ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

যোশেফ ব্ৰডস্কিৰ এটা প্ৰেমৰ কবিতা

লেখক- যশোৱন্ত নিপুণ

যোশেফ ব্ৰডস্কি (১৯৪০ – ১৯৯৬ ) এজন ৰুছ-আমেৰিকান কবি আৰু প্ৰবন্ধ লেখক। তেওঁ ১৯৮৭ চনত “চিন্তাৰ স্পষ্টতা আৰু কাব্যিক তীব্ৰতাৰে পূৰ্ণ সৃষ্টিৰ বিশালতা”ৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
যোশেফ ব্ৰডস্কিয়ে ৰাছিয়াৰ বিখ্যাত কবি আন্না আখমাটোভাক লগ পাইছিল তেওঁৰ সৃষ্টিশীল জীৱনৰ দোকমোকালিতেই। আখমাটোভাই ব্ৰডস্কিৰ অসামান্য কাব্যিক প্ৰতিভা সহজেই চিনিব পাৰিছিল আৰু তেওঁৰ কাম কৰি যাবলৈ উৎসাহিত কৰিছিল। ব্ৰডস্কিয়ে তেওঁৰ জৰিয়তেই মাৰিনা বাসমানোভা নামৰ এজন চিত্ৰশিল্পীক লগ পায়। ব্ৰডস্কি মাৰিনাৰ প্ৰেমত পৰিছিল। কিন্তু তেওঁলোকৰ সম্বন্ধ বেছি দিনলৈ নাথাকিল। তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিছিল। কিন্তু তেওঁলোক কেতিয়াও বিবাহ-পাশত আবদ্ধ নহ’ল। যোশেফ ব্ৰডস্কিৰ আৰ্থিক অৱস্থা ভাল নাছিল। তেওঁৰ থাকিবলৈ এটা ভাল ঘৰেই নাছিল। এইবোৰ কাৰণতেই বোধহয় প্ৰথমৰ পৰাই মাৰিনাই তেওঁৰ লগত একেলগে জীৱন কটাবলৈ বিচৰা নাছিল। পাছত মাৰিনাৰ জীৱনলৈ ব্ৰডস্কিৰেই এজন অন্তৰংগ বন্ধু, ডিমিত্ৰি ববিশেভৰ আগমন ঘটিছিল আৰু তেওঁ ব্ৰডস্কিৰ জীৱনৰ পৰা একেবাৰেই আঁতৰি গৈছিল। ব্ৰডস্কি ৰুছ চৰকাৰ ৰোষতো পৰিছিল আৰু এই ক্ষেত্ৰতো তেওঁৰ বন্ধু ববিশেভক ব্ৰডস্কিৰ বিপক্ষে চৰকাৰী মহলত লগোৱা বুলি বহুতেই বিশ্বাস কৰিছিল। চৰকাৰী কৰ্তৃপক্ষই মাৰিনাক যোশেফ ব্ৰডস্কিক বিয়া নকৰাবলৈকো সাৱধান কৰি থৈছিল। পাছত ব্ৰডস্কিক ৰাছিয়া এৰি চিৰদিনলৈ গুচি যাবলৈ এক প্ৰকাৰে বাধ্য কৰা হৈছিল।
ৰুছ ভাষাৰ কিছুমান আটাইতকৈ সুন্দৰ প্ৰেমৰ কবিতা ব্ৰডস্কিয়ে ৰচনা কৰিছিল বুলি কোৱা হয়। সেই কবিতাবোৰ তেওঁ মাৰিনা বাসমানোভাৰ প্ৰতি উৎসৰ্গিত কৰিছিল। যদিও তেওঁৰ ভালপোৱা এক ব্যৰ্থতাৰ ইতিহাস আছিল, তেওঁলোকৰ মাজৰ সম্পৰ্ক শেষ হৈ যোৱাৰ পাছতো তেওঁ মাৰিনাৰ প্ৰতি কবিতা লিখিছিল প্ৰায় দুই দশকযুৰি। শেহলৈ বোধহয় সেই ভালপোৱাৰ তীব্ৰতা কমিছিল আৰু ১৯৮৯ চনত তেওঁ মাৰিণালৈ শেষ কবিতাটো লিখিছিল। সেই কবিতাটোৰ এটা পংক্তি —
“তোমাৰ কণ্ঠ, তোমাৰ শৰীৰ, তোমাৰ নাম
মোৰ কাৰণে এতিয়া অৰ্থহীন। কোনেও সেয়া ধ্বংস কৰা নাছিল।
এয়া মাত্ৰ এনেকুৱা যে, এটি জীৱন পাহৰি যাবলৈ, এজন ব্যক্তিয়ে কমেও
অন্য এটি জীৱন যাপন কৰিবই লাগে। আৰু মই সেই অধ্যায়টো সম্পন্ন কৰিলোঁ।”

ব্ৰডস্কিয়ে মাৰিণাক শেষবাৰলৈ দেখিছিল ১৯৭২ চনত। সেই বছৰতেই তেওঁ চিৰদিনৰ বাবে ছোভিয়েট ৰাছিয়া এৰি গুচি গৈছিল। পাছলৈ তেওঁ আমেৰিকাৰ নাগৰিকত্ব লৈছিল।
নিউয়ৰ্কৰ বাসগৃহত এদিন দুজন বন্ধুৰ লগত তেওঁ কথা পাতি আছিল। প্ৰসংগক্ৰমে এজনী মহিলাৰ কথা ওলাল। সেই মহিলাগৰাকীয়ে ব্ৰডস্কিৰ প্ৰেমত হাবু-ডুবু খাইছিল। এদিন তেওঁ ব্ৰডস্কিৰ ঘৰত আহি ওলাই ঘোষণা কৰিলে, “যোশেফ, যি কৰা কৰা। কিন্তু মই তোমাক এৰি বাচি থাকিব নোৱাৰোঁ।” কিংকৰ্তব্যবিমূঢ় হৈ ব্ৰডস্কিয়ে তেওঁৰ বন্ধু এজনক ফোন কৰিলে (সেই বন্ধুজন তেওঁ কথা পাতি থকা দুজনৰ এক আছিল)। সেই বন্ধুজনে আকৌ মহিলাগৰাকীৰ গিৰিয়েকক জানিছিল আৰু তেওঁক ফোন কৰি আনি, বুজাই-বঢ়াই মহিলাগৰাকীক গিৰিয়েকৰ লগত ঘূৰাই পঠাইছিল। কথাৰ মাজতে হঠাতে ব্ৰডস্কিয়ে কৈছিল, “এইটো বৰ হাস্যকৰ। কিন্তু মই এতিয়াও মাৰিনাৰে অসুস্থ। এইটো এটা বৰ পুৰণি সমস্যা।” তাৰ পাছত তেওঁ এটা গভীৰ বিষাদ আৰু ভালপোৱাৰ কবিতা পঢ়ি শুনাইছিল, যিটো শুনি দু্য়োজন বন্ধুৱে তেওঁলোকৰ চকুলোক বাধা দিবলৈ সক্ষম হোৱা নাছিল।
এই কবিতাটোত কোৱা হৈছিল: কেনেদৰে তেওঁ প্ৰথমে তুচ্ছ, অস্তিত্ববিহীন ধূলিকণাৰ দৰে আছিল আৰু কেনেদৰে মাৰিনাই প্ৰথমে তেওঁক ভালকৈ লক্ষ্যই কৰা নাছিল; কিন্তু পাছলৈ লাহে লাহে কেনেকৈ ওচৰ চাপি আহি স্পষ্ট হৈছিল তেওঁৰ সত্তা। আৰু মাৰিণাৰ স্পৰ্শ, কণ্ঠ আৰু উত্তপ্ত নিশ্বাসেৰে তেওঁ এখন পৃথিৱী হৈ পৰিছিল। তেওঁ দস্তুৰমত অন্ধ আছিল, আৰু মাৰিণাই তেওঁৰ চকুলৈ পোহৰ লৈ আহিছিল। আৰু এই সৃষ্টিৰ পাছত হঠাতে এদিন সেই পৃথিৱীখনক মহাশূন্যৰ চাকনৈয়াত অকলশৰীয়াকৈ এৰি থৈ যোৱা হ’ল লক্ষ্যহীনভাৱে আৱৰ্তন কৰিবলৈ। সেই পৃথিৱীখন পৰিধিবিহীন, কিন্তু শূন্যতাৰ আছিল।
ক’ৰবাত পঢ়িছিলোঁ, ইংৰাজী অনুবাদটি (https: //www.nobelprize.org/…/liter…/1987/brodsky/poetry/) মূল ৰুছ কবিতাটিৰ তুলনাত বহু নিষ্প্ৰভ। কিন্তু ইংৰাজী অনুবাদটিও খুবেই ভাল লাগে আমাৰ। অসমীয়ালৈ হুবহু অনুবাদ কৰিব নোৱাৰিলোঁ আৰু ইংৰাজী অনুবাদটিৰ সৌন্দৰ্য্যও ধৰি ৰাখিব নোৱাৰিলোঁ। তথাপি সকলোলৈকে আগবঢ়ালোঁ।

