মেৰেং: শেহতীয়াকৈ পঢ়া কিতাপখনৰ বিষয়ে কিছু
লেখক- জ্য়োস্না দাস
অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অনন্য উপন্যাস হৈছে “মেৰেং”। উপন্যাসখন অসমৰ প্ৰথম শিক্ষা বিষয়া, বিদূষী মহিলা ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত যদিও তাত আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল (নেফা)ৰ ৬০ বছৰ আগৰ ইতিহাস। উপন্যাসখনৰ আন এটি বিশেষ চৰিত্ৰ ইন্দিৰা মিৰিৰ দেউতাক সোণাধৰ সেনাপতি। তেখেতৰ শিক্ষাৰ প্ৰতি বিশেষকৈ নাৰী শিক্ষাৰ প্ৰতি থকা উদাৰ মনোভাব উপন্যাসখনৰ এক উল্লেখনীয় দিশ। সেইসময়ত পুত্ৰ-কন্যা উভয়কে সমানে শিক্ষিত কৰাৰ মানসিকতা অতি কম সংখ্যক মানুহৰহে আছিল। তাতে আকৌ নিজৰ বিধবা জীয়ৰীক বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ পঠিওৱা, নেফাত শিক্ষা বিষয়া হিচাপে অকলে চাকৰি কৰিবলৈ পঠিওৱা আদি কাৰ্যৰে অতি বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল ইন্দিৰা মিৰিৰ দেউতাক সোণাধৰ সেনাপতি।
উপন্যাসখনত আছে ইন্দিৰা মিৰিৰ শিক্ষকতা জীৱনৰ আৰু শিক্ষা বিষয়া হিচাপে কটোৱা জীৱনৰ এক বিপদ সংকুল জীৱন যাত্ৰাৰ কৰ্মগাথা।
মেৰেং অৰ্থাৎ ইন্দিৰা মিৰিৰ সৰুকাল অতিবাহিত হয় গুৱাহাটী আৰু ছিলঙৰ ঘৰ দুখনত বেণুকাইৰ পৰিচৰ্য্যাত। অৱশ্যে শিক্ষাকাল শ্বিলঙত আৰম্ভ হৈ ক্ৰমে কলিকতাৰ স্কটিছ চাৰ্চ কলেজ, গুজৰাট, স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত সামৰণি পৰে।
ইন্দিৰা মিৰিৰ জীৱনটোৱে মনোৰম সেউজীয়াৰ মাজৰ পৰা গৈ কলিকতাৰ এখন বিদ্বৎ আৰু উচ্চ সাংস্কৃতিক জগতৰ জ্ঞানৰ পোহৰ বুটলিবলৈ সক্ষম হয়। অৱশ্যে বিবাহৰ পিছৰ বৈধব্য জীৱনটোৱে আন এক নতুন জ্ঞানৰ গভীৰতাত নিমজ্জিত হয় স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত সম্পূৰ্ণ দুবছৰৰ বাবে। যি জ্ঞানৰ পোহৰেৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক শিক্ষাৰ ডোলেৰে বান্ধিব পাৰিছিল।
ইন্দিৰা মিৰিৰ জীৱনৰ যাত্ৰাৰ মূল ব্যক্তিগৰাকী হ’ল দেউতাক সোণাধৰ সেনাপতি। তেখেতৰ উদাৰতা, উচ্চ মানসিকতা আৰু শিক্ষাস্পৃহা অবিহনে হয়তো ইন্দিৰা মিৰিৰ জীৱনে ইমান উচ্চ পৰ্যায় নাপালেহেঁতেন। অৱশ্যে অতি কম দিনৰ বাবে হ’লেও তেখেতৰ স্বামী মুহীচন্দ্ৰ মিৰিৰ সহযোগিতায়ো যথেষ্ট মনোবল আৰু সাহস দিছিল।
লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে উপন্যাসখনক তিনিটা সময়াংশৰ মাজেৰে আগবঢ়াই নিছে যদিও মধ্যাহ্নৰ সময়খিনি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ এক দলিল স্বৰূপ। ইন্দিৰা মিৰিৰ বিবাহৰ পিছৰ সময়ছোৱাইও মিৰি সমাজ জীৱনৰ লগতে অৰণ্যৰ এক সৰল আৰু আবেগৰ ছবি দাঙি ধৰিছে।
এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা দুবছৰীয়া শিক্ষা গ্ৰহণৰ অন্তত ইন্দিৰা মিৰিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ গ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণ কৰিয়েই তেখেতে জীৱন তথা পৰিয়ালকো তুচ্ছ কৰি অৰুণাচলৰ দুৰ্গম পৰ্বত, পাহাৰ, দিন-ৰাতি একাকাৰ কৰি লোহিত, ডিবাং, সোৱণশিৰি উপত্যকাত থকা মনপা, চেৰদুকপেন, মিজি, অকা, মিছিমি, খোৱাও, নিছি, দফলা, আপাতানি, হিলমিৰি আদি জনগোষ্ঠীসমূহক মৰম আৰু একতাৰ বান্ধোনেৰে বান্ধি শিক্ষাৰ বন্তিগছি জ্বলাইছিল। ইন্দিৰা মিৰি আৰু সেই সময়ৰ শিক্ষকসকলৰ যৎপৰোনাস্তি চেষ্টা আৰু মৰমত পাহাৰ ভৈয়াম একাকাৰ হৈছিল, অসমীয়া ভাষাই এক বিশেষ মৰ্যাদা পাইছিল আৰু মিৰিয়ে পাইছিল মাতৃৰ স্থান। নেফাৰ মানুহৰ বাবে ইন্দিৰা মিৰি আছিল -“মা”।
অতি পৰিতাপৰ বিষয় এয়ে যে এনে এগৰাকী ব্যক্তিৰ বিষয়ে কিতাপৰ পাতত নপঢ়িলে আজিৰ প্ৰজন্মই তেখেতৰ বিষয়ে একোকে জনাৰ ব্যৱস্থা অসমত নাই।
মনলৈ সাহস আৰু কৰ্ম প্ৰেৰণা কঢ়িয়াই আনিব পৰা “মেৰেং”ৰ কেইটামান ভাল লগা শাৰী–
“যদি নিজৰ জীৱনৰ বাহিৰেও চুবুৰীয়া তথা সমাজৰ কিছু দায়িত্বও ল’ব পাৰ -তেতিয়াহে মনুষ্য জীৱনৰ সাৰ্থকতা। তই শিক্ষিত হৈ নিশ্চয় চাকৰি-বাকৰি কৰিবি। সেই চাকৰিটোও যদি সততা আৰু মনোযোগৰ কৰ সেয়াই হ’ব সমাজৰ প্ৰতি গুৰু অৰিহনা।” -৬২পৃ:
“যি জাতিয়ে নিজৰ বুৰঞ্জী নাজানে, তেওঁলোক বংশ পৰিচয়, পিতৃ-মাতৃৰ পৰিচয় নোহোৱা সন্তানৰ দৰে।” -৬৩পৃ:
“আমাৰ সমাজত জানো মুৰ্খ বুদ্ধিহীন পুৰুষ নাই? কিন্তু তেনে পুৰুষেও তিৰোতাজনীক নিজতকৈ নিকৃষ্ট বুলি ভাবে। এয়া সামাজিক মনস্তত্ত্ব।” -৭৮ পৃ:
“Teaching is the best way to learn for yourself.”-১০৬ পৃ:
“ভাষাক লৈ ৰাজনীতি কৰাটো জঘন্য অপৰাধ। ভাষাৰ সন্মানে সমস্যা সমাধান কৰে, ভাষাক কৰা অৱহেলাই একোটা জাতিক বিচ্ছিন্ন কৰে।” –৪১৬পৃ:
“সৎ নিষ্ঠাবান কৰ্মী তৈয়াৰ কৰিবলৈ সবল নেতৃত্বৰ প্ৰয়োজন। এই নেতৃত্ব দিব পাৰিছিল বাবেই নেফাৰ ঘন অৰণ্যৰ মাজত বসবাস কৰা জনজাতিক বিদ্যা শিক্ষা দিবলৈ যুৱক শিক্ষক আগবাঢ়ি আহিছিল ইন্দিৰা মিৰিৰ বাবে। যোৱা দহটা বছৰৰ অমানুষিক পৰিশ্ৰম আৰু ইতিবাচক মনোভাবৰ শক্তিৰে আবৰ, আপাতানি, মিছিমি, নগা সকলোৰে মাজত শিক্ষা গ্ৰহণৰ প্ৰতি অভিনৱ অনুৰাগৰ সৃষ্টি হ’ল। অসমীয়া আৰু নেফাৰ জনজাতিৰ মাজত মৰম-প্ৰীতিৰ এক অৰ্থবহ বান্ধোনৰ সৃষ্টি হ’ল। এই কামবোৰ সকলো মানুহে কৰিব নোৱাৰে। পণ্ডিত-শিক্ষাবিদ হব পাৰি, বিয়াগোম বিষয়া হ’ব পাৰি কিন্তু সমাজ উত্তৰণ আৰু মানুহৰ মাজত সদ্ভাৱ প্ৰতিষ্ঠা কৰি নৱজাগৰণৰ আনিব সকলোৱে নোৱাৰে। নেতা হবলৈ মহৎ হৃদয়ৰ অধিকাৰী আৰু দূৰদৰ্শী হোৱা প্ৰয়োজন। ইন্দিৰা মিৰি চৰকাৰী দায়িত্ব লৈ নেফালৈ আহিছিল। কিন্তু মহৎ হৃদয় আৰু দূৰদৰ্শিতাৰে কাম কৰিব পৰাকৈ নেত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিলে।” -৪৩০পৃ:
“জ্ঞান আহৰণ, জ্ঞান দান দুটা পৃথক প্ৰথা। দান কৰিব লাগে হাত মুকলি কৰি আৰু গ্ৰহণ কৰিব লাগে হাতযোৰ কৰি। পিছে দুয়োটা প্ৰথা জনা শিক্ষক দিনে দিনে অভাৱ ঘটিছে।” -৪৬৩ পৃ
“বি টি ৰ দৰে স্নাতকোত্তৰ উচ্চ মানৰ ডিগ্ৰী ইমান সহজে লাভ কৰিলে শিক্ষকসকলে সাৰ্থকভাৱে ছাত্ৰ-ছাত্ৰী পঢ়ুৱাব নোৱাৰে।” -৪৬৬ পৃ: