সাক্ষাৎকাৰ:ভৱানী পেগু
সাক্ষাৎকাৰ গ্ৰহণ- গায়ত্ৰী প্ৰান্তিক শৰ্মা
সাহিত্য ডট অৰ্গ: নমস্কাৰ ভৱানী পেগু বাইদেউ।
ভৱানী পেগু: নমস্কাৰ
সাহিত্য ডট অৰ্গ: মই গায়ত্ৰী প্ৰান্তিক শৰ্মাই সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমাক আপুনি দিয়া বহুমূলীয়া সময়ৰ বাবে প্ৰথমতেই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি আপোনাৰ সৈতে অকণমান কথা বাৰ্তা পাতিম বুলি ভাবিছিলোঁ, আপুনি যদি অনুমতি দিয়ে আমি আৰম্ভ কৰিব পাৰোঁ নেকি বাৰু?
ভৱানী পেগু: হয়। নিশ্চয় গায়ত্ৰী।
সাহিত্য ডট অৰ্গ: আপুনি সৰুৰে পৰা লেখক হ’ম বুলি ভাবিছিল নে? সপোন পুহি ৰাখিছিল নেকি? এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল?
ভৱানী পেগু: পোনপ্ৰথমে মই এই সাক্ষাৎগ্ৰহণ কৰাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। লগতে সাহিত্য ডট অৰ্গলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক হোৱাৰ সপোন আচলতে মই ঠিক পুহি ৰখা নাছিলোঁ। কিতাপ পঢ়াৰ এটা অভ্যাস সৰুৰে পৰাই গঢ় লৈ উঠিছিল। নিচা আছিল। লেখকসকলক মই খুব শ্ৰদ্ধা কৰিছিলোঁ। আৰু ভাবিছিলোঁ ( আজিও ভাবোঁ) কেনেকৈ যে তেওঁলোকে ডাঙৰ ডাঙৰ কথাক ইমান সহজতে আৰু সৰু সৰু কথাক ইমান বিশদভাৱে আৰু বিস্তৃতভাৱে ধুনীয়াকৈ লিখিব পাৰে। মই তেওঁলোকৰ পৰাই অনুপ্ৰাণিত হৈ মাজে মাজে কেতিয়াবা ক’ৰবাত এশাৰী দুশাৰী বাক্য লিখি পেলাইছিলোঁ আৰু নৱম মান শ্ৰেণীত এটা গল্প লিখি পেলাইছিলোঁ। এই গল্পটো আমাৰ শ্ৰেণীকোঠাৰ প্ৰত্যেকেই পঢ়িছিল। কিন্তু গল্পটো ইচ্ছা থকাৰ সত্ত্বেও ক’লৈকো পঠিওৱা নহ’ল। কাৰণ সুবিধা সুযোগ তেনেকৈ নাছিল। গতিকে লেখক হোৱাৰ ইচ্ছা বুলি ঠিক নকওঁ কিন্তু লিখি ভাল পাইছিলোঁ। অৰ্দ্ধ আকাশৰ মজিয়াত হে আচলতে মই প্ৰকৃত অৰ্থত লিখিবলৈ লৈছিলোঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ গ্ৰন্থ ‘ঐ পুলিৰ সপোনৰ দেশ’য়ে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে। পাঠকে খুব সুন্দৰকৈ আঁকোৱালি লৈছে গ্ৰন্থখন। তাৰ বাবে প্ৰথমেই আপোনালৈ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। গ্ৰন্থখন মোৰো বৰ প্ৰিয়। তাত এগৰাকী মানসিক ৰোগীক খুব ধুনীয়াকৈ অংকন কৰিছে আপুনি। ক’ৰবাত এই কাহিনীৰ সত্যতা আছে নেকি বাৰু?
ভৱানী পেগু: ঐ পুলিৰ সপোনৰ দেশ উপন্যাসত মই আচলতে মানসিক ৰোগী অৰ্থাৎ স্কীজ’ফ্ৰেনিক এগৰাকী ৰোগীৰ যন্ত্ৰণাক অংকন কৰিবলৈ চেষ্টা কৰিছিলো। মই ভাবো প্ৰত্যেক কাহিনীৰে সত্যতা থাকে। কাৰণ যিকোনো এটা ঘটনা নিজ চকুৰে নেদেখিলে বা তাক নিজেই অনুভৱ নকৰিলে লিখি পেলোৱাটো সম্ভৱ নহয় বুলিয়েই মই ভাবো। শৈশৱতে এটা ঘটনাই আচলতে মোৰ মনত খুব গভীৰভাৱে ৰেখাপাত কৰিছিল। আমাৰ স্কুলৰ কাষতে এখন ঘৰ আছিল। মোৰ আজিও মনত আছে ঘৰখনৰ প্ৰতিটো দৃশ্যপট। সেইখন ঘৰৰ মানুহ এগৰাকীক প্ৰায়েই আমি চোতালত দেখিছিলো। তেওঁ চোতাললৈ ওলাই আহে, গান গায়, হাঁহে, অকলে অকলে কান্দে। মানুহগৰাকীক ঘৰৰ মানুহে বিশেষকৈ ককায়েকসকলে ঠেলি হেঁচুকি মাৰ পিট কৰি কোঠাত সুমুৱাই থৈ দিয়ে। মই মাক সুধিছিলোঁ- কিয় তেনেকুৱা কৰে? মায়ে মোক কৈছিল যে এইবোৰ সৰু ল’ৰা ছোৱালীৰ আলোচনাৰ বিষয় নহয়। তোমালোকে এইবোৰ জানিব নালাগে। তথাপি মোৰ জানিবলৈ মন গৈছিল। মানুহবোৰে কৈছিল মানুহগৰাকী পাগলী। মানসিক ভাৱে অস্থিৰ ৰোগী মই চাগৈ প্ৰথম তেওঁকেই দেখিছিলো। মোৰ মনলৈ অন্য এগৰাকী মানুহৰ কথাও খুব আহে। বজাৰত ঘূৰি ফুৰা এগৰাকী মানুহ, লেতেৰা জপৰা চুলি। খুজি মাগি খায় তেওঁ। তেওঁক দেখিলে মানুহ দূৰতে আঁতৰ হয়। কিন্তু এদিন মানুহজনীৰ পেটটো বাঢ়ি আহিল। দিনত যাক দেখিলে মানুহ দূৰতে আঁতৰ হয়, নিশানো কোন কাষ চাপিল নাজানিলোঁ। এই দুটা আচলতে উদাহৰণহে। এনেকুৱা বহুতো ঘটমা স্বচক্ষে দেখিবলৈ পাইছিলোঁ। সেই মানুহগৰাকীয়ে এটি সন্তান জন্ম দিছিল, কোলাই বোকোচাই লৈ সন্তানটিৰ বাবে খুজি মাগি ফুৰিছিল। কোনোবাই কাপোৰ কানি কিনি দিছিল, কোনোবাই বিস্কুট, কোনোৱে ফল মূল, কোনোৱে চাউল। মই তেতিয়া ছাত্ৰী। বৰ বেছি সামৰ্থ নাথাকিলেও কেতিয়াবা বিস্কুট পেকেট এটা বা দহ টকীয়া এখন গুজি দিছিলোঁ। পিছলৈ মই যেতিয়া গুৱাহাটীলৈ আহিলোঁ, তাৰ পিছত মই পঢ়ি থকা কালচোৱাত ‘চাইক্ৰিয়াট্ৰি ৱাৰ্ড’ত এনেকুৱা আৰু অনেক ৰোগী লগ পাইছিলোঁ। তেওঁলোকৰ যন্ত্ৰণা ভৰা কাহিনীবোৰ শুনিছিলোঁ, অনুভৱ কৰিছিলোঁ। এই সকলো মোৰ জীৱনত দেখা এনেকুৱা চৰিত্ৰক মনত ৰাখি মই কিতাপখনৰ পদুম নামৰ চৰিত্ৰটি সজাইছিলোঁ।
সাহিত্য ডট অৰ্গ: বাইদেউ এই কিতাপখনত খুব ধুনীয়াকৈ এখন মিছিং সমাজক আপুনি ফুটাই তুলিছে। ক’ৰবাত আপোনাৰ শৈশৱটোৱে এই ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছিল নেকি?
ভৱানী পেগু: এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ পাই মই খুবেই সুখী হৈছোঁ গায়ত্ৰী। আমাৰ শৈশৱ আছিল আধুনিক প্ৰযুক্তিবিদ্যাৰ পৰা কিছু আঁতৰত। মোবাইল লেপটপ দূৰৰে কথা, luxury বুলিলে কেতিয়াবা ব্লেক এণ্ড হোৱাইট টিভি, কাৰোবাৰ ঘৰৰ মাৰুটি ৮00 খনকে বুজিছিলোঁ। আমাৰ বাবে ফেশ্যন আছিল দেওবৰীয়া বজাৰৰ পৰা অনা আঁঠুৰ তললৈ পৰা ফ্ৰক, হাতৰ পকোঁৱা খাৰু তাকো বিহুৱে পূজাই। খেলিবৰ বাবে খেলনাও নিজেও সাজি লৈছিলোঁ। মাৰ চাদৰ মেখেলা পিন্ধি খেলিছিলোঁ। মা দেউতাৰ পিছে পিছে পনপনাই ঘূৰি ফুৰিছিলোঁ নিশা হলে লেম্পৰ পোহৰত কিতাপ পঢ়া, প্ৰশ্ন সুধিলে নোৱাৰিলে কাণচেপা খোৱা, শোৱাৰ আগত শুনা সাধুকথা সেয়াই আছিল আমাৰ শৈশৱ। ঐ পুলিৰ সপোনৰ দেশ গ্ৰন্থত মই ঐ পুলিৰ শৈশৱ অংকন কৰিছোঁ সোৱনশিৰীৰ পাৰৰ গেৰুকামুখ পাহাৰৰ দাঁতিকাষৰীয়া এখন ভিতৰুৱা মিছিং গাঁৱত। সম্পূৰ্ণ নৈ-পৰীয়া এটি গাঁৱলীয়া পৰিবেশ। তুমিতো পঢ়িছাই। মোৰ এই মুহূৰ্তত ক’বলৈ মন গৈছে যে নিজৰ শৈশৱৰ মধুৰ স্মৃতিত বিচৰণ কৰিবলৈকে যেন মই ঐ পুলিৰ শৈশৱটো তেনেকৈ লিখিছিলোঁ। আৰু মই বিশ্বাস কৰো মোবাইল লেপটপ ইণ্টাৰনেটৰ ৰা আঁতৰত শৈশৱ কটাই অহা প্ৰত্যেকেই নিজৰ শৈশৱ ক’ৰবাত নহয় ক’ৰবাত ঐ পুলিৰ মাজত বিচাৰি পাব। আৰু মিছিং সম্প্ৰদায়ৰ ৰীতি নীতি বা সংস্কৃতিৰ কথা যদি ক’বলৈ যাওঁ মই নিজেই এই সম্প্ৰদায়ৰ ছোৱালী আৰু বোৱাৰী হিচাপে এইবোৰ দেখিয়েই ডাঙৰ হৈছোঁ। তথাপি মই বিয়া হোৱাৰ আগলৈকে পঢ়া শুনাত অধিক গুৰুত্ব দিয়াৰ বাবে এইবোৰ বৰ বেছি জনাৰ সুযোগ পোৱা নাছিলোঁ। মা দেউতাও যিহেতু চৰকাৰী চাকৰিয়াল গতিকে বৰ বেছি ৰীতি নীতি ঘৰখনত দেখা নাছিলো। কিন্তু বিয়াৰ পিছত জনাৰ সুযোগ পাইছিলোঁ। মিছিং ৰন্ধন প্ৰণালীয়েই হওক, ঘৰলোৱাৰ নিয়ম হওক, মুখে মুখে বাগৰি অহা নৈপৰীয়া ধুনীয়া জনশ্ৰুতিবোৰেই হওক মই শহুৰ দেউতাৰ মুখেৰে শুনিছিলোঁ আনকি ঐ পুলিৰ সপোনৰ দেশত ঐ পুলিৰ মাকৰ চৰিত্ৰটোৰ তাঁত বোৱা, সূতাত ৰং আদি বুলোৱা সেয়াও মই শাহু মাকেই কৰা দেখিছিলোঁ।
সাহিত্য ডট অৰ্গ: নতুনকৈ আপুনি কিবা লিখি আছে নেকি? কিবা উপন্যাসৰ কামত ব্যস্ত হৈ আছে নেকি?
ভৱানী পেগু: হয় গায়ত্ৰী মই এখন পূৰ্ণ প্ৰেমভিত্তিক উপন্যাস লিখি আছোঁ। প্ৰেমৰ উপন্যাস লিখাৰ মোৰ ইচ্ছা এটা আছিল। ঐ পুলিৰ সপোনৰ দেশতো যেন ক’ৰবাত পূৰণ নহ’ল সেই ইচ্ছাটো। গতিকে এটা নতুন পটভূমি সজাই এখন উপন্যাস লিখি আছোঁ। কাম চলি আছে। কেতিয়া শেষ হ’ব এতিয়াই ক’ব পৰা নাই। তদুপৰি নাৰ্ছিং আৰু স্বাস্থ্যখণ্ডৰ লগত মই নিজেও যিহেতু জড়িত গতিকে এই পটভূমিত এখন উপন্যাস মই ইংৰাজী ভাষাত লিখিম বুলি ভাবি আছোঁ। তাৰ বাবে মই বিশেষ কিছু সমল আৰু বহু মানুহৰ লগতো কথা পাতিছোঁ। অকণমান সময় লাগিব।
সাহিত্য ডট অৰ্গ: উপন্যাসখনৰ বাবে আমি আপোনাক আগতীয়াকৈ শুভকামনা জনাইছোঁ। আপুনি যিহেতু কৈছে এইখন এখন প্ৰেমৰ উপন্যাস আৰু ঐ পুলিৰ সপোনৰ দেশতো ঐ পুলি আৰু মিগমৰ যিখিনি প্ৰেম তাকো আপুনি খুব ধুনীয়াকৈ দেখুৱাইছিল। গতিকে এই মুহূৰ্তত জানিবলৈ মন গৈছে আপোনাৰ প্ৰতিখন উপন্যাসত প্ৰেমক যিহেতু আমি বিশেষভাৱে দেখিবলৈ পাওঁ ইয়াৰ কিবা কিবা বিশেষ কাৰণ?
ভৱানী পেগু: (হাঁহি) আচলতে মই বিশ্বাস কৰোঁ যে মানুহৰ মনৰ যিমানবোৰ অনুভূতি সেই আটাইবোৰ আবেগ আৰু অনুভূতিৰ মাজত প্ৰেম সদায় বিশেষ আৰু ই আটাইতকৈ উচ্চস্তৰৰ মানৱীয় অনুভূতি। মই বিশ্বাস কৰো প্ৰেম আছে বাবেই আমি আছোঁ। প্ৰেমৰ বাবেই আমি মানুহ আৰু প্ৰেমৰ বাবেই এই পৃথিৱী। প্ৰেমৰ বাবেই সৃষ্টি। গতিকে ই এটা এনেকুৱা অনুভূতি যি যৌৱনৰ দুৱাৰদলিতে হওক বা জীৱনৰ শেষ স্তৰতে হওক সকলো সময়তে মানুহে প্ৰেমক বিভিন্ন ৰূপত অনুভৱ কৰে বুলি মোৰ বিশ্বাস। গতিকে মই ভাবো জীৱনৰ এটা অভিন্ন অংগ হ’ল প্ৰেম। আৰু উপন্যাসবোৰনো কি? একো একোটা জীৱনকেইতো উপন্যাসত তুলি ধৰা হয়। জীৱনৰেই যেতিয়া অবিচ্ছেদ্য অংগ প্ৰেম গতিকে উপন্যাস খননো প্ৰেমক বাদ দি কেনেকৈ লিখিব পাৰোঁ।
সাহিত্য ডট অৰ্গ: অন্য কাহিনীতকৈ প্ৰেমৰ উপন্যাস এখন লিখিবলৈ কিমান পৃথক? প্ৰেম যেনেকৈ খুব সৰল তেনেকৈ প্ৰেম ক’ৰবাত দুৰ্বোধ্যও। প্ৰেমৰ অনুভৱ আমাৰ সকলোৰে মনত সোমাই আছে। সকলোৰে বুকুত থকা সেই অনুভৱক লেখা এটাৰে জোকাৰি যাবলৈ কিমান কঠিন? আপোনাৰ অনুভৱ কি এই ক্ষেত্ৰত?
ভৱানী পেগু: প্ৰেম আচলতে প্ৰত্যেকেই বিভিন্ন ধৰণে অনুভৱ কৰিছে নিজৰ জীৱনত। প্ৰেম বা অংকুৰিত সেই বিশেষ অনুভৱ আৰু অনুভৱৰ সৈতে জড়িত হৈ পৰা চঞ্চলতা বা ‘excitement’, আবেগৰ তীব্ৰতা আৰু আবেগ সৈতে জড়িত যন্ত্ৰণা সংঘাত সকলোৱে নিজৰ জীৱনত কম বেছি পৰিমাণে অনুভৱ কৰিছে। গতিকে সেই একেটা আবেগক ঘঁহি পিটি অসাধাৰণ ৰূপে অথচ সকলোৱে অনুভৱ কৰিব পৰাকৈ পুনৰ উপস্থাপন কৰাটো সহজ নহয়। মই ভাবোঁ প্ৰেম আৰু আকৰ্ষণ লিখাটো সহজ কিন্তু ইয়াৰ তীব্ৰতা লিখাটো সহজ নহয়। কাৰণ প্ৰতিটো সূক্ষ্ম মুহূৰ্তত অনুভৱ কৰি জীৱন্ত ৰূপত তুলি ধৰা পাঠকক ভাবিবলৈ বাধ্য কৰোৱা যে – ‘এয়া দেখোন মোৰ লগতো হৈছিল’ সেয়া একেবাৰেই সহজ নহয় বুলিয়েই মই ভাবোঁ।
সাহিত্য ডট অৰ্গ: এইখিনিতে এটা কথা মনলৈ আহিছে যিহেতু আপুনি সামাজিক মাধ্যমত আপোনাৰ উপন্যাসসমূহ বিশেষভাৱে আগবঢ়াই নিয়ে। খণ্ডসমূহ নিয়মীয়া ব্যৱধান এটাত আগবঢ়াই নিওতে কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি যে আৰু অকণমান সময় পোৱা হ’লে খণ্ডটো আৰু ভাল হোৱাৰ থল আছিল। যিহেতু পাঠক সমাজে অপেক্ষা কৰি থাকে প্ৰতিটো খণ্ডলৈ। নিয়মীয়া ব্যৱধান এটাত পাঠকৰ মনত ৰেখাপাত কৰাকৈ লিখিবলৈ কঠিন নেকি?
ভৱানী পেগু: হয়। ক’ৰবাত হয়তো কঠিন হৈ পৰে মাজে মাজে। মই নিজেও অনুভৱ কৰিছোঁ। মই ব্যক্তিগতভাৱে উপন্যাস এখনৰ জুমুঠিটো আগতেই তৈয়াৰ কৰি লওঁ। তাৰ পিছত খণ্ড খণ্ডকৈ আগবঢ়াই নিয়া যায়। তেনেকৈ আগবঢ়াই নিওঁতে খণ্ডবোৰত বহুতো এদিটিং ৰ প্ৰয়োজন হয়। বানান, সংলাপ ভাৱ আদি সজাই পৰাই লিখা হয়। ঠিকমতে এদিত হ’বলৈ হ’লে অকণমান সময় আচলতে লাগে। আটাইতকৈ ডাঙৰ কথাটো হ’ল যিকোনো সময়ত যেন লিখিব নোৱাৰোঁ বা লিখিম বুলিলেই যেন লিখিব নোৱাৰোঁ। এটা বিশেষ সময় থাকে সেই সময়খিনিত হে যেন লিখিব পাৰো। মই বিশেষকৈ গধূলি সময়খিনি ভাল পাওঁ পাওঁ লিখাৰ বাবে। চৰিত্ৰবোৰ অনুভৱ কৰা তেওঁলোকৰ দুখ যন্ত্ৰণা অনুভৱ কৰিবলৈ সেইখিনি সময় মই ভালপাওঁ। কিন্তু মই অন্যান্য ব্যস্ততাৰ বাবে সেইখিনি সময়ত যদি লিখিব নোৱাৰো কিন্তু পাঠক সকল ৰৈ থকাৰ বাবে যদি লিখিও দিওঁ তাত কিবা এটা যেন থাকি যায়। এটা অসন্তুষ্টিৰ ভাৱ।
সাহিত্য ডট অৰ্গ: যিহেতু এতিয়া চাৰিওফালে ক’ভিডৰ আতংক। যি পৰিস্থিতিত শাৰীৰিক ভাৱে সুস্থ থাকিলেও মানসিকভাৱে নিজক সুস্থ কৰি ৰখাটো বৰ কঠিন কাম হৈ পৰিছে। এগৰাকী স্বাস্থ্যখণ্ডৰ লগত জড়িত ব্যক্তি হিচাপে আপুনি ৰাইজক কি পৰামৰ্শ দিবলৈ বিচাৰিব?
ভৱানী পেগু: কভিড মহামাৰীৰ সময়ত লকডাউন, সামাজিক ব্যৱধান, ইত্যাদিৰ বাবে আমাৰ হতাশা, বিষাদগ্ৰস্ততা খুব স্বাভাৱিক কথা। আচলতে নোহোৱাটোহে অস্বাভাৱিক। খুব অসহায় অনুভৱ কৰো সকলোৱে। যিহেতু আমাৰ সন্মুখত এটা অদৃশ্য শত্ৰু। তথাপি মই ভাবো আমাৰ হাতত যদি সঠিক তথ্যবোৰ থাকে যেনে আমি কি কৰা উচিত, কেনে সাৱধানয়তা গ্ৰহণ কৰা উচিত এইবোৰ যদি আমি জানি থওঁ আমাৰ বাবে বৰ ভাল কথা এই মুহূৰ্তত। আৰু মই ভাবো খবৰ বাতৰিবোৰৰ বাবে আমি বহুত বেছি ফেইচবুক, হোৱাটছ আপ আদিৰ ওপৰত ভৰসা নকৰাই ভাল কাৰণ খবৰৰ লগতে অতিৰঞ্জিত খবৰো ভালেমান থাকে তাত। মই এই মুহূৰ্তত এইটোৱেই ক’বলৈ বিচাৰিম যে আমি নিজৰ শৰীৰৰ যতন লোৱা উচিত, ভালকৈ খোৱা বোৱা যোগাভ্যাস আদি নিয়মিত ৰাখক। মানসিক চাপৰ বাবে যদি আমি মন পছন্দৰ কাম কৰিব পৰাও নাই তেন্তে কোনো কথা নাই। সহজভাৱে লওক। যোগাত্মক কৰি ৰাখক মনবোৰক। অস্থিৰ সময়ৰ পিছত সুস্থিৰ সময় ঘূৰি আহিব আৰু তেতিয়া আমি আমাৰ ভাললগা কামবোৰ কৰিবও পাৰিম। এই মুহূৰ্তত সেয়া চিন্তা কৰাতকৈ ঘৰৰ মানুহৰ লগত কথা পাতক, সন্তানক সময় দিয়ক, কিতাপ পঢ়ক, বন্ধুৰ লগত যোগাযোগ ৰাখক।
সাহিত্য ডট অৰ্গ: এটা ব্যস্ততাপূৰ্ণ চাকৰি আৰু দুটি সন্তানৰ মাতৃ হিচাপে লেখা মেলাৰ সময়খিনি আপুনি কেনেকৈ উলিয়াই লয়?