সপ্ত স্তৱক
—————
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তুমি
তোমাৰ হাতৰ তলুৱাৰে স্পৰ্শ কৰিছিলা, যালৈ তোমাৰ
হেলনীয়া ভ্ৰু কুঞ্চিত হৈছিল
সন্ধিয়াৰ ঘন শ্যামল নিস্তব্ধতাত।
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তোমাৰ দৃষ্টিয়ে
চিনিব পাৰিছিল সেই এন্ধাৰৰ গভীৰত:
প্ৰথমতে এক অস্পষ্ট অৱয়ব,
আৰু ক্ৰমশঃ — অংগ-প্ৰত্যংগ, এখন মুখ।
সেয়া তুমিয়েই আছিলা, মোৰ সোঁফালে,
মোৰ বাওঁফালে, তোমাৰ উত্তপ্ত
নিশ্বাসেৰে, মোৰ কাষত অনুচ্চ কণ্ঠেৰে সুহুৰিয়াই
যিয়ে নিৰ্মাণ কৰিছিল মোৰ শ্ৰৱণ।
সেয়া তুমিয়েই আছিলা সেই শ্যামল
খিৰিকিৰ পৰ্দাৰ কম্পিত সুদৃশ্য ফুলৰ সান্নিধ্যত,
যিয়ে মোৰ চেতনাহীন গহ্বৰত স্থাপন কৰিছিল
তোমাক চিঞৰি আহ্বান কৰা এক কণ্ঠ।
মই প্ৰকৃততেই অন্ধ আছিলোঁ।
তুমি দৃশ্যমান, আৰু অদৃশ্য হৈ,
মোৰ চকুলৈ আনিছিলা এক জ্যোতি আৰু
তীব্ৰতৰ কৰিছিলা তাক। এনেকৈয়ে কিছুমানে এৰি থৈ যায়,
এটি তৰংগ। এনেকৈ সিহঁতে নিৰ্মাণ কৰে পৃথিৱীৰ।
আৰু তাৰ পাছত, সূচনাবিহীনভাবে
বেহিচাপেৰে ত্যাগ কৰে
সিহঁতৰ সৃষ্টি সেই প্ৰলয়ৰ গৰ্ভত।
আৰু এনেকৈয়ে, পোহৰ,
উত্তাপ, শীতলতা, বা অন্ধকাৰৰ তীব্ৰ গতিৰ চিকাৰ,
মহাশূন্যত এক পৰিধিবিহীন গোলক
ঘূৰ্ণীয়মান আৰু ঘূৰ্ণীয়মান।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!