ৰোহিত ছেট্টীৰ ‘কপ ইউনিভাৰ্ছ’ আৰু বলিউদত ‘ছিকুৱেল’ ছবিৰ ভৱিষ্যৎ

লেখক- বিকাশ দত্ত, হাজো

১৯৬৩ চনত মাৰ্ভেল কমিকছ বুকস্পাইডাৰমেনৰ এখন কমিকে মুক্তিলাভ কৰে যত মাৰ্ভেলৰ অন্যতম জনপ্ৰিয় আৰু ইতিমধ্যে মুক্তি লাভ কৰাফেণ্টাষ্টিক ফৰ আটাইবোৰ সদস্যক কমিক বুকখনৰ বেটুপাতত দৰ্শকে দেখিবলৈ পায়, অৰ্থাৎ এক সম্ভাৱনাপূৰ্ণ অন্তৰ্নিহিতইউনিভাৰ্ছৰ আৰম্ভণিক প্ৰত্যক্ষভাৱে পাঠকৰ মাজত আগবঢ়াই লৈ আহে ষ্টেন লী আৰু মাৰ্ভেলৰ সকলো লেখকলেখিকাই। তাৰ পিছত মাৰ্ভেলৰ কমিকছ বুক সমূহত বিভিন্ন চৰিত্ৰৰ সংযোগ ঘটাই এখনৰ পিছত আন এখন কমিকে মুক্তি লাভ কৰি যায়। এইদৰে প্ৰায় পাচটা দশকৰ পিছত ২০০৮ চনত মুক্তি লাভ কৰাআইৰণমেনয়ে প্ৰতিষ্ঠা কৰে MCU অৰ্থাৎ Marvel Cinematic Universe ৰ। অৱশ্যে, MCU আৰুএভেঞ্জাৰ্ছৰ কথা আমিআইৰণমেনৰ পোষ্ট ক্ৰেডিট Scene ত হে দেখিবলৈ পাওঁ। যেতিয়াশ্বিল্ডৰ সঞ্চালকপ্ৰধান নিক ফিউৰীয়ে টনী ষ্টাৰ্কক কয় Avengers Initiative ৰ কথা, অকল মাৰ্ভেলৰ লগে লগে ৱাৰ্ণাৰ ব্ৰাডাৰ্ছ আৰু DC কমিকেও আৰম্ভ কৰে DCEU অৰ্থাৎ DC Extended Universe ৰ। সেইয়া আমি দেখিবলৈ পাওঁ ২০১৬ ৰবেটমেন ভাৰ্ছাচ ছুপাৰমেনঃ ডন অৱ জাষ্টিছত যত ডায়েনালৈ ব্ৰুচ বেনাৰে পঠোৱা ভিডিঅসমূহত আছিল একুৱামেন, ফ্লেছ, চাইবৰ্গ আদিৰফাউণ্ড ফুটেজৰ দৃশ্যাংশ। 

ভাৰতত সফল ফ্ৰেঞ্চাইজী বুলি কলেক্ৰিছআৰু ৰোহিত ছেট্টীৰগোলমালআৰুছিংঘমৰ নাম প্ৰথমেই কব পাৰি। ২০১৮ ত মুক্তিপ্ৰাপ্তছিম্বাত সংগ্ৰাম ভালেৰাওৰ চৰিত্ৰটোক ৰূপায়ণগত ত্ৰুটি থকা সত্ত্বেও দৰ্শকে আঁ‌কোৱালি লৈছিল। হয়তো সেইবাবেই ২০১৮ ৰ বক্স অফিচত অন্যতম সফল ছবিৰূপে পৰিগণিত হয়ছিম্বা তদুপৰি, ‘ছিম্বাৰ জৰিয়তে পৰিচালক ৰোহিত ছেট্টীয়ে নিজৰ একশ্যন পৰিচালকৰ উপাধিৰ পৰা আঁতৰি আহি সামান্যচিৰিয়াছআৰু মূলসুঁ‌তিৰ ড্ৰামাটিক ছবি নিৰ্মাণো যে তেওঁ কৰিব পাৰে, সেয়া প্ৰতিপন্ন কৰে। অৱশ্যে, ২০১০ ৰছানডেছবিখনো ৰোহিতৰ এখন ভাল থ্ৰীলাৰ ছবি বুলি কব পাৰি। লগতে, পৰিচালক হিচাপে প্ৰথমখন ছবি ২০০৩ ৰজমীনৰ ক্ষেত্ৰতো ৰোহিতে কমেডিৰ সলনি ড্ৰামাক প্ৰাধান্য দিয়াটো অনুভৱ কৰিব পাৰি। কিন্তু, ২০১১ ৰছিংঘমৰ অপাৰ জনপ্ৰিয়তাৰ পিছত ২০১৪ তছিংঘম ৰিটাৰ্নছৰ মুক্তিয়ে ৰোহিতক বক্স অফিচৰ এজন সফল পৰিচালক হিচাপে অধিষ্ঠিত কৰায়। কিন্তু, ৰোহিতৰ চিনেমেটিক যাত্ৰাই দৃষ্টি আকৰ্ষণ কৰে ২০১৮ ৰছিম্বাৰ জৰিয়তে। প্ৰায় ৩৫০ কোটি টকাৰ ব্যৱসায় আৰু ক্লাইমেক্সত অজয় দেৱগণৰছিংঘমৰ সংযোজনে ছবিখনক প্ৰদান এক নতুন মাত্ৰা আৰু লগে লগে দৰ্শকে ধাৰণা কৰিবলৈ লয়ক্ৰছ অভাৰৰ। 

দুইমিনিট পিছতেই অক্ষয় কুমাৰৰবীৰ সূৰ্যবংশীৰ চৰিত্ৰৰ প্ৰকাশে চিল মোহৰ লগাই দিয়ে যে ৰোহিতৰ নতুন ছবি হসূৰ্যবংশী যোৱাবছৰ মুক্তি লাভ কৰা ট্ৰেইলাৰত আমি দেখিবলৈ পাওঁ‌ COP UNIVERSE শব্দ দুটা। অতিমাৰীৰ বাবে প্ৰায় দুটা বছৰৰ অধীৰ অপেক্ষাৰ অন্তত মুক্তিলাভ কৰেসূৰ্যবংশীয়ে। মুক্তিৰ প্ৰথম দিনতে ছবিখনে প্ৰায় ২৬ কোটি টকাৰ ব্যৱসায় কৰে আৰু দৰ্শকৰ উৎসুকতাৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰি যে ছবিখনে এটা মোটা অংকৰ ব্যৱসায় কৰিবলৈ সক্ষম হব। 

এজন সাধাৰণ ভাৰতীয় দৰ্শকে বক্স অফিচ কাউণ্টাৰৰ পৰা এটা টিকট কিনি যি আশাৰে চিনেমাহলত প্ৰৱেশ কৰে আৰু যি বিচাৰে, সেয়া ৰোহিত ছেট্টীৰসূৰ্যবংশীয়ে দিবলৈ সক্ষম হৈছেঃ একশ্যন, ড্ৰামা, কমেডি আৰু ৯০ ৰ দশকৰ এটা গীতৰ ৰিমেক যত শাৰী পিন্ধি অভিনেত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰিছে, সেয়াই এজন সাধাৰণ দৰ্শকে বিচাৰে যাক ৰোহিত ছেট্টীয়ে তেওঁৰ পূৰ্বৰ ছবিসমূহৰ দৰেইসূৰ্যবংশীতো বাৰুকৈয়ে উপস্থাপন কৰিব পাৰিছে। বৰ্তমানৰ প্ৰতিযোগিতামূলক জগতত ছবিজগততো এক প্ৰতিযোগিতা চলি আছে। সেইদৰে একাংশ চিত্ৰ নিৰ্মাতাই নিৰ্মাণ কৰি আহিছে বিভিন্ন ছবি।সূৰ্যবংশীয়ে বাণিজ্যিক ছবিসমূহৰ ক্ষেত্ৰত একেধৰণৰ কামেই কৰিছে। চিত্ৰগৃহৰ পৰা ওলাই আহি থাকোঁতে পিছৰ মানুহ দুজনে আলোচনা কৰা কাণত পৰিল, “মই ১০ ৰ ভিতৰত ৪ দিম”, আনজনে কৈছে,“ নাই নাই, ৫ দিব পাৰি। পেইছা ৱচুল চিনেমা।এগৰাকী পৰিচালক ইয়াতেই সফল। 

বাকী কাহিনী, চিত্ৰানাট্য ৰূপায়ণগত কিছু ত্ৰুটিসূৰ্যবংশীত পৰিলক্ষিত হৈছে। অৱশ্যে, মাজতে এক সামাজিক বাৰ্তা (যিটোৱে কিছু দৰ্শকক আৱেগিক কৰি দিব, সেইয়াও ৰোহিতে জানে) ই এগৰাকী টেকনিকেল Cinemahoilc মানুহকো কিছুসময়ৰ বাবে ভাবিবলৈ বাধ্য কৰাব। ৰোহিত ছেট্টীৰ চিগনেচাৰ ষ্টাইল একশ্যন দৃশ্যসমূহ খুবেই ভাল হৈছে। অৱশ্যে Shaky Camera ৰ বাবে একশ্যন দৃশ্যসমূহৰ নান্দনিকতা সামান্য হ্ৰাস পাইছে বুলিও কব পাৰি। কিন্তু, ছবিখনৰ শেষৰ ত্ৰিশ মিনিট আৰু ক্লাইমেক্সৰ দৃশ্যই ৯০ ৰ দশকৰ বলিউদৰ একশ্যন ছবিসমূহ মনত পেলাই দিব আৰু উত্তেজনাপূৰ্ণ সময়ৰ মাজতে ৰণবীৰ সিঙৰ সংগ্ৰাম ভালেৰাও ওৰফেছিম্বাআৰু অজয় দেৱগণৰবাজীৰাও সিংঘমৰ আগমন আৰু সময়ে সময়ে প্ৰয়োগ হোৱা কমিক টাইমিঙে ছবিখনৰ পৰিসমাপ্তিৰ গুণগত মানদণ্ড উৰ্দ্ধগামী কৰিছে বুলি এগৰাকী দৰ্শক হিচাপে আমি নিৰপেক্ষ আৰু সুস্থিৰভাৱে কব পাৰোঁ। 

নিম্নখাপৰ ছিকুৱেল ছবিৰ সংযোজন কৰাৰ সলনি ৰোহিত ছেট্টীয়ে বলিউদত প্ৰথমবাৰৰ বাবে যি ইউনিভাৰ্ছৰ সূচনা কৰিছে সেয়া এক ধনাত্মক দিশ। ডাঙৰ পৰ্দাত এনেকুৱা ছবি চোৱাৰ আমেজটো সুকীয়া। গতিকে, ‘সূৰ্যবংশীয়ে বলিউদৰ ছিকুৱেল ছবিৰ অৱধাৰিত গতিত যতি চিহ্ন লগাই এক নতুন ধাৰণা সংযোজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে ৰোহিত ছেট্টী আৰু তেওঁৰ টীম ধন্যবাদৰ পাত্ৰ। অৱশ্যে, আগলৈ ৰোহিতে এই বৃহৎ ফ্ৰেনচাইজীটো কিদৰে আগুৱাই নিব সেয়া লক্ষণীয় হব কাৰণ ইতিমধ্যে ছবিখনৰ শেষৰ ফালে ৰোহিতৰ নতুন ছবি কি হ, তাৰ এটা ধাৰণা কৰিবলৈ আৰু দৰ্শকৰ মাজলৈ কিদৰে ঠেলি দিব লাগে, সেইটো ক্ষেত্ৰতো তেওঁ বিফল হোৱা নাই। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!