বিল গেটছৰ বিশাল শূন্যটো

লেখক- ড° সমাদৃতা গোস্বামী

আপুনি কি ভাবে- পইচা থাকিলেই সকলো পোৱা যায়? হাড়ক পানী কৰি মানুহে টকা আৰ্জন কৰে। সৰুকৈ হ’লেও টিভি এটা, সৰুকৈ হ’লেও বাহন এখনৰ বৰ হাবিয়াস মানুহৰ। মাত্ৰ ৩১ বছৰ বয়সতে যুৱ ‘বিলিঅনেৰী’ৰ সন্মান অৰ্জন কৰা বিল গেটছে কেৱল নিজৰ হাবিয়াস পুৰণতে অৰ্থব্যয় কৰা নাছিল। তেওঁ পৃথিৱীৰ কিমান মানুহক সমৃদ্ধিশালী জীৱন এটা দিলে, সেয়া তেওঁৰ বিষয়ে অলপ পঢ়াশুনা কৰিলেই গম পোৱা যায়। কোটি কোটি টকাৰ মালিক হৈ সমাজৰ হকে কাম কৰাৰ পিচতো মানুহ আচলতে শূন্য। যোৱা ৩ মেৰ দিনা বিল গেটছ আৰু মেলিণ্ডা গেটছে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। তিনি সন্তানৰ ভিতৰৰ তেওঁলোকৰ ২৫ বছৰীয়া সন্তান জেনিফাৰে ‘ইন্সটাগ্ৰাম’ত লিখিছে, “আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে এয়া বৰ প্ৰত্যাহ্বানৰ কথা। মই এতিয়াও নিজৰ আৱেগক কেনেকৈ ঠিক কৰোঁ তাতে গুৰুত্ব দি আছোঁ।” আপুনি কি ভাবে? টকা থাকিলেই সকলো পোৱা যায়?

একেলগে ৰৈ আকাশখন চাবলৈ মানুহক টকা নালাগে। হাতত হাত থৈ ইজনে সিজনৰ চকুলৈ চাবলৈ টকা নালাগে। নদীৰ পাৰত দুহাত মেলি দুজনে একেলগে বতাহৰ কোমল স্পৰ্শ অনুভৱ কৰিবলৈ টকা নালাগে। মেলিণ্ডা গেটছে কেতিয়াবাই কৈছিল যে কাম আৰু পৰিয়ালৰ মাজত সমতা ৰখাক লৈ তেওঁৰ স্বামী বহুত সমস্যাৰ মুখামুখি হৈছে। বিল-মেৰিণ্ডাৰ পৰা আঁতৰি আমি যদি অলপ নিজলৈ চাওঁ, তেতিয়াই আমি আমাক প্ৰশ্ন কৰিম। এইয়া আমি কি জীৱন পালোঁ? মুকলি পথাৰ আজিও আছে যদিও খেলাধূলা কৰা কণমানিহঁত নাই। কপৌফুল আজিও আছে যদিও ঢোলৰ গুমগুমনি নাই। বলদবোৰ আজিও আছে যদিও পথাৰত ট্ৰেক্টৰৰ কৰ্কশ মাত। মোবাইলত মূৰ গুজি থকা নতুন প্ৰজন্মই গাত পৰা মহটো মাৰিবলৈও মাকক মাতে। ‘বাৰ্বি’ পুতলাটিৰ হাতখন গাৰ পৰা এৰাই গ’লেই সেইজনী ‘বাৰ্বি’ক লৈ নেখেলা হয় শিশু। মাটিত পৰা ফুলপাহত বোকা লাগি থকাৰ কাৰণেই সেই ফুলপাহ বুটলিবলৈ আজিৰ ল’ৰা-ছোৱালীৰ ঘিণ। মাকবোৰেও কয় “নুচুবি নুচুবি। বোকা লাগিব।” পাফকৰ্ণ (পপকৰ্ণ হ’লে নহ’ব! ), ডেইৰী মিল্ক(বেলেগ চকলেট হ’লে নহ’ব)ৰ আবদাৰত ঘৰতে চিপছ-চকলেটৰ দোকান। “খাই থাক কিমান খাৱ। মই বাৰে বাৰে আনি থাকিব নোৱাৰো।” দেউতাকৰ উত্তৰ। বিচাৰোঁতেই সন্তানক বস্তু দিবলৈ পাই মাকৰো সকাহ। কোন বাটে বাট দেখুৱাইছা আজিৰ শিশুক? আপুনি কি ভাবে? টকাৰে সকলো কিনিব পাৰিনে? বিল গেটছে পাৰিলেনে? পৃথিৱীৰ চতুৰ্থ ধনী ব্যক্তিজনে বৃদ্ধ বয়সত এই বৃহৎ শূন্যটোক বুকুত লৈ কৰিব কি? আজিৰ প্ৰজন্মই ডাঙৰ হৈ এদিন যে মাক-দেউতাককে ‘বয়কট’ কৰিব সেয়া নিৰ্ঘাট। সেইদিনা মানুহে পয়ষষ্ঠি বছৰীয়া বিল গেটছৰ দৰে শূন্যৰ ভৰ সহিব নোৱাৰি চকুলো টুকিব। ‘বিলিঅনেৰী’য়েই হওক বা হাতত ফুটাকড়ি নথকা এজনেই হওক, সন্তান বা পৰিয়ালক সময় দিব লাগে। ‘প্ৰায়ৰিটি’ৰ তালিকাত “পৰিয়ালক দিয়া সময়” সদায় এক নম্বৰত হ’ব লাগে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!