গণিতঃ এক টান বিষয় নেকি?

লেখক- ড° হেমন্ত কুমাৰ শৰ্মা

কোনোবাই যদি প্ৰশ্ন কৰে তিনি সংখ্যাটো ছয়তকৈ ডাঙৰ নেকি? সতকাই দিব পৰা উত্তৰটো হ’ল–নহয়৷ কিন্তু শিৰোনামৰ প্ৰশ্নটো অৰ্থাৎ গণিত এক টান বিষয় নেকি প্ৰশ্নটোৰ উত্তৰ একে আষাৰে দিয়াটো জটিল৷ প্ৰথম প্ৰশ্নটো শিক্ষিত যিকোনো মানুহক সুধিলে একেই উত্তৰ পোৱা যাব অৰ্থাৎ উত্তৰটো পৰম (absolute) কিন্তু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ মানুহ ভেদে বেলেগ হ’ব অৰ্থাৎ উত্তৰটো আপেক্ষিকহে (relative) হ’ব৷ উত্তৰ দিয়াজনৰ গণিতৰ প্ৰতি মনোভাৱ কেনে তাৰ ওপৰত উত্তৰটো নিৰ্ভৰ কৰিব৷ সেয়ে তলৰ আলোচনাটিত আমি গণিত এক টান নে সহজ বিষয় তাৰ আলোচনা কৰাতকৈ কেনেকুৱা পৰিস্থিতিত গণিত বিষয়টো টান নহৈ সহজ যেন লগা হ’ব পাৰে তাৰেই এক পৰ্য্যালোচনা আগবঢ়ালোঁ৷

গণিত বিষয়টো কিছুমান সুশৃংখলিত নিয়ম তথা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেয়ে এই নিয়ম তথা যুক্তিখিনি যদি উপযুক্ত অনুশীলনৰ দ্বাৰা আয়ত্ত কৰি লোৱা হয় তেতিয়া গণিত কেতিয়াও এক টান বিষয় হৈ থাকিব নোৱাৰে৷ অৱশ্যে এই কথাষাৰি অস্বীকাৰ কৰিলে ভুল হ’ব যে গণিত সম্পৰ্কে সমাজৰ এক চিৰাচৰিত ধ্যান-ধাৰণা হৈছে যে ই এক টান বিষয় হোৱাৰ লগতে ৰসহীন তথা ভৱিষ্যতৰ ব্যাৱহাৰিক জীৱনৰ বাবে কোনো কামত নহা এক বিমূৰ্ত বিষয়হে৷ গণিতৰ ক্ষেত্ৰত ছোৱালীতকৈ ল’ৰা আগবঢ়া জাতীয় কিছুমান অন্ধবিশ্বাসো আমাৰ সমাজত প্ৰচলিত হৈ আছে৷ গণিত বিষয়টো সহজ নে টান সেইটো নিৰ্ভৰ কৰিব ছাত্ৰ বা ছাত্ৰীগৰাকীৰ উপযুক্ত অনুশীলনৰ ওপৰত৷ যিকোনো বিষয়ত ব্যুৎপত্তি অৰ্জন কৰিবলৈ উপযুক্ত অনুশীলন একান্তই আৱশ্যকীয়–সেয়া লাগিলে পঢ়া-শুনাই হওক, খেলা-ধূলাই হওক অথবা আন সুকুমাৰ কলাৰ লগত জড়িত বিষয়েই হওক৷ উপযুক্ত অনুশীলনৰ বাবে সময় দিব লাগিব৷ মানুহ এজনে কেতিয়া কোন বিষয়ত অনুশীলনৰ বাবে সময় খৰচ কৰে সেই কথা ফঁহিয়াই চালে দেখা যায় যে বিষয়টো যদি তেওঁৰ ভালপোৱা মনোমত হয় তেতিয়া তেনে কামৰ অনুশীলনৰ বাবে সময় খৰচ হ’লেও তেওঁ আমনিও নাপায় আৰু বিষয়টোকো টান বুলি গণ্য নকৰে৷ অৰ্থাৎ ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হয় যে গণিত বিষয়টোক যদি ছাত্ৰ-ছাত্ৰীৰ আগত এক সহজ বিষয় হিচাপে উপস্থাপন কৰিব লগা হয় তেন্তে তাৰ প্ৰথম চৰ্ত হ’ব যে গণিত বিষয়টোক তেওঁলোকে ভালপোৱা এক বিষয়লৈ পৰিৱৰ্তিত কৰিব পাৰিব লাগিব৷ কোনে এই দায়িত্ব বহন কৰিব? অনস্বীকাৰ্য্যভাৱে এই দায়িত্ব আহি পৰিব প্ৰাথমিক পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়ৰ গণিতৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত৷ আমাৰ নিজস্ব ধাৰণা মতে স্কুল পৰ্য্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দায়িত্ব অলপ বেছিহে হ’ব কাৰণ ভালপোৱাৰ এই জুইকুৰা তেখেতসকলেই প্ৰথমে জ্বলাব লাগিব৷ গতিকে আমি পৰ্য্যালোচনা কৰা দৰকাৰ–গণিত বিষয়টোক কেনেকৈ এক ভালপোৱা বিষয়লৈ তুলি ধৰিব পাৰি৷ এই ক্ষেত্ৰত আগবাঢ়িবলৈ হ’লে হয়তো আমি তলৰ কথাবোৰৰ প্ৰতি মন দিব লাগিব৷ অৱশ্যে এয়া আমাৰ অভিজ্ঞতাপ্ৰসূত ধ্যান-ধাৰণাহে৷ মাননিয় শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিজস্ব মতামতো থাকিব আৰু আমি সেই মতামত শ্ৰদ্ধাৰে গ্ৰহণ কৰিম৷