ভৱানী পেগু: সঁচাকৈ এইটো এটা বৰ টান কাম বুলিয়েই মই অনুভৱ কৰোঁ। চাকৰি, সন্তান সকলোৰে মাজত সমতা ৰাখি লেখা মেলা কৰাটো সহজ কথা নহয়। কিন্তু মই ভাবোঁ মোৰ চৌপাশক আনন্দময় কৰি ৰাখিবলৈ হ’লে বা সুখী কৰি ৰাখিবলৈ হ’লে মই নিজৰ ভালপোৱা কামখিনি কৰিবলৈ পাবই লাগিব। আগতে মই পঢ়ি ভাল পাইছিলোঁ। ৰাতি দুপৰলৈকে সাৰ পাই থাকি হ’লেও পঢ়ো। তেনেকৈ লিখাৰ বাবেও মই সময় উলিয়াই লওঁ মই যেনেতেনে হ’লেও। আজিলৈকে তেনেকৈয়ে কৰি আহিছো (হাঁহি)।
সাহিত্য ডট অৰ্গ: সামাজিক মাধ্যমত সাহিত্য চৰ্চাৰ বিষয়ে আপুনি কি ক’ব খোজে লগতে নতুন লেখকলৈ বিশেষভাৱে যি সকলে সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰি আছে, তেওঁলোকলৈ কিবা পৰামৰ্শ?
ভৱানী পেগু: পৰামৰ্শ দিব পৰা মই অভিজ্ঞ হোৱা নাই বুলিয়েই ভাবো আচলতে। তথাপি কওঁ সামাজিক বা ছপা মাধ্যম বুলি আচলতে কথা নাই। সাহিত্য চৰ্চা যদি আমি প্ৰকৃততেই কৰিব খুজিছোঁ তেন্তে মগজুৰ কৰ্ষণ আমি কৰিবই লাগিব। আৰু মই ভাবো গ্লোবেলাইজেচনৰ যুগত ডিজিটেল মাধ্যমক প্ৰথম প্লেটফৰ্ম হিচাপে গণ্য কৰা হয়। লিখা মেলা বা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত নো এই প্লেটফৰ্মখন কিয় পিছ পৰি ৰব লাগে। মই ভাবোঁ আমি সাহিত্য চৰ্চাত ডিজিটেল মাধ্যমক গুৰুত্ব দিয়া উচিত। ইয়াত বেয়া দিশো নথকা নহয়। যেনে ইয়াত কোনো সম্পাদক নাথাকে যাৰ যি মন যায় যেনেকৈ মন যায় লিখিব পাৰে। সেয়ে বানান বিভ্ৰাত থাকি যায়, বাক্য গাঁথনি দুৰ্বল হব পাৰে আৰু কেতিয়াবা খুব তৰল লিখনি এটায়ো খুব লাইক কমেণ্ট পালে খুব ভাল লিখিছোঁ বুলি এটা অহংভাৱো আমাৰ মনলৈ আহি যাব পাৰে। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব। আমাৰ যথেষ্ট সচেতন পাঠকো থাকে যি আমাৰ ভুলবোৰ আঙুলিয়াই দিয়ে। ই খুব আদৰণীয়। কিন্তু দেখা যায় বহু ক্ষেত্ৰত ভুল দেখুৱাই দিলেও যেন এচামে জাঙুৰ খাই উঠে। তেনে হোৱা উচিত নহয়। আৰু এটা সমস্যা দেখা যায়। সেয়া হৈছে নিজৰ এটা স্থিৰ প্লটৰ অভাৱতেই নে কি পাঠকে যেনেদৰে বিচাৰে তেনেকৈ কাহিনী আগবঢ়াই নিয়ে। মই ভাবো তেনে কৰিলে লেখকৰ সৃষ্টি সঁচা অৰ্থত ফুটি নুঠে। এটা কথাই ক’ম সাহিত্য চৰ্চা যদি আমি কৰিছোঁ ডিজিটেল বা ছপা মেডী বুলি নহয়, কষ্ট আমি কৰিবই লাগিব। আৰু পাঠকৰ মন্তব্য আদৰিব পাৰিব লাগিব।
সাহিত্য ডট অৰ্গ: শেষত সোধো ‘ঐ পুলিৰ সপোনৰ দেশ’ কিতাপ আকাৰে ইমান জনপ্ৰিয় হোৱাৰ পিছত কিতাপখন লৈ আপোনাৰ কিবা বিশেষ সপোন আছে নেকি?
