তেতেলি আৰু গুৰেৰে ইলিচ মাছৰ আঞ্জা

লেখক- মালবীকা ফুকন বৰুৱা

সামগ্ৰী:
ইলিচ মাছ: ৩ টুকুৰা
গুৰ: সোৱাদ অনুসৰি
তেতলি: ২ কোঁহমান (পানীত তিয়াই মোহাৰি লোৱা)
শুকান জলকীয়া: ৩, ৪টা মান (জ্বলা থকা)
পাছফোৰণ: ১ চামুচ
প্ৰণালী:
মাছ কেইটুকুৰাত নিমখ হালধি সানি পাঁচ মিনিট মেৰিনেট কৰি থ’ব। এতিয়া কেৰাহীত সৰিয়হ তেল গৰম কৰি মাছ কেইটুকুৰা একেবাৰে কম সময়ৰ বাবে ভাজি ল’ব। (বেছি দেৰি ভাজিলে টান হৈ যাব)
মাছ উঠাই লৈ সেই তেলতে শুকান জলকীয়া কেইটা হাতেৰে টুকুৰা টুকুৰ কৰি ফোৰণ দিব, লগতে পাছফোৰণ খিনিও দিব। ফুটি উঠিলে পানীত মিলাই লোৱা গুৰ আৰু তেতলি পানী খিনিত অকমাণ হালধি মিলাই তাতে ঢালি দিব। সোৱাদ অনুসৰি নিমখ যোগ কৰিব। কম জুইত গোটেইখিনি ভালদৰে মিহলাই একাপ মান পানী যোগ কৰিব আৰু এবাৰ উতল আহিলে তাতে ভাজি থোৱা মাছ কেইটুকুৰা দি ভালদৰে উতলাব। পানী কমি জোখৰ হ’লেই নমাই থ’ব। এইখন আঞ্জাৰ সোৱাদ জ্বলা, মিঠা, টেঙা হোৱা বাবে খুব সোৱাদপূৰ্ণ হয়। (ইচ্ছা কৰিলে জলকীয়া গুৰি যোগ কৰিব পাৰি)

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!