নাৰী
লেখক- নিশান্ত বৰদলৈ
চোঁতাল সাৰিলো, ঘৰ ঝাৰু দিলো,
মকৰা জাল ভাঙিলো,
বেলজোপাৰ গুৰিত ঈশ্বৰক দেখিলো,
পানী তুলিলো,
মাছ বাছিলো,
ভাত ৰান্ধিলো,
নাৰী হ’লে মেখেলা এখন পিন্ধিব লাগিব,
মেখেলাৰ জলঙাৰে পুৰুষ সৰকিব নোৱাৰাকৈ পেটিকোট এটা পিন্ধিব লাগিব,
নাৰীৰ বুকুত শিল্প নাথাকে থাকে
চাদৰেৰে কাৰাৰুদ্ধ কৰি ৰখা জেঠৰ ৰ’দ।
মই নাৰী হ’লো
ওৰণি ল’লো
ভূমিকম্প আহোঁতে
উৰুলিৰে ভেটিলো বাট।
মই নাৰী বাবেই মোৰ প্ৰিয় পুৰুষজনৰ বুকুত ছটফটাই থকা আত্মঘাতী নাৰীবোৰৰ তৰোৱাল হ’ব নোৱাৰিলো,
হ’ব নোৱাৰিলো গছ।
আহা, মোক বলাৎকাৰ কৰা,
নাৰী মানেই ভোকৰ ভাত।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments