অন্ধ মানুহজন

লেখক- যশোৱন্ত নিপুণ

মূল: গী দ্য মোপাছাৰ ‘দা ব্লাইণ্ড মেন’
ভাবানুবাদ: যশোৱন্ত নিপুণ

সূৰ্যৰ পোহৰে আমাক কেনেকৈ ইমান আনন্দ দিয়ে? এই উজ্জ্বলতা যেতিয়া পৃথিৱীৰ পৃষ্ঠত পৰে, কিয় আমাৰ মন জীয়াই থকাৰ আনন্দেৰে ভৰি পৰে? আকাশখন কেৱল নীলা, বিস্তীৰ্ণ পথাৰ সেউজীয়া, ঘৰবোৰ বগা আৰু আমাৰ মুগ্ধ চকুৱে আমাৰ মনলৈ ইমান পোহৰ লৈ অহা সেই উজ্জ্বল ৰংবোৰ পান কৰে। আৰু আমাৰ মনত নাচিবলৈ, গাবলৈ, দৌৰিবলৈ ইচ্ছা জাগি উঠে, মন পাতল হয়, এটা গভীৰ কোমলতাৰে মন ভৰি পৰে; সূৰ্যটো চুই চাবলৈ আকুল হয় মন।
কিন্তু এজন অন্ধ মানুহ, ক’ৰবাত নীৰৱে বহি থাকে, অন্তহীন এন্ধাৰত উদাসীন, আৰু আন সময়ৰ দৰেই একেধৰণেই শান্ত হৈ থাকে যেতিয়া পৃথিৱীখন নতুন আনন্দৰ লহৰত উটি-ভাঁহি ফুৰে। তেওঁলোকে বুজিব নোৱাৰে চাৰিওফালে কি ঘটি আছে, জঁপিয়াবলৈ ধৰা তেওঁলোকৰ কুকুৰবোৰ ঠিকে আছে নে সেইটোতে মন দি থাকে।
দিনটোৰ শেষত যেতিয়া সৰু ভায়েক বা ভনীয়েকৰ হাতত ধৰি তেওঁলোক ঘৰলৈ উভতিবলৈ ধৰে আৰু শিশুটোৱে কয়, “দিনটো বৰ ভাল আছিল!”, তেতিয়া আনজনে উত্তৰ দিয়ে, “মই গম পাইছিলোঁ দিনটো বৰ ভাল আছিল। লউলউ শান্তিত বহি থাকিবই খোজা নাছিল নহয়।”
মই এইসকলৰ এজনক জানিছিলোঁ যাৰ জীৱনটো সম্ভৱতঃ ভাবিব পৰা সকলোতকৈ নিৰ্মম নিষ্ঠুৰতাৰ চিকাৰ আছিল।
সি এজন চহা, নৰ্মান খেতিয়কৰ পুতেক আছিল। যেতিয়ালৈকে তাৰ দেউতাক আৰু মাক জীয়াই আছিল, তাৰ মোটামুটি যত্ন লোৱা হৈছিল; সি তাৰ শাৰীৰিক অক্ষমতাৰ বাবে হোৱা কষ্টত বাদে বেলেগ তেনে কোনো ক্লেশ ভুগিব লগাও হোৱা নাছিল। কিন্তু বুঢ়া-বুঢ়ী যোৱাৰ পাছৰপৰাই তাৰ এটা সহ্যাতীত দুখ-কষ্টৰ জীৱন আৰম্ভ হ’ল। বায়েক এজনীৰ ওপৰত নিৰ্ভৰশীল তাক ঘৰখনৰ প্ৰত্যেকেই বেলেগৰ ৰুটী খোৱা এটা মগনীয়াৰ দৰে ব্যৱহাৰ কৰিছিল। প্ৰত্যেকবাৰ আহাৰৰ সময়ত সি খোৱা খাদ্যবস্তুবোৰ তাক গালি পৰাৰ এটা বিষয়ত পৰিণত কৰা হৈছিল; তাক এটা ধোদৰ পচলা, এটা বহুৱা বুলি কোৱা হৈছিল। আৰু যদিও ভিনিহিয়েকে তাৰ ভাগৰ সম্পত্তিখিনি হস্তগত কৰিছিল, তথাপি তাক চুপখিনি বৰ অসন্তুষ্ট মনেৰেহে দিয়া হৈছিল, আৰু সিমানখিনিয়েই দিয়া হৈছিল যাতে সি কোনোমতে অনাহাৰত নমৰাকৈ জীয়াই থাকিব পাৰে।
তাৰ মুখমণ্ডল বৰ শেঁতা আৰু বগা ডাঙৰ চকুযুৰি পাতল চকলা যেন দেখাইছিল। সি তাৰ ওপৰত নিক্ষেপিত হোৱা অপমান, ঠাট্টা-মস্কৰাত বিচলিত নহৈছিল, সি ইমান গহীন হৈ থাকিছিল যে সেইবোৰ সি অনুভৱ কৰিব পাৰিছিল নে নাই – সেইটো ক’ব পৰা নগৈছিল।
তদুপৰি, মৰম-চেনেহ কি বস্তু সি কেতিয়াও জনাই নাছিল। মাকে তাৰ প্ৰতি একো দয়া-মমতা নেদেখুৱাইছিল আৰু তাক খুব কম মনোযোগ দিছিল। কাৰণ গাঁৱৰ বহু ঠাইত অক্ষম লোকক বোজা বুলি ভবা হয় আৰু কৃষকসকলে তেওঁলোকৰ প্ৰজাতিৰ অক্ষমসকলক আনন্দেৰে মাৰি পেলাব পাৰে, যেনেদৰে হাঁহ-কুকুৰাবোৰে মাৰে।
তাৰ চুপখিনি শেষ কৰাৰ পাছতেই সি জহৰ দিনত দুৱাৰখনৰ বাহিৰলৈ গৈ বহিছিল আৰু শীতৰ দিনবোৰত জুইকুৰাৰ কাষত বহিছিলগৈ, আৰু গোটেই গধূলিটো কোনো শব্দ নকৰিছিল। সি কোনো অংগীভংগী নেদেখুৱাইছিল, ইফাল-সিফাল নকৰিছিল; মাত্ৰ তাৰ স্নায়বিক কিবা সমস্যাৰ কাৰণে চকুৰ পতাযোৰ কঁপি কঁপি কেতিয়াবা সেই বগা, দৃষ্টিহীন গোলক দুটাৰ ওপৰত ওলমি পৰিছিল। তাৰ কিবা জ্ঞান, চিন্তা কৰিব পৰা শক্তি, নিজৰ অস্তিত্ব সম্পৰ্কে সচেতনতা আছিল নে? কোনোৱে সেইটো জানিবলৈ প্ৰয়োজনবোধ কৰা নাছিল।
এনেকৈয়ে কেইবছৰমান পাৰ হৈ গৈছিল। কিন্তু কাম-কাজ কৰিবলৈ অসমৰ্থতা আৰু লগতে তাৰ উদাসীন জড়তাই লাহে লাহে অঙহী-বঙহীসকলক অতি বিৰক্ত কৰি আনিছিল আৰু সি সকলোৰে ঠাট্টা-মস্কৰাৰ পাত্ৰ, একধৰণৰ হাঁহি-খিকিন্দালিৰ আহিলা হৈ পৰিছিল আৰু তাৰ চাৰিওফালে থকা পাশৱিক সত্তাবোৰৰ জন্মগত হিংস্ৰতা, আৰু জান্তৱ আনন্দৰ এটা চিকাৰত পৰিণত হৈছিল।
এইটো সহজেই অনুমান কৰিব পাৰি যে এই সকলো নিষ্ঠুৰ ধেমালি তাৰ অন্ধ অৱস্থাটোৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিল। আৰু তাক খুওৱাৰ মূল্য হিচাপে কিছু কৌতুক বিচাৰি, সিহঁতে তাৰ প্ৰত্যেক সাজ আহাৰকেই চুবুৰীয়াসকলৰ ঘণ্টা-ঘণ্টাযোৰা হাঁহি-খিকিন্দালি আৰু অসহায়ী প্ৰাণীটোৰ কাৰণে ডাঙৰ শাস্তিত পৰিণত কৰিছিল।
ওচৰৰ ঘৰবোৰৰ খেতিয়কসকলে এই মজা লুটিবলৈ আহিছিল; এই কথাটোৰ ঘৰে ঘৰে আলোচনা হৈছিল, আৰু নিতৌ সেইঘৰৰ খোৱা-কোঠাটো মানুহেৰে ভৰি পৰিছিল। কেতিয়াবা যেতিয়া সি তাৰ চুপখিনি খাবলৈ আৰম্ভ কৰিব খুজিছিল, সিহঁতে তাৰ প্লেটখনৰ আগত কুকুৰ বা মেকুৰী এটা ৰাখিছিল। জন্তুটোৱে কেনেবাকৈ তাৰ অক্ষমতাৰ কথা গম পাইছিল আৰু মনে মনে ওচৰ চাপি, শব্দ নকৰাকৈ কাণ থিয় কৰি চুপখিনি খাবলৈ আৰম্ভ কৰিছিল। আৰু যেতিয়া সিহঁতে খোৱাবস্তুখিনি শব্দ কৰি গিলিছিল আৰু শব্দটোৱে হতভগীয়াটোক সজাগ কৰি তুলিছিল, সিহঁতে অন্ধ মানুহটোৱে ইফালে-সিফালে মৰা চামুচৰ কোববোৰৰপৰা হাত সাৰিবলৈ বুধিয়কৰ দৰে কিছু দূৰলৈ আঁতৰি গৈছিল!
তেতিয়া বেৰৰ কাষত থিয় হৈ থকা দৰ্শকসকলে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিব, ইজনে-সিজনক হেঁচুকিব আৰু মজিয়াত আনন্দতে গোৰোহণি মাৰিব। আৰু সি কেতিয়াও এটা শব্দ উচ্চাৰণ নকৰাকৈ চুপখিনি তাৰ সোঁহাতখনেৰে আকৌ খাবলৈ আৰম্ভ কৰিব আৰু তাৰ প্লেটখন ৰক্ষা কৰিবলৈ বাওঁহাতখন মেলি থাকিব।
কেতিয়াবা সিহঁতে কৰ্ক, কাঠৰ টুকুৰা, গছৰ পাত আৰু আনকি লেতেৰা বস্তুও তাৰ খোৱা বস্তুৰ লগতে ৰাখিছিল আৰু সি গম নাপাই সেইবোৰকে চোবাবলৈ ধৰিছিল।
আৰু তাৰ পাছত সিহঁতে আনকি এই নিষ্ঠুৰ ধেমালিবোৰতো আমনি পাবলৈ ধৰিছিল। তাক সদায় খুৱাই-বুৱাই থাকিব লগা হৈছিল কাৰণে খঙতে এদিন ভিনিহীয়েকে তাক মাৰিছিল, তাক গণিব নোৱৰাকৈ থাপৰ আৰু ঘোচা মাৰিছিল, আৰু ঘোচাবোৰৰ পৰা সাৰিবলৈ বা ওলোটাই মাৰিবলৈ কৰা তাৰ বিফল চেষ্টা দেখি ঢেকঢেককৈ হাঁহিছিল। তাৰ পাছত এটা নতুন আনন্দৰ উদ্ভাৱন হৈছিল – তাক চৰ মৰাৰ আনন্দ। হাল বাবলৈ যোৱা মানুহবোৰে, চাকৰণীবোৰে আৰু আনকি ঘূৰি ফুৰা ঘৰ-বাৰী নোহোৱা প্ৰত্যেক মগনীয়ায়ো যেতিয়াই-তেতিয়াই তাক চৰ-থাপৰ মাৰিছিল, আৰু চক খাই তাৰ চকুৰ নোমবোৰ ঘনে ঘনে পাক খাই গৈছিল। সি নিজকে ক’ত লুকুৱাব লাগে জনা নাছিল আৰু যেতিয়াই কোনোবা তাৰ ওচৰ চাপি অহা যেন গম পাইছিল তেতিয়াই তাৰ হাত দুখন মেলি নিজকে সদায় ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
শেষত তাক ভিক্ষা কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
তাক বজাৰৰ দিনবোৰত মুখ্য পথটোত বহুৱাই থোৱা হৈছিল। যেতিয়াই ভৰিৰ খোজ বা গাড়ীৰ চকাৰ শব্দ শুনিছিল, তেতিয়া সি টুপীটো আগুৱাই দিছিল আৰু কষ্টেৰে কৈছিল:
“অনুগ্ৰহ কৰি আপুনি দয়া কৰক!”
কিন্তু চহালোকসকল ধোঁৱা-খুলীয়া নহয়, আৰু এটা সম্পূৰ্ণ সপ্তাহৰ মূৰত সি এক অনাও ঘৰলৈ আনিব পৰা নাছিল।
তাৰপাছত সি তীব্ৰ, সহানুভূতিশূন্য ঘৃণাৰ চিকাৰ হৈছিল। আৰু এনেদৰে তাৰ মৃত্যু হৈছিল:
সেইবাৰ শীতত চাৰিওফালৰ ঠাই বৰফে ঢাকি ধৰিছিল আৰু সকলো ঠাই অতি চেঁচা আৰু কঠিন হৈ পৰিছিল। ভিনিহিয়েকে তাক মুখ্য পথটোৰে বহু দূৰলৈ নি এঠাইত এৰি আহিছিল যাতে সি কিছু হ’লেও ভিক্ষা পাব পাৰে। অন্ধ মানুহটোক তাতে গোটেই দিনটোৰ কাৰণে এৰি থৈ অহা হ’ল; আৰু যেতিয়া ৰাতি হৈ আহিছিল, ভিনিহিয়েকে ঘৰৰ মানুহবোৰক কৈছিল যে তেওঁ ভিক্ষাৰীটোৰ টিকনিডালো বিচাৰি নাপালে। তেওঁ আৰু যোগ দিছিল:
“ধুৰ! তাৰ কথা ভাবি মূৰ নঘমোৱাটোৱেই আটাইতকৈ ভাল। ঠাণ্ডাত সি ঠেৰেঙা লাগিছিল আৰু কোনোবাই তাক লৈ গৈছে। ভয় খোৱাৰ দৰকাৰ নাই! সি হেৰোৱা নাই। সি কাইলৈ অতি সোনকালেই চুপ খাবলৈ আহি ওলাব।”
পিছদিনা সি ঘূৰি অহা নাছিল।
বহু ঘণ্টাৰ অপেক্ষাৰ পাছত, ঠাণ্ডাত ঠৰঙা লাগি অন্ধ মানুহটোৱে অনুভৱ কৰিছিল যে সি মৰিবলৈ ওলাইছে। সি খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। ৰাস্তা ভৰি থকা বৰফৰ ডাঠ তৰপটোৰ বাবে সি কোনফালে যাব লাগে বিচাৰি উলিয়াব পৰা নাছিল, সি লক্ষ্যবিহীনভাৱে ইফালে-সিফালে গৈছিল, কাষৰ খালবোৰত বাৰে বাৰে বাগৰি পৰিছিল, মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ আকৌ থিয় হৈছিল, তাৰ একমাত্ৰ উদ্দেশ্য আছিল ক’ৰবাত এটা ঘৰ বিচাৰি উলিওৱা য’ত সি আশ্ৰয় ল’ব পাৰে।
কিন্তু লাহে লাহে সৰি পৰা বৰফৰ কণিকাবোৰে তাৰ শৰীৰটোলৈ এটা জঠৰতা লৈ আহিছিল আৰু ক্ষীণ, দুৰ্বল অংগবোৰে তাৰ শৰীৰটো আৰু কঢ়িয়াই নিবলৈ অসমৰ্থ হৈ পৰিছিল, সি মুকলি পথাৰ এখনৰ মাজতে বহি পৰিছিল। তাৰ পাছত সি আৰু কেতিয়াও থিয় হোৱা নাছিল।