আমাৰ দৃষ্টিত শ্ৰেণীকোঠাত যিকোনো এটা বিষয়ত পাঠদান কৰাৰ আগতে তাৰ পৃষ্ঠভূমি এটা তৈয়াৰ কৰা অতি জৰুৰী৷ কি কাৰণে বা কেনেকৈ সেই বিষয়টোৰ অৱতাৰণা হ’ল সেই বিষয়ে গম পালে ছাত্ৰ-ছাত্ৰীয়ে বিষয়টোৰ প্ৰতি অধিক মনোযোগী হৈ পৰে৷ ইয়াৰ পিছতেই আমি এই কথাত জোৰ দিয়া দৰকাৰ যে ছাত্ৰ-ছাত্ৰীসকলে শিকিবলৈ ওলোৱা বিষয়টোৱে তেওঁলোকক ভৱিষ্যৎ জীৱনত কিদৰে সহায় কৰিব তাৰ এক বিৱৰণ দিয়া৷ নিজৰ অভিজ্ঞতাৰ পৰা এইটো অনুধাৱন কৰিব পৰা হৈছোঁ যে ভৱিষ্যৎ জীৱনত কোনো প্ৰয়োগ নথকা বিষয় এটাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে বিশেষ মনোযোগ নিদিয়ে৷ ই অকল ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, বৰঞ্চ বয়স ভেদে কম-বেছি পৰিমাণে সকলো মানুহেই একে ধৰণৰ প্ৰতিক্ৰিয়াই দেখুৱায়৷ আমাৰ মতে সেয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে কণ কণ শিশুসকলক তেওঁলোকৰ গণিতৰ জ্ঞানে তেওঁলোকক কিদৰে বজাৰ-সমাৰ কৰাত সহায় কৰিব, জ্যামিতিৰ কালিৰ (area) জ্ঞানে ভৱিষ্যৎ জীৱনত কিদৰে এটুকুৰা মাটি বা এটা ফ্লেট কিনাত সহায় কৰিব, ভগ্নাংশৰ জ্ঞানে কিদৰে তেওঁলোকক ভৱিষ্যতে যিকোনো বস্তুৰ ভাগ-বতোৱাৰা কৰাত সহায় কৰিব, সুত তথা শতাংশৰ জ্ঞানে কিদৰে তেওঁলোকক কোনো ‘স্কীম’ত পইচা জমা ৰাখি বেছি লাভ কৰাত সহায় কৰিব ইত্যাদি কথাবোৰ কৈ বিষয়টোৰ প্ৰতি তেওঁলোকৰ ভালপোৱা ভাব এটাৰ উদ্ৰেক কৰাবলৈ অহৰহ চেষ্টা কৰিব লাগিব৷ অলপ পৰিপক্ব বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে গণিতৰ অধ্যয়নে তেওঁলোকক কিদৰে নিয়মানুৱৰ্তী, যুক্তিবাদী কৰি তুলিব পাৰে সেই সম্পৰ্কে দৃষ্টিগোচৰ কৰাব লাগে কাৰণ গণিত বিষয়টো নিয়ম তথা যুক্তিৰ ওপৰতেই প্ৰতিষ্ঠিত৷ গতিকে তেনে এক বিষয়ৰ অনুশীলনে তেওঁলোকৰ ব্যক্তিত্বটো তেনে গুণবোৰৰ সমাহাৰ ঘটাব৷ আমাৰ সমাজত যিমানেই নিয়মানুৱৰ্তী, যুক্তিবাদী মানুহৰ সংখ্যা বাঢ়িব সিমানেই আমাৰ সমাজ গণতান্ত্ৰিক, কুপৰম্পৰা ৰহিত এখন সমাজলৈ আগবাঢ়িব৷ মানুহ বলি দিয়া, ডাইনী বুলি হত্যা কৰা আদি এশ এবুৰি ঘটনাৰ পৰা আমি মুক্ত হ’ব পাৰিম৷

সময়ে সময়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে কিছু মহান লোকে গণিত বিষয়টো সম্পৰ্কে কৰা সু মন্তব্য ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰিও গণিত বিষয়টোৰ প্ৰতি তেওঁলোকৰ ভাল পোৱাৰ ভাব জন্মাবলৈ চেষ্টা কৰিব পাৰে৷

ছাত্ৰ-ছাত্ৰীয়ে গণিত বিষয়টো ভাল পাব নে বেয়া পাব তাৰ এক উল্লেখযোগ্য কাৰণ হ’ব তেওঁলোকক গণিত পঢ়োৱা শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ ব্যক্তিত্ব৷ স্কুললৈ যাবলৈ আৰম্ভ কৰা শিশু এটিক যদি সোধা হয় কোনটো বিষয় তেওঁ ভাল পায় তেন্তে তেওঁৰ উত্তৰৰ পম খেদিলে এইটোৱে পৰিস্ফূত হ’ব যে কিবা কাৰণত সেই বিষয়টো পঢ়ুওৱা শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক তেওঁ ভাল পায় আৰু তাৰেই এক অবধাৰিত প্ৰক্ৰিয়া হিচাপে তেওঁ পঢ়ুৱা বিষয়টো শিশুটিয়ে ভাল পাবলৈ আৰম্ভ কৰে৷ সেয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাৰ আচাৰ-ব্যৱহাৰ অক্ষুণ্ণ ৰাখিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি মৰমিয়াল তথা সহানুভূতিশীল হোৱাটো খুবেই প্ৰয়োজনীয়৷ গণিতৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মৰম, সহানুভূতিয়ে এমুঠি ছাত্ৰ-ছাত্ৰীক যে গণিতৰ অনুৰক্ত কৰি তুলিব সেই সম্পৰ্কে আমি দৃঢ়বিশ্বাসী৷

শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত এনে এক আৱাহাৱাৰ সৃষ্টি কৰিব লাগে য’ত ছাত্ৰ-ছাত্ৰীসকলে নিসংকোচে তেওঁলোকৰ মনৰ খুদুৱনিবোৰৰ অৱতাৰণা কৰি সেইবোৰ পুংখানুপুংখভাৱে বুজি ল’ব পাৰে৷

শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদানৰ মাজে মাজে গাণিতীক সাঁথৰ, গণিতৰ লগত জড়িত খুহুতীয়া কথাৰ অৱতাৰণাৰে পাঠদান প্ৰক্ৰিয়া অধিক ৰসাল কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অধিক মনোযোগী কৰাই তুলিব পাৰে৷

বৰ্তমান যুগটো কম্পিউটাৰ তথা ইণ্টাৰনেটৰ যুগ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক এই কথাও জনাব লাগে যে এই ইণ্টাৰনেট, কম্পিউটাৰৰ পৃষ্ঠভূমিত উচ্চ গণিতে এক উল্লেখযোগ্য বৰঙনি যোগাই আছে৷ আজিকালি ইউটিউবত গণিতৰ বিভিন্ন বিষয়ৰ অতি উচ্চ মানসম্পন্ন বহুতো ভিডিঅ’ পোৱা যায়৷ সম্ভৱ হ’লে শ্ৰেণীকোঠাত মাজে মাজে তেনে ভিডিঅ’ দেখুৱালেও ছাত্ৰ-ছাত্ৰীয়ে গণিত বিষয়টোক অধিক ভালপোৱা হ’ব বুলি মনে ধৰে৷

সকলো শিক্ষক-শিক্ষয়িত্ৰীয়েই সাঙোৰ নোখোৱা কিন্তু বিশেষ কিছু শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা নিৰ্ধাৰিত কিছু বিষয়েও নিৰ্ধাৰণ কৰে ছাত্ৰ-ছাত্ৰীয়ে এটা বিষয় ভাল পাব নে বেয়া পাব৷ এই ক্ষেত্ৰত আমি পাঠ্যক্ৰম, পাঠ্যপুথি তথা পৰীক্ষাত দিয়া প্ৰশ্নকাকতৰ কথা অৱতাৰণা কৰিব খোজো৷ আমি খুব সজাগ হোৱা দৰকাৰ যাতে এইবোৰে ছাত্ৰ-ছাত্ৰীৰ মনত এক বিৰাগ ভাব জন্মোৱাৰ সলনি এক ভালপোৱাৰ ভাবৰহে সঞ্চাৰ কৰে৷

মুঠ কথাত আমি যদি উপৰি উক্ত কথাবোৰৰ প্ৰতি মন দি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰোঁ, য’ত ছাত্ৰ-ছাত্ৰীয়ে গণিত বিষয়টোক ভাল পাবলৈ আৰম্ভ কৰে তেন্তে ‘গণিত এক টান বিষয় নেকি’ জাতীয় প্ৰশ্নৰ ভৱিষ্যতে কেতিয়াও অৱতাৰণা নহ’ব বুলি আমি আশাবাদী৷
গণিতৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ কথাখিনি আগবঢ়াই ইমানতে সামৰিছোঁ৷

( লেখকৰ দূৰভাষঃ ৯৮৫৪০-৪৯২৯৫)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!