ন টকাৰ ইনষ্টলমেণ্ট
লেখক- বৰ্ণালী পাঠক
আখৰ পঢ়িব পৰা হোৱাৰেপৰা কিতাপৰ পোক। তৃতীয় শ্ৰেণীতে মামণি ৰয়ছম গোস্বামীৰ “আধালিখা দস্তাবেজ “ পঢ়া মনত আছে। মানে পঢ়ি গৈছিলোঁ শব্দবোৰ, বুজি পোৱা নাছিলোঁ কিন্তু আচল অৰ্থবোৰ। ঘৰত যিমান কিতাপ আছিল পঢ়ি শেষ। তেতিয়া গ্ৰন্থমেলালৈ যোৱাৰো সুবিধা নাছিল। জন্মদিনত মা-দেউতাক কিতাপ খোজোঁ। মাজে মাজে এনেয়ো কিনি দিয়ে। চান্দমামা আৰু টিংকলো ৰাখোঁ। কিন্তু পটককৈ পঢ়া হৈ যায়। সেয়ে লগৰ ছোৱালীৰপৰা ধাৰে আনিও কিতাপ পঢ়িছিলোঁ। পঢ়ি উঠি নিষ্ঠাসহকাৰে ঘূৰাই দিওঁ।
চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে পিছে এবাৰ গণ্ডগোল লাগিল। মই পঢ়া স্কুলখন আছিল নৰকাসুৰ নিম্ন বুনিয়াদী বিদ্যালয়, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ গাতে লগা। লগৰ এজনীয়ে স্কুললৈ “পঞ্চতন্ত্ৰৰ সাধু” অনাত পঢ়িবলৈ খুজিলোঁ। তাইৰ নামটো মামণি আছিল, উপাধিটো পাহৰিলোঁ।
ঘৰলৈ আনি পঢ়িলোঁ, বাইদেউ-ভণ্টিয়েও পঢ়িলে। দুদিনমান পিছত ঘূৰাই দিবলৈ ওলাই কিতাপখন বিচাৰি নাপালোঁ। বাইদেউ আৰু ভণ্টিয়েও নাজানো বুলি ক’লে। বহুত বিচাৰিও কিতাপখন নাপালোঁ। ইফালে লগৰজনীয়ে স্কুলত কিতাপখন খোজা আৰম্ভ কৰিলে। বহুত বিচৰাৰ পিছতো নাপাই তাইক সত্য ক’বলৈ বাধ্য হ’লোঁ। মামণিৰ ভীষণ খং উঠিল। মই বহুতবাৰ ক্ষমাও খুজিলোঁ। শেষত তাই ক’লে যে কিতাপ নহ’লে কিতাপৰ দাম হ’লেও দিব লাগিব। লগেলগে মান্তি হ’লোঁ। কিন্তু মা-দেউতাক খুজিবলৈ ভয় কৰি লাহে লাহে ধাৰ মাৰিম বুলি ক’লোঁ। তায়ো মোৰ অনুৰোধ মানি ল’লে।
১৯৯০ চনৰ কথা। আমাৰ সমবয়সীবোৰে জানিব আমাৰ পকেটমানিৰ বিষয়ে। আচলতে পকেটমানি বুলি কোনো বস্তু নাছিল আমাৰ। কেতিয়াবা ভাগ্য সুপ্ৰসন্ন হ’লে মায়ে লেজাৰত কিবা খাবলৈ পঞ্চাশ পইছা দিয়ে। মন ভালে থাকিলে দেউতাই মাজে-সময়ে এটকা দিয়ে।
দহপইছাৰ মিঠা বগৰীগুৰিৰ পেকেট বা কাঠৰ চামুচত ৰঙা প্লাষ্টিকেৰে মেৰিয়াই থোৱা তেতেলী বা পঞ্চাশ পইছাৰ কাঠৰ মাৰিত লাগি থকা ৰঙা-সেউজীয়া বৰফ বা এটকীয়া প্লাষ্টিকৰ দীঘল পেকেটত থকা বৰফ(পেপচী বুলি কৈছিল) মাজে সময়ে খাইছিলোঁ। কেতিয়াবা চানাচুৰো গিলোঁ। ৩৫ পইছাৰ “হাজমোলা” বা “স্বাদ” একেলগে তিনিটা কিনিলে এটকাতে দিছিল, পাঁচ পইছা ৰেহাই দি। কুলফী খাবলৈ অলপ ৰ’ব লাগিছিল, এটাত দুটকামান আছিল। তেতিয়াৰ হিচাপত বৰ দামী বস্তু। কমদামীবোৰো আমি সদায় খাবলৈ নাপাইছিলোঁ। হাতত সদায় পইছা নাথাকে যে। তেনে অৱস্থাত কিতাপৰ দাম দিয়াটো বৰ চিন্তাৰ বিষয় আছিল যদিও কিতাপখন যিহেতু মোৰ দোষত হেৰাল, মানি লৈছিলোঁ।
কিতাপখনৰ দাম আছিল ন টকা। মই এদিন-দুদিনৰ মূৰে মূৰে যি হাতত থাকে দিয়া কৰিলোঁ। প্ৰায় দুই-তিনিসপ্তাহমানৰ মূৰত এদিন হঠাতে ঘৰত কিতাপখন বিচাৰি পালোঁ। তেতিয়ালৈ ছটকা দিয়া হৈছিল, তিনি টকা বাকী।
কিতাপখন লগেলগে ঘূৰাই দিলোঁ। তাই হাঁহি মাৰি লৈ থৈ দিলে। তাই মোৰ পইছাখিনি ঘূৰাই দিম বুলি নক’লে আৰু ময়ো লাজতে নুখুজিলোঁ। কিন্তু মনে মনে বৰ পস্তালোঁ। কিমানদিন একো নোখোৱাকৈ জমা কৰিছিলোঁ ইনষ্টলমেণ্টবোৰ।
সময় বাগৰিল, আহি আহি দুকুৰিত ভৰি দিলোঁ। জীৱনত বহু টকা মৰা গ’ল আৰু। বাছত পকেটমাৰে নিলে এবাৰ ১২০০ টকা। চিনাকি বহুতেও ঠগাই কষ্টৰ পইছা নিয়াৰ উদাহৰণো পালোঁ। পইছা গ’লে দুখ লাগে। পিছত পাহৰিও যাওঁ। কিন্তু সেই ন টকাৰ ইনষ্টলমেণ্টৰ ছটকা শোধাই আকৌ কিতাপখনো কিয় যে দি দিছিলোঁ, সেই দুখটো আজিলৈ পাহৰিব নোৱাৰিলোঁ।