অসমীয়া ভাষা আৰু ইয়াৰ ভৱিষ্যত
লেখক- জয়ন্ত প্ৰীতম
এটা ভাষা হৈছে এটা জাতিৰ ঐতিহ্য বা দাপোণ। আমি অসমীয়া জাতিয়ে অসমীয়া ভাষাটো সৃষ্টি কৰা নাই। ওলোটাই অসমীয়া ভাষাটোৱে অসমীয়া জাতিটোৰ সৃষ্টি কৰিছে। অসমীয়া ভাষাটো নথকালৈকে অসমীয়া বুলি এটা জাতি নাছিল। এটা জাতিৰ মেৰুদণ্ড হৈছে সেই জাতিৰ ভাষা আৰু সংস্কৃতি। যিকোনো এটা ভাষাই এটা জাতিৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাপে কাম কৰে। কিন্তু আধুনিকীকৰণ, বিশ্বায়ন আৰু মুক্ত অৰ্থনৈতিক বজাৰৰ প্ৰভাৱে ক্ষুদ্ৰ আৰু মজলীয়া ভাষাবোৰক লাহে লাহে বিলুপ্তিৰ কৰাল গ্ৰাসলৈ ঠেলি দিছে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ ভাষাই আজিৰ তাৰিখত বিলুপ্তিৰ পথলৈ গতি কৰিছে বুলি ক’ব পাৰি।
কথাটো অলপ কল্পনাপ্ৰসূত যদিও এবাৰ কল্পনা কৰি চাওকচোন। অদূৰ ভৱিষ্যতে এদিন এনেকুৱা সময় আহিছে যিদিনা পৃথিৱীত অসমীয়াত কথা কোৱা আৰু লেখা-পঢ়া কৰা কেৱল এজন ব্যক্তি জীয়াই আছেগৈ। নিজৰ মাতৃভাষাত তেওঁ মনৰ দুআষাৰ কথা পাতিব বিচাৰিছে। কিন্তু পৃথিৱীত আৰু কোনো নাই যাৰ সৈতে তেওঁ অসমীয়াত কথা পাতিব পাৰে। মৃত্যুৰ আগ মুহূৰ্তত তেওঁ কাৰোবাক ক’ব খুজিছে, “মোক অলপ খাবলৈ পানী দিয়া” কিন্তু তেওঁৰ কথা কোনেও বুজি পোৱা নাই। সেই পৰিস্থিতিত তেওঁ কি কৰিব! মই নিশ্চিত যে অসমীয়া কথা কোৱা অন্তিমজন ব্যক্তি হিচাপে তেওঁ নিজৰ মাতৃভাষাটোৰ এনেকুৱা পুতৌজনক অৱস্থা দেখি হয়তো মৰ্মাহত হ’ব আৰু তেওঁৰ পূৰ্বৰ প্ৰজন্মক অৰ্থাৎ আমাক নিশ্চয় জগৰীয়া কৰিব।
কথাটো যদিও কল্পনা প্ৰসূত কিন্তু অবান্তৰ নহয়। কিয়নো বৰ্তমান পৃথিৱীত প্ৰায় ১০০০ তকৈ অধিক এনেকুৱা ভাষা আছে যিবোৰ ভাষা কওঁতা মাত্ৰ এজন জীৱিত ব্যক্তি আছে বা এজনো জীৱিত ব্যক্তি নাই। অৰ্থাৎ এই ভাষাবোৰ বৰ্তমান মৃত। হয়তো সময় থাকোঁতে এই ভাষাবোৰ কোৱা জাতি উপজাতিৰ লোক সকলে তেওঁলোকৰ ভাষাৰ সংৰক্ষণ, প্ৰতিপালন আৰু প্ৰসাৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। ফলত আজি সেই ভাষাবোৰৰ এনেকুৱা অৱস্থা হ’লগৈ।
কথা হ’ল, আমি আজিৰ প্ৰজন্মই নিজৰ মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কিবা গুৰুত্ব আৰোপ কৰিছোঁনে? মোৰ বোধেৰে কৰা নাই। ইয়াৰ বিপৰীতে আমি নজনাকৈয়ে ভাষাটোৰ শ্মশানমুখী যাত্ৰাত কেৱল অৰিহণা যোগাই আছোঁ। আমি আজিৰ শিশুসকলক সাধাৰণ ভাষাত ক’বলৈ হ’লে প্ৰতিযোগিতাত তিষ্ঠি থাকিবৰ বাবে ‘অ’ মানে অমৰা নিশিকাই ‘A’ ফ’ৰ ‘Apple’ শিকাইছোঁ, ‘এইটো কৰা উচিত নহয়’ বা ‘বেয়া কথা’ বুলি নিশিকাই ‘Bad Manner’ বুলি শিকাইছোঁ। সৰুৰে পৰা ভাটৌৰ দৰে ইংৰাজী শব্দ মুখস্থ কৰিবলৈ উৎসাহ যোগাইছোঁ। ইংৰাজী ভাষাত কথা ক’ব পৰাটোক লৈ পিতৃ-মাতৃ হিচাপে গৌৰৱবোধ কৰিছোঁ। মুঠতে আমি নভবাকৈয়ে প্ৰতি মুহূৰ্তত আমি অসমীয়া ভাষাটোক মৃত্যুৰ পিনে ঠেলি দিছোঁ।
আমি যদি ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাওঁ তেন্তে দেখা পাম যে অতীতত এনে কিছুমান ভাষা আছিল যিবোৰ বহুলভাৱে চৰ্চিত আৰু কথিত আছিল। কিন্তু আজি সেই ভাষাত কোনেও কথা নকয়। উদাহৰণ স্বৰূপে ‘লেটিন’ ভাষাটো ল’ব পৰা যায়। লেটিন ভাষাৰ বহুতো কিতাপ বা সমল এতিয়াও অধ্যয়ন কৰা হয়। কিন্তু বৰ্তমান এই ভাষা কওঁতা কোনো নাই। অৰ্থাৎ এই ভাষাটো বৰ্তমান মৃত। এনেকুৱা বহুতো ভাষা আছে যিবোৰ ভাষা সম্পূৰ্ণৰূপে আমাৰ মাজৰ পৰা হেৰাই গ’ল। কেৱল সেই ভাষাৰ নামটোহে ইতিহাসত থাকি গ’ল। নেছ’নেল জিঅ’গ্ৰাফিক চ’চাইটিৰ মতে বৰ্তমান পৃথিৱীৰ ৭০০০ কথিত ভাষাৰ মাজৰ পৰা প্ৰতি দুসপ্তাহৰ ভিতৰত এটা ভাষাৰ মৃত্যু হয়। অৰ্থাৎ মই এই কথাখিনি লিখি থকা সময়ৰ পৰা আপুনি পঢ়ে মানে হয়তো পৃথিৱীৰ পৰা দুটামান ভাষাৰ ইতিমধ্যে মৃত্যু হ’ল।
এতিয়া কথা হ’ল, ভাষাৰ মৃত্যু কেনেকৈ হয় বা ইয়াক মৃত্যু মুখৰ পৰা কেনেকৈ বচাব পৰা যাব। এটা ভাষাৰ মৃত্যু হ’বলৈ প্ৰায় তিনি চাৰিটা প্ৰজন্মৰ প্ৰয়োজন হয়। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভাষা, সংস্কৃতি, ৰীতি-নীতি আদিবোৰ প্ৰচলিত হৈ থাকে। আৰু তেতিয়ালৈকে সেইবোৰ শুদ্ধ ৰূপত প্ৰচলন হৈ থাকিব যেতিয়ালৈকে এইবোৰৰ ওপৰত নৱপ্ৰজন্মৰ বিশ্বাস আৰু আস্থা থাকিব। যদি কেনেবাকৈ এটা বেছি আধিপত্য থকা ভাষা বা সংস্কৃতি সেই প্ৰজন্মৰ মাজত প্ৰৱেশ কৰে তেন্তে লাহে লাহে পুৰণি ভাষা সংস্কৃতিৰ বিলুপ্তি হ’বলৈ ধৰে আৰু এটা সময়ত সেই ভাষা বা সংস্কৃতিৰ মৃত্যু হয়।
ভাষাবীদ সকলে এটা ভাষাৰ মৃত্যু হোৱাৰ কেইটামান পৰ্যায়ৰ কথা উল্লেখ কৰিছে,
এটা ভাষা তেতিয়া বিপদত পৰে যেতিয়া এটা শিশুয়ে নিজৰ মাতৃ ভাষাটো কেৱল ঘৰখনত বা আন সম্পৰ্কীয় ব্যক্তিৰ সৈতেহে ক’বলৈ সুযোগ পায় বা পাতে।
এটা ভাষা তেতিয়া মৃত্যু মুখত পৰে যেতিয়া শিশুয়ে নিজৰ মাতৃ ভাষাত অধ্যয়ন কৰিবলৈ এৰি দিয়ে।
এটা ভাষা মৃত্যু মুখত পৰিছে বুলি সেইদিনাই জানিব পাৰি যেতিয়া সেই ভাষাটোৰ চৰ্চা কেৱল ককা আৰু আইতাৰ সমপৰ্যায়ৰ বয়সৰ মানুহৰ মাজতে সীমিত হৈ থাকে।
এতিয়া মূল কথা হ’ল আমি আমাৰ নিজৰ ভাষাটোক যদি জীয়াই ৰাখিব লাগে তেন্তে আমি প্ৰথমে কৰিবলগীয়া কামটো হ’ল নৱপ্ৰজন্মৰ মাজত আমাৰ ভাষাটোক জনপ্ৰিয় কৰি তোলা। আমি নৱপ্ৰজন্মক উৎসাহিত কৰিব লাগিব ভাষাটো শিকিবলৈ আৰু ক’বলৈ। নিজৰ মাতৃভাষা জনাটো আৰু কোৱাটো যে গৌৰৱৰ বিষয় সেই মনোভাৱ সৰুৰে পৰা শিশুসকলৰ মনত সুমুৱাই দিব লাগিব। তেতিয়া তেওঁলোকে ভাষাটো শিকিব আৰু ক’ব। ইয়াৰ ফলত তেওঁলোকে তেওঁলোকৰ পিছৰ প্ৰজন্মক ভাষাটো আয়ত্ত কৰিবলৈ শিকাব। কিন্তু সেয়া আজিৰ তাৰিখত প্ৰায় অবাস্তৱ যেন বোধ হৈছে। যদি আমাৰ বৰ্তমান প্ৰজন্মই ভাষাটোক গুৰুত্ব সহকাৰে নলওঁ তেন্তে আৰু হয়তো খুব বেছি তিনিটা প্ৰজন্মৰ পিছত আমাৰ ভাষাটো ইতিহাস হৈ যাব। সেয়ে মই বিশ্বাস কৰোঁ যে অসমীয়া ভাষাটো অতি কঠিন সময়ৰ মাজেৰে বৰ্তমান গতি কৰিছে। এফালে ইংৰাজী ভাষাৰ অবাধ প্ৰবেশ। ভূতৰ ওপৰতে দানহ পৰাদি বঙলা আৰু হিন্দী ভাষাৰ সমাবেশ। আমি সকলোৱে সবলভাৱে যদি এই মুহূৰ্তত ভাষাটোৰ হকে ঠিয় নিদিওঁ তেন্তে অসমীয়া ভাষাটোক ইতিহাস হোৱাৰ পৰা কোনেও বচাব নোৱাৰিব।
যদি আমি এনেকুৱা কঠিন সময়ত আমাৰ ভাষাটো ৰক্ষা কৰিব বিচাৰোঁ তেন্তে আমি দক্ষিণ ভাৰতীয়সকলৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব। দক্ষিণ ভাৰতীয়সকলৰ নিজৰ মাতৃ ভাষাৰ প্ৰতি যি প্ৰেম সেয়া জানিবলৈ মই তলত এটা সৰু উদাহৰণ দিওঁ।
সদ্য সমাপ্ত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ এক দিৱসীয়, টি ২০ আৰু টেষ্ট ক্ৰিকেট শৃংখলাৰ খেলসমূহ ষ্টাৰ স্পৰ্ট চেনেলত পাঁচটা ভাষাত সম্প্ৰচাৰ হ’ল। সেই ভাষা কেইটা হ’ল ক্ৰমে ইংৰাজী, হিন্দী, কানাড়া, তামিল আৰু তেলেগু। কথাটো বাহিৰৰ পৰা চালে তেনেই সাধাৰণ যেন লাগে যদিও বিশেষ চিন্তা কৰিবলগীয়া। কানাড়া, তামিল আৰু তেলেগু ভাষী লোকসকলে নিজৰ ভাষাটোক ইমান বেছি ভাল পায় আৰু গুৰুত্ব দিয়ে যে ৰাষ্ট্ৰীয় চেনেল সমূহে কানাড়া তামিল আৰু তেলেগু ভাষাত নিজৰ অনুষ্ঠান সমূহৰ সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈ পৰে। দক্ষিণৰ মানুহখিনিয়ে আন আন ভাষাতকৈ নিজৰ ভাষাটোক বেছি প্ৰাধান্য দিয়ে। তেওঁলোকে হিন্দী বা ইংৰাজী জানিলেও নজনাৰ ভাও ধৰে। ফলত বাহিৰৰ মানুহে তেওঁলোকৰ ভাষাটো শিকিবলৈ বাধ্য হৈ পৰে। ইয়াৰ ফলস্বৰূপে কানাড়া, তামিল আৰু তেলেগু লাহে লাহে অধিক জনপ্ৰিয় হবলৈ ধৰিছে। দক্ষিণত হিন্দী বা ইংৰাজী চিনেমাতকৈ স্থানীয় ভাষাৰ ছবিবোৰ অধিক জনপ্ৰিয়। সেয়ে হয়তো আজিৰ তাৰিখত বলিউডৰ সমানে সমানে তেওঁলোকে ফেৰ মাৰিবলৈ সক্ষম হৈছে।
এটা ভাষাক জীয়াই ৰাখিবলৈ হ’লে সেই ভাষাৰ লোকসকলে নিজৰ ভাষাটোক লৈ গৌৰৱ কৰিবলৈ
শিকিব লাগিব। ৰাজ্যখনৰ সকলোধৰণৰ শিক্ষা ব্যৱস্থাত, কাৰ্যালয়ত, ব্যৱসায়-বাণিজ্যত, প্ৰচাৰ মাধ্যমত আমি নিজৰ ভাষাটোক অগ্ৰাধিকাৰ দিব লাগিব। আমি ইংৰাজী বা হিন্দী ভাষা জনাটো আজিৰ সময়ত প্ৰয়োজন যদিও তাৰ অৰ্থ এইটো হ’ব নালাগে যে নিজৰ সৰ্বস্ব ত্যাগ কৰি নিজৰ ভাষাটোক মৃত্যু মুখলৈ ঠেলি দিম। আমাৰ প্ৰথম পৰিচয় হ’ল অসমীয়া আৰু অসমীয়া ভাষাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাটোৱেই এজন অসমীয়াৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। অন্যথা সেই দিন দূৰ নাই যিদিনা অসমীয়া জাতি আৰু অসমীয়া ভাষাটো কেৱল ইতিহাসৰ পৃষ্ঠাতে সীমিত হৈ থাকিব।
এই সংখ্যাটোৰ আঁৰত-
বৰ্ণাশুদ্ধি নিবাৰণ: অভিজিত দত্ত, কলচুম বিবি, মৌচুমী বৰি, উজ্জ্বল দিপ্লু গগৈ আৰু উৎপলা কৌৰ
ছবি: ডা° হিতেশ্বৰ শৰ্মা আৰু ড° মনোজ মন কলিতা
কাৰিকৰী পৰিচালনা: অংশুমান হাজৰিকা, ড° মনোজ মন কলিতা আৰু মৃদুল কুমাৰ শৰ্মা
সাক্ষাৎকাৰ দুটা ইউটিউবত আপলোড কৰিছে ড° মনোজ মন কলিতাই৷
সাহিত্য ডট অৰ্গত ‘অসমীয়া ভাষা আৰু ইয়াৰ ভবিষ্যৎ’ শিৰোনামৰ সম্পাদকীয়টো পৰিলো.খুৱ ভাল লাগিল| আজি অনলাইন আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ লগত নিজা মাতৃভাষা ‘ বিষ্ণুপ্ৰিয়া মণিপুৰি ‘ বাবেও চিন্তা আহি গল| ধন্যবাদ এই ডিগল আৰু মূল্যবান সম্পাদকীয়ৰ বাবে.
শিবেন্দ্ৰ সিংহ,
সাধাৰণ সম্পাদক,
নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰি সাহিত্য পৰিষদ, অসম.
শিলচৰ-৫. ২৩জুলাই,২০২১.