দা ৰেভেনেণ্ট: এক পৰ্যালোচনা

লেখক- বিকাশ দত্ত

২০১৫ চনত মুক্তিপ্ৰাপ্ত অস্কাৰ বিজয়ী ছবি The Revenant ৰ পৰিচালক আলেহান্দ্ৰ গঞ্জালেছ ইনেৰিটুৱে ২০১৬ চনৰ অস্কাৰত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। উক্ত ছবিখনৰ জৰিয়তে ছবিজগতত তেওঁ বিভিন্নধৰণৰ নতুনত্ব আনিছিল। The Revenant ৰ নিৰ্মাণশৈলী আছিল খুবেই সুন্দৰ কিন্তু কঠিনতকৈও কঠিন। প্ৰাকৃতিক পৰিৱেশৰ মাজত দুৰ্গম বৰফাবৃত অঞ্চল, বিভিন্ন নিৰ্মাণমূলক ঘাত-প্ৰতিঘাত আৰু কিদৰে মানুহ প্ৰকৃতিৰ দাস, সেই সম্পৰ্কে তেওঁ বিভিন্ন সাক্ষাৎকাৰত কৈছে। তদুপৰি উক্ত ছবিৰ বাবে অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বঁ‌টা লাভ কৰা লিঅ’নাৰ্ডো ডিকেপ্ৰিয়ই ১৮ শতিকাৰ এগৰাকী চিকাৰী হিউ গ্লাছৰ চৰিত্ৰটো ফুটাই তুলিবৰ বাবে এবাৰ ছবিখনৰ এটা দৃশ্যত কেঁচা মাংসও ভক্ষণ কৰিছিল।

পৰিচালক আলেহান্দ্ৰই 20th Century Fox ৰ এখন ডকুমেণ্টেৰী “The Revenant, A World Unseen” ত এটা খুব ৰোমাঞ্চকৰ অথচ আৱেগিক কাহিনীৰ বিষয়ে জনাইছিল। ছবিখনত বহুকেইজন ৰেড ইণ্ডিয়ান অৰ্থাৎ আমেৰিকাৰ স্থানীয় নিৱাসীকো অভিনয় কৰোৱা হৈছিল। তাৰে বহুকেইজন আপোনাৰ মোৰ দৰেই সাধাৰণ জীৱিকা নিৰ্বাহ কৰা একো একোজন নাগৰিক। কিন্তু চৰিত্ৰৰ লগত সংগতি ৰাখি তেওঁ বহুকেইজন ইণ্ডিয়ানৰ অডিছন লৈছিল। ইয়াৰ ভিতৰতেই এজন আছিল যাৰ নাম আছিল ষ্টাৰলাইট। ষ্টাৰলাইটক যেতিয়া তেওঁ বিভিন্ন কথা সুধিছিল তেতিয়া তেওঁ অৱগত হ’ল যে, ষ্টাৰলাইট এগৰাকী চিকাৰী। বিশেষকৈ মাছুৱৈ। কিন্তু তেওঁ নিজৰ পেছা সলনি কৰে আৰু এগৰাকী চিকাৰী হোৱাৰ পিছতো তেওঁ মাছ মৰা সম্পূৰ্ণৰূপে ত্যাগ কৰে। এই সন্দৰ্ভত আলেহান্দ্ৰই যেতিয়া সোধে, তেতিয়া ষ্টাৰলাইটে কয় যে,
“মই প্ৰকৃতিৰ সৈতে এক চুক্তি কৰি লৈছো। প্ৰায় তিনিবছৰ পূৰ্বে মোৰ এগৰাকী ষোড়শ পুত্ৰ নিজৰ কেইজনমান বন্ধুৰ সৈতে জংঘলৰ মাজলৈ গুছি যায়। ফুৰিবলৈ যোৱা বুলি কৈ যদিও বহুদেৰি তেওঁলোক ঘূৰি নাহে। তেতিয়া আমি সকলোৱেই ভয় খাই আছিলো মোৰ পুত্ৰ আৰু এই পৃথিৱীত নাই। কিন্তু সেইয়া গ্ৰহণ কৰিবলৈ পৰা নাছিলো। দুদিনৰ পিছতো যেতিয়া মোৰ পুত্ৰ ঘূৰি নাহিল, তেতিয়া পিছৰ নিশা মই জংঘলৰ মাজলৈ গুচি গ’লোঁ আৰু আঁঠু লৈ প্ৰাৰ্থনা কৰিলোঁ, প্ৰকৃতিক সেৱা কৰি জনালোঁ আৰু ক’লোঁ, যদিহে মোৰ পুত্ৰক তুমি ঘূৰাই দিয়া তেন্তে মই আৰু কেতিয়াও চিকাৰ নকৰোঁ, মাছ নামাৰোঁ। দ্বিতীয়দিনা ৰাতিপুৱাই মোৰ পুত্ৰ ঘূৰি আহিল। সেইবাবেই মই চিকাৰ কৰা এৰি দিলোঁ। যদিও সেয়া মোৰ জীৱিকা আছিল তথাপি মই ত্যাগ কৰিলোঁ৷”

উক্ত কথাখিনি শুনি আলেহান্দ্ৰ ইমানেই অভিভূত হৈ পৰিল যে তেখেতে The Revenant ৰ নিৰ্মাণক কেৱল প্ৰকৃতি আৰু মানুহৰ মাজত যি এক সম্পৰ্ক আছে সেইটোকে মূল বিষয়বস্তু হিচাপে ল’লে, আৰু সেইয়া ছবিখনৰ জৰিয়তে তেওঁ খুব সুন্দৰকৈ ফুটাই তুলিছে।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!