তপামূৰী
লেখক- কলচুম বিবি
গল্পঃ তপামূৰী
মূল গল্পঃ নেড়ী
গল্পকাৰঃ মাণিক বন্দোপাধ্যায়
অনুবাদঃ কলচুম বিবি
তাৰাৰ মূৰত দূৰ্ভিক্ষৰ প্ৰথম আঘাতটো লাগিল। তাৰাৰ এমূৰ সুশোভিত ক’লা চুলি একোচা আছিল। খেতিয়কৰ ঘৰতো মাজে মাজে কোনো কোনো ছোৱালীৰ এনে হয়। বাপেকৰ ঘৰত থকাৰ সময়ত আৰু শহুৰেকৰ ঘৰলৈ অহাৰ কিছু বছৰলৈ, ল’ৰা–ছোৱালীৰ জন্মৰ আগলৈকে তেল লগাব পাৰে। তাৰপিছত তেলত অভাৱত চুলি আকৌ ৰুক্ষ হৈ যায়। ফুলি ওফন্দি থাকে, দেখিবলৈ জোপোহাৰে ভৰা জঙ্ঘলৰ দৰে হয়। চুলি বহুত বাঢ়ি যোৱা যেন লাগে। সাৰ নিদিলে গগন মাইতিৰ খেতিত ভাল শস্য নহয়, দহটি ল’ৰা–ছোৱালী, বিয়া দিয়াৰ পৰতো তাৰাৰ মূৰত অযত্নপালিত চুলিৰ ফচল অদ্ভুত ধৰণে ফুলি থাকে, তাই প্ৰাণপণে চম্ভালিবলৈ চেষ্টা কৰে।
তাৰ পিছত আহিল অত্যন্ত কষ্টকৰ দিনবোৰ। সৰ্বস্বান্ত হোৱাৰ দিন। তাৰাৰ মূৰত দিবলৈ দুদিনত যি দুই ফুটা তেল যোগাৰ কৰিছিল, সেয়াও বন্ধ হ’ল। মূৰত জঁট বান্ধিলে, ওকণিৰ বংশ বৃদ্ধি হ’ল আৰু পাগলৰ দৰে মূৰত চিকুটি চুলি ছিঙি তাৰাই বকি থাকে, মৰিলোঁ, অ মা মৰিলোঁ। মাৰ ভূতো, কটাৰীৰে বুকুত সোমাই যোৱাকৈ কোব এটা মাৰি দে ঐ।
ভীত সন্ত্ৰস্ত ক্ষুধাৰ্ত গগনে বিবৰ্ণমুখেৰে আলোচনা কৰিবলৈ আহে, জীৱন–মৰণৰ কথাটো তাৰাই মন দিব নোৱাৰে। দুই দণ্ডৰ বেছি সময় স্থিৰ হৈ বহিব পাৰিলেহে মন স্থিৰ কৰিব পাৰিব তাই। কাতৰতাৰে সেইবাবে তাই কয়, কি জানো, যি ভাল দেখ তাকে কৰ। ঘৰত চাউল শেষ হৈছে, বুজাবুজি কৰি কিবা এটা কৰ। দে, বেচিয়েই দে। পেটৰ জ্বালাত সৰু ল’ৰা–ছোৱালীবোৰে কান্দে, তাৰাই সিহঁতক থাপ্পৰ দিয়ে। ইফালৰ পৰা সিফালৰ পৰা কান্দোন ভাঁহি আহে, আতঙ্কত বুকুখন মোচৰ খাই উঠে তাৰাৰ, কিছুসময় লৰচৰ নকৰাকৈ নিথৰ হৈ বহি থাকে। তাৰপিছত আকৌ মূৰলৈ হাত যায়, জঁট ডাঙে, চিকুটে আৰু ওকণি মাৰে। চুলিৰ অৰণ্যৰ পৰা ওকণি বিচাৰি আনি দুই বুঢ়া আঙুলিৰ নখত টিপি পুট কৰি মৰাৰ মুহূৰ্তটোত তাৰাৰ বাবে এই বিশ্ব–সংসাৰ তুচ্ছ হৈ যায়। শৰীৰ ভালেখিনি শুকাই গৈছে। মুখলৈও পানী নাহে। তথাপিও ওকণি মৰা পুট শব্দটোৰ লগে লগে জিভাত সুন্দৰ শব্দ ওলায় উস্।
প্ৰথম মৃতকৰ সময়ৰ কন্দা–কটা এই চুলিকোচাৰ বাবেই বৰ গাম্ভীৰ্যপূৰ্ণ হ’ল। যোৱা নিশা জীয়েক মনা বিধবা হ’ল, ল’ৰাজনে অকণমানি জীয়েকজনীক বুকুত সাৱটি টানি টানি উশাহ লৈ ঢুকাল। তাইৰ স্বামীৰ মৃত্যুৰ সময়ত তাইৰ শাহুৱেকে আনটো ল’ৰাক লৈ তাক তেনেকৈয়ে পেলাই থৈ পলাই গৈছে। কান্দি কান্দি তাৰাই চুলিৰ যন্ত্ৰণাত জ্ঞানশূন্য হৈ চুলি ছিঙিবলৈ ধৰিলে, তাইৰ শোক দেখি সকলোৱে হতভম্ব হৈ পৰিল। এনেকুৱা শোকাৰ্ত হোৱাৰ ক্ষমতা সিহঁতৰ নাছিল। অনুভূতি ক্ৰমান্বয়ে ভোঁটা হৈ আহিছিল, দেহৰ শক্তিও নাছিল ইমান।
তাৰাৰ কোলাৰ ল’ৰাটো সৰু। মনাই তাইৰ ছোৱালীজনীক মাকৰ কোলাত তুলি দি ক’লে, মা এইকো অলপ গাখীৰ দে। মোৰ গাখীৰ শুকাই গৈছে। তাৰাৰ যেন বুকুৰ গাখীৰ শুকাবলৈ বাকী আছে। চালত থকা কলহ জোকাৰি অলপ ধূলি মিহলি গুৰ উলিয়াই আনে, শুকান পাতৰ জুই জ্বলাই গৰম কৰি নাতিনীয়েকক খুৱাই দিয়ে।
তিনিদিন পিছত আন এজন ল’ৰা আৰু এজনী ছোৱালীৰ বাবে তাৰাৰ কান্দোন বৰ নিস্তেজ হয়। ল’ৰা–ছোৱালী দুয়োটা অসুখত ভুগিছিল। ঔষধৰ অভাৱত যে সিহঁত মৰিল সেইটো নহয়, আচলতে ৰোগটো উপলক্ষহে, খাবলৈ নাপায় মৰিল। ৰৈ ৰৈ তাৰাই গোটেই দিনটো বিনাই বিনাই কান্দিলে।
আধাপোৰা ভাই–ভনী দুয়োটাক নদীত উটুৱাই দিয়াৰ পিছত সকলোৰে সৈতে ভূতো ঘৰলৈ ঘূৰি আহিল। হৃদয় পণ্ডিতৰ ঘৰৰ সম্মুখত সি পিছ পৰিল। সকলোৱে আহি পোৱাৰ কিছু সময় পিছতে এটা মৰা ছাগলী পোৱালি গামোছাত বান্ধি সি ঘৰলৈ ঘূৰি আহিল। পোৱালিটো গাঁৱৰ প্ৰাথমিক স্কুলৰ মাষ্টৰ হৃদয় পণ্ডিতৰ ছাগলীৰ। স্কুলখন বন্ধ হৈ যোৱাৰ বাবে হৃদয়ে এতিয়া জমিদাৰ পূৰ্ণ ঘোষালৰ ধানৰ হিচাপ লিখে।
মনাই নিমখ–হালধি সানি, তেল নোহোৱাকৈ ছাগলী পোৱালিটোৰ মাংস ৰান্ধিলে। বিধবা হৈ বাপেকৰ ঘৰলৈ আহি হবিছো পালন কৰা নাছিল বুলি কৈ তাই সকলো ৰীতি–নীতিৰ কথা পাহৰি ৰান্ধি ৰান্ধিয়েই মনাই অলপমান মাংস খালে। এই লৈ তাইৰ ভূতোৰ লগত হতাহতি, মৰামৰি হ’ল। ওঠৰ বছৰৰ মনা আৰু বিশ বছৰৰ ভূতো।
পিছদিনাখন হৃদয় পণ্ডিত আহিল। সম্মুখৰ বাৰাণ্ডাত শুই ছাগলীজনীয়ে পোৱালিকেইটাক গাখীৰ খাবলৈ দিছিল আৰু ডিঙি টিপি ভূতোই সেই পোৱালি চুৰি কৰি আনিছে।
ভাল দাম এটা দি গগন। নহ’লে তোৰ ল’ৰাক পুলিছক দিম।
দাম ক’ৰ পৰা পাব পণ্ডিত মহাশয়?
মনাক দেখি হৃদয় পণ্ডিতে অলপমান আচৰিত হৈ ক’লে, তই কেতিয়া আহিলি মনা? স্বামী কেতিয়া ঢুকাল। ছমাহ পূৰ্ণ ঘোষালৰ লগত থাকি হৃদয় পণ্ডিতৰ চেহেৰা, চোৱাৰ ধৰণ, কথাৰ ভংগী সকলো অদ্ভুত ধৰণে পৰিৱৰ্তন হৈছে; স্কুল বন্ধ নহ’লে কি হ’লহেঁতেন কব পৰা নাযায়। চিৰকাল যি মহান দৰিদ্ৰৰ আদৰ্শৰ শোষণত থেতেলা আৰু ভোঁটা হৈ নিৰ্ব্বোধ ভাল মানুহ হৈ আছিল, তেনেকৈ হয়তো শেষ পৰ্যন্ত থাকিলহেঁতেন। পূৰ্ণ ঘোষালৰ লগত মিলি ক্ষিপ্ৰ গতিৰে টকা ঘটিবলৈ শিকি হঠাৎ সেই মানুহ ভালকৈ মোট সলাব পৰা হৈ উঠিল।
ছাগলী পোৱালিটোৰ বাবে তেওঁ আৰু বেছি হাঙ্গামা নকৰিলে। ভৱিষ্যতৰ বাবে সাৱধান কৰিয়েই ক্ষান্ত হ’ল। গগনৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিবলৈ কঁঠাল কাঠৰ পীৰাত বহিল। ভেটিটোৰ বাহিৰে আৰু একোৱেই নাই গগনৰ।
বন্ধকী ৰাখ। ৰাখি বাপ–বেটা দুয়োটাই উপাৰ্জন কৰিবলৈ যা। দুটা ডেকা মানুহ ঘৰত বহি নোখোৱাকৈ মৰিব লৈছ, লাজ নালাগে?
যোৱাৰ আগতে হৃদয় পণ্ডিতে মনাক কৈ গ’ল, তোৰ চুলিকোচাও মাৰৰ দৰেই।
মনাই ক’লে–সব চুলি সৰি গ’ল।
বহুতেই গা এৰা দি গৈছে, বহুতেই যি ইচ্ছা তাকে কৰিছে, কোনোজনে আপোনজনক অকলশৰীয়া কৰি গৈছে, কোনোজনে সপৰিয়ালে গৈছে। ঘূৰিও আহিছে দুই এজন– আপোনজনক হেৰুৱাই। এওঁলোকৰ পৰা শুনা গৈছে, যাবলৈ ক’তো ঠাই নাই। যতেই যোৱা তাতেই এই অৱস্থা।
দিনটো আলোচনা হ’ল। ভেটি বেচিব নে বন্ধকী দিব, গগন আৰু ভূতো দুয়োজনেই যাবনে এজন যাব, নে ঘৰখনৰ সকলোৱে যাব। আৰু গ’লে ক’লৈ যাব?
ওকণিৰ কামোৰ তৰাই এতিয়া আৰু তেনেকুৱা অনুভৱ নকৰে, বোধশক্তি আৰু ভোঁটা হৈ গৈছে। কিন্তু তাৰ লগে লগে বুদ্ধিও ভোঁটা হৈ যোৱাত কোনো ধৰণৰ পৰামৰ্শ তাই দিব নোৱাৰিলে।
ভূতোক পিছদিনাখন আৰু দেখা নগ’ল। হৃদয় পণ্ডিতৰ পৰা পথৰ সন্ধান পাই সি অকলেই গুছি গৈছে।
গগনে ক’লে, অকলে তোমালোকক ক’লৈ লৈ যাম? নিজে গৈ চাওঁ যদি কিবা হয়।
ঘৰ বন্ধকিত থৈ পোন্ধৰ–বিশদিনৰ খোৱাৰ যোগাৰ লৈ গগন গুছি গ’ল। ঘূৰি নাহে, পোন্ধৰ–বিশদিনৰ ভিতৰতে খবৰ আৰু ৰোজগাৰৰ কিছু অংশ পঠিয়াব।
দুবাৰ দুবাৰ খাবলৈ পাই তৰাৰ চুলিৰ যন্ত্ৰণা অনুভৱৰ শক্তি আকৌ বাঢ়ি যায়। তাইৰ ভৰা ঘৰখন কিদৰে খালী হৈ গৈছে আকৌ বুজিব পাৰি মাজৰ নিজম দিনবোৰৰ পিছত আকৌ ইনাই বিনাই কান্দিবলৈ ধৰে, মনায়ো মাকৰ সৈতে সুৰ মিলায়। মনাৰ মূৰতো জট বান্ধি ওকণি হৈছে। মাক–জীয়েকে বহি কান্দে আৰু পৰস্পৰৰ মূৰৰ জট ভাঙি ওকণি চায়।
খাদ্য বস্তু শেষ হৈ যায়। এদিন দুদিনকৈ সময় পাৰ হৈ মাহ হয়। গগনৰ কোনোধৰণৰ সংবাদ নাই। শোক, দুখ আৰু শাৰীৰিক যন্ত্ৰণাত আকৌ জয় পৰি আহে দুয়োজনী। মনাৰ ছোৱালীজনী গাখীৰৰ অভাৱত মৰি যায়, কাঁৰী চাউলৰ ভাত খোৱাৰ বাবে পেটৰ অসুখ হৈছিল। তাৰাৰ কোলাৰ ল’ৰাটোও মৰে একেদৰে। তাৰপিছত এটা এটাকৈ, এবেলা এজন আৰু আনটো বেলা আন এজন, তাৰাৰ আৰু এজন ল’ৰা আৰু এজনী ছোৱালী মৰে। মৰো মৰো অৱস্থাত থাকে দুটা। দহটাৰ ভিতৰত তাৰাৰ চাৰিটা সন্তান মৰিছিল– এই গাঁৱতে খুব স্বাভাৱিকভাৱে মৰিছিল– আৰু চাৰিটা মৰে দুৰ্ভিক্ষত।
হৃদয় পণ্ডিত আহে যায়, পৰামৰ্শ দিয়ে, উপকাৰ কৰিবলৈ বিচাৰে কিন্তু চাউল নিদিয়ে। পেটৰ পোৰণি নাথাকিলে মানুহে কথা কিয় শুনিব! ক’লে, চাউল পাবা ক’ত? যি কৈছোঁ তাকে শুন। তোমালোক চহৰলৈ ব’লা; খোৱা–লোৱাৰ ব্যৱস্থা কৰি দিম, গগন যদি ঘূৰি আহে, তোমালোকেও ঘূৰি আহিবা।
তাৰাই ক’লে, আপুনিয়েই দেউতা ঈশ্বৰ, যি ভাল দেখে তাকে কৰক।
দুয়োজন ৰাজী হোৱাত হৃদয়ে মনে মনে অলপ হিচাপ কৰে। মনতো আছে চেষ্টাং কৃতৰ সংস্কৃত শ্লোকটো। তেওঁ মনাক বেলেগে ক’লে, যি কৰিছোঁ তোৰ ভালৰ বাবেই কৰিছোঁ মনা। কিন্তু চাৰিজনৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰিম? দোমোজাত পৰিছোঁ। মাৰ নগ’লে তই যদি নাযাৱ– গ’লে কিন্তু সুখত থাকিবি। মাছ–গাখীৰ খাব পাবি, শাৰী–গহনা পিন্ধিবলৈ পাবি–
নাযাওঁ বুলি কৈছিলোঁ?
কৈছ নেকি? কৈছতো? বৰ ভাল কথা।
তাৰাৰ অজ্ঞাতেই মনাক শাৰী–গহনা পিন্ধাই মাছ–গাখীৰ খাই সুখত ৰখাৰ বাবে চহৰলৈ পঠিয়াই নিজৰ মাছ–গাখীৰ খোৱাৰ আৰু পত্নীক শাৰী–গহনা দিয়াৰ ব্যৱস্থাটো হৃদয় পণ্ডিতে ঠিক কৰিলে।
মধ্যৰাতিৰ পৰা আৰম্ভ কৰি পিছত গোটেই দিনটো ছোৱালীৰ বাবে অপেক্ষা কৰি দুয়োটা ল’ৰাক লৈ তাৰা হৃদয় পণ্ডিতৰ ঘৰলৈ গ’ল।
ছোৱালীজনী পলাই গৈছে পণ্ডিত মহাশয়।
কথা সেইটোহে নেকি? ছিঃ ছিঃ।
মোক চহৰলৈ পঠিয়াই দিয়ক। গৃহস্থী সামৰি ৰাখি কি হ’ব আৰু?
ক্ষন্তেক সময় নীৰৱে থাকি হৃদয় পণ্ডিতে ক’লে, হওঁতে অলপ গণ্ডগোল হৈছে ভূতোৰ মাক। য’লৈ পঠিয়াম বুলি কৈছিলোঁ, তালৈ আৰু মানুহ নিনিয়ে বুলি খবৰ পাইছোঁ।
দুয়োটা ল’ৰাক সাবতি তাৰাই বাৰাণ্ডাত বহি থাকে। মূৰত অজস্ৰ ওকণি কিলবিলাই আছে। সন্ধ্যাবেলাৰ অন্ধকাৰ জোন ওলাই অহাত বিৱৰ্ণ হৈ পৰে। তাৰাই বুজি উঠে, তাইৰ ল’ৰা দুটা হৃদয় পণ্ডিতৰ বাৰাণ্ডাৰ মাটিতেই ঘুমাইছে। সিহঁতক তাতেই থৈ তৰাই চুপচাপ ৰাস্তালৈ ওলাই যায়। চহৰৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰে।
তাৰপিছত অলেখ ঘটনা ঘটে তাৰাৰ জীৱনত। এমাহমানৰ পিছত হস্পিতালত আইনাত নিজৰ মুখখন চাই তাৰাই প্ৰশ্ন কৰে, তুমি কোন অ’?
চাওচোন চিনিব পাৰিনে নোৱাৰি। এইখন হৈছে সাতাইখুনিৰ গগনৰ পত্নী তাৰাৰ মুখ।
তাৰাৰ হাঁহি জীয়াই নাথাকিল। – যা! তাৰাৰ মূৰ কিয় খুৰোৱা হ’ব? কিমান চুলি তাৰাৰ মূৰত!