স্কিজোফ্ৰেনিয়া

লেখক- ডা° উদ্দীপ তালুকদাৰ

বুৰাৰীৰ আত্মহত্যাৰ ঘটনাটোৰ ওপৰত নিৰ্মিত নেটফ্লিক্সৰ ছিৰিজহাউছ অফ ছিক্ৰেটছৰ পাছত বহুতেই ভগাই লোৱা ভ্ৰান্ত বিশ্বাসৰ (shared delusion) বিষয়ে জানিবলৈ পাইছে। ডেল্যুজন (delusion)-অসমীয়াত ভ্ৰান্ত বিশ্বাস বুলি অনুবাদ কৰিব পাৰি।ভ্ৰান্তবিশ্বাসআমি বুজাৰ দৰেই কোনো কাৰণ অবিহনে, কোনো বাস্তৱ যুক্তি অবিহনে মানি লোৱা যিকোনো কথা। সমস্যাটো হৈছে, যিকোনো অন্ধবিশ্বাস, আনকি আমি সাধাৰণভাৱে মানি লোৱা বহুতো কথাকে ভ্ৰান্তবিশ্বাস বুলি দেখুৱাব পাৰি। সেয়ে, মনোৰোগবিজ্ঞানৰ বাবে সাধাৰণভাৱে সমাজত চলি থকা বিশ্বাসসমূ্হক ভ্ৰান্তবিশ্বাস নুবুলিবলৈ কোৱা হৈছে। যেনে, কুমন্ত্ৰ প্ৰয়োগ, মুখ লগা আদিৰদৰে বিশ্বাসবোৰ আমাৰ সমাজত এতিয়াও বহু প্ৰচলিত, সেয়ে, অকল এনে ধৰণৰ বিশ্বাসক ভ্ৰান্তবিশ্বাস (delusion) বুলি ধৰা নহয়। যিবোৰ ভ্ৰান্ত বিশ্বাস অকল ৰোগীজনেহে ৰাখে, তেনে ভ্ৰান্তবিশ্বাসকহে delusion বোলা হয়।

Delusion ৰ সমানুপাতিকভাৱে আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে hallucination. Hallucination-ক সৰলকৈ বিভ্ৰম বুলি অনুবাদ কৰিব পাৰি। Hallucination-ত আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভূত হোৱা পৰিঘটনাসমূহ কোনো কাৰক অবিহনেই অনুভূত হয়। যেনে, বাহিৰত কোনো শব্দ নোহোৱাকৈয়ে কিবা শুনা পোৱা, চকুৰ আগত একো নথকাকৈ কিবা দেখা পোৱা ইত্যাদি। মন কৰিলে বুজা যায়, যিদৰে ভ্ৰান্তবিশ্বাস কোনো কাৰণ অবিহনে মগজুলৈ আহে, ঠিক একেদৰেই মগজুৱে ইন্দ্ৰিয়প্ৰসূত কোনো এটা পৰিঘটনা হোৱা বুলি ধৰি লয়, যিটো বাস্তৱত নাই। Delusion বা Hallucination-ৰ মন কৰিবলগীয়া কথাটো হ, এই দুয়োটা পৰিঘটনাকে মানুহজনে সম্পূৰ্ণ সঁচা বুলি ধৰি লয়, ত তৰ্কৰ কোনো অৱকাশেই নাথাকে। ভ্ৰান্ত বিশ্বাস বা ইন্দ্ৰিয় বিভ্ৰম সিমান অকল্পনীয় পৰিঘটনাও নহয়। আমি প্ৰায় সকলোৱেই অনুভৱ কৰা কিছুমান ইন্দ্ৰিয় বিভ্ৰম হ, যেনে হঠাৎ ঘৰৰ গেটত কোনোবাই শব্দ কৰা যেন লগা, বা মোবাইলত হঠাৎ ভাইব্ৰেছন হোৱা যেন লগা ইত্যাদি। কিন্তু এনে পৰিঘটনাবোৰক ডিল্যুজন বা হেলুচিনেছন বুলিব নোৱাৰি, কাৰণ প্ৰায় লগে লগেই আমি বুজি পাওঁ কিবা ভুলতে শুনিলোঁ চাগৈ! কিন্তু প্ৰকৃত ডিল্যুজন আৰু হেলুচিনেছন  যিমানে অসাধাৰণ, বা অবাস্তৱ যেন নালাগক কিয়, ভুক্তভোগীজনৰ মতে সেয়া সম্পূৰ্ণ সঁচা। এই ধাৰণাই এই দুয়োটা পৰিঘটনাত ভোগা ব্যক্তিগৰাকীক বাস্তৱজগতখনৰ পৰা আঁতৰাই লৈ যায়। ডিল্যুজন আৰু হেলুচিনেছনৰ মাজৰ এখন জগতত তেওঁলোক জীয়াই থাকে, সেইবুলি বাস্তৱৰপৰা তেওঁলোক সম্পূৰ্ণ আঁতৰি নাযায়, বৰং বাস্তৱৰ ঘটনাসমূহৰ লগত ডিল্যুজন আৰু হেলুচিনেছনৰ সংমিশ্ৰণৰে এখন অতিজগতত তেওঁলোক বাস কৰে।       

ডিল্যুজন আৰু হেলুচিনেছনৰ বিষয়ে বিতংকৈ লিখাৰ কাৰণটো হৈছে, এই দুয়োটা পৰিঘটনা স্কিজোফ্ৰেনিয়া নামৰ মানসিক ৰোগবিধৰ মূল লক্ষণ। কিন্তু সমস্যাটো হৈছে, ৰোগত ভোগাজনে যিহেতু কেতিয়াও গমেই নাপায়, সেয়া এটা ভ্ৰান্তিহে, সেয়ে তেখেতৰ লক্ষণসমূহ হয়, এই ডিল্যুজন বা হেলুচিনেছনৰ ফলত হোৱা ব্যৱহাৰৰ পৰিৱৰ্তনসমূহহে। সাধাৰণতে স্কিজোফ্ৰেনিয়া ৰোগৰ ডিল্যুজনসমূহ হয়, পাৰানয়ড (paranoid) বিধৰ, অৰ্থাৎ যিবোৰ ডিল্যুজনত মানুহজনে আন মানুহ, বা শক্তিয়ে তেওঁলোকৰ ক্ষতি কৰিব বিচাৰে, বা তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ফুৰে, এনেকুৱা বিধৰ হয়। ইয়াৰ পৰিণতিত ফুটি উঠা লক্ষণবোৰ হয়, মানুহজনে অকাৰণত ভয় খাবলৈ আৰম্ভ কৰে, বা কবলৈ আৰম্ভ কৰে যে তেখেতক কোনোবাই মাৰিব, বা পুলিচে তেখেতক বিচাৰি ফুৰিছে, বা তেখেতক মানুহে নজৰ কৰি ৰাখে, ইংগিত দি জোকাই ইত্যাদি বিধৰ। কেতিয়াবা ক্ষতি কৰিব বুলি ভবা খোজাকেইজনৰ প্ৰতি অতিপাত খং কৰা, মাৰিবলৈ বিচাৰি ফুৰা ইত্যাদিও দেখা দিয়ে। 

আন এবিধ ডিল্যুজনত আকৌ মানুহজনে তেখেতৰ চিন্তাচৰ্চাত হস্তক্ষেপ অনুভৱ কৰিব পাৰে, যেনে, তেখেতৰ চিন্তাসমূহ কোনোবাই চুৰি কৰি নিয়া, বা কোনো প্ৰকাৰে তেখেতৰ মূৰত চিন্তা সুমুৱাই দিয়া আদিৰ দৰে অদ্ভুত অনুভৱ হয়।

সাধাৰণতে স্কিজোফ্ৰেনিয়াত শ্ৰৱ্যবিভ্ৰম বেছিকৈ হয়, সেয়ে এনে হেলুচিনেছনৰ পৰা উদ্ভৱ হোৱা লক্ষণসমূহৰ ভিতৰত অকলে অকলে কথা পাতি থকা, নেদেখা কোনোবা এজনক গালি পৰা, বা হঠাৎ হঁহাকন্দা আদি দেখা যায়। সাধাৰণতে কি ধৰণৰ হেলুচিনেছন হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি লক্ষণ বিভিন্ন হব পাৰে। শ্ৰৱ্য হেলুচিনেছন বহুকেইটা মানতে মানুহজনৰ কথা আলচি থকা, বা কোনো নিৰ্দেশ দি থকা, বা কেতিয়াবা মনৰ ভাবসমূহ ওলোটাই কৈ থকা আদি ধৰণৰ হয়। স্কিজোফ্ৰেনিয়াত কেতিয়াবা ডিল্যুজন বা হেলুচিনেছন সিমান স্পষ্টকৈ নাথাকিবও পাৰে, ত মানুহৰ আচাৰব্যৱহাৰত ব্যাপক পৰিৱৰ্তন আহি পৰে। 

স্কিজোফ্ৰেনিয়া ৰোগৰ নিদান দিবৰ বাবে ডিল্যুজন, হেলুচিনেছন আদি বিশেষ লক্ষণৰ প্ৰয়োজন থাকিলেও, বহু সময়ত ৰোগত ভোগা ব্যক্তিজনৰ পৰিয়ালে এইবোৰ বুজি নাপাবও পাৰে। কাৰণ, আগতেই কৈছোঁ যে মূল লক্ষণ এইখিনি হলেও ৰোগীজনৰ আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন এই পৰিঘটনাসমূহৰ বাবে হয়, আৰু অকল পৰিৱৰ্তনখিনিহে আন মানুহৰ চকুৰ পৰে। সেয়ে, সাধাৰণতে পৰিয়ালৰ মানুহে দেখা লক্ষণসমূহ হৈছে, ৰোগীয়ে আন মানুহৰ লগত কথাবতৰা নপতা হোৱা, নিজক লৈ ব্যস্ত হৈ থকা, অকলে অকলে কথা পতা, কাৰণ অবিহনে হঁহাকন্দাখং কৰা, সন্দেহ কৰিবলৈ আৰম্ভ কৰা, ভয়ত বিতত হৈ থকা, টোপনি নহা হোৱা ইত্যাদি। ডিল্যুজন আৰু হেলুচিনেছন আন কিছুমান মানসিক ৰোগৰ ক্ষেত্ৰতো থাকিব পাৰে, সেয়ে এই দুয়োটাৰ উপস্থিতি থকা মানেই স্কিজোফ্ৰেনিয়া নহয়। স্কিজোফ্ৰেনিয়া নিদান দিবলৈ ডিল্যুজন, হেলুচিনেছনৰ লগত, লক্ষণসমূহৰ উপস্থিতিৰ দীৰ্ঘতা, বেলেগ ৰোগৰ বাবে হব পৰা একেবিধৰ লক্ষণ আদি বিচাৰ কৰিব লাগে। সেয়ে, মানসিক ৰোগ চিকিৎসকৰ লগত পৰামৰ্শ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

স্কিজোফ্ৰেনিয়াৰ কাৰণ এতিয়াও জনাটো সম্ভৱ হোৱা নাই। মূলতঃ বংশগতিসম্পন্ন কাৰক থকাৰ কথা কোৱা হয় যদিও, একে সময়তে পৰিৱেশৰ প্ৰভাৱো থকাটো প্ৰয়োজনীয়। কাৰণ একে পৰিয়ালৰ মাজত মাত্ৰ দহ শতাংশ শিশুৰ ক্ষেত্ৰহে স্কিজোফ্ৰেনিয়া দেখা দিব পাৰে, মাক বা দেউতাক যিকোনো এজনৰ এই ৰোগ থাকিলে। আনকি homozygotic যমজ শিশুৰ (identical twins) ক্ষেত্ৰতো এজনৰ স্কিজোফ্ৰেনিয়া থাকিলে আনজনৰ হোৱাৰ সম্ভাৱনীয়তা ৪০%হে। স্কিজোফ্ৰেনিয়া ৰোগৰ কাৰণ ভালদৰে বুজিব পৰা নগলেও মগজুত কেনে ধৰণৰ ৰাসায়নিক পৰিৱৰ্তনৰ দ্বাৰা এই ৰোগৰ লক্ষণসমূহ প্ৰকট হয়, তাৰ বিতং ধাৰণা কৰিব পৰা হৈছে।

মগজুত থকা ডপামিন নামৰ এবিধ স্নায়ুপৰিবাহক (neurotransmitter) ৰ হীনদেঢ়িয়ে ডিল্যুজনহেলুচিনেছনৰ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ডপামিনৰ প্ৰকৃত প্ৰবৃত্তি সৰল নহয়, যেনে ডপামিন কমি গলে স্কিজোফ্ৰেনিয়া ৰোগৰ সৃষ্টি হয় বুলি সৰল কৰিব নোৱাৰি। কমাবঢ়াৰ লগত মগজুৰ বেলেগ বেলেগ অংশত, বেলেগ বেলেগ স্নায়ুতন্ত্ৰিকাত ডপামিনে ভিন্ন ধৰণে প্ৰভাৱ পেলায়। সেয়ে, স্কিজোফ্ৰেনিয়া অকল ডপামিনৰ জৰিয়তে বুজিব নোৱাৰি বুলি আধুনিক বিজ্ঞান এতিয়া পতিয়ন গৈছে। আৰু, নতুন কাৰকৰ সন্ধানত গৱেষণা চলিয়েই আছে।

পামিনৰ জৰিয়তে স্কিজোফ্ৰেনিয়া ভালদৰে বুজিব নোৱাৰি যদিও, ভাল কথাটো হৈছে, পামিনৰ গ্ৰাহকত (doamine receptor) পৰিৱৰ্তন আনিব পৰা ৰাসায়নিক পদাৰ্থই স্কিজোফ্ৰেনিয়া ৰোগৰ লক্ষণ ভাল কৰিব পাৰে। বৰ্তমান ব্যৱহৃত স্কিজোফ্ৰেনিয়া ৰোগৰ সকলোবোৰ ঔষধেই মূলতঃ ডপামিন গ্ৰাহকত প্ৰভাৱ পেলাই এই ৰোগৰ লক্ষণ উপশম কৰিব পাৰে। কিন্তু, পামিন মগজুৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ স্নায়ুপৰিবাহক, সেয়ে ঔষধৰ দ্বাৰা ইয়াৰ নিয়ন্ত্ৰণে মগজুৰ আন ক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। এণ্টিছাইকটিক (স্কিজোফ্ৰেনিয়াৰ দৰে যত ৰোগীয়ে নিজৰ ৰোগৰ কথা বুজিব নোৱাৰে, তেনে বেমাৰবোৰক ছাইকছিছ বোলা হয়) ঔষধৰ এটা সহজে দেখা পাৰ্শ্বক্ৰিয়া হৈছে ৰোগীৰ দেহত কিছুমান পাৰ্কিনছন ৰোগৰ দৰে লক্ষণৰ সৃষ্টি কৰা। 

স্কিজোফ্ৰেনিয়াৰ বাবে প্ৰথম কাৰ্যকৰী ঔষধ কাকতলীয় ভাৱে আৱিষ্কাৰ হৈছিল ১৯৪৮ চনত, নাম আছিল Chlorpromazine. কোৱা হয়, যে আধুনিক চিকিৎসা বিজ্ঞানলৈ বৈপ্লৱিক পৰিৱৰ্তন অনা ঔষধসমূহৰ ভিতৰত এইবিধ ঔষধৰ স্থান এণ্টিবায়টিকৰ পাছতেই। ইয়াৰ আগলৈ স্কিজোফ্ৰেনিয়া চিকিৎসাৰ নামত চলা পদ্ধতিবোৰক এতিয়া বৰ্বৰ আখ্যা দিব পাৰি, আৰু সেয়া কাৰ্যকৰীও নাছিল। বৰ্বৰ শব্দটো প্ৰয়োগ কৰিছোঁ যদিও একে সময়তে সেই সময়ত এই্ চিকিৎসা পদ্ধতিবোৰ চেষ্টা কৰা চিকিৎসকসকলৰ প্ৰতিও সন্মানো যাচিছোঁ। অৰ্ধশতিকা পাছত বহু পদ্ধতিয়েই অদ্ভুত যেন লাগে, বৰ্বৰ যেন লাগে, কিন্তু যিটো সময়ত মানসিক ৰোগত ভোগা ব্যক্তিৰ কোনো চিকিৎসা নাছিল, তাৰো আগতে মানসিক ৰোগত ভোগা ব্যক্তিক অপদেৱতাৰ প্ৰকোপ বুলি ভয়ংকৰ শাস্তি দি মাৰি পেলোৱা হৈছিল, তাৰ তুলনাত কোনোবাই সেয়া ৰোগ বুলি বুজি চিকিৎসাৰ চেষ্টা কৰাটোৱেই ডাঙৰ কথা। যি নহওক, Chlorpromazine-এ প্ৰভাৱত সমগ্ৰ পৃথিৱীৰে মানসিক ৰোগৰ চিকিৎসালয়সমূহত ভৰ্তি হৈ থকা ৰোগীৰ সংখ্যা দহ শতাংশলৈ নামি অহা ধাৰণা কৰা হয়। মানসিক ৰোগ চিকিৎসালয়ত দীঘলীয়াকৈ ভৰ্তি থকা ৰোগীসমূহৰ প্ৰায়ভাগেই আছিল স্কিজোফ্ৰেনিয়াৰ ৰোগী। কাৰণ, চিকিৎসা অবিহনে স্কিজোফ্ৰেনিয়া ৰোগ সাধাৰণতে ভাললৈ নাহে, যদিও ৰোগ পুৰণি হলে লক্ষণসমূহৰ প্ৰকোপ কিছু কমি অহা দেখা যায়। 

অৱশ্যে সোনকালেই ক্লৰপ্ৰমাজিনৰ ওপৰত কৈ অহা পাৰ্শ্বক্ৰিয়াৰ প্ৰকাশ দেখা গল। কিন্তু গৱেষকসকলে তাতকৈ উন্নত ঔষধ আৱিষ্কাৰৰ কামত ব্ৰতী হৈ পৰিল। একে প্ৰক্ৰিয়াৰে কাম কৰা কেবাবিধৰো ঔষধ ওলাল যিবোৰত পাৰ্শ্বক্ৰিয়াসমূহ বহু পৰিমাণে কমি অহা দেখা গৈছিল। কিন্তু সত্তৰৰ দশকৰ আৰম্ভণিতে আৱিষ্কাৰ হোৱা Clozapine নামৰ ঔষধবিধৰ পাছত এক নতুন ধৰণৰ এণ্টিছাইকটিক দৰৱৰ বিকাশ হবলৈ, যিখিনিক দ্বিতীয় প্ৰজন্মৰ এণ্টিছাইকটিক বোলা হয়। এই নতুন ঔষধখিনিত আগৰ প্ৰজন্মৰ স্নায়ৱিক পাৰ্শ্বক্ৰিয়াসমূহ প্ৰায় নথকাবিধৰ। আজিকালি অসমৰ দৰে ৰাজ্যতো মূলতঃ দ্বিতীয় প্ৰজন্মৰ এণ্টিছাইকটিক ঔষধেই ঘাইকৈ ব্যৱহাৰ হয়।

স্কিজোফ্ৰেনিয়া মূলতঃ কোমল বয়সৰ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত হোৱা দেখা যায়। অৱশ্যে, ঘাইকৈ স্ত্ৰীৰ ক্ষেত্ৰত ছল্লিশোৰ্ধত আৰম্ভ হোৱা দেখা যায়। কম বয়সত আৰম্ভ হোৱা স্কিজোফ্ৰেনিয়া ৰোগৰ লক্ষণসমূহ বেছিকৈ পৰিস্ফূট হয়, আৰু দীঘলীয়াকৈ চলে। অৱশ্যে সময় বঢ়াৰ লগে লগে স্কিজোফ্ৰেনিয়াৰ লক্ষণৰ তাৰতম্য হয়, যেনে, পাছলৈ ডিল্যুজন, হেলুচিনেছন আদিৰ প্ৰভাৱ কমকৈ পৰে, আৰু ৰোগীজন একোকে ইচ্ছা নকৰা, কথাবতৰা পাতিব নোখোজা, অকলে অকলে থকা আদিৰদৰে লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰে, স্কিজোফ্ৰেনিয়াৰ এনে লক্ষণসমূহক গোট হিচাপে নিগেটিভ লক্ষণ বোলা হয়। মূলতঃ এনে নিগেটিভ লক্ষণ থকা ৰোগী সমূহেই পাছলৈ ঘৰবাৰীৰপৰা আঁতৰি (বহু পৰিয়ালেও আহুকাল পাই এৰি দিয়ে) ৰাস্তাত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে।

স্কিজোফ্ৰেনিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ১%, অৰ্থাৎ প্ৰতি ১০০ গৰাকী ব্যক্তিৰ ভিতৰত একোজন ব্যক্তি জীৱনকালত স্কিজোফ্ৰেনিয়া ৰোগত ভূগিব পাৰে। কৈশোৰৰপৰা যুৱাৱস্থা পোৱাৰ সময়তে এই ৰোগ হয় বাবে বহু জীৱন স্কিজোফ্ৰেনিয়াৰ প্ৰভাৱত নষ্ট হৈ পৰে। স্কিজোফ্ৰেনিয়া ৰোগ ধনীদুখীয়া, গাঁৱনগৰ, জাতিধৰ্ম নিৰপেক্ষভাৱে সকলোৰে হব পাৰে। আগতীয়াকৈ প্ৰতিৰোধ কৰাৰ কোনো বিশেষ উপায় নাই যদিও, মাদকদ্ৰৱ্যৰ ব্যৱহাৰে স্কিজোফ্ৰেনিয়া বা ইয়াৰ সদৃশ ৰোগৰ সৃষ্টি কৰা দেখা যায়। 

স্কিজোফ্ৰেনিয়া ঔষধৰে নিৰাময় কৰিব পাৰি। অৱশ্যে নিৰাময়তকৈ লক্ষণ দমাই ৰখাটোহে মূল উদ্দেশ্য বুলিব পাৰি। কাৰণ ৰোগ হিচাপে স্কিজোফ্ৰেনিয়া দীঘলীয়াকৈ চলা ৰোগ, সেয়ে ঔষধ বন্ধ কৰিলে লক্ষণসমূহে আকৌ দেখা দিব পাৰে। নিয়মীয়াকৈ ঔষধ খোৱাৰ লগতে নিয়মীয়া শাৰীৰিক ব্যায়াম, মাদকদ্ৰৱ্যৰ পৰা আঁতৰত থকা, আৰু অযথা মানসিক অশান্তিৰপৰা আঁতৰত থাকিব পাৰিলে স্কিজোফ্ৰেনিয়া ৰোগীয়ে সম্পূৰ্ণ সুস্থিৰ জীৱন কটাব পাৰে। সঠিক ঔষধৰ ব্যৱহাৰেৰে দুইতিনিবছৰ মানৰ পাছত ঔষধ বন্ধ কৰিও বহু ৰোগী সম্পূৰ্ণ সুস্থ হৈ থাকে।

স্কিজোফ্ৰেনিয়া ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঘৰখনৰো কিছু কৰণীয় থাকে। অতি প্ৰতিক্ৰিয়াশীল পৰিয়ালৰ (যেনে মৰমেই বেছি, বা খঙেই বেছি) ক্ষেত্ৰত স্কিজোফ্ৰেনিয়াৰ চিকিৎসা কৰাটো জটিল হৈ পৰে। ৰোগীক একে সময়তে মানসিক সকাহ দিয়া, আৰু অনুপ্ৰেৰণা দিয়াটো জৰুৰী, কিন্তু সেইখিনি দিবলৈ অনবৰত লাগি থকাটোও ৰোগীয়েও নিবিচাৰে। ঔষধ সময়মতে দিয়াটো পৰিয়ালে নিশ্চিত কৰাটো প্ৰয়োজনীয়, কাৰণ বেছিভাগ ৰোগীয়েই ঔষধ খাব নোখোজা, কাৰণ তেওঁলোকে কিবা এটা বেমাৰ হৈছে বুলি বুজিয়েই নাপায়, বহু সময়ত আকৌ ঔষধকো সন্দেহ কৰে।

সামগ্ৰিকভাৱে স্কিজোফ্ৰেনিয়া এবিধ জটিল, কিন্তু চিকিৎসা কৰাব পৰা বিধৰ মানসিক ৰোগ। যিকোনো ব্যক্তিৰে স্কিজোফ্ৰেনিয়া হব পাৰে। সাধাৰণতে দ্বিতীয় বয়ঃসন্ধিৰ সময়ত (কৈশোৰৰপৰা যুৱাৱস্থা) এই ৰোগ বেছিকৈ দেখা দিয়ে। স্কিজোফ্ৰেনিয়াৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগে, আৰু মানসিক ৰোগৰ চিকিৎসকৰ হতুৱাই কৰোৱা উচিত। ৰোগত ব্যৱহাৰ কৰা ঔষধসমূহৰ পাৰ্শ্বক্ৰিয়া নথকা নহয়, কিন্তু সময়মতে চিকিৎসকৰ পৰামৰ্শ ললে এনে পাৰ্শ্বক্ৰিয়াসমূহ আঁতৰত ৰখাব পাৰি। স্কিজোফ্ৰেনিয়াত সাধাৰণতে মনস্তাত্বিক চিকিৎসাই (psychotherapy) কাম নিদিয়ে, কিন্তু এবাৰ লক্ষণ কমি অহাৰ পাছত মনস্তাত্বিক চিকিৎসাৰ জৰিয়তে আৰু উন্নত ফল আশা কৰিব পাৰি। 

শেষত বুৰাৰীৰ প্ৰসংগলৈ আকৌ আহিছোঁ। নেটফ্লিক্সত শেষ কৰা ধৰণে, ঘটনাটোশ্বেয়াৰড্‌ ডিল্যুজনবুলিব পাৰি। কিন্তু, শ্বেয়াৰড্‌ ডিল্যুজনক স্কিজোফ্ৰেনিয়া বুলিব পাৰি নে সেইবিলাক বিদ্যায়তনিক তৰ্কৰ বস্তু। মোৰ ব্যক্তিগত মতেৰে বুৰাৰীৰ ঘটনাটোক সাধাৰণভাৱে আমি পাই অহা স্কিজোফ্ৰেনিয়া বুলিব নোৱাৰি, বৰং সেইটো ঘটনা এক ধৰণৰ cult psychology ধৰণেহে বিচাৰ কৰিব পাৰি।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jitu Medhi
2 years ago

সুন্দৰকৈ বৰ্ণনা কৰিলে । ভাল লাগিল পঢ়ি ।

Don`t copy text!