সোণাৰিঘাট, বগীবিল, মিৰি নাও- ফ্ৰী নাও ইত্যাদি
লেখক- নেহেৰু পেগু
বহু সময়ত আমি এই কথা অনুভৱ কৰোঁ যে অৱচেতন মনত হোৱাই নোহোৱাই মই ওপজা গাঁৱখন বুকুত কঢ়িয়াই ফুৰিছোঁ। বয়সে যিমানে ভাটি দিছে সিমানে ধূলিৰে ধূসৰিত সেই ছবিখন মনৰ মাজত ৰামধেনুৰ দৰে প্ৰতিভাত হৈ উঠিছে। পৃথিৱীত আমাৰ গাঁৱখনতকৈ সুন্দৰ সচ্ছল গাঁৱ বহু আছে। আমাৰ গাৱঁখন তেনেই নিঃকিন পৰিয়ালৰ সমষ্টি বুলিব পাৰি। বানে প্ৰতিবছৰে আমনি কৰা বিখ্যাত অঞ্চলৰ অখ্যাত সাধাৰণ গাওঁ। বিখ্যাত বুলি এইবাবেই কৈছোঁ ইয়ালৈ কেইবাগৰাকী ৰাষ্ট্ৰপ্ৰধান আহিছিল। আৰম্ভ হৈছিল প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধীৰ পৰা। ১৯৬৬ চনত তেখেত প্ৰধান মন্ত্ৰী হৈয়েই কুলাজানত অনুষ্ঠিত হোৱা “বানে কেবাং”লৈ আহিছিল। তাৰপিছত মাননীয় এইচ ডি দেবেগৌড়া, অটল বিহাৰী বাজপেয়ী (বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল; আধাৰশিলা দুবাৰ স্থাপন হৈছিল) আৰু বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া (বগীবিল দলং উদ্ঘাটনৰ বাবে)।
ফ্ৰী নাও, ফ্ৰী নাও……নদীৰ মাজৰ পৰা হঠাৎ হৈ পৰিল মিৰি নাও। এই বিখ্যাত মুখৰোচক পংক্তিৰো জন্ম ইয়াতেই, মানে এই অঞ্চলতেই। কথাটো মিছাও নহয়। তেজপুৰৰ পৰা নৰ্থ ট্ৰাংক ৰোডটো লখিমপুৰ, ধেমাজি হৈ সোণাৰিঘাট চুইছে। সোণাৰিঘাটৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ ডিব্ৰুগড়। ডিব্ৰুগড়ৰ মোহনা ঘাট, মাৰোৱাৰী পট্টি, গ্ৰেহাম বজাৰ বা মাইজান পাৰঘাটত ফেৰী বা মেচিন নাওবোৰ ৰাখে। সোণাৰি মিচিং গাওঁখনৰ মাজত সোণাৰিঘাট। ওণাৰি পেগু’ (মিচিং সকলে তেখেতক এই দৰে মাতিছিল) নামৰ এগৰাকী প্ৰতিপত্তি থকা মিচিং ব্যক্তিৰ পৰা গাওঁখনৰ নাম হৈছিল; তাৰপৰাই ঘাটটোৰ নাম। জনপ্ৰিয় আলোচনী ‘সাতসৰী’ত এগৰাকী গৱেষকে সোণাৰি নাম সম্পৰ্কে ভুল কথা লিখিছিল। তেওঁ তাত সোণৰ কাম কৰা মানুহ থকাৰ বাবে সোণাৰি নামটো হ’ব পাৰে বুলি সত্যানুসন্ধান নকৰাকৈ কথাটো তুলি দিছিল। তাত তাহানিৰ পৰাই কোনো সোণৰ কাম কৰা পৰিয়ালেই নাছিল। এই ঘাটটো বৃটিছৰ সময়ৰ পৰাই ব্যৱহাৰ হৈ আহিছে।
চিমেন নদীৰ সৈতে ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰা মিলি কেইবাবছৰ ধৰি কুলাজানৰ পৰা সোণাৰিঘাটৰ মাজৰ পথছোৱাত বানপানীয়ে তাণ্ডৱ আৰম্ভ কৰিছিল। বিধ্বস্ত কৰি পেলাইছিল প্ৰায় ছয় কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা পাঁচ খনকৈ দলং আৰু ঘাই পথটো। পথচোৱা ডোখৰ ডোখৰ হৈ পৰিছিল। ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে বা ব্যৱসায়ৰ বাবে বা শিক্ষা সংক্ৰান্তত যোৱা শিক্ষাৰ্থী তথা অভিভাৱক সকলৰ এই পথচোৱা অতিক্ৰম কৰিবলৈ অবৰ্ণনীয় কষ্ট হৈছিল। এই পথচোৱা কেতিয়াবা জীপ গাড়ী, কেতিয়াবা সৰু নাও দি পাৰ হ’ব লগা হৈছিল। মেৰামতি নহৈছিল। সেই তেতিয়াই ব্যৱসায়ৰ অ-আ, ক-খ নজনা, কেতিয়াও এনে কাম কৰি নোপোৱা কাষৰ গাৱঁৰ মিচিং সকলে ভঙা-চিঙা জীপ গোটাই চলাইছিল, নাও বাইছিল আৰু মুটিয়া কামো কৰিছিল। বান বিধ্বস্ত এলেকাৰ মানুহখিনিৰ জীৱন জীৱিকাৰ পানীত হাঁহ নচৰা অৱস্থাৰ কথা, সেই পথেৰে আহ-যাহ কৰা যাত্ৰী সকলৰ বহুতে নাজানিছিল বা হৃদয়ঙ্গম কৰা নাছিল। যিহেতু চৰকাৰে যাতায়াতৰ বাবে সেই বান বিধ্বস্ত এলেকাত একোৱেই ফলপ্ৰসূ ব্যবস্থা কৰা নাছিল, তাৰে সুবিধা লৈ বাহিৰৰ পৃথিৱী নেদেখা এই মানুহখিনিয়ে কেতিয়াবা মনমানি কৰিছিল। পৰিস্থিতিৰ বিষয়ে অৱগত হৈয়ো প্ৰশাসন নীৰৱ আছিল। চৰকাৰে চিন্তিত হ’বলৈ অঞ্চলটোত একোৱেই নাই। মাথোঁ চাংঘৰ আৰু পানী। কেতিয়াবা খবৰ কাগজত ওলোৱা বাতৰি বা কাৰোবাৰ অভিযোগৰ ভিত্তিত নাওবোৰ, ভঙা-চিঙা গাড়ী বোৰ প্ৰশাসনে ধৰি লৈ গৈছিল। সেই কেইদিন বহু পৰিয়ালৰ ঘৰত চৌকা নজ্বলে। সেয়ে কিবা কিবি কৰি, কাবৌ কোকালি কৰি অৰ্থৰ বিনিময়ত আকৌ মোকোলাই আনে। ৰাইজৰ হেঁচাত প্ৰশাসনে চৰকাৰী নাওৰ ব্যৱস্থা কৰিলে। তাতো সমস্যা; বিনামূলীয়া নাও চলিলে বাকীসোপা নাও নচলে। গতিকে বুজা বুজিত আহিল। যাত্ৰী অহাৰ সময়ত ওলোটা দিশত নাও ৰাখে। যাত্ৰীসকলে নাজানে কোনখন পি, ডব্লিউ, ডিৰ ফ্ৰী নাও। সিটো পাৰত ৰৈ থকা গাড়ীত বহা ঠাই এডোখৰ পাবলৈ লৰা-ঢপৰা। সকলো নাৱৰীয়াই চিঞৰে- ফ্ৰী নাও, ফ্ৰী নাও। উঠাৰ পিছতহে যাত্ৰীয়ে গম পাই মিৰি নাওতহে উঠিল। ফ্ৰী নাও সিটো পাৰতহে থাকিল। ফ্ৰী নাও আহি এই পাৰত লাগি পাৰাপাৰ হোৱালৈ ৰ’লে গাড়ীত আসন নাপায়। মিৰি নাও, ফ্ৰী নাওৰ কাহিনী এয়াই। বাহিৰৰ পৃথিৱীৰ সম্যক জ্ঞান নথকা মানুহখিনিয়ে জনা নাছিল এনে কামে জনমানসত মিচিং সকলৰ কেনে এখন ছবি তুলি ধৰিব।
বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাত সোণাৰিঘাট হৈ যোৱা ৰাস্তা বন্ধ হৈ কাৰেং চাপৰি হৈ এটা নতুন ৰাস্তাই পোখা মেলিলে। কুলাজানৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ জীপ, উইংগাৰ, চুম’ চলিল। অত্যধিক ভাৰা। তাতো লেঠা। এটা চামে জোৰ জবৰদস্তি কাউণ্টাৰ খুলি বহিল। গাড়ী চলিলে তেওঁলোকৰ অধীনতহে চলিব। সকলোকে পইচা লাগে। তাতে ৰেজিষ্ট্ৰেচন উকলি যোৱা বা কৰ নিদিয়া পুৰণি গাড়ী, লাইচেঞ্চ নথকা দ্ৰাইভাৰ। এই বোৰতো প্ৰশাসনিক বেহা। তাতো এটা অদৃশ্য কাউণ্টাৰ। সকলো মিলাবলৈ যাত্ৰীৰ ওপৰত অতিৰিক্ত ভাৰা।
দলঙৰ কামৰ বাবে শ্ৰমিক লাগে, শিল-বালি লাগে, বাঁহ কাঠ লাগে, গাড়ী লাগে। অঞ্চলটোৰ বহু বানপীড়িত নিবনুৱা সেই কামত জড়িত হ’ল। স্বাধীনতাৰ ইমান বছৰৰ পিছতো, কোনো কালে মথাউৰিৰ বাদে ৰাস্তা ব্যৱহাৰ কৰি নোপোৱা মানুহখিনিয়ে এই প্ৰথম, কোম্পানীয়ে দলং সাজিবলৈ নিৰ্মাণ কৰা পকী ৰাস্তাত খোজ কাঢ়ি পালে, চাইকেল চলালে, বাইক চলালে। বহুতে জোনাক ৰাতি মনৰ উলাহতে অইনি’তম এফাঁকিকে গালে। কিবা যেন সাংঘাতিক পৰিৱৰ্তনৰ ঢৌৱে অঞ্চলটোৰ মানুহখিনিক চুই গ’ল। ফেৰীত অহা যোৱা কৰা মানুহখিনিয়ে ব্ৰহ্মপুত্ৰৰ গভীৰ জলৰাশিৰ মাজৰ দলঙৰ নিৰ্মীয়মান সুউচ্চ খুটাবোৰ চাই আত্মতুষ্টিৰ গভীৰ হুমুনিয়াহ এৰিলে – এৰা কিবা এটা হ’বগৈ। আমি নাপালো। আমাৰ ল’ৰা -ছোৱালীয়ে পাব।
দলং নিৰ্মাণৰ পিছত হঠাৎ বহু মহানুভৱৰ চকু মুকলি হ’ল। মহৎ কাম এটা হৈছে। দলঙৰ নাম এটা লাগে। এই চিন্তাত দিন ৰাতি মানুহবোৰ ব্যস্ত হৈ পৰিল। আহোম, চুতীয়া, মিচিং সকলোকে নিজা নিজা নাম লাগে। দৰকাৰ হ’লে আন্দোলন কৰিব, আত্মজাহ দিব। দলং এখন লাগে বুলি কিমান বাৰ আন্দোলন কৰিছিল এই সকল? অনশনত বহিছিলনে? ক্ষুদ্ৰ চিন্তাৰ পৰিধিৰ মাজত মানুহবোৰ এখন দেশৰ মানুহ হৈ নাথাকিল। অৱশেষত বগীবিল। আঃ, কি সুন্দৰ! অসমৰ মাটি-পানীৰ স’তে মিলি থকা নাম। গীতাঞ্জলিৰ জনক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সুৰত সুৰ মিলাই ক’বৰ মন যায়- সংকীৰ্ণ চিন্তাৰে মনৰ চাৰিসীমা নগঢ়িব, হে মোৰ দেশৰ মানুহ। দলং হ’ল, ঘাটৰ স’তে জড়িত, নিৰ্মাণৰ ঠিকা-ঠুকুলিৰ স’তে জড়িত ল’ৰাবোৰ আকৌ নিবনুৱা হ’ল। মিচিং অট’নমাচ কাউন্সিলত কিবা কাম ওলালে পাম বুলি ৰাজনীতি কৰে। টিএমপিকে কৰে। এতিয়া দলঙৰ ওপৰেদি দিন ৰাতি ছেদভেদ নথকাকৈ ৰঙ-বিৰঙৰ অসংখ্য গাড়ী চলে। দলং চাবলৈ সুদূৰৰ মানুহ আহে। ফটো, চেলফি, পিকনিক; সকলোতে ৰঙৰ উৎসৱ।
ৰং নাই মাথোঁ অঞ্চলটোৰ নিবনুৱা সকলৰ। দলং হোৱাৰ পিছত হ’বনে বানে ধোৱা এই অঞ্চলত কেতিয়াবা কিবা কল-কাৰখানা, উদ্যোগ, কাৰিকৰী শিক্ষানুষ্ঠান? ক’ৰবাত চকীদাৰ চাকৰি বা দাৰোৱানে হলো হয়! ল’ৰাবোৰৰ বুকুৱেদি নিৰাশাৰ ঢৌ বাগৰে। সপোনবোৰ বৰলুইতৰ বুকুত জাঁজৰি হৈ ভাঁহি যায়।