3D এনিমেছন চিনেমাৰ ক্ৰমবিকাশ

লেখক- ঋতুপৰ্ণ বৰা

শৈশৱৰ বহু সোণোৱালী স্মৃতিৰ ভিতৰত দূৰদৰ্শনত প্ৰচাৰিত হোৱা ‘দা জাংগল বুক’, ‘ডাক টেলছ’, ‘টেলছ স্পিন’ আদি এনিমেছন ধাৰাবাহিক উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা দেওবাৰৰ ৰাতিপুৱাবোৰ মনলৈ আহিবই। বাস্তৱ পৃথিৱীৰ পৰা দূৰৈত এক কল্পনাৰ ৰঙীন ৰোমাঞ্চকৰ পৃথিৱীলৈ টানি নিয়া এই এনিমেছন সমূহৰ প্ৰতি আমি সকলো কম বেছি পৰিমাণে আকৃষ্ট!

১৯২৮ চনত ৱাল্ট ডিজনিয়ে নিৰ্মাণ কৰা প্ৰথম সবাক এনিমেছন চিনেমা ‘Steamboat Willie’ ৰ পৰা শেহতীয়াকৈ Disney আৰু Pixar ষ্টুডিঅ’ই নিৰ্মাণ কৰা Oscar বিজয়ী 3D এনিমেছন চিনেমা ‘Soul’ লৈকে কাৰিকৰী দিশত এনিমেছন চিনেমায়ে বহু অগ্ৰগতি লাভ কৰিলে। এসময়ত প্ৰতি চেকেণ্ড এনিমেছনৰ বাবে ২৫টা ফ্ৰেম হাতেৰে আঁকিব লগীয়া হৈছিল। আজি কম্পিউটাৰ প্ৰযুক্তিৰ দিনত এনিমেছন নিৰ্মাণৰ বাবে বহু কেইটা ছফ্টৱেৰৰ উদ্ভাৱন হৈছে। এই ছফ্টৱেৰ সমূহে আগৰ তুলনাত আৰ্টিষ্টসকলৰ সময় ৰাহি কৰাৰ লগতে নতুন নতুন কাৰিকৰী কৌশল প্ৰয়োগ কৰি এনিমেছন চিনেমাসমূহ উন্নত কৰি তুলিছে। এনিমেছন চিনেমাবোৰ কেৱল শিশুৰ পছন্দৰ বুলি থকা ধাৰণাটো লাহে লাহে নাইকিয়া হৈ আহিছে। ২০১৯ চনত মুক্তি প্ৰাপ্ত 3D এনিমেছন চিনেমা ‘The Lion King’ য়ে বক্স অফিচত প্ৰায় ১২০০০ কোটি টকাৰ ব্যৱসায় কৰি সৰ্বকালৰ বাণিজ্যিক ভাৱে আটাইতকৈ সফল এনিমেছন চিনেমা হিচাপে পৰিগণিত হৈছে। 3d এনিমেছন চিনেমাক আজিৰ এই সফল পৰ্য্যায়লৈ অনাত আটাইতকৈ বেছি অৰিহণা থকা ষ্টুডিওটো হৈছে ‘Pixar Studio’। এই ষ্টুডিওৰ পৰাই ১৯৯৫ চনত নিৰ্মাণ হৈ ওলাইছিল প্ৰথম পূৰ্ণ দৈঘ্যৰ 3D এনিমেছন চিনেমা ‘Toy Story’। ইয়াৰ পৰৱৰ্তী সময়খিনিত Pixar Studio ৰ পৰা ‘A Bug’s Life’, ‘Finding Nemo’, ‘The Incredibles’, ‘Wall-E’, ‘Up’, ‘Soul’ আদি কেইবাখনো সফল এনিমেছন চিনেমা নিৰ্মাণ হয়। 3D Animation Studio ৰ ক্ষেত্ৰত Pixar ৰ বাহিৰেও Disney, Dreamworks, Sony Pictures, WB আদি ষ্টুডিওৰ পৰাও কেইবাখনো সফল এনিমেছন চিনেমা মুক্তি লাভ কৰিছে। বক্স অফিচত আটাইতকৈ সফল 3D এনিমেছন চিনেমা ১০খন তলত উল্লেখ কৰা হ’ল।

১)The Lion King(2019)

২) Frozen 2 (2019)

৩) Frozen(2013)

৪)Incredibles 2 (2018)

৫)Minions(2015)

৬)Toy Story 4(2019)

৭)Toy Story 3(2010)

৮) Despicable Me 3 (2017)

৯)Finding Dory(2016)

১০)Zootopia(2016)

এনিমেছন ক্ষেত্ৰত ভাৰতীয় ষ্টুডিওসমূহ বিশেষভাৱে সফল নহয় যদিও শেহতীয়া ভাৱে খুব জনপ্ৰিয়তা লাভ কৰা ‘Chota Bheem’, ‘Little Krishna’, ‘Hanuman’ আদি 3D এনিমেছন সমূহে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।
মানুহৰ মনটো কল্পনা প্ৰৱণ, এনিমেছনৰ ক্ষেত্ৰত প্ৰতিদিনে উদ্ভাৱন কৰা নতুন নতুন কাৰিকৰী কৌশলে মানুহৰ এই কল্পনাবোৰ চিনেমা আকাৰত দৰ্শকৰ আগত দাঙি ধৰি নতুন দিগন্তৰ সূচনা কৰিছে। এনিমেছন চিনেমাৰ এই ৰঙীন যাত্ৰা অব্যাহত থাকক।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nilotpal
2 years ago

জাপানীজ এনিমেচনৰ কথাও জনাব লাগিছিল

Don`t copy text!