দেওডৰিক চিকাৰ

লেখক- মূল গল্প: ফিজেণ্ট হাণ্টিৎ, লেখিকা: মিনৰোজ গুইন, অনুবাদ: ধ্ৰুৱ শইকীয়া

তেওঁ তেতিয়া ডিভৰ্চৰ কামখিনিত লাগি আছিল। বিয়া-বাৰু কৰাই মই তেতিয়া দুটা কিশোৰ সন্তানৰ মাক। ডিভৰ্চৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে তেওঁ আন এজনী মানুহৰ সৈতে ডেটিং চলাই্ছিল, ক’বলৈ গলে মানুহজনীৰ লগতে থাকিবলৈয়ো লৈছিল। তাইৰ ক’লা-নীলা চুলিটাৰি কঁকালত পৰেহি। হৃষ্ট-পু্ষ্ট মানুহজনীৰ উচ্চতা ছফুট, আটাইকেইটা আঙুলিতে একোটাকৈ আঙঠি, আনকি দুই হাতৰ বুঢ়া আঙুলিও বাদ পৰা নাই। মানুহগৰাকী এগৰাকী কবি, লগতে নিজকে চেৰকি বংশৰ বংশধৰ বুলিও কয়। মোৰ কাম হ’ল পীনাট বাটাৰ আৰু জেলি চেণ্ডউইচ বনোৱা, কাৰপুল চলোৱা, তিনিটাকৈ ক্লাচত পঢ়োৱা আৰু ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ কামত লাগি থাকি গ্ৰেজুৱেট স্কুলৰ পৰীক্ষা সময়মতে দিব নোৱাৰিলোঁ কাৰণে এতিয়া এখন কিতাপ লিখিব লগা হৈছে। মোৰ মানুহজন দেখিবলৈ মুখত একোচা দাড়িৰে সৈতে একেবাৰে ৰবাৰ্ট ৰেডফ’ৰ্টৰ নিচিনা, মইহে দেখাত তেনেই সাধাৰণ।
কেনেকৈ হ’বলৈ পালে, আৰম্ভণি কিদৰে হৈছিল, সেইবোৰ মোৰ একো মনত নপৰে। আমি দুয়ো বিশ্ববিদ্যালয়ত পঢ়ুৱাইছিলোঁ, তেওঁৰ অফিচ আছিল মোৰ অফিচৰ মুখতে থকা হলটোৰ ইমূৰে। আামাৰ দুজনৰ কোনোবা এজনে নিশ্চয় ইজনৰ দুৱাৰমুখত জুমা-জুমি কৰিছিল। এদিন আমাৰ দুজনৰে কোনোবা এজনে মাত লগালে, ইজনেও উত্তৰত কিবা ক’লে আৰু তেনেকৈয়ে কথা বতৰা আৰম্ভ হ’ল। আমি যিটো হলত থিয় হৈছিলোঁ, তাৰ মজিয়াত আছিল সেউজীয়া আৰু ক’লা ৰঙৰ চেক, এই কথা মোৰ মনত আছে কাৰণ মই লাজকুৰীয়া স্বভাৱৰ হোৱা কাৰণে কথা পাতোঁতে তলমূৰকৈ মজিয়াখনলৈকে চাই আছিলোঁ। প্ৰথমতে চাগে কিছু সাধাৰণ কথা-বতৰা হৈছিল, হাঁহি-ধেমালিও হৈছিল চাগে, বা হয়তো আমাৰ লগৰে কাৰোবাৰ বিষয়ে ওলোৱা গুজৱৰ কথাও ওলাব পাৰে। এই বিভাগটোৰ আটাইতকৈ সজীৱ, সতেজ লোক বুলি সকলোৱে তেওঁকে কয়। সেই সময়ত তেওঁ আছিল এজন তত্ত্ববিদ, ডিপাৰ্টমেণ্টেল থিয়ৰিষ্ট। এনে ব্যক্তি সেইসময়ত বিশেষ শ্ৰেণীসম্পন্ন, কিন্তু তেতিয়া মই এইবোৰ কথা জনা নাছিলোঁ। তেওঁ মোক লাহে লাহে কিছুমান এচাইনমেণ্ট আৰু অধ্যয়নৰ বিষয় বাচি দিবলৈ ললে; ডেৰিডা, বাখটিন, ফউকল্ট, ৰিকৰ, ডিলিউজে আৰু গুৱাটাৰি, আটাইকেইজনেই পুৰুষ। তেওঁ নিজে আছিল এজন দক্ষ শিক্ষক, লগতে নিষ্ঠাবান ছাত্ৰ।
পঢ়া-শুনা কৰি সেই বিষয়ে আমি তেওঁৰ অফিচতে আলোচনা কৰোঁ, কেইবাখনো খিৰিকীৰে এটা আহল-বহল অফিচ তেওঁৰ। হলৰ যিটো দিশত খিৰিকী নাই মোৰ অফিচ কোঠাতো সেইপিনে আছিল, তাতে আকৌ একেটা কোঠাতে আন তিনিজন সহকাৰী অধ্যাপকো বহে।
এনেকৈ কিছুদিন পাৰ হৈ গৈছিল নিশ্চয়। তাৰ পিচত তেওঁ এদিন মোক ক’লে যে আমি আমাৰ সৰু ইউনিভাৰ্চিটি টাউনৰ এমূৰে থকা, চহৰখনলৈ সোমাই অহা হাইৱেৰ কাষৰ বেষ্ট ৱেষ্টাৰ্ণ নামৰ এখন বাৰত লগ ধৰো আহা, তাতে ভালকৈ, কাৰো একো হস্তক্ষেপ নোহোৱাকৈ এই থিয়ৰিবোৰ খৰচি মাৰি আলোচনা কৰিব পাৰিম। এই কথা কোৱাৰ সময়ত তেওঁৰ অংগী ভংগী, মুখৰ ৰং বা কথাৰ সুৰ কেনেকুৱা হৈছিল, মোৰ একো মনত নাই; মই কেৱল জানিছিলোঁ যে মোৰ দৰে লাজকুৰীয়া মানুহ এজনীয়ে তেনেকুৱা কথা কেতিয়াও কব নোৱাৰে। ষোল্ল বছৰ ধৰি এজন সৎ আৰু মাৰ্জিত লোকৰ সৈতে ঘৰ কৰিছোঁ, মোৰ স্বামীৰ প্ৰতি মই অনুগত, মোৰ প্ৰতিও মোৰ স্বামী একেই।
মই বেষ্ট ৱেষ্টাৰ্ণ বাৰ গৈ পোৱাৰ লগে লগে তেওঁ তৎক্ষণাৎ চুকৰ টেবুল এখন পাইছিলগৈ য’ত তেওঁৰ বাবে আছিল এবটল বুজোলেই। আমি সপ্তাহত এবাৰকৈ, কেতিয়াবা দুবাৰো, আবেলি অলপ দেৰিকৈ এৰ্ইদৰে লগ পাবলৈ ললোঁ। আবেলিৰ সময়ত মই মদ নাখাইছিলোঁ, তেতিয়াহে নিজকে আনতকৈ সাহসী যেন লাগে, কথাও কব পাৰো বেচিকৈ। এদিন মই টেবুলখনৰ ওপৰেৰ হাউলি তেওঁক কৈছিলোঁ যে জাক লাকাৰ লিখনি মই ভালকৈ বুজি পাওঁ। উত্তৰত তেওঁ কৈছিল যে মোৰ কথা শুনি তেওঁ আচৰিত হৈছে কিয়নো বেচিভাগ লোকৰ বাবে লাকা বৰ জটিল, বিশেষকৈ অনুবাদখিনি।
এদিন ৰাতি মই তেওঁৰ ঘৰলৈ যাবলগীয়া হৈছিল, কাৰণ আমাৰ ডিপাৰ্টমেণ্টৰ পাৰ্টি এটা তেওঁৰ ঘৰতে হৈছিল। খাবলৈ দিয়া বস্তুৰ ভিতৰত এবিধত বৰ সোৱাদ পাইছিলোঁ মই। কিবা এবিধ সেউজীয়া স্পিয়াৰ, মানে ব্ৰকলিৰ ঠাৰি বা আগটোৰ দৰে। তেওঁক সেইটো কি বুলি সোধাত ক’লে যে হয়, ব্ৰকলিৰ বাকলি গুচাই এইদৰে বনোৱা হৈছে। ব্ৰকলিৰ যে বাকলি গুচাব পাৰি, গুচালেও কেনেকৈ গুচাই, মই নাজানিছিলোঁ। তেওঁ ক’লে এটা বিশেষ কায়দা আছে, কেতিয়াবা মোকো দেখুৱাব কেনেকৈ ব্ৰকলিৰ বাকলি গুচায়। মোৰ মনে কৈছিল, এয়া যেন আছিল ঘৰুৱা কাম-কাজৰ বাবে মোলৈ তেওঁৰ এক আহ্বান।
স্মকি মাউণ্টেইনৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈ বৰ বেচি দূৰ নহয়, আমিও সেয়ে তাৰ বননিৰ মাজে মাজে খোজ কাঢ়িবলৈ ললোঁ। কেতিয়াবা দিনটোৰ বেচিভাগ সময় তেনেকৈয়ে পাৰ হয়। তেওঁ মোক জলপ্ৰপাত, পুখুৰী, ঘন অৰণ্য এইবোৰ দেখুৱায়। খোজ কাঢ়ি কাঢ়ি ভাগৰ নলগালৈকে আমি নৰওঁ, তাৰ পিচত কৰবাত বহি লৈ থিয়ৰিৰ কথা আলোচনা কৰোঁ। ঘৰত মই মানুহজনৰ সৈতে লঘু বা চঞ্চল যদিও ল’ৰা-ছোৱালীৰ সৈতে বেচ প্ৰসন্ন আৰু ৰঙিয়াল। কেতিয়াবা পিচদিনাৰ ক্লাচৰ কাৰণে পঢ়া-শুনা কৰোঁতে ৰাতি বহুত দেৰিলৈকে নোশোৱাকৈ থাকিব লগা হয়। এদিন খোৱা-বোৱাত বৰকৈ নিয়ন্ত্ৰণ কৰিবলৈ ললোঁ, লগতে এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিলোঁ, বিষয় হৈছে ‘ভা্ষাৰ প্ৰতি লেখকৰ আকাংক্ষা আৰু ভাষাৰ সিপাৰে আছে কি: কোনো এক মুহূৰ্তৰ স্ফটিকসদৃশ স্বচ্ছ আৱৰণ, আনন্দৰ সোৱাদ।
মোৰ বাস্তৱ জীৱনত মা আছিল মানসিকভাবে উন্মাদ, হাইস্কুলত পঢ়ি থকা ছোৱালীজনীয়ে বয়সত নিজতকৈ ভালেমান ডাঙৰ এক ফুটবল খেলুৱৈৰ প্ৰেমত পৰিছে, মোৰ ল’ৰাই দেউতাককে-মোকে মাতবোল কৰিবলৈ এৰি দিছে। এদিন চেপ্টেম্বৰ মাহৰ ৰাতিপুৱাৰ কথা, কাপোৰ-কানি পিন্ধি দিনটোৰ বাবে ওলাইছোঁ, তেনেতে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ কঁপি উঠিল আৰু ক্ৰমাৎ খহি পৰিবলৈ ললে। মানুহৰ সাজ-পোচাক পৰিহিত ক’লা চৰাইবোৰ ভঙা খিৰিকীৰে ওলাই পাখি মেলি উৰিবলৈ ললে যদিও আৱৰি ধৰা ধোঁৱাৰ মাজেৰে সৰি পৰিছিল, সৌন্দৰ্য্য আৰু বিভীষিকাই যেন ইটোৱে সিটোৰ হাতত ধৰিছে। মই নিজকে সুধিলোঁ, ইয়াত কোনটো থিয়ৰি খাটে?
১২ চেপ্টেম্বৰ, ২০০১ৰ দিনা তেওঁ মোক তেওঁৰ ঘৰলৈ মাতিলে, যিজনী মানুহৰ সৈতে তেওঁ থাকে সেই মানুহজনী মাকৰ ঘৰলৈ যাব। তেওঁলোক শোৱা বিছনাখনতে পৰি বহুসময় মই কান্দিছিলোঁ। তেওঁ কৈছিল মোৰ দেহাটো এজনী ষোড়শী গাভৰুৰ দেহা। তেওঁৰ বাথৰূমত টইলেট পেপাৰ বিচাৰোতে পাইছিলোঁ মাহেকীয়া হোৱাৰ সময়ত লগা পেড। তাৰ পিচৰে পৰা কিমান দিন আমি একেলগে শুইছিলোঁ, মোৰ মনত নাই।
ইমান সময় মই ক’ত থাকোগৈ বুলি স্বামীয়ে মোক সুধিবলৈ লৈছিল। কাৰোবাৰ সৈতে মোৰ সম্পৰ্ক স্থাপন হোৱাৰ অভিযোগ আনিছিল। মই নহয় বুলি কৈছিলোঁ। পাঁচশ মাইল বাট গাড়ী চলাই গৈ মাক এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰাইছিলোঁ। কুঠৰীটোলৈ মা সোমাই যাওঁতে হাতত টেলিফোনৰ বহীখন আৰু কেইবা পাউণ্ড কেঁচা হেমবাৰ্গাৰ, তাৰ পিচত মা ওলাই নাহে। মই সোমাই যোৱাত হাতত কেচি এখন লৈ মোক খুচিবলৈ আহিছিল। মই পুলিচ মাতিলোঁ, তাৰ পিচত পৰি থকা মাংস অলপ চাফা কৰিলোঁ। যি বিচাৰকে মাক ইয়ালৈ পঠাইছিল, সেই আটাইকেইজন বিচাৰকৰ নামত মায়ে চিঞৰ-বাখৰ আৰম্ভ কৰিছিল। মাক ইয়ালৈ পঠিয়াবলৈ কোন তেওঁলোক? হাইস্কুলত থাকোঁতেই সিহঁতৰ স্থায়ী প্ৰেম হৈছিল।
টাউনলৈ ঘূৰি অহাৰ কেইদিনমান পিচত তেওঁ মোক এদিন পাহাৰৰ ওপৰলৈ যাম নেকি বুলি সুধিলে, মোক বোলে তেওঁ ঠাই এটুকুৰা দেখুৱাব। কথাও আছে পাতিবলগীয়া।
হাবিৰ মাজৰ মুকলি ঠাইটুকুৰাত বেলিৰ পোহৰ উজ্জ্বল, বতাহজাক ফিৰফিৰিয়া আৰু শীতল। গছৰ পাতত ভৰি পৰোঁতে বুজিছিলোঁ পাতবোৰো সেমেকি আছে। আমাৰ নিঃশ্বাস যেন নীল আকাশত ডাৱৰৰ ৰূপত গোট মাৰিছেগৈ।
মই গোটেই ঠাইটুকৰা এবাৰ চাই লওঁ বুলি ঠাইতে এপাক ঘূৰি ললোঁ, হাবিৰ মাজৰ এই মুকলিত গছবোৰ লঠঙা, কাঁইটীয়া জোপোহাই সজাই থৈছে যেন এখন বিছনা। দূৰণিলৈ চাই তেওঁ এটা হুমুনিয়াহ কাঢ়িলে। তেওঁৰ সৈতে থকা মানুহজনীৰ মাক এতিয়া মৃত্যু শয্যাত, সেয়ে মানুহজনী মাকৰ লগতে থাকিবলগীয়া হৈছে।
উত্তৰত মই ক’লো মোৰ মা পাগলী। ঘৰটো এদিন জ্বলাই দিম বুলি ভাবিছিলোঁ। মোৰ স্বামী, মা, মোৰ চাকৰি আৰু ল’ৰা ছোৱালী আটাইবোৰকে। মই মৰাৰ পিচত কোনো উত্তৰাধিকাৰী থাকিব নালাগে।
জোপোহা কেইজোপাৰ মাজত কিবা এটাই লৰ-চৰ কৰিছে, এটা দেওডৰিক। এই শীতল উদং পৰিবেশৰ মাজত হঠাৎ সেউজীয়া, ৰঙা আৰু তামবৰণীয়া কিবা এটা দেখি চমক খাই উঠিছিলোঁ, বৰ ভয়াবহ এই বনৰীয়া সৌন্দৰ্য্য। চৰাইটোৰ ডিঙিত ঘূৰণীয়াকৈ এটা বগা দাগ, যেন ডিঙিত পিন্ধি থকা চেইনডাল ছিঙি থাকিল। পাখি জোকাৰি চৰাইটোৱে নিজকে চম্ভালি ললে, পাখিবোৰৰ জোকাৰণিৰ শব্দ হৈছিল। তাৰ পাচত চৰাইটোৱে উৰা মাৰিলে। আকাশৰ বুকুত যেন চৰাইটোৰ গাৰ আটাইকেইটা বৰণৰ বিস্ফোৰণ ঘটিছিল।
তেওঁৰ মুখৰ পৰা ওলাল, ‘এনেকুৱা চৰাইবোৰ মই চিকাৰ কৰিছিলোঁ।’
(মোৰ নিজৰ) তত্ত্ব: কিবা এক উন্মাদনাই আমাক অধিকাৰ কৰে, আন এক উন্মাদনাই দিয়ে মুক্তি- মুখত বুলাই দিয়া পাখিৰ স্পৰ্শৰ দৰে।
এদিন যেতিয়া মই এজনী বুঢ়ী মানুহ হম, সেইদিনা সুৰুয ধিয়াই আকাশলৈ উৰি যোৱা এই দেওডৰিকলৈ মোৰ মনত পৰিব। সেইদিনাও চাগে এই গল্পটোকে মই লিখিম, কিছু অইন ধৰণেৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!