ধোঁৱা- মূল উৰ্দু লেখক: গুলজাৰ
লেখক- অনুবাদ: ৰঞ্জনা দত্ত
লেখক পৰিচয়: : গুলজাৰ ( সম্পূৰণ সিং কালৰা ) ভাৰতবৰ্ষৰ এজন খ্যাতনামা কবি, লেখক, গীতিকাৰ আৰু বোলছবিৰ নিৰ্দেশক। ২০০৪ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে বিভূষিত কৰা হয়। ইয়াৰোপৰি উৰ্দু ভাষাত সাহিত্য একাডেমি পুৰস্কাৰ আৰু দাদা চাহেব ফাল্কে পুৰস্কাৰৰ দ্বাৰাও তেওঁক সন্মানিত কৰা হৈছিল। ২০১৯ চনলৈকে তেওঁ সৰ্বমুঠ ৩৬টা পুৰস্কাৰ আৰু সন্মান লাভ কৰে। ইয়াৰ ভিতৰত ৫টা ৰাষ্ট্ৰীয় বঁটা, ২১টা ফিল্ম ফেয়াৰ বঁটা, সৰ্বশ্ৰেষ্ঠ গীতৰ বাবে একাডেমি এৱাৰ্ড, উৰ্দু ভাষাৰ বাবে সাহিত্য একাডেমি বঁটা, পদ্মভূষণ, আৰু দাদা চাহেব ফাল্কে পুৰস্কাৰ। ‘ ধোঁৱা ‘ গল্পটো তেখেতৰ উৰ্দু ভাষাৰ সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত চুটিগল্প সংকলন একেনামৰে কিতাপ “ধুঁৱা” ত সন্নিৱিষ্ট আছে।
কথাবোৰত লাহে লাহে জুই লাগিছিল কিন্তু অতি সোনকালেই ইয়াৰ ধোঁৱাই চুবুৰীটো ভৰাই পেলালে। চৌধুৰীৰ ৰাতিপুৱা চাৰি বজাত মৃত্যু হ’ল। সাতটা বজালৈকে চৌধুৰীয়নীয়ে কন্দা-কটা কৰি সামৰি নিজকে চম্ভালি ললে আৰু সকলোতকৈ আগেয়ে মুল্লা খেৰুদ্দিনক মাতি পঠিয়ালে। কামকৰা মানুহটোক কাকো একো নকবলৈ কাঢ়া নিৰ্দেশ দিলে। কামকৰা মানুহটোৱে যেতিয়া মুল্লাক আগফালৰ চোতালত থৈ গুছি গ’ল চৌধুৰীয়নীয়ে মুল্লাক ওপৰৰ শোৱাকোঠালৈ মাতি নিলে য’ত চৌধুৰীৰ শৱদেহটো বিছনাৰ পৰা নমাই মাটিত থৈ দিছিল। দুখন বগা চাদৰেৰে মেৰাই ঢাকি থোৱা কিঞ্চিত হালধীয়া হৈ পৰা তেওঁৰ শান্ত মুখখনত বগা মোটা চেলাউৰি, বগা দাড়ি আৰু বগা চুলি। চৌধুৰীৰ মুখখনৰ পৰা এটা স্বৰ্গীয় আভা বিয়পি পৰিছিল। মুল্লাই তেওঁক দেখাৰ লগে লগে ‘ইন্না লিল্লাহি ৱা ইন্না ল্লাহি এ ৰাজিউন’ বুলি আওৰালে আৰু সমবেদনাৰ কিছু কথা ক’লে। তেওঁ ভালদৰে বহিবলৈ নাপাওঁতেই চৌধুৰীয়নীয়ে এটা আলমাৰিৰ পৰা এখন ইচ্ছাপত্ৰ উলিয়ালে আৰু তেওঁক পঢ়িবলৈ ক’লে। চৌধুৰীৰ শেষ ইচ্ছা এইটোৱে যে তেওঁক কবৰ দিয়াৰ সলনিৰ চিতাৰ ওপৰত ৰাখি জ্বলাব লাগে আৰু চিতা ভষ্ম বোৰ গাঁৱৰ নদী খনত উটুৱাই দিব লাগে যিখন নদীৰ পানীয়ে তেওঁৰ খেতিপথাৰখনলৈ যায়। মুল্লাই ইচ্ছাপত্ৰখন পঢ়ি বহুত সময় নীৰৱ হৈ থাকিল। চৌধুৰীয়ে ধৰ্মৰ নামত গাওঁখনত অনেক ভাল কাম কৰিছিল। তেওঁ হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ বাবে একে ধৰণেই দান-দক্ষিণা কৰিছিল। তেওঁ গাঁৱৰ অস্থায়ী মছজিদটোৰ ঠাইত ইটা আৰু চিমেণ্টেৰে এটা নতুন মছজিদ সাজি দিছিল। ইয়াৰ বাহিৰেও তেওঁ হিন্দু সকলৰ শ্মশানত চিমেণ্টেৰে এখন স্থায়ী চিতাৰ বেদী বনাই দিছিল। যদিও তেওঁ যোৱা কেইবছৰ ধৰি অসুস্থ হৈ বিছনাতে থাকিব লগীয়া হৈছিল, তেওঁ প্ৰত্যেক ৰমজানত দুখীয়া নিছলা মানুহবোৰৰ বাবে তেওঁৰ খৰচত ইফতাৰীৰ যোগান ধৰিছিল। এলেকাটোৰ মুছলমান সকল তেওঁৰ খুব ভক্ত আছিল আৰু তেওঁৰ ওপৰত অসম্ভৱ বিশ্বাস আছিল। এতিয়া ইচ্ছাপত্ৰ খনৰ কথাখিনি পঢ়ি মুল্লা কিছু চিন্তাত পৰিল। যদি এইটো লৈ কিছু গণ্ডগোল হয়? সদায় হোৱাৰ দৰেই দেশৰ অৱস্থা ভাল নহয়: হিন্দুবোৰ আৰু বেছি হিন্দু হৈ গৈছে আৰু মুছলমান বোৰ আৰু বেছি মুছলমান হৈ পৰিছে! চৌধুৰীয়নীয়ে ক’লে, “ মই কোনো ধৰ্মীয় অনুষ্ঠান হোৱাটো নিবিছাৰোঁ। মই মাত্ৰ বিচাৰিছো যে হিন্দুৰ শ্মশান স্থলীত তেওঁক জ্বলাবলৈ যেন সকলো ব্যৱস্থা কৰা হয়। মই পণ্ডিত ৰাম চন্দৰকো ক’ব পাৰিলোহেতেঁন কিন্তু কথাবোৰে বেয়াৰ ফালে গতি লোৱাটো মই বিচৰা নাই। “ কিন্ত কথাবোৰ বেয়াৰ ফাললৈ ঢাল খালে যেতিয়া মুল্লা খাইৰুদ্দিনে পণ্ডিত ৰাম চন্দৰক মাতি পঠিয়ালে আৰু তেওঁক উপদেশ দিলে “ তুমি চৌধুৰীক তোমালোকৰ শ্মশানত জ্বলাবলৈ অনুমতি নিদিবা কাৰণ এই অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ লোক সকলে হুলস্থূল লগাব পাৰে। চৌধুৰীতো এজন সাধাৰণ মানুহ নহয়, বহুত মানুহৰ তেওঁৰ বেলেগ বেলগ ধৰণৰ সুসম্বন্ধ আছিল।” পণ্ডিত ৰামচন্দৰে তেওঁক ভৰষা দিলে যে তেওঁ নিজৰ এলেকাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হবলৈ নিদিয়ে। তেওঁ কথাবোৰ তেওঁৰ চিনাকি কেইজনমান বিশেষ ব্যক্তিক বুজাই দিব। কিন্তু কথাৰ ফিৰিঙতিয়ে লাহে লাহে কথাবোৰত জুই লগাবলৈ আৰম্ভ কৰিছিল। “ এইটো কেৱল চৌধুৰী বা চৌধুৰীয়নীৰ কথা নহয়; এইটো ভাবনা আৰু বিশ্বাসৰ কথা। ই গোটেই সম্প্ৰদায়টোৰ আৰু এইয়া ধৰ্মৰ কথা। চৌধুৰীয়নীয়ে কি সাহসত কব পাৰিলে যে তেওঁৰ গিৰিহঁতক দফনৰ ঠাইত চিতাত জ্বলোৱাৰ কথা? তেওঁ কি ইছলামৰ মূল কথাবোৰো নাজানে নেকি?” কেইজনমান লোকে চৌধুৰীয়নীক নিজে গৈ লগ ধৰাৰ প্ৰস্তাৱ দিলে। তেওঁ বহুত ধৈৰ্য্য সহকাৰে তেওঁলোকৰ কথা শুনি চৌধুৰীয়নীয়ে ক’লে “ ভাইসকল, এইটো তেওঁৰ শেষ ইচ্ছা আছিল। এই শৰীৰটো ধূলিৰ বাদেটো আন একো নহয়, এতিয়া কবৰ দিয়া বা জ্বলাই দিয়া, একেই কথা। যদি জ্বলাই দিলে তেওঁৰ আত্মাটোৱে শান্তি পায় আপোনালোকে সেইটোত আপত্তি কৰিছে কিয়?” এজন মানুহ উত্তেজিত হৈ উঠিল। তেওঁ সুধিলে: “ তেওঁক জ্বলাই দিলে আপুনি শান্তি পাবনে?” “ হয়” চৌধুৰীয়নীয়ে সংক্ষেপতে উত্তৰ দিলে “ তেওঁৰ শেষ ইচ্ছামতে হ’লে মই ভাল পাম।” দিনটো আগবঢ়াৰ লগে লগে চৌধুৰীয়নীৰ চিন্তা বাঢ়িবলৈ ধৰিলে। তেওঁ যিটো কাম কোনো জঁট নলগাকৈ সুন্দৰ ভাবে কৰিব বিচাৰিছিল সেইটোৱেই পলম হৈ আৰু পেঁচলগা হৈ পৰিছিল। চৌধুৰীৰ শেষ ইচ্ছাৰ আঁৰত কোনো জটিল, গোপন কথা বা অভিসন্ধি নাছিল। নাছিল কোনো দৰ্শন বা কোনো বিশেষ ধৰ্মীয় বিশ্বাস। এইটো মানুহ জনৰ এটা সাধাৰণ ইচ্ছা আছিল যে মৃত্যুৰ পাছত তেওঁৰ কোনো অস্তিত্ব নাথাকে। “যেতিয়ালৈকে আছো আছোঁ, যেতিয়া নাই ক’তোৱেই নাই।” বহুত আগেয়ে পত্নীৰ লগত এই কথা পাতিছিল, কিন্তু জীয়াই থাকোঁতে কোনেনো এইবোৰ কথাত গুৰুত্ব দিয়ে! এতিয়া সেই কাম আৰু তেওঁৰ ইচ্ছা ৰাখিব পৰাটো চৌধুৰীয়নীৰ তেওঁৰ প্ৰতি থকা ভালপোৱা আৰু ভৰষাৰ প্ৰমাণ। এইটো এনেকুৱা কথাটো নহয় যে মানুহজন চকুৰ পৰা আঁতৰ হোৱা লগে লগে তেওঁক দিয়া সকলো কথাও পাহৰি যাব! চৌধুৰীয়নীয়ে পণ্ডিত ৰাম চন্দ্ৰৰক মাতি আনিবৰ বাবে বীৰুক পঠালে কিন্তু পণ্ডিতক বিচাৰি পোৱা নগ’ল। তেওঁৰ সহায়কাৰী জনে ক’লে – “ আৰে ভাই আমি জ্বলোৱাৰ আগতে মন্ত্ৰ পঢ়ি চৌধুৰীক ফোঁট এটা লগাবই লাগিব।” “ চোৱা, যিজন মৰি গ’ল তেওঁৰ ধৰ্ম কেনেকৈ সলনি হ’ব?” “ তুমি মোৰ লগত বেচি তৰ্ক কৰি লাভ নাই। এনেকুৱা কেতিয়াও হোৱা নাই যে গীতাৰ শ্লোক নপঢ়াকৈ আমি কৰোবাৰ মুখাগ্নি কৰিছোঁ। এইখিনি কাম নকৰিলে তেওঁৰ আত্মাই আমাৰ সকলোকে দিগদাৰ দিব, তোমাকো মোকো। চৌধুৰী চাহাবে আমাৰ সকলোৰে বহুত উপকাৰ কৰি থৈছে, আমি তেওঁৰ আত্মাৰ লগত এনেকুৱা হবলৈ দিব নোৱাৰোঁ।” বীৰু ঘূৰি আহিল। বীৰুৱে যেতিয়া পণ্ডিতৰ ঘৰৰ পৰা ওলাই আহিলে পন্নাই তেওঁক দেখিলে। পন্নাই গৈ মছজিদত খবৰ দিলেগৈ। যিকুৰা জুই লাহে লাহে ঠাণ্ডা হবলৈ আৰম্ভ কৰিছিল আকৌ জ্বলি উঠিল। চাৰি পাঁচজন জ্ঞানী বয়সিয়াল মুছলমান লোকে নিজৰ কঠোৰ নিৰ্ণয় শুনাই দিলে। তেওঁলোক চৌধুৰীৰ ওচৰত সঁচাকৈ বহুত ঋণী; তেওঁৰ আত্মাটোৱে মুক্তি নাপালে তেওঁলোক কোনেও শান্তি নেপায়। তেওঁলোকে মছজিদৰ পিছফালে থকা কবৰস্থানত এটা কবৰৰ বাবে মাটি খান্দিবলৈ আদেশ দিলে। সন্ধ্যা লগাৰ লগে লগে, কেইজনমান মানুহ তেওঁৰ হাৱেলিত গৈ গোট খালেগৈ। তেওঁলোকে ঠিক কৰিলে যে চৌধুৰীয়নীক ডাবি ধমকি দি ভয় খুৱাই চৌধুৰীৰ ইচ্ছাপত্ৰখন তেওঁৰ পৰা লৈ জ্বলাই দিব; ইচ্ছাপত্ৰখনৰ অবিহনে মানুহগৰাকীয়ে কিনো কৰিব পাৰিব? চৌধুৰীয়নীয়ে এই বিষয়ে কিবা এটা আশঙ্কা কৰিছিল। তেওঁ সেইখন লুকুৱাই থলে আৰু যেতিয়া মানুহবোৰে তেওঁৰ পৰা জোৰ জবৰদস্তি কৰি সেইখন উলিয়াবলৈ চেষ্টা কৰিলে, তেওঁ সিহঁতক ক’লে “ যোৱা মুল্লা খাইৰুদ্দিনক সোধাগৈ; তেওঁ ইচ্ছাপত্ৰখন দেখিছে আৰু সম্পূৰ্ণকৈ পঢ়িছে। “যদি তেওঁ সেইখন নাই দেখা বুলি কয়?” “তেওঁ যদি পবিত্ৰ কোৰানৰ ওপৰত হাত ৰাখি নাই দেখা বুলি কয়, তেন্তে মই দেখুৱাই দিম, নহ’লে…..” “নহ’লে কি কৰিব?” “নহ’লে মই আদালতৰ সহায় ল’ম।” ঘটনাটো গৈ আদালতৰ ওচৰ পাবগৈ পাৰে বুলি সকলোৱে বুজিলে। এইটোও হ’ব পাৰে যে চৌধুৰীয়নীয়ে চহৰৰ পৰা নিজৰ উকিল বা পুলিচ মাতিব পাৰে। যদি তেওঁ চহৰৰ পৰা পুলিচ মাতি আনি তেওঁলোকৰ সহায়ত নিজৰ সিদ্ধান্তক বাস্তৱ ৰূপ দিয়ে! আৰু যদি তেওঁ ইতিমধ্যে মাতিলেই? নহ’লে নিজৰ পতিক বৰফৰ ওপৰত ৰাখি কোনোবাই ইমান আত্মপ্ৰত্যয়েৰে কথা ক’ব পাৰেনে? ৰাতি কথাবোৰ গুজবৰ বেগত আগবাঢ়িল। কোনোবাই ক’লে: “ ঘোঁৰাত উঠি কোনোবা এজন চহৰৰ ফালে গৈছে। আৰোহীজনে তেওঁৰ মুখখন আৰু মূৰটো কাপোৰেৰে সম্পূৰ্ণ ভাবে ঢাকি লৈছে, মানুহ জনক চৌধুৰীৰ হাৱেলিৰ পৰা ওলাই অহা দেখা গৈছিল।” কোনোবা এজনে আকৌ তেওঁক চৌধুৰীৰ আস্তাবলৰ পৰা ওলাই অহাও দেখা পালে। খাদুৰ কথা মতে সি চৌধুৰীৰ ঘৰৰ পৰা কেৱল খৰি কটাৰেই শব্দ শুনা নাছিল, চৌধুৰীৰ চৌহদৰ বাৰীখনত গছ বাগৰি পৰাও দেখিবলৈ পাইছিল। কোনো সন্দেহ নাই যে চৌধুৰীয়নীয়ে ঘৰৰ পিছফালৰ চৌহদত চিতা সাজিবলৈ যো-জা চলাইছে। কথাবোৰ শুনি কাল্লুৰ তেজ উতলি আহিল। “তহঁত ভয়াতুৰৰ জাত! আজি এজন মুছলমানৰ শৱ চিতাৰ জুইত জ্বলিব আৰু তহঁত বহি বহি জ্বলি উঠা জুইৰ ফিৰিঙতি চাই থাকিবি।” কাল্লুৱে দীঘল দীঘল খোজ দি ওলাই গ’ল। হত্যা আৰু তেজেৰে হাত ধোৱাই তাৰ কাম, কিন্তু তাতে কি যায়। বিশ্বাস বুলিও কথা এটা আছে। বিশ্বাসৰ আগত নিজৰ মাকো একো নহয়। চাৰি পাঁচ জনমান সংগী লগত লৈ কাল্লু পিছফালৰ দেৱাল বগাই হাৱেলীত সোমালগৈ। বুঢ়ী শৱটোৰ কাষত অকলে বহি আছিল। তেওঁ গম পোৱাৰ আগতেই কাল্লুৰ কুঠাৰৰ ঘাপ তেওঁ মূৰত পৰিল। চৌধুৰীৰ শৱটো উঠাই মছজিদৰ পিছফালে লৈ গ’ল য’ত তেওঁৰ বাবে এটা কবৰ খান্দি থোৱা আছিল। গৈ থকাৰ সময়ত ৰামজাই সুধিলে “ ৰাতিপুৱা চৌধুৰীয়নীৰ শৱটো পোৱাৰ পিছত কি হ’ব?” “বুঢ়ীজনী মৰি গ’ল নেকি?” “মূৰটো ফাটি গৈছিল, ৰাতিপুৱালৈকে কিবা থাকিব জানো?” কাল্লু কিছুসময় ৰৈ চৌধুৰীৰ শোৱনি কোঠাৰ ফালে চালে। পন্নাই কাল্লুৰ মনৰ কথা বুজি পালে। “ওস্তাদ তই গৈ থাক। তোৰ মনে কি বিচাৰিছে মই জানো। সকলো বন্দবস্ত হৈ যাব।” কাল্লু কবৰস্থানৰ ফালে আগ বাঢ়িল। ৰাতি যেতিয়া চৌধুৰীৰ শোৱনি কোঠাৰ পৰা আকাশচুম্বী জুই জ্বলি উঠিছিল গোটেই চুবুৰীটো ধোঁৱাৰে ভৰি পৰিছিল। জীয়াই থকাজনক জ্বলাই দিছিল, আৰু মৃতজন দফন হৈ গৈছিল।