উৰণীয়া চৰাই
লেখক- পাৰুল বৰুৱা
চৰাই পোৱালি এটি আহি পৰিছিলহি
মোৰ চোতালত
মৰমতে ৰাখিছিলোঁ সজাত ভৰাই
টোপ খুৱাইছিলোঁ মৰমেৰে
মাত শিকিছিল
কথা কৈছিল
পাখিবোৰ গজিছিল লাহে লাহে
সজা খুলি দিলেও ঘূৰি আহিছিল আকউ
ন গাইছিল
দেও দি নাচিছিল চোতালত মোৰ
সুহুৰিয়াইছিল
কত যে আব্দাৰ
আৰু এদিন —
মই বাট চাই ভাগৰি পৰিছিলোঁ
ভূতুংকৈ উৰি গুচি গ’ল
মোৰ পোহনীয়া চৰাই
এতিয়া হৃদয়ত অণুৰণন হয়
মই মৰমেৰে শিকোৱা
মৌ বৰষা মাত বোৰ
গুচি যোৱাটো যে ইমান সহজ।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments