বড়োসকলৰ ৰংজালি বৈশাগু
লেখক- মনস্বী শৰ্মা
বাৰেৰহনীয়া সংস্কৃতিৰ মিলনভূমি অসম। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় আৰু সংমিশ্ৰণৰ ৰূপেই হ’ল আমাৰ বৰ অসম। প্ৰতিটো জনগোষ্ঠীৰ মাজত ভাষা-সংস্কৃতি, সাজ-পাৰ, খাদ্য, লোকাচাৰৰ মাজত পাৰ্থক্য থাকিলেও সাতামপুৰুষীয়া ঐক্য আৰু সংহতি অক্ষুণ্ণ ৰাখি আধুনিক অসমে বিশ্ব দৰবাৰত বৃহত্তৰ অসমীয়া জাতিৰূপে নিজকে পৰিচয় দিব পাৰিছে। মূল জাতি অসমীয়া হিচাপে পৰিচয় দিলেও এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহে নিজস্বভাৱে প্ৰত্যেকেই স্বকীয় বৈচিত্ৰ্যৰে বৈচিত্ৰ্যময়। বাৰ মাহত তেৰটা উৎসৱৰ ৰাজ্য হ’ল অসম। সেইদৰে, বড়ো, মিচিং, দেউৰী, কাৰ্বি, ৰাভা, সোণোৱাল কছাৰী, ডিমাছা আদি জাতি জনগোষ্ঠীৰ মিলনক্ষেত্ৰ হৈছে অসম। এই বৈচিত্ৰ্যময় অসমত বাপতি সাহোন ৰঙালী বিহুৱেই সংহতিৰ যোগসূত্ৰ হিচাপে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে।
বিহু এক ঐন্দ্ৰজালিক অনুষ্ঠান। অতীতৰে পৰা কৃষিজীৱী অসমীয়া জাতিৰ মূল উৎসৱ হৈছে ৰঙালী বিহু। সাত দিন ধৰি পালন কৰা এই ৰঙালী বিহুক আমি সাত বিহু বুলি পালন কৰি আহিছোঁ। অসমত বাস কৰা প্ৰায়বোৰ জাতিয়েই ৰঙালী বিহুৰ সাত বিহুৰ পৰম্পৰা মানি অহা দেখা যায়। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে বড়োসকলৰ বৈশাগু উৎসৱ।
উত্তৰ পূৱ ভাৰতৰ আদিম জনগোষ্ঠী বড়োসকল মঙ্গোলীয় গোষ্ঠীৰ লোক। বড়ো শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। এওঁলোক ভাষা-সাহিত্য, ধৰ্ম-সংস্কৃতিৰে সমৃদ্ধিশালী। বড়োসকলৰ সংস্কৃতিও মূলতঃ কৃষিকেন্দ্ৰিক সংস্কৃতি। বৈশাগু বড়োসকলৰ মাজত প্ৰচলিত এটি কৃষিকেন্দ্ৰিক বসন্তকালীন উৰ্বৰা উৎসৱ। ভিন্ন লোকাচাৰ আৰু লোকবিশ্বাসৰ মাজেৰে তেওঁলোকে এই ৰংজালি বৈশাগু উৎসৱ পালন কৰে।
প্ৰকৃতিয়ে যেতিয়া নতুন ৰূপ লয়, আমে মলিয়াই, অজস্ৰ পাপৰিৰে কপৌ ফুলি যেতিয়া চৌদিশ প্ৰাণময় কৰি তোলে, তগৰৰ আমোলমোলীয়া গোন্ধই জীৱন যেতিয়া প্ৰাণময় কৰি তোলে, তাঁতশাল, ঢেঁকীশাল যেতিয়া গমগমাই উঠে, বৰদৈচিখলাজনীৰ যেতিয়াই আগমন হয় তেতিয়াই কৃষিজীৱী বড়োসকলে ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰে। বৈশাগু শব্দ প্ৰকৃততে ক’ৰপৰা উৎপন্ন হৈছে এই লৈ বৰ্তমানেও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই। তথাপিও বহুতৰে মত অনুসৰি বৈশাগু শব্দটো বড়ো ভাষাৰ ‘বৈশা’ আৰু ‘আগু’ শব্দ দুটাৰ পৰা আহিছে বুলি মত দিয়ে। ‘বৈশা’ৰ অৰ্থ হৈছে বছৰ বা বয়স আৰু ‘আগু’ৰ অৰ্থ হৈছে আৰম্ভ। অৰ্থাৎ বৈশাগু মানে হৈছে নতুন বছৰৰ আৰম্ভণি। বৈশাগুৰ প্ৰথম সাত দিনক সাতবিহুৰ ভিন্ন নামেৰে নামাঙ্কৃত কৰা হৈছে।
বড়োসকলে সংক্ৰান্তিৰ দিনটোক ‘মসৌদোমাহী’ বুলি কয় । চ’ত মাহৰ শেষৰ দিনা গৰু পূজাৰে বড়োসকলে বৈশাগু উৎসৱৰ আৰম্ভণি কৰে। এই দিনটোক কোৱা হয় ‘মোসৌনি বৈশাগু’(গৰু বিহু)বুলি। গৰু পূজাৰে তেওঁলোকে সাত বিহুৰ প্ৰথম দিন পালন কৰে। পুৱাই গৰুক গা ধুৱাবলৈ নিয়াৰ আগেয়ে গৰুক ধান খাবলৈ দিয়া হয়, তাৰ পিছত গৰুৰ শিঙত আৰু খুৰাত সৰিয়হৰ তেল লগায়। তাৰ পিছত ভাতৰ চৰুৰ ছাই, কাজল আদি সৰিয়হৰ তেলৰ লগত মিহলাই গৰুৰ গোটেই দেহত ফুটফুটীয়াকৈ চিন দিয়া হয়। গৰুক বড়োসকলে মাইনাও(লক্ষ্মী)বুলি জ্ঞান কৰে। সেইদিনটোত তেওঁলোকে গৰুক এচাৰিৰে নামাৰে, গৰুক হালবোৱা আদি কামতো নলগায়। তেওঁলোকে বিশ্বাস কৰে যে, সেইদিনা যদি গৰুক হালবোৱা বা কষ্ট দিয়া কামত লগোৱা হয় তেন্তে গৰুৰ অভিশাপ গোটেই পৰিয়ালে ভোগ কৰিব লগা হয় আৰু দিনে দিনে তেওঁলোক দুখীয়া হৈ গৈ থাকে। ঘৰে ঘৰে সেইদিনা খাথ্ৰি বিবাৰ(ফুল), ৰাইদিং বিলাই(বেত), মোখনা বিবাৰ(ঔষধি গুণসম্পন্ন গছ), দিগিলিতি নাওথি(দীঘলতী), বাখ্ৰি খ্ৰব(মাখিয়তী), লাও, ফানথা(বেঙেনা), হালদৈ(হালধি) আদি যোগাৰ কৰে। গৰুক নৈ বা বিললৈ নি গা ধুৱোৱাৰ আগত গোটেই গাতে হালধি আদি সানি চাকৰ পৰা চকল চকলকৈ কাটি অনা লাও, বেঙেনা আদি গৰুৰ গালৈ দলিয়াই, দীঘলতীৰে গাত ফুৰাই গীত গায়
‘‘লাও জা ফানথাও জা
বৈচৰে বৈচৰে এৰ হাঞ্জা হাঞ্জা
বিমানী খিতেৰ বিফানী খিতেৰ
নংজাগন হালোৱা গেদেৰ
বিমা গাইদে বাদি দাজা।
ফিফা বলধ বাদি জা
বাৰি খনানি এম্বু বংলা।
বেবাদি জা গিদিৰ জাঙ্গীলা।’’
(লাও খা, বেঙেনা খা, বছৰে বছৰে বাহি যা। মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ গৰু। চাপৰ নহ’বি, বলধৰ দৰে ডাঙৰ হ’বি। ঘৰৰ কাষত থকা বেং ভেকুলীৰ নিচিনা ডাঙৰ হ’বি। )
সেইদিনা গোহালিঘৰটোও ভালদৰে চাফ-চিকুণ কৰা হয়। গৰুৰ গোৱৰ তেওঁলোকে ঘৰৰ বেৰ লেপন দিয়া, মজিয়া মোচা আৰু নানা কামত শুদ্ধিকৰণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত নতুন পঘাৰে বান্ধি দিয়া হয়। ইয়াৰোপৰি, বৈশাগু বুলি বনোৱা বৰা চাউলৰ পৰা তৈয়াৰী ‘স্বৰাই’ আদি গৰুক খাবলৈ দিয়া হয়। গৰুক গিচিপৰে(বিচনী) বা দিয়া হয় আৰু সেইদিনাৰ পৰাই মানুহেও বিচনীৰ বা লোৱা আৰম্ভ কৰে। গধূলি চোতালত, গোহালিঘৰত যাগ দিয়া হয়, আগফালে, পিচফালে, গোহালিঘৰত ধূপ-চাকি জ্বলাই সেৱা কৰা হয়।
এই দিনটোত তেওঁলোকে পূৰ্বপুৰুষৰ নিয়ম অনুসৰি বিভিন্ন শাক পাচলিৰ ব্যঞ্জন ৰান্ধি খায়। অৱশ্যে বহুতে সাত দিনৰ ভিতৰতো এই নিয়ম পালন কৰে। এশ এবিধ শাকৰে বনোৱা খুংখা, নিম পাত, বিভিন্ন পাচলিৰ লগতে অমাবেদ (গাহৰি) বা মূৰ্গী মাংসৰ লগত ৰান্ধি খায়। ইয়াক ‘গোখা-গোখৈ-খাজি-জানাই’ বুলি কোৱা হয়। ইয়াৰ তাৎপৰ্য এয়ে যে, পুৰণি বছৰটো বিদায়ৰ নেতৃত্ব কৰা হ’ল। বড়োসকলৰ খাদ্য সম্ভাৰত অমাবেদ অতি প্ৰিয় খাদ্য। ইয়াৰ উপৰি লাফা মৈদ্ৰু(শাক), মৈথা(মেস্তা টেঙা), নাফাম(চুঙা সুন্দৰী), ঔৱা মেৱা (বাঁহ গাজ), না বাথান(ছাটনি)আদি তেওঁলোকৰ প্ৰিয় খাদ্য সম্ভাৰত পৰে।
বৈশাগুৰ দ্বিতীয় দিনটোক কোৱা হয় মানসি বৈশাগু(মানুহ বিহু)বুলি। এইদিনা পুৱাই বড়োসকলে খেৰাই পূজাৰ ছত্ৰাওঁলী সুৰৰ বাঁহী বজাই নতুনক আদৰণি জনায়। কোনো কোনো ঠাইত পুৱাই ঢোল আৰু বাঁহী বজাই গাঁওবাসীক গাঁৱৰ মুখিয়াল বা দেউৰীৰ ঘৰলৈ যোৱাৰ সঙ্কেত দিয়ে। মুখিয়ালৰ ঘৰলৈ সকলোৱে নিজৰ নিজৰ বাদ্যযন্ত্ৰসমূহ লৈ যায় আৰু তেওঁলোকৰ ইষ্ট দেৱতা বাথৌ ব্ৰাইৰ সন্মুখত থৈ প্ৰাৰ্থনা কৰে। লোকবিশ্বাস মতে, এনে কৰিলে তেওঁলোকৰ সকলো বাদ্যযন্ত্ৰ বৈশাগুৰ সময়খিনিত ভাল হৈ থাকে। ইয়াৰ পিছতেই সেই মুখিয়ালজনৰ ঘৰৰ পৰাই বা মুকলি ঠাইত তেওঁলোকে পৰম্পৰাগত বাদ্যযন্ত্ৰ বজাই বৈশাগু গীত, নৃত্যৰ আৰম্ভণি কৰে। তাতেই তেওঁলোকে অমাবেদৰ(গাহৰি)সৈতে জৌ বিদৈ(চাউলৰ পৰা প্ৰস্তুত কৰা পানীয়) খাই দল বান্ধি বান্ধি এঘৰৰ পৰা আনঘৰলৈ গৈ বৈশাগু গীত গায়
‘‘দাওদৈ নানগৌ
দাওদৈ দাওদৈ দাওদৈ
দাওদৈ গুয়াবলা
ইচিং খনানি জৌ বিদৈ। ’’
(আমাক কণী লাগে। যদি কণী নাই তেন্তে আমাক পাকঘৰত থকা জৌ বিদৈ লাগে)
বড়োসকলৰ পূজা পাৰ্বন, বিয়া সবাহ ঘৰুৱা আৰু সামাজিক অনুষ্ঠান সকলোতে জৌ(চাউলৰ পৰা প্ৰস্তুত কৰা পানীয়) অতি অপৰিহাৰ্য পানীয়। ইয়াৰ আন এটি ৰূপ হ’ল ফিথিখা বা চেৰেপ।
‘মানসি বৈশাগু’ৰ দিনা বড়োসকলে তেওঁলোকৰ উপাস্য দেৱতা বাথৌক কৃষিক্ষেত্ৰৰ উৎপাদনৰ বাবে জৌ বিদৈ আৰু কুকুৰা উৎসৰ্গা কৰে। ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি গা-পা ধুই বাথৌৰ আগত নৈবেদ্য আগবঢ়োৱাৰ উপৰি চোতালৰ দক্ষিণ দিশত পূৰ্বপুৰুষ সকলৰ উদ্দেশ্যে তামোল, মাছ, মাংস, ফল-মূল, জৌ বিদৈ আদি আগবঢ়াই পূজা অৰ্চনা কৰে। এই দিনটোত কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা কৰে, আৰনাই(গামোচা) দি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এইসমূহ লোকাচাৰ কৰাৰ পিছত মহিলাসকল ওজা বা গাঁৱৰ মুখিয়ালসকলৰ ঘৰলৈ জৌ বিদৈ আৰু কুকুৰা লৈ নতুন বছৰৰ মঙ্গলৰ বাবে আশীৰ্বাদ বিচাৰি যায়। ওজায়ো বছৰটোলৈ মঙ্গলৰ বাবে তাবিজ বা খবাজ দিয়ে।
তৃতীয় দিনাৰ বৈশাগুক কোৱা হয় ‘সৈমা বৈশাগু’(কুকুৰ বিহু), চতুৰ্থ দিনাৰ বৈশাগুক কোৱা হয় ‘অমা বৈশাগু’ (গাহৰি বিহু), পঞ্চম দিনাৰ বৈশাগুক কোৱা হয় ‘দাও বৈশাগু’ (কুকুৰা, পক্ষী বিহু) ষষ্ঠ দিনাৰ বৈশাগুক কোৱা হয় ‘হাংস-ফাৰ বৈশাগু’ (হাঁহ -পাৰ বিহু) আৰু সপ্তম দিনাৰ বৈশাগুক নামকৰণ কৰা হৈছে ‘খুৰমা বৈশাগু’(আলহী বিহু)বুলি।
প্ৰকৃতিৰ উৎসৱ বৈশাগুত বড়ো চিখলাসকলে(ছোৱালী) প্ৰকৃতিৰ মাজতে উপলব্ধ সেউজীয়া, হালধীয়া ৰঙৰ দখনা, সেউজীয়া, ৰঙা ৰঙৰ জুমব্ৰা পৰিধান কৰে। অৱশ্যে আজিকালি নানা ৰঙী দখনা পৰিধান কৰাও দেখা যায়। পূৰ্বতে তেওঁলোকে ব্লাউজ পৰিধান নকৰিছিল যদিও বৰ্তমান যুগৰ লগত মিলাই তেওঁলোকে দখনাৰ লগত মিলাই ব্লাউজ পৰিধান কৰা দেখা যায়। খোপাত কপৌফুল লগাই। পুৰুষসকলে সেউজীয়া ৰঙৰ ‘গামছা’ ধুতিৰ দৰে পৰিধান কৰে। পূৰ্বতে বড়ো পুৰুষসকলে কোনো ধৰণৰ চোলা পৰিধান নকৰিছিল যদিও বৰ্তমানে তেওঁলোকেও বগা, হালধীয়া ৰঙৰ বোৱা কাপোৰৰ চোলা পৰিধান কৰে। বড়োসকলে বৈশাগু উৎসৱত প্ৰেমাস্পদ বা শ্ৰদ্ধাস্পদ ব্যক্তিলৈ মৰম বা সন্মানাৰ্থে বিহুৱান হিচাপে আৰনাই উপহাৰ দিয়ে। আৰনাইখন বিহুৱান হোৱাৰ উপৰি তেওঁলোকৰ ৰক্ষা কবচ হিচাপেও কাম কৰে। এইখন বড়ো পুৰুষসকলে মূৰত মাৰে বা কান্ধটো লোৱা দেখা যায়। মহিলাসকলেও আৰনাই লোৱা দেখা যায়।
বড়োসকলে সাত দিন ধৰি বৈশাগু উৎসৱ উদযাপন কৰে নানা ধৰণৰ পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে। বৈশাগু নৃত্য নচাত কোনো বয়সৰ সীমা নাথাকে। এই গীত নৃত্যসমূহ মূলতঃ প্ৰেম প্ৰণয় জনিত। বৈশাগু উৎসৱৰ সময়ত তেওঁলোকে বাগৰুম্বা, বাৰদৈচিখলা আদি নৃত্য কৰা দেখা যায়। জৌইলাউসকলে(পুৰুষ) চিফুং বাঁহী, চেৰজা(ভায়’লিনৰ দৰে বাদ্য), থৰকা(টকা), খাম(ঢোল) চিখলাসকলে গংগনা(গগণা), বাথা বিবুং, জথা(তাল) লৈ ঘৰে ঘৰে বা মুকলি ঠাইত সাদিনলৈকে বাদ্যৰ তালে তালে নৃত্যত মতলীয়া হৈ বসুমতীক শস্য-শ্যামলা কৰিবলৈ চেষ্টা কৰে।
বৈশাগু উৎসৱৰ অন্যতম নিয়ম হ’ল ‘গাৰজাছালি’। গাঁৱৰ সকলোৱে সাদিনৰ দিনা সমূহীয়া প্ৰাৰ্থনা কৰা ঠাইত পাৰ, হাঁহ আদি বলি দি আগন্তুক বছৰটোলৈ গাঁওবাসীৰ বিপদ-আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনায়। অৱশ্যে বৰ্তমান এই প্ৰথা লোপ পাইছে যদিও ঠাই অনুযায়ী দুই এক ঠাইত এতিয়াও আছে। জনবিশ্বাস অনুসৰি, বড়োসকলে এই সময়খিনিত ধান বা অন্য বস্তু বেচা কিনা নকৰে, ভঁৰালত নোসোমায়, ঢেঁকী নিদিয়ে, কাৰো লগত কাজিয়া নকৰে। তেওঁলোকে বিশ্বাস কৰে যে, এই সাতদিনত কাজিয়া কৰিলে পিছৰ জন্মত গৰু, কুকুৰ হিচাপে জন্ম পায়। বৈশাগুৰ সাত দিনলৈ তেওঁলোকে পীৰাত নবহে। বহিলে পিতৃ মাতৃৰ মূৰত বহা যেন হয়। এই মাহত তেওঁলোকে লাও, বেঙেনা নাখায়। যিহেতু গৰু বিহুৰ দিনা লাও, বেঙেনা ব্যৱহাৰ কৰা হয় সেয়ে লাও, বেঙেনা খালে গৰু খোৱা যেন হয় বুলি তেওঁলোকে বিশ্বাস কৰে। এই সাত দিন বড়োসকলে কেৱল নচা, গোৱা, খোৱা, বনোৱাৰ বাহিৰে আন একো কাম নকৰে।
সাতদিন ধৰি পালন কৰা বৈশাগু উৎসৱৰ দ্বিতীয় দিনাৰ পৰা পাঁচ দিনলৈকে বড়োসকলে ঘৰে ঘৰে মাগন কৰি ফুৰে। সাতদিনৰ দিনা সকলোৱে মিলি ভোজ ভাত খাই বিহুক বিদায় দিয়ে। বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰাত বৈশাগুৰ সাতদিনৰ এই উদযাপন ক্ৰমান্বয়ে তিনিদিন বা পাঁচদিনলৈ হ্ৰাস পাইছে। বড়োসকলৰ বৈশাগু উৎসৱ লোক-সংস্কৃতিৰ এক উচ্চ নিদৰ্শন। নামাঙ্কৰণত ভিন্নতা থাকিলেও পাহাৰ ভৈয়ামৰ সকলো লোকৰে প্ৰাণৰ স্পন্দন বৈশাগু বড়োসকলৰ বুকুৰ কুটুম, হিয়াৰ আপোন।
টোকাঃ তথ্যসমূহ ওদালগুৰি অঞ্চলৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা সংগৃহীত ইয়াৰ লগতে ‘অসমীয়া সংস্কৃতি’ গ্ৰন্থখনৰ সহায় লোৱা হৈছে।