ইয়াত সকলো আছে
লেখক- প্ৰসেনজিৎ খাউণ্ড
ইয়াত সকলো আছে
গছ-লতা-বন
মাটি-পানী-আকাশ
ওখ ওখ অট্টালিকা
চাৰি লেন যুক্ত পথ
ইখনতকৈ সিখন দামী গাড়ী
নাই মাথোঁ সঁচা ভালপোৱা
মানুহ আছে
মানৱীয়তা নাই।
এতিয়া সকলোতকৈ দামী অক্সিজেন
প্ৰথম হোৱাৰ প্ৰতিযোগিতাত
পৃথিৱীৰ বৃহত্তৰ মূৰ্ত্তি বোৰ সাজি
আমি যে কিমান সৰু হৈ গ’লোঁ।
ভগৱানকনো বাৰু আমি সাজিব পাৰোঁ নে
এতিয়া ইয়াত সকলো বিক্ৰী হয়
মানুহে মানুহ খেদিবলৈ
কুকুৰ পোহে
পজিটিভ মানুহ দেখিলে মানুহ পলায়।
মাটিয়েই মাটি
তথাপি শ্মশানৰ অভাৱত
চিতাৰ ওপৰত চিতা জ্বলে।
এটা উশাহৰ আকাল
ভগৱানেই শেষ ভৰসা।
তথাপি ইয়াত সকলো আছে
ৰাতিৰ আকাশত জোন জ্বলে
ব’হাগত কুলিয়ে মাতে
চ’তত থেৰেজু আজিও পকে।
ভোকত আমিও খাওঁ
ঈশ্বৰ বুলিলে
দুখতো পূজোঁ
সুখতো পূজো
কাৰণ এটাই
আমাৰ তেজ ৰঙা।
ইয়াত সকলো আছে। ।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments