বিৰাট কোহলী আৰু ৰবি শাস্ত্ৰীৰ কেমিষ্ট্ৰী

লেখক- কৌস্তুভমণি দাস

ভাৰতৰ ক্ৰিকেট ইতিহাসত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু মুখ্য প্ৰশিক্ষক জন ৰাইটৰ মধুৰ সম্পৰ্কৰ পিছত, বিৰাট কোহলী আৰু বহিৰ্গমন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ মাজৰ সম্পৰ্কটো অনুৰাগীসকলে নি:সন্দেহে বহুদিনলৈ মনত ৰাখিব। 

২০১৭ চনৰ চেম্পিয়নচ্ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ১৮০ ৰানত ভাৰতৰ পৰাজয়ৰ পিছত, তেতিয়াৰ মুখ্য প্ৰশিক্ষক অনিল কুম্বলে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ কিছু দিনৰ পিছতেই ৰবি শাস্ত্ৰীয়ে ভাৰতীয় দললৈ প্ৰশিক্ষক হিচাপে প্ৰৱেশ কৰিছিল। খবৰ অনুসৰি, ভাৰত পাকিস্তানৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত তেতিয়াৰ মুখ্য প্ৰশিক্ষক অনিলে ড্ৰেছিং ৰুমত যুক্তিসঙ্গতভাৱে খেলুৱৈসকলক কিছু কথা কৈছিল, আৰু পৰৱৰ্তী সময়ত বিৰাট কোহলীকে ধৰি অন্য কিছু খেলুৱৈৱে বিচিচিআইৰ ওচৰত অভিযোগ কৰিছিল যে বহুতো খেলুৱৈয়ে কুম্বলেৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষণৰ পদ্ধতি পছন্দ কৰা নাই। উল্লেখ্য যে ইয়াৰ উপৰিও, ২০১৭ চনৰ চেম্পিয়ন ট্ৰফীৰ আগৰে পৰাই প্ৰচাৰ মাধ্যমত কুম্বলে আৰু বিৰাট কোহলীৰ মাজৰ সম্পৰ্ক ভাল নহয় বুলি বহুতো খবৰো প্ৰকাশিত হৈছিল।

ৰবি শাস্ত্ৰী আৰু বিৰাট কোহলীৰ যুগটো টেষ্ট ক্ৰিকেটত ভাৰতৰ আধিপত্যৰ বাবে স্মৰণীয় হৈ ৰব। ১৩ জুলাই, ২০১৭ত ৰবি শাস্ত্ৰীৰ নিযুক্তিৰ পিছত ভাৰতে ২০১৮ চনত ২১ ব্যৱধানত অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জিকিছিল। ২০২০২১ বৰ্ষত প্ৰতিকূল পৰিস্থিতিতো অষ্ট্ৰেলিয়াত ভাৰতে পুনৰ একে ব্যৱধানত টেষ্ট শৃংখলা জয়লাভ কৰে। প্ৰশিক্ষক শাস্ত্ৰী আৰু অধিনায়ক কোহলীৰ অধীনত ভাৰতীয় দলটোৱে টেষ্ট ক্ৰিকেটত এক শক্তিশালী দল‌ হিচাপে গঢ় লৈ উঠিবলৈ সক্ষম হৈছিল।

২০১৬ৰ পৰা ২০২০ চনলৈ প্ৰায় ৪২ মাহৰ বাবে বিশ্বৰ এক নম্বৰ টেষ্ট দলৰ স্থান ভাৰতে দখল কৰিছিল। ইয়াৰ উপৰিও,ভাৰতে উদ্বোধনী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো প্ৰৱেশ কৰিছিল। কিন্তু ৰবি শাস্ত্ৰী আৰু বিৰাট কোহলীৰ তত্ত্বাৱধানত ভাৰতীয় দলে বগা বলৰ ক্ৰিকেটত বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে৷ লগতে ভাৰতে আইচিচি ট্ৰফী জয় কৰাতো ব্যৰ্থ হল।

বহিৰ্গমন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ আৰু বিৰাট কোহলীৰ অধীনত ভাৰতীয় দলৰ সামগ্ৰিক সাফল্যসমুহ এনে ধৰণৰ:

টেষ্ট: জয়ী২৫,পৰাজিত১৩

এদিনীয়া: জয়ী৫৩, পৰাজিত২৩

টি২০: জয়ী৪৩, পৰাজিত২০

আশাকৰোঁ নতুন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে সকলো ফৰ্মেটত অধিনায়ক আৰুদলটোৰ‌ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি ভাৰতীয় ক্ৰিকেটক আগুৱাই নিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!