ভৱানী পেগু: বহুদিনৰ পৰা আচলতে কথাটো ভাবি আছোঁ। আজিও মই এটা ফোন পালোঁ যে বাইদেউ খুব জানিবলৈ মন থাকিল যে ডঃ তমিস্ৰা মিলিৰ পৰীক্ষাৰ ৰিজাল্ট কি হ’ল, বা মিগম এওঁ গৌৰৱৰ মাজৰ সম্বন্ধটো কি হ’ল? পদুমৰ কি হ’ল? তেনেকুৱা প্ৰশ্নবোৰ পালোঁ। আৰু বহুতো অভিজ্ঞ ব্যক্তি আৰু মাহতেও কৈছে যে এই কিতাপৰ দ্বিতীয় খণ্ড এটা লিখি উলিয়াব পাতিলে ভাল হ’ব। কাৰণ এইখন উপন্যাসত মুখ্য চৰিত্ৰ ঐ পুলিয়ে এটা সপোন দেখিছে। গতিকে সেই সপোনটো কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিলে? বা ৰূপায়ণ কৰিবলৈ যাওঁতে কেনেধৰণৰ সংঘাতৰ মুখামুখি হ’ল বা পদুম আৰু ঐ পুলিয়ে কেনেকৈ হাজাৰজনী পদুমৰ তত্ত্বাৱধান কৰিছে বা বিশ্বাসৰ এখন আকাশ কেনেকৈ দিছে সেই কথাখিনি মই লিখি উলিয়াব লাগে। ময়ো প্ৰয়োজন আচলতে অনুভৱ কৰিছো। হয়তো কোনোবাদিনা লিখি উলিয়াম।
সাহিত্য ডট অৰ্গ: আচলতে বাইদেউ মোৰ প্ৰশ্নটো সোধাৰ আৰু এটা উদ্দেশ্য আছিল যে যেতিয়া আমি কিতাপখন পঢ়ি যাওঁ এনেকুৱা লাগে কিতাপখন এখন যদি বোলছবি হয় বৰ ভাল হ’ব। কেতিয়াবা এই বিষয়ে ভাবিছে নেকি?
ভৱানী পেগু: পৰিকল্পনা তেনেকুৱা গায়ত্ৰী এই মুহূৰ্তত নাই কিন্তু এটা ভাল খবৰ মই শ্বেয়াৰ কৰো সকলোৰে লগত যে কিতাপখন বাংলা আৰু ইংৰাজী ভাষালৈ অনুবাদৰ কাম চলি আছে। আৰু বোলছবিৰ বাবেও কিছুলোকে কথা পাতিছে বুলি মই গম পাইছোঁ যদিওবা মোৰ লগত প্ৰত্যক্ষভাৱে কথা হোৱা নাই। কিন্তু কোনোবাদিনা যদি হয় তেতিয়া ৰাইজক জনাবলৈ পালে মই খুব সুখী হ’ম।
সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা ইমানখিনি সময় দিয়াৰ বাবে। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক শুভকামনা জনালোঁ। সৃষ্টিমূলক কামবোৰ এনেদৰেই কৰি গৈ থাকক।
ভৱানী পেগু: অশেষ ধন্যবাদ গায়ত্ৰী, সাহিত্য ডট অৰ্গকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা পুনৰবাৰ যাছিলোঁ।