আমেৰিকাৰ ইটো-সিটো

লেখক- মানসী বৰা

আমেৰিকালৈ প্ৰথম আহিবলৈ লওঁতে ইয়াত ভাত খাবলৈ নাপাম বুলিয়ে ভাবিছিলোঁ।
অসমীয়া জিভাখনৰ বাবে ভাতেই যিহেতু আপোন। সেয়ে ভাত নোখোৱাকৈ কেনেকৈ থাকিম বুলি চাউল দুটামান লগত লৈ অনাৰ কথা ভাবিছিলোঁ। কিন্তু গৃহস্থৰ বন্ধু এজনে ফ্লাইটত চাউল আনিব নোৱাৰিম কথাটো আমাক জনাইছিল। ভাৰতীয় বন্ধু এজনে নজনাৰ দোষত চাউল আনি এবাৰ ৩০০ ডলাৰ (এতিয়া ভাৰতীয় হিচাপত প্ৰায় ২১০০০ টকা) জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। নাই মোমাইতকৈ যিহেতু কণা মোমাই ভাল। সেয়ে ভাত নহ’লেও ৰুটিকে খাম বুলি আমি আটা আৰু তাৰ সৈতে দাইল, চাহপাত, বিস্কুট, মেগী আদি কিছুমান অত্যাৱশ্যকীয়া সামগ্ৰী লগত লৈ আহিছিলোঁ। কাৰণ, সেই সময়ত আমেৰিকাৰ বিষয়ে মোৰ নালাগে গৃহস্থৰো সামান্যতম ধাৰণা নাছিল। কথাটো ভাবিলে এতিয়া বৰ হাঁহি উঠে। কিযে অদৰকাৰী কামবোৰ কৰিছিলোঁ! ইফালে ইয়াত ভাৰতীয় বজাৰ, এচিয়ান বজাৰ গোটেইখন ভৰি আছেঁ। আজিৰ কলম আমেৰিকাৰ বজাৰৰ কথাৰে।
নিজৰ বাৰীত কৰি শাক-পাচলি খোৱাৰ এক সুকীয়া আনন্দ আছে যিটো আনন্দ বজাৰৰ ভেজাল শাক-পাচলি কিনি খোৱাত নাই। ৰাসায়নিক সাৰ বিহীন নিৰ্ভেজাল শাক পাচলি বৰ্তমান খাবলৈ পোৱাটো সৌভাগ্যৰ কথা। তাতে প্ৰৱাসত থাকি সেইকণ সৌভাগ্য পাম বুলি আশা কৰাটোও পৰ্বতত কাছৰ কণী বিচৰাৰ নিচিনা কথা। আপোন ঠাই শিৱসাগৰত বজাৰ কৰাৰ যথেষ্ট অভিজ্ঞতা আছে। শাক-পাচলিয়েই হওক বা মাছ-মাংসই হওক নাইবা গেলামালৰ সামগ্ৰীয়েই হওক, মোনা ভৰাই কিনিছোঁ।
কিন্তু শাক-পাচলি নাইবা গেলামালৰ বস্তুৰ লগতে যে কিমান ধূলি-মাকতি নাইবা লেতেৰা কঢ়িয়াই আনিছোঁ তাৰ হিচাপ নাই।
আমেৰিকাৰ বিভিন্ন সময়ত বজাৰ কৰিব লগা হয়। কিন্তু ইয়াত বজাৰ কৰি যথেষ্ট সুখ অনুভৱ কৰিছোঁ। সকলো দেখাত অতি সতেজ। অৱশ্যে নিৰ্ভেজাল শাক-পাচলি কিনিছোঁ নে নাই নাজানো কিন্তু মই যে পৰিষ্কাৰ শাক-পাচলি কিনিছোঁ তাত কোনো সন্দেহ নাই। অৱশ্যে ইয়াত অৰ্গেনিক পাচলিও সুলভ। কিন্তু তাৰ বিশুদ্ধতা কিমান সেয়া অনুমেয় নহয়। ইয়াৰ বগা বগা আলুবোৰ ধুলে তিলমাত্ৰ ধূলি নেপাওঁ। সেইদৰে মোনাত থকা চাউলবোৰ ধুলেও চাফা পানীয়েই ওলায়। মুকলি ৰেফ্ৰিজাৰেটৰ সজাই থোৱা পৰিষ্কাৰ শাক-পাচলি আৰু ফল-মূলবোৰ দেখিলে কি কিনো কি কিনো লাগি যায়। পিঁয়াজ-নহৰুবোৰো অতি পাৰিষ্কাৰ। মাছ- মাংসবিলাক ভাগে ভাগে পেকিং কৰি থোৱা থাকে। কিছুমান টুকুৰা কৰে আৰু কিছুমান টুকুৰা নকৰাকৈ পেকিং কৰে। মিছামাছ, কেকোঁৰাৰ পৰা আৰম্ভ কৰি বিবিধ সাগৰীয় খাদ্য সম্ভাৰ সহজে দেখাকৈ গ্লাচৰ ৰেফ্ৰিজাৰেটৰত সজাই ৰাখে। বিক্ৰেতা সকলে হাতত প্লাষ্টিকৰ হাতমোজা পৰিধান কৰি থাকে। গাখীৰ ইয়াত গেলন হিচাপত বিক্ৰী কৰে (সৰু বা ডাঙৰ গেলন)। সেইদৰে কণীবোৰ কাগজ বা প্লাষ্টিকৰ বাকচত ডজন হিচাপত বান্ধি থোৱা থাকে। বজাৰত পেকেট কৰি থোৱা বনোৱা ৰুটি পোৱা যায় যদিও আমি পিছে আটাহে কিনি আনো।
আমেৰিকাৰ বিভিন্ন ষ্টেটত এচিয়ান বজাৰৰ লগতে ভাৰতীয় বজাৰো আছে। সেইবোৰ হ’ল-পেটেল ব্ৰাডাৰ্চ, আপনা বাজাৰ, ইণ্ডিয়ান গ্ৰ’চাৰ, এভাৰেষ্ট আদি। ষ্টেট ভেদে বিভিন্ন নামত ভাৰতীয় বজাৰ দেখা যায়। “পেটেল ব্ৰাডাৰ্চ” আমেৰিকাৰ বিখ্যাত ভাৰতীয় চেইন গ্ৰ’চাৰ। ভাৰতীয় বজাৰবোৰত চাউল, দাইল, আটাকে ধৰি শাক-পাচলি আৰু বিবিধ মা-মচলাৰ পৰা পূজাৰ সামগ্ৰীলৈকে প্ৰায় সকলো পোৱা যায়। ভাৰতীয় বজাৰত যেতিয়া ভাৰতীয় মুখবোৰ দেখো নিজৰ দেশত থকা যেন লাগে আৰু তাতেই জাগে বজাৰ কৰাৰ আনন্দ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!