ভোটদান ব্যৱস্থাৰ সীমাবদ্ধতা আৰু ইয়াৰ বিকল্প

লেখক- ঋতু দত্ত

দৈনন্দিন জীৱনত আমি সততে বহু সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়। ইয়াৰে কিছুমান সিদ্ধান্ত ব্যক্তিগত আৰু অন্য কিছুমান সমূহীয়া (Collective)। ব্যক্তিগত সিদ্ধান্তসমূহ আমি যি ধৰণেৰে গ্ৰহণ নকৰো কিয় তাত সমাজৰ বৰ বিশেষ লাভ-লোকচান বা ক্ষয়-ক্ষতি নহয়৷ কিন্ত সমাজ জীৱনৰ লগত জড়িত সিদ্ধান্তসমূহে আমাৰ সকলোকে প্ৰত্যক্ষ বা পৰোক্ষভাবে প্ৰভাৱিত কৰে। সেয়েহে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰাত সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ এটা নৈতিক দায়িত্ব থাকে।
কোনবোৰ সিদ্ধান্ত ব্যক্তিগত আৰু কোনবোৰ সমূহীয়া এই কথা আমি স্পষ্ট হৈ লোৱা প্ৰয়োজন। উদাহৰণস্বৰপে, আপোনাৰ বা মোৰ ঘৰৰ বেৰ (Wall) সমূহত কি ৰং ব্যৱহাৰ কৰিব; বগা নে সেউজীয়া (?) এই ধৰণৰ সিদ্ধান্ত ব্যক্তিগত। আপুনি বগা ৰং ব্যৱহাৰ কৰক বা সেউজীয়া ব্যৱহাৰ কৰক তাত সমাজৰ বিশেষ লাভ বা ক্ষতি নহয়। আনহাতে, এজন প্ৰাৰ্থী বাচনি কৰা ( যেনে নিৰ্বাচন, বিভিন্ন সভাৰ সভাপতি, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আদি পদসমূহ), জনবসতিপূৰ্ণ অঞ্চল এটাত দূৰ্ঘটনাৰ সম্ভাৱনা থকা বৃহৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য (যেনে বৃহৎ নদীবান্ধ, ফেক্টৰী ইত্যাদি), সদনত এখন নতুন বিল (Bill) উত্থাপন কৰা, অনুমোদন লাভ কৰা, প্ৰাকৃতিক পৰিবেশ ভাৰসাম্য বিনষ্ট কৰিব পৰা বিভিন্ন কাৰ্য্য ইত্যাদি সিদ্ধান্তসমূহ সমূহীয়া। এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা সময়ত একাধিক ব্যক্তিৰ মতামত বিবেচনা কৰা অতি জৰুৰী (বা প্ৰয়োজনীয়)।
এনে বহু জটিল আৰু স্পৰ্শকাতৰ সিদ্ধান্ত গ্ৰহণ কৰা সময়ত ভোটিং পদ্ধতিয়ে এটা উল্লেখযোগ্য ভূমিকা লয়। কিন্তু ওপৰত উল্লেখ কৰা সকলোবিলাক সিদ্ধান্ত গ্ৰহণত সাধাৰণ নাগৰিক প্ৰত্যক্ষভাবে ভোটদান কাৰ্য্যৰ লগত জড়িত নাথাকে বা মতামত নিদিয়ে। আনহাতে ইয়াৰে কিছুমান সিদ্ধান্তত সাধাৰণ নাগৰিক প্ৰত্যক্ষভাবে জড়িত থাকে বা ভোটদান ব্যৱস্থাৰ অংশীদাৰ হয়।

২০১৭ বৰ্ষৰ লিন্ডাউ নোবেল বিজয়ী সভাত (Lindau Nobel Laureate Meeting) আন্তৰ্জাতিক খ্যাতিসম্পন্ন অৰ্থনীতিবিদ এৰিক্ মাসকিনে (Eric Maskin) উল্লেখ কৰিছে, “যিটো ভোটিং পদ্ধতিৰ দ্বাৰা বেছিভাগ দেশত ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয় সেই ভোটিং পদ্ধতিটো এটা গুৰুতৰভাৱে আসোঁৱাহপূৰ্ণ পদ্ধতি ”। কেৱল ৰাষ্ট্ৰপতি নিৰ্বাচনেই নহয়, বিভিন্ন সাধাৰণ নিৰ্বাচন এই একেটা ভোটিং পদ্ধতিৰ দ্বাৰাই আয়োজন কৰা হয়।
মাসকিনে যিটো পদ্ধতিৰ কথা উল্লেখ কৰিছে সেইটো হ’ল – প্লুৰালিটি ভোটিং পদ্ধতি (Plurality Voting/ FPTP)। পৃথিৱীৰ অন্য বহু দেশৰ লগতে আমাৰ দেশৰ সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ কৰা ভোটদান পদ্ধতিটো হ’ল এই প্লুৰালিটি পদ্ধতি। এই পদ্ধতিটো এটা অতি প্ৰাচীন ভোটিং পদ্ধতি। ইয়াৰ আৰম্ভণি এথেন্সৰ স্পাটা (Spata, Athens) চহৰত। এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ আৰু বুজিবলৈ সহজ, ভোট গণনা কাৰ্য্যতো বিশেষ জটিলতা নাই। সহজকৈ ক’বলৈ গ’লে এই পদ্ধতিৰ মতে ভোটাৰে তেওঁৰ প্ৰিয় প্ৰাৰ্থীজনক ভোট দিব লাগে আৰু যিজন প্ৰাৰ্থীয়ে আটাইতকৈ বেছি ভোট লাভ কৰে তেওঁকেই বিজয়ী বুলি ধৰা হয়।

দুজন প্ৰাৰ্থীৰ মাজৰ পৰা এজন প্ৰাৰ্থী বাচনি কৰিবলৈ ই এটা অতি উত্তম পদ্ধতি। কিন্ত প্ৰাৰ্থীৰ সংখ্যা দুজনতকৈ বেছি হলে এই পদ্ধতিটো বিভিন্ন সমস্যাৰ মুখামুখি হয়। এই কথা বুজিবলৈ কেইটামান সহজ উদাহৰণ ল’ব পাৰি। আমি প্ৰথমে দুজন প্ৰাৰ্থীৰ মাজত এই পদ্ধতিয়ে কেনেকুৱা ফলাফল দিয়ে তাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পাছলৈ দুজনতকৈ অধিক প্ৰাৰ্থী হ’লে এই পদ্ধতিৰ বাবে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হয় তাৰ বিষয়ে আলোচনা কৰিছোঁ।

উদাহৰণ-১

দুজন প্ৰাৰ্থী ক আৰু খ, ভোটাৰৰ সংখ্যা ১০০ জন (বুজিবলৈ সুবিধাৰ বাবে)।

প্ৰাৰ্থী

ভোটৰ সংখ্যা

৬০

৪০

ক নামৰ প্ৰাৰ্থীজনক ৬০ জন ভোটাৰে সমৰ্থন কৰিছে আৰু খ নামৰ প্ৰাৰ্থী জনক ৪০ জন ভোটাৰে সমৰ্থন কৰিছে। ক নামৰ প্ৰাৰ্থীজনে খ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰিছে আৰু সেই ভোটৰ শতকৰা হাৰ ৬০ শতাংশ। এই ক্ষেত্ৰত ক নামৰ প্ৰাৰ্থীজন নিৰ্বাচনত জয়ী হোৱাটো যুক্তিপূৰ্ণ। কাৰণ মুঠ জনসংখ্যাৰ আধাতকৈ বেছি ভোটাৰে ক নামৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিছে। অৰ্থাৎ তেওঁক গৰিষ্ঠ সংখ্যক ভোটাৰে সমৰ্থন জনাইছে।

উদাহৰণ-২

ধৰাহওক, প্ৰাৰ্থীৰ সংখ্যা তিনিজন ক্ৰমে ক, খ, গ আৰু ভোটাৰৰ সংখ্যা ১০০ জন। তালিকাত দেখুওৱা ধৰণে তেওঁলোকে ভোট লাভ কৰিছে-

প্ৰাৰ্থী

ভোটৰ সংখ্যা

৩৬

৩৩

৩১

এই ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। তথাপি আমি ব্যৱহাৰ কৰা ভোটিং পদ্ধতিৰ মতে ক নামৰ প্ৰাৰ্থীজন বিজয়ী হ’ব। কিন্ত ভালদৰে চালে দেখা যায় যে ক নামৰ প্ৰাৰ্থীজন জয়ী হৈছে মাত্ৰ ৩৬ শতাংশ ভোট লাভ কৰিহে৷ গৰিষ্ঠ সংখ্যক লোকে (৬৪ শতাংশই) ক নামৰ প্ৰাৰ্থীজনক সমৰ্থন জনোৱা নাই। তেওঁ নিৰ্বাচনত জয়ী হৈছে অন্য ভোটসমূহ বাকী দুজন প্ৰাৰ্থীৰ মাজত ভাগ হৈ যোৱাৰ বাবেহে। এই ক্ষেত্ৰত ক নামৰ প্ৰাৰ্থীজনক এজন আদৰ্শ প্ৰাৰ্থী বুলি ক’ব নোৱাৰি। কাৰণ গৰিষ্ঠ সংখ্যক ভোটাৰে তেওঁক এজন যোগ্য প্ৰাৰ্থী বুলি ভবা নাই। প্লুৰালিটি ভোটিং পদ্ধতিয়ে এই ক্ষেত্ৰত এজন আদৰ্শ প্ৰাৰ্থী নিৰ্বাচিত কৰিব পৰা নাই লগতে ভোটাৰকো তেনে কৰিবলৈ সুবিধা দিয়া নাই।

যিহেতু আমাৰ নিৰ্বাচনসমূহ দুজন বা তিনিজন প্ৰাৰ্থীৰ মাজত সীমাবদ্ধ নাথাকে, বহু সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা অতি কমেও দহৰ পৰা পোন্ধৰজনৰ মাজত হয়, তেনেস্থলত প্লুৰালিটি ভোটিং পদ্ধতিয়ে আৰু অধিক শোচনীয় ফলাফল দিয়াৰ সম্ভাৱনা থাকে। ৫ জন প্ৰাৰ্থীৰ বাবে প্লুৰালিটি ভোটিং পদ্ধতিৰ নিৰ্বাচন তলৰ তালিকাত দেখুওৱা হৈছে।

উদাহৰণ-৩

ধৰাহওক, ৫ জন প্ৰাৰ্থী ক্ৰমে ক, খ, গ, ঘ আৰু ঙ ৷ ভোটাৰৰ সংখ্যা ১০০ জন।

প্ৰাৰ্থী

ভোটৰ সংখ্যা

২৬

২০

১৯

১৮

১৭

এই ক্ষেত্ৰত মাত্ৰ ২৬ শতাংশ ভোট লাভ কৰি ক নামৰ প্ৰাৰ্থীজন নিৰ্বাচনত জয়ী হৈছে। অৰ্থাৎ প্ৰাৰ্থীৰ সংখ্যা যিমানে বাঢ়ি যাব, প্লুৰালিটি ভোটিং পদ্ধতিৰ সহায়ত সিমানে অতি কম সংখ্যক ভোটাৰৰ সমৰ্থন লাভ কৰিও এজন প্ৰাৰ্থী জয়ী হ’ব পৰা সম্ভাৱনা থাকিব যিটো অগণতান্ত্ৰিক৷ কাৰণ বহু সময়ত সেই প্ৰাৰ্থীজনে এটা বৃহৎ জনসংখ্যাক প্ৰতিনিধিত্ব (Represent) নকৰে।

চমুকৈ প্লুৰালিটি ভোটিং পদ্ধতিৰ সীমাবদ্ধতাঃ
১) এই পদ্ধতিৰ সহায়ত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিব পাৰে; কিন্তু বহু সময়ত দেখা যায় যে ভোটাৰে একাধিক প্ৰাৰ্থীক সেই নিদিষ্ট পদটোৰ বাবে উপযোগী বুলি ভাবে। অৰ্থাৎ এই পদ্ধতিয়ে ভোটাৰক অতি সীমিত পৰিমাণেহে মত প্ৰকাশ কৰিবলৈ সুবিধা দিয়ে।
২) দ্বিতীয়তে, এই পদ্ধতিৰ সহায়ত সহজতে ভোট ভঙা (Vote-splitting) কাৰ্য্য সম্পন্ন কৰিব পাৰে। অৰ্থাৎ এই পদ্ধতিৰ সহায়ত অতি কম সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী এজনো নিৰ্বাচনত জয়ী হ’ব পাৰে বা প্ৰায়ে হয়। (উদাহৰণ ২ আৰু ৩ ত দেখুওৱা হৈছে।)
৩) তৃতীয়তে, এই পদ্ধতিয়ে নতুন বা স্বতন্ত্ৰ প্ৰাৰ্থীক নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ আকৰ্ষিত নকৰে বা কৰিলেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহয়।
৪) চতুৰ্থতে, এই পদ্ধতিত ভোটাৰে তেওঁৰ প্ৰকৃত প্ৰিয় প্ৰাৰ্থীজনক ভোট নিদিয়াৰ সম্ভাৱনা থাকে। কাৰণ বহু সময়ত ভোটাৰে তেওঁৰ ভোট নষ্ট(Waste) হোৱাটো নিবিচাৰে। সেয়েহে এজন জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক ভোট দিয়ে যিটো এজন ভোটাৰৰ প্ৰকৃত প্ৰিয় প্ৰাৰ্থী নহবও পাৰে।

বিকল্প ভোটিং পদ্ধতিঃ
তলত আমি দুটা ভোটিং পদ্ধতিৰ চমু বিৱৰণ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এই ভোটিং পদ্ধতি দুটাই শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত যথেষ্ট গুৰুত্ব পাবলৈ সক্ষম হৈছে। আমেৰিকাত কেইটামান অনুষ্ঠানে এই ক্ষেত্ৰত আগভাগ লৈছে। সেইকেইটা হ’ল ক্ৰমে- দি চেন্টাৰ ফৰ্ ইলেকচন চাইন্স (The Center For Election Science), ফেয়াৰ ভোট (FairVote)।

এপ্ৰুভেল ভোটিং পদ্ধতিঃ আমেৰিকাৰ নাগৰিকে দাবী কৰা ভোটিং পদ্ধতিসমূহৰ ভিতৰত এটা পদ্ধতি হ’ল এপ্ৰুভেল ভোটিং পদ্ধতি (Approval voting rule)। এই পদ্ধতিৰ সহায়ত ভোটাৰসকলে নিজৰ ইচ্ছা অনুসৰি তেওঁৰ প্ৰিয় এজন বা একাধিক প্ৰাৰ্থীক অনুমোদন কৰিব পাৰে। আৰু মুঠতে অধিক সংখ্যক অনুমোদন লাভ কৰা প্ৰাৰ্থীজনক বিজয়ী বুলি ধৰা হয়। অৰ্থাৎ এপ্ৰুভেল ভোটিং পদ্ধতিত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিয়া ধাৰণাৰ পৰিৱৰ্তে তেওঁৰ প্ৰিয় আটাইকেইজন প্ৰাৰ্থীকে ভোট দিব পৰাৰ এটা সুবিধা দিয়ে যিটো প্লুৰেলিটি ভোটিং পদ্ধতিত সম্ভৱ নহয়।

এপ্ৰুভেল ভোটিঙৰ ধাৰণাটো অতি পুৰণি। অতীতত কোনো কোনো স্থানত এই প্ৰক্ৰিয়াৰে নিৰ্বাচন চলিছিল। কোনো কোনো সংস্থাৰ বিষয়ববীয়া নিৰ্বাচনতো এই পদ্ধতি লোৱা হৈছে। এই প্ৰক্ৰিয়াটোক এপ্ৰুভেল ভোটিং বুলি নামকৰণ কৰিছিল ৰবাৰ্ট ৱেবাৰ (Robert J. Weber) নামৰ এজন গণিতজ্ঞই ১৯৭১ চনত। তেওঁ আছিল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ১৯৭৮ চনত প্ৰসিদ্ধ জাৰ্নেল American Political Science Review ত “এপ্ৰুভেল ভোটিং” নামেৰে এখন গৱেষণা-পত্ৰ প্ৰকাশ পায় (https://doi.org/10.2307/1955105)। ইয়াৰ লেখক আছিল ষ্টিভেন ব্ৰাম্‌ছ্‌ (Steven J. Brams) আৰু পিটাৰ ফিচবাৰ্ণ (Peter C. Fishburn)। ব্ৰাম্‌ছ্‌ আছিল এমআইটিৰ ছাত্ৰ, এজন খেল তত্ত্ববিদ (game theorist) আৰু ৰাজনীতি বিজ্ঞানী (political scientist)। ফিচবাৰ্ণ আছিল পিছলৈ বেল লেবৰেটৰিজ(Bell Laboratories)ত কৰ্মৰত এজন গণিতজ্ঞ। তেওঁলোক দুয়োজনে বিষয়টোক এটা বিস্তৃতি প্ৰদান কৰে।

শেহতীয়াকৈ (২০২০ৰ ৯ জুনত) আমেৰিকাৰ নৰ্থ ডাকোটা (North Dakota) ৰাজ্যৰ ফাৰ্গ’ (Fargo) চহৰৰ পৌৰসভা নিৰ্বাচনত (municipal election) এই এপ্ৰুভেল ভোটিং পদ্ধতি সফলভাবে সম্পন্ন কৰা হয়। লগতে ফাৰ্গ’ই আমেৰিকাত এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্বাচন আয়োজন কৰা প্ৰথমখন চহৰ বুলি পৰিগণিত হৈছে। আমেৰিকাৰ নাগৰিকে বিশ্বাস কৰে যে প্ৰথমে নিম্ন পৰ্যায়ৰ নিৰ্বাচনসমূহ এপ্ৰুভেল ভোটিং পদ্ধতিৰ দ্বাৰা আয়োজন কৰি পিছলৈ আমেৰিকাত সকলো সৰু বৰ নিৰ্বাচন এই পদ্ধতিৰ দ্বাৰা আয়োজন কৰা হ’ব। কেৱল ফাৰ্গ’ই নহয়, ইতিমধ্যে চেণ্ট লুইচতো (St. Louis, Missouri) এই পদ্ধতি আংশিকভাৱে ব্যৱহাৰ কৰা হৈছে আৰু চিয়েটল্ (Seattle, Washington) চহৰত এই পদ্ধতিৰ সপক্ষে জনমত গঢ়ি উঠিছে। আমেৰিকাৰ আন আন ৰাজ্যসমূহতো এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্বাচন আয়োজন কৰিবলৈ বিভিন্নজনে দাবী তুলিছে।

এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰৰ সুবিধাসমূহ:
১) এপ্ৰুভেল ভোটিং পদ্ধতিৰ সহায়ত ভোটাৰে অতি সুক্ষ্মভাৱে তেওঁৰ মত প্ৰকাশ কৰিবলৈ সক্ষম হয়।
২) ভোট ভঙা (Vote Splitting) কাৰ্য (সম্পূৰ্ণভাৱে) ৰোধ কৰিব পাৰি।
৩) নতুন বা স্বতন্ত্ৰ প্ৰাৰ্থীৰ বাবে সহায়ক হয়, লগতে পুৰণি প্ৰাৰ্থীৰ বাবেও ক্ষতিকাৰক নহয়।
৪) এজন বহুজনপ্ৰিয়(অধিক সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত) প্ৰাৰ্থী লাভ কৰাত সহায় কৰে।
৫) বুজিবলৈ সহজ আৰু বেলটতো (ballot) বিশেষ সাল-সলনি নহয়।

গাণিতিকভাৱে এপ্ৰুভেল ভোটিং:
ধৰাহওক ক, খ আৰু গ তিনিজন প্ৰাৰ্থী আৰু ভোটাৰৰ সংখ্যা ১০০ জন। প্লুৰেলিটি ভোটিং মতে ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীকে ভোট দিব পাৰে (বাওঁফালে তালিকাত দেখুওৱা হৈছে)৷ কিন্তু এনেকুৱাও হ’ব পাৰে যে যি ৩০ জন ভোটাৰে (তলিকাখনত প্ৰথম শাৰীত) ক নামৰ প্ৰাৰ্থীজনক ভোট দিছে, তেওঁলোকৰ বাবে গ নামৰ প্ৰাৰ্থীজনো সমানে প্ৰিয় হ’ব পাৰে৷ এপ্ৰুভেল ভোটিং পদ্ধতি মতে ভোটাৰে এজন বা একাধিক প্ৰাৰ্থীক অনুমোদন কৰিব পাৰে। গতিকে তেওঁলোকে তালিকাখনত সোঁফালে দিয়া দৰে অনুমোদন কৰিছে।

প্লুৰালিটি পদ্ধতি

এপ্ৰুভেল পদ্ধতি

ভোটাৰ (জন)

প্ৰাৰ্থী

ভোটাৰ (জন)

প্ৰাৰ্থী

৩০

৩০

ক, গ

৪০

৪০

৩০

৩০

এতিয়া যদি আমি প্লুৰেলিটি ভোটিং পদ্ধতিৰ সহায়ত চাওঁ তেন্তে খ নামৰ প্ৰাৰ্থীজনে আটাইতকৈ বেছি ভোট লাভ কৰিছে, আৰু সেয়েহে তেওঁ নিৰ্বাচনত জয়ী হ’ব। কিন্তু ভালদৰে চালে দেখা যায় যে খ নামৰ প্ৰাৰ্থীজন প্ৰথম স্থানলৈ আহিছে কেৱল অন্য দুজন প্ৰাৰ্থীৰ মাজত বাকী ভোটসমূহ ভাগ হৈ যোৱা বাবেহে। আনহাতে খ নামৰ প্ৰাৰ্থীজনক পচন্দ কৰিছে মাথোঁ চল্লিছ শতাংশ ভোটাৰেহে। কিন্তু এপ্ৰুভেল ভোটিং পদ্ধতিত ক ই লাভ কৰিলে ৩০ টা ভোট, খ ই লাভ কৰিলে ৪০ টা, গ ই লাভ কৰিলে ৬০ টা। ফলত গ বিজয়ী হ’ল। আৰু তেওঁ হ’ল ষাঠি শতাংশ ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী।

ৰেংকড্ চইছ্ ভোটিং পদ্ধতিঃ ৰেংকড্ চইছ ভোটিং পদ্ধতিৰ আৰম্ভণি ১৮৫৫ চনত, ডেনমাৰ্কত। কাৰ্ল এণ্ড্ৰে (Carl Andrae) নামৰ গণিতজ্ঞ আৰু ৰাজনীতিবিদ এজনে প্ৰথমে এই পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল। প্ৰায় সমসাময়িকভাৱে ১৮৫৭ চনত ইংলেণ্ডৰ থমাচ হেৰে (Thomas Hