছত ওচৰৰে চিংফৌ গাঁও এখনৰ লোকসকলে এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা তেওঁ দেখিছিল আৰু সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। তাৰ কিছুদিন পাছতেই ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হোৱাত ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসমৰ চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল আৰু অৱশেষত তাতে এই উদ্ভিদক চাহ গছ বুলি নাম দিছিল। যি চাহ গছৰ বাবে আজি অসম জগত বিখ্যাত।
অসম খনিজাত পদাৰ্থ আৰু চাহত যথেষ্ট চহকী, কিন্তু এতিয়াও ভাব হয় এই দুয়োটা খণ্ডত অসমে ইমান উন্নতি কৰিব পৰা নাই যিমান কৰিব লাগিছিল।
অসমৰ ভৌগোলিক স্থিতিটো যদি চোৱা যায় ই বৰ বিপদসঙ্কুল ঠাইত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উপস্থিতিয়ে যদিও অসমৰ মাটি সাৰুৱা কৰি ৰাখিছে যাৰ বাবে অসমৰ মাটি বিভিন্ন খেতিৰ বাবে উপযোগী, কিন্তু অসমৰ ভৌগোলিক স্থিতিৰ ডাঙৰ এটা সমস্যা হ’ল অসম এনে এখন ঠাইত অৱস্থিত য’ত দুখন ডাঙৰ ডাঙৰ ভূ-তত্ত্বীয় প্লেট লগ হৈছে। ভাৰতীয় ভূ-তত্ত্বীয় প্লেট আৰু ইউৰেছিয়া ভূ-তত্ত্বীয় প্লেটে এই অঞ্চলতেই লগ হৈছে। আমাৰ ভাৰতীয় ভূ-তত্ত্বীয় প্লেটখনে ইউৰেছিয়া ভূ-তত্ত্বীয় প্লেটখনক ক্ৰমে ঠেলি ঠেলি গৈ আছে। এই অঞ্চলত হিমালয়ৰ পৰ্বত সৃষ্টি হোৱাৰ কাৰণো এই দুখন ভূ-তত্ত্বীয় প্লেট লগ হোৱা। দিনক দিনে আমাৰ ভাৰতীয় ভূ-তত্ত্বীয় প্লেটখনে ইউৰেছিয়া ভূ-তত্ত্বীয় প্লেটখনক ক্ৰমে ঠেলি ঠেলি বেঁকা হৈ হিমালয়ৰ পৰ্বতৰ তলেদি সোমাই সোমাই গৈ আছে যাৰ ফলত হিমালয়ৰ উচ্চতা দিনক দিনে বৃদ্ধি পাই আহিছে। গৱেষণা কৰি গম পোৱা গৈছে ইয়াৰ বাবেই প্ৰতি বছৰে ৫ ছেণ্টিমিটাৰকৈ হিমালয়ৰ উচ্চতা বাঢ়ি গৈ আছে। দুয়োখন ভূ-তত্ত্বীয় প্লেটৰ এই সংঘৰ্ষৰ বাবে অসম সহ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলটোত মাজে মাজে সৰু বৰ ভূমিকম্প আহি থাকে। ১৯৫০ চনত ইয়াৰ বাবেই এক বৰ ভূঁইকপ আহিছিল যাৰ ফলত ব্ৰহ্মপুত্ৰ নদীখন বাম হৈ গৈছিল। তাৰ ফলত অসমৰ জলবায়ুৰ বহুত পৰিবৰ্ত্তন হৈছিল। যোৱা কিছু দিনত অসমত সৰু বৰ কেইবাটাও ভূমিকম্প আহিছিল যাৰ ফলত অসমবাসী সন্ত্ৰাসিত হৈ পৰিছিল।
এনেকৈ বৰ্তমান মই থকা আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ তলত থকা বাৰ্মা ভূ-তত্ত্বীয় প্লেটখনে সুমাত্ৰা দ্বীপৰ ওচৰত ভাৰতীয় ভূ-তত্ত্বীয় প্লেটখনক ২০০৪ চনৰ ২৬ ডিচেম্বৰত খুন্দা মাৰি দিয়াত এক ডাঙৰ ভূমিকম্প আহে। যিহেতু আন্দামান নিকোবৰৰ চাৰিওফালে সাগৰ আছে সেইবাবে সেই ভূমিকম্পৰ ফলত সাগৰত চুনামিৰ সৃষ্টি হৈছিল যি চুনামিয়ে আন্দামানত বহুত ক্ষতি কৰিছিল। অসমত যদিও চুনামি নাহে কিন্তু ডাঙৰ ভূমিকম্প আহিলে বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আমাৰ অসম ভূমিকম্পৰ Zone-5 অৰ্থাৎ উচ্চ ভূমিকম্প প্ৰৱন ঠাইত পৰে। ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া। আমাৰ মানুহৰ হাতত বা বিজ্ঞানে ইমান উন্নতি কৰা নাই যে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব।
যিকোনো প্ৰাকৃতিক দুৰ্যোগক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো কিন্তু তাৰ পৰা আমি কেনেকৈ সাৱধান হ’ব পাৰি সেইটো জানি সাৱধানতা অৱলম্বন কৰিব পাৰো। অসম ভূমিকম্পৰ Zone-5 ঠাইত পৰে সেইবাবে আমি সদায় সাৱধান হোৱা বৰ দৰকাৰ। ভূমিকম্প আহিলে আমি লগে লগে কোন সুৰক্ষিত ঠাইত যাম সেইটো আগতীয়াকৈ জনা উচিত। ঘৰ নিৰ্মাণ কৰাৰ আগত ভূমিকম্প প্ৰতিৰোধ কৰাৰ ক্ষমতা চাই সেইমতে নিৰ্মাণ কৰা উচিত।
ভূমিকম্পৰ আগজাননী দিয়া যন্ত্ৰ আজিলৈকে আৱিষ্কাৰ হোৱা নাই। কিন্তু কোৱা হয় ভূমিকম্প অহাৰ কিছু সময় আগত কিছুমান জীৱ-জন্তুৱে কিছুমান প্ৰতিক্ৰিয়া কৰে। সেই প্ৰতিক্ৰিয়া আমি যদি বুজোঁ আমি হয়তো আগতীয়াকৈ সাৱধান হ’ব পাৰিম। জীৱ-জন্তুৰ এই প্ৰতিক্ৰিয়াৰ ওপৰতো গৱেষণা কৰাৰ থল আছে।
তদুপৰি অসমৰ জলবায়ু দিনক দিনে সলনি হৈ অহা যেন মন কৰিছোঁ। যি কালত যি জলবায়ু হ’ব লাগে সেই কালত যেন সেই জলবায়ু হোৱা নাই। এইয়া মোৰ এক নিজস্ব অধ্যয়নহে। ইয়াৰ ওপৰত গৱেষণাৰ প্ৰয়োজন বুলি মই ভাবো। এটা উদাহৰণ দিওঁ আমি সৰু থকা অৱস্থাত দুৰ্গা পূজাৰ আগে আগেই ৰাতিপুৱা সময়ত এক মৃদু ঠাণ্ডা অনুভৱ কৰিছিলোঁ। দুৰ্গা পূজাৰ পাছত লক্ষ্মী পূজাৰ সময়ত প্ৰায় ঠাণ্ডা পৰিছিল। মানে ঠাণ্ডা অনুভৱটো ছেপ্টেম্বৰৰ শেষৰ ফালেই আহি গৈছিল। বৰ্তমান দেখা যায় অসমত নৱেম্বৰ মাহলৈকে ঠাণ্ডা নাহে। তেনেকৈ চ’ত মাহ সোমোৱাৰ লগে লগে গৰম অনুভৱ হৈছিল। আমি গৰমত থাকিব নোৱাৰি বিচনী মাৰিব ধৰিছিলোঁ। তেতিয়া আমাক কৈছিল যে আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা আছে যে গৰু বিহুৰ দিনা গৰুক বিচনীৰে বিচিহে মানুহে বিচনী ব্যৱহাৰ কৰে। আমি কিন্তু গৰু বিহুলৈ অপেক্ষা কৰিব পৰা নাছিলোঁ। বৰ্তমান দেখা যায় বহাগ মাহতো অসমত গৰম কাপোৰ লৈ শুব লগা হয়। এই যে জলবায়ুটো সলনি হৈছে কথাটো লক্ষ্য কৰি ইয়াৰ সত্যতাটো বিচৰা আৰু ইয়াৰ কাৰণ কি গৱেষণা কৰা উচিত বুলি মই ভাবো।
এনে এক বিচিত্ৰ ঠাইত আমাৰ জন্ম য’ত আমি জীয়াই থাকিব লাগিব আৰু আমাৰ আগন্তুক প্ৰজন্ম জীয়াই থাকিব লাগিব। এই বিচিত্ৰ অসমৰ ভৌগোলিক স্থিতি, জলবায়ু, খনিজ সম্পদ, ব্ৰহ্মপুত্ৰ নদীৰ আদিৰ ওপৰত আৰু গৱেষণাৰ প্ৰয়োজন। অৱহেলিত অসমক কেন্দ্ৰীয় চৰকাৰে আৰু গুৰুত্ব দিয়া উচিত, এই ক্ষেত্ৰখন বুজা উচিত। আশা কৰিম অনাগত দিনত অসমৰ খনিজ সম্পদৰ ওপৰত আৰু অধ্যয়ন হওক, জাপানৰ দৰে অসমতো ভূমিকম্পৰ ওপৰত অধ্যয়ন হওক, অসমৰ ঘৰবোৰ সেইদৰে নিৰ্মাণ কৰা হওক। লগতে ব্ৰহ্মপুত্ৰ আৰু অসমৰ ভৌগোলিক স্থিতিৰ অধিক গৱেষণা হওক।

এই সংখ্যাটোৰ আঁৰত-

এই সংখ্যাৰ আঁৰত সম্পাদক- লক্ষ্য জ্যোতি নাথ

সাক্ষাৎকাৰ গ্ৰহণ – লক্ষ্য জ্যোতি নাথ, অভিজিৎ দত্ত, মৃদুল কুমাৰ শৰ্মা।

সাক্ষাৎকাৰত বিশেষ সহায়- তুষাৰ ৰঞ্জন কাশ্যপ, বিকাশ দত্ত, মন্টু কুমাৰ বৰঠাকুৰ, উজ্জ্বল দিপ্লু গগৈ।

বৰ্ণাশুদ্ধি- ড° মৃণাল জ্যোতি গোস্বামী, উৎপলা কৌৰ, মিতালী বৰ্মন, কলচুম বিবি, উজ্জ্বল দিপ্লু গগৈ, তুষাৰ ৰঞ্জন কাশ্যপ, অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা।

কাৰিকৰী সহায়- ড° দীপজ্যোতি বৰা, ড° মনোজ মন কলিতা, অংশুমান হাজৰিকা৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!