জীৱনৰ আঁক-বাক, বাজাজ চুপাৰ, হেলমেট আৰু ফৰ্মেল কাপোৰ

লেখক- ৰূপজ্যোতি হাজৰিকা

আমি ব্যস্ত চহৰৰ অলিয়ে গলিয়ে যেতিয়া নিজা কৰ্মসূত্ৰে ঘূৰি ফুৰো, তেতিয়া কিছুমান দৃশ্যই বহুবাৰ নষ্টালজিক কৰি তোলে (সকলোৰে ক্ষেত্ৰত একে অনুভৱ নহ’বও পাৰে)। তেনে বহু দৃশ্যৰ ভিতৰত মোক নষ্টালজিক কৰা এখন জীয়া ছবি হৈছে – এখন বাজাজ চুপাৰ স্কুটাৰ। তাত বহি যায় এজন বয়োজেষ্ঠ হেলমেট পৰিধান কৰা লোক লগত ওৰণিৰে মূৰ ঢাকি অতি শালীন পোছাক পৰিহিতা একো গৰাকী ভদ্ৰ মহিলা। কেতিয়াবা অকলশৰেও এজন বৰদেউতা বা খুড়াক দেখো।

সময়ৰ সোঁতত বহু বস্তু আমাৰ মাজৰ পৰা হেৰাই যায়। তাৰে কিছুমানৰ পুনৰ আগমন ঘটে। ১৯৭৬ ৰ পৰা ২০০৬ চনৰ এই সময়ছোৱাত বাজাজ অ’টোয়ে নিৰ্মাণ কৰা এখন স্কুটাৰ হৈছে – বাজাজ চুপাৰ। প্ৰকৃততে সেই সময় ছোৱাত এনে ধৰণৰ স্কুটাৰকেই ৰাস্তাত চলি ফুৰা দেখা গৈছিল। তেনে সময়ত তেনে ধৰণৰ এখন স্কুটাৰ থকাটো এক গৌৰৱৰ কথা বুলি ক’লেও বৰ বেছি বহাই কোৱা নহ’ব। আমাৰ বৰদেউতাৰো তেনে এখন বাজাজ স্কুটাৰ আছিল। তাৰ চীটটো দুটা ভাগত ভাগ কৰা আছিল। চালক বহা চীটতো বহল চাইকেলৰ চীটৰ আকাৰৰ আছিল অন্যহাতে পাছৰ চীটটো চাৰিচুকীয়া আয়তাকাৰ। ৰয়েল এনফিল্ড ক্লাচিকৰ চিটৰ দৰে একেই।

তথ্য অনুসৰি বাঢ়ি অহা মটৰ চাইকেল আৰু গাড়ীৰ দৌৰাত্ম্যৰ বাবে এই ধৰণৰ স্কুটাৰ বোৰৰ উৎপাদন বাজাজ কোম্পানীয়ে বন্ধ কৰে। তাৰ সলনি বিভিন্ন কোম্পানীয়ে নানা ধৰণৰ স্কুটী আৰু উন্নত তথা বেছি বেগী মটৰ চাইকেলৰ উৎপাদনত মন দিলে। আগৰ সেই গৌৰৱৰ ধ্বজা বহন কৰা স্কুটাৰ সমূহ সময়ৰ সোঁতত ক’ৰবাত হেৰাই গ’ল। এক কথাত কবলৈ গ’লে যান-জঁট বা ট্ৰেফিক চিগনেলৰ ৰঙা লাইটৰ সেই কেইছেকেণ্ড সময়ত যেতিয়া একে লগে বিভিন্ন গাড়ী, মটৰ চাইকেল বা স্কুটীবোৰ ৰয়, তেনে সময়ত তাৰ মাজতে কোনো এজন লোকে বাজাজ চুপাৰ বা তেনে ধৰণৰ স্কুটাৰ এখনত উঠি থকা দেখো। তেতিয়া এটা কথা চকুত পৰে সেই স্কুটাৰখন চলোৱা লোকজন সদায় ফৰৰ্মেল ছাৰ্ট – পেণ্টৰ লগতে হেলমেট পৰিধান কৰা লোকেই হয়।

এই যিটো কথা উল্লেখ কৰিছো সম্পূৰ্ণ মোৰ নিজা পৰ্যবেক্ষণহে মাথোঁ, কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো হ’ব পাৰে। তেনে ধৰণৰ পোচাক পৰিহিত জেষ্ঠ নাগৰিক সকলৰ পৰা আমি নতুন প্ৰজন্মই বহু কথা শিকিব লগা আছে – তাৰ ভিতৰত প্ৰধান হৈছে বাইক বা তেনে দুচকীয়া যান-বাহন চলোৱাৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰাৰ কথাটো, লগতে ট্ৰেফিক চিগনেলত বাইকৰ ইঞ্জিন বন্ধ কৰাটো। কিয়নো বাঢ়ি অহা ইন্ধনৰ মূল্যবৃদ্ধি বা প্ৰদূষণৰ বাবে ট্ৰেফিক চিগনেলতো যদি আমি আমাৰ মটৰ বাইকৰ ইঞ্জিন বন্ধ কৰো কিছু পৰিমাণে হ’লেও তেলৰ ৰাহি নিশ্চয় হ’ব।

এই লেখাটো পঢ়ি আপোনালোকেও এবাৰ মন কৰিবচোন, নিশ্চয় সেই দৃশ্যকে দেখা পাব বুলি মোৰ ধাৰণা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!