অবিৰতভাৱে বৰ্ষণ হোৱা বৰফৰ কণিকাবোৰে তাক ঢাকি ধৰিছিল, আৰু তাৰ অতি কঠিন আৰু সেঙেতা শৰীৰটো ক্ৰমে ডাঠ হৈ অহা বৰফৰ তৰপটোৰ তলত অদৃশ্য হৈ পৰিছিল, আৰু সেই ঠাইত সি পৰি থকাৰ সংকেত দিবলৈ তাত একোৱেই ৰৈ যোৱা নাছিল।
আত্মীয়সকলে প্ৰায় এসপ্তাহমান ধৰি তাৰ বিষয়ে আক-তাক সোধা আৰু তাক বিচাৰি থকাৰ ভাওনা এখন কৰিছিল। সিহঁতে আনকি অলপ কন্দা-কটা কৰিও দেখুৱাইছিল।
সেইবাৰৰ শীত বৰ তীব্ৰ আছিল, আৰু বৰফবোৰ সোনকালে গলিবলৈ আৰম্ভ কৰা নাছিল। আৰু তেতিয়া, ৰবিবাৰৰ এদিন, প্ৰাৰ্থনা কৰিবলৈ যোৱা খেতিয়কসকলে কাউৰীৰ এটা ডাঙৰ জাক দেখিছিল। কাউৰীবোৰ পথাৰৰ ওপৰত ঘূৰি আছিল আৰু তলৰ এঠাইলৈ এজাক ক’লা বৰষুণৰ দৰে নামি আহিছিল আৰু সিহঁত এনেদৰেই অহা-যোৱা কৰি আছিল।
তাৰ পিছৰ সপ্তাহটোতো এই বিষাদৰ চৰাইবোৰ তাত আছিল। সিহঁতৰ এটা বৰ ডাঙৰ জাক ওপৰত উৰি আছিল যেন দিগন্তৰ প্ৰত্যেক কোণৰ পৰা সিহঁত আহি তাতে লগ লাগিছিল। সিহঁতে ডাঙৰকৈ কা-কা শব্দ কৰি তলৰ উজ্জ্বল বৰফবোৰলৈ নামি গৈছিল। সিহঁতে সেইবোৰ কিছুমান ক’লা দাগৰ দৰে ঢাকি ধৰিছিল আৰু তাত জোৰে জোৰে কিবা খুঁটিয়াইছিল। ডেকা এজনে সিহঁতে তাতে কি কৰি আছে চাবলৈ গৈছিল আৰু অন্ধ মানুহটোৰ ইতিমধ্যে কাউৰীবোৰে আধা খাই শেষ কৰা, কিম্ভূত-কিমাকাৰ শটো দেখা পাইছিল। তাৰ কোটৰবোৰ শূন্য আছিল; দীঘল, তীক্ষ্ণ, ক্ষুধাতুৰ ঠোঁটবোৰে সেইবোৰ খালি কৰি নিছিল।
আৰু মই ফৰকাল দিনৰ মন জুৰোৱা উজ্জ্বলতাৰ আনন্দ সেই ভিক্ষাৰীজনৰ কথা দুখেৰে মনত নেপেলোৱাকৈ আৰু তাৰ দুৰ্দশাৰ কথা নভবাকৈ কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ, যিজন জীয়াই থাকোঁতে সমাজত ইমানেই খাপ খাব নোৱাৰা জাতৰ আছিল যে তাৰ নিকৰুণ মৃ্ত্যুও তাক জনা সকলোৰে বাবে এটা সন্তুষ্টিৰ কাৰণ আছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments