আমি শিকিব লাগিব, বহুত শিকিব লাগিব

লেখক- পাৰ্থ প্ৰতীম শৰ্মা

: আবে, ইমান নিষ্ঠুৰ কেনেকৈ ৰে মানুহবোৰ? জিভাও কাটি দিছে বে! মই যেতিয়াৰ পৰা নিউজত দেখিছোঁ মোৰ মগজ গৰম হৈ আছে।

: সেইবোৰ আলোচনা কৰি থাকিবলৈ মোৰ মন নাই অ’। বেলেগ কিবা কথা উলিয়াই ল।

: তই কি মই মদৰ নিচাত কৈ থকা বুলি ভাবিছ নেকি ৰে! তিনি পেগত মোৰ নিচা হ’লে মই মদ খোৱা এৰি দিম ৰে। মই এতিয়াও হিলাই নাই।

: নহয় ৰে। মোৰ এইটো বিষয়ত কথা পাতিবলৈ মন নাই।

: কিন্তু পাতিব লাগিব ন। আমি কথা নাপাতিলে কেনেকৈ হ’ব। আমি ডেম’ক্ৰেটিক কাণ্ট্ৰি এখনৰ নাগৰিক বে। আমি কথা পাতিবই লাগিব। য়ু ন, ফ্ৰীদম অফ স্পীচ্ছ। আৰ্ত্তিকল নাইনটিন আছিল চাগে ন? ইউ.পি.এচ.চিৰ কাৰণে পঢ়োঁতে খুব মুখস্থ কৰিছিলোঁ বে। এতিয়া পাহৰিলোঁ।

: আৰ্টিকল নাইনটিন! (হুহ! ) এনিৱে এতিয়া সেইটোৰ লগত আৰ্টিকল নাইনটিনৰ একো লিংক নাই দেই।

: বাদ দে, ঐ শুন না তই যে মদ নাখাৱ। আৰু মই যে খাওঁ সেইটোও কিবা আৰ্টিকলত পৰিব ন? কোনটো আৰ্টিকলত পৰিব?

: আৰ্টিকল টুৱেণ্টি ওৱান হ’ব চাগে। পাৰ্চনেল লিবাৰ্টি।

: ইণ্ডিয়াখন কিন্তু জেং কাণ্ট্ৰি ন? সব আৰ্টিকলতে সোমাই আছে ৰে। শুন না, চেক্স কৰাৰো কিবা আৰ্টিকল আছে নেকি?

: মোৰ ভালকৈ মনত পৰা নাই। কিন্তু কনচেনচুৱেল চেক্সৰ বাবে টুৱেণ্টি ওৱানেই হ’ব চাগে। চইছ টু মেৰীও তাত আছিল।

: উম। যিয়েই নকৱ কিয় আমাৰ কনষ্টিটিউচনখন কিন্তু ‘এ ক্লাছ’। মানিব লাগে। দুই এটা গেপ আছে। সেইটো থাকিবই। লাহে লাহে ঠিক হৈ গৈ থাকিব।

: এটা কথা কি জান? বজাৰৰ ভালতকৈ ভাল বস্তু আনিলেও নহ’ব, ৰান্ধিবও জানিব লাগিব। আমাৰো একেই অৱস্থা। সংবিধানখন ভাল হ’লেই নহ’ব সেইখন একজিকিউট কৰা মানুহবোৰো ভাল হ’ব লাগিব। (খঙত)

: আবে তোৰ খং উঠি গ’ল যে! চ্চিল বাডী। দেশ এনেকৈয়ে গ্ৰ’ হয় লাহে লাহে!

: গ্ৰ’? য়ু চি দিছ টু বি গ্ৰোয়িং! ডেম য়ু। যিখন দেশত ইমান ব্ৰুটেল ৰেপ হয়, ডেট কাণ্ট্ৰি ইজ গ্ৰোয়িং! কি কৱ বে!

: আবে মোতকৈ তই ইমোছোনেল হৈছ বে! মাল মই খাইছোঁ, নিচা তোৰ হৈছে। আৰে কি কৰিবি ক? এডমিনিষ্ট্ৰেচনে কিবা ষ্টেপ ল’বতো।

: কি ষ্টেপ লৈছে দেখিছই দেখোন। হোপ্লেচ। ঠিকেই কৈছ ৰে, মই দিষ্টাৰ্বড হৈ আছোঁ অলপ। ঔকে। ঠিক আছে, এডমিনিষ্ট্ৰেচনৰ বাৰু কৰিবলগীয়া আছে। সিহঁতে কৰিব। কিন্তু আমাৰ মানুহবোৰৰ কি হৈছে ৰে! ইমান নিষ্ঠুৰ কিয়? আচলতে কি জান, যদিও সকলোৱে কয় ফাঁচী দিব লাগে বুলি। কিন্তু দিছ নিদ এ ষ্টাডি। কিহৰ বাবে মানুহবোৰ ইমান নিষ্ঠুৰ হৈ পৰে! এইটো চেক্সৰ কথা নহয় বুজিছ! হাড় ভাঙি দিয়া, জিভা কটা, ৰ’ড সুমুৱাই দিয়া। দিছ ইজ পানিছমেণ্ট। সিহঁতে যেন ছোৱালীজনীক শাস্তি দিছে। কেতিয়াবা হয়তো তাই ৰাতি কিয় ওলাই আহিব বুলি ম’ৰেল পুলিছিং, কেতিয়াবা হয়তো তাই বয়ফ্ৰেণ্ডৰ লগত চিনেমা কিয় চাব বুলি ম’ৰেল পুলিছিং! চুটি কাপোৰ কিয় পিন্ধিব বুলিও তাইৰ ৰেপ হ’ব! এনিথিং চি দাজ, যদি আমাৰ মতে নহয় উই উইল ৰেপ হাৰ। দিছ নিদ টু বি ষ্টাডিদ। দিছ হোল থিং নিদ টু বি ষ্টাডিদ।

: আবে, সঁচাই ৰে। পুলিচে কি কৰি থাকে?

: ৰেপ হোৱাৰ পিছত পুলিচৰ ষ্টেপ সন্দেহজনক। কিন্তু এইটোও সঁচা কথা ন পুলিচেও প্ৰত্যেকজন মানুহক ইণ্ডিভিজুৱেল প্ৰ’টেক্সন দিয়াটো আমাৰ দৰে পপুলেটেড কাণ্ট্ৰিত পচিবল নহয় ৰে। ষ্ট্ৰিক্ট ৰেগুলেচন, এণ্ড এন ইন দেফ্ট চাইক’ল’জিকেল ষ্টাডি ইজ ইমপৰ্টেণ্ট। জুদিছিয়াৰী ষ্ট্ৰং হ’ব লাগিব।

: কিন্তু আমিনো কি কৰিম ক?

: আমি এইবোৰ ফেচবুক-হোৱাটচাপত লিখি থাকিলেই নহয় ঔ। সলনি কৰিবলগীয়া আমাৰো আছে। এই যে পুৱা মৰ্নিং ৱাকত যোৱা ছোৱালী চাবলৈ তই আৰু বিপুলে স্কুটি লৈ যাৱ, তাত গৈ ছোৱালীৰ দেহৰ ভাঁজ চাই কমেণ্ট মাৰ! সেইটোও হাৰাচমেণ্ট। আমি সেয়াও বন্ধ কৰিব লাগিব। অকল তই নহয়, মই নিজৰ ভুলবোৰো মানো। আজি কেইদিনমান আগলৈ মই নিজেও ছোৱালীৰ কাপোৰ পিন্ধাৰ ধৰণকলৈ বহুত আপত্তি কৰিছিলোঁ। অপৰাজিতাৰ লগত তাকে লৈ কিমান কাজিয়া গ’ল! কিন্তু এতিয়া বুজিছোঁ, সেইবোৰৰ কোনো কথাই নাই ঔ। গোৱাত আধা মানুহ বিকিনি পিন্ধি ঘূৰি ফুৰে, তাত ৰেপ কিন্তু কম। কথা সেইটোৱেই ঔ, মাইণ্ডচেট।

আমি অকণমান নিজৰ মাইণ্ডচেট ঠিক কৰিব লাগিব। আৰু আনকো বুজাব লাগিব। হাও টু ৰেচপেক্ট ডেম। যিখিনি অধিকাৰ আমাৰ আছে সেইখিনিয়েই প্ৰত্যেকগৰাকী ছোৱালীৰ আছে। যদি সংবিধানে মোক বিন্দাচ ঘূৰিব পৰাৰ অধিকাৰ দিছে, সেয়া এজনী ছোৱালীৰো আছে। আৰু কোনেও সেই অধিকাৰৰ ওপৰত ম’ৰেল পুলিছিং কৰিব নোৱাৰে। আমি শিকি বহুত লাগিব, বহুত শিকিব লাগিব…..।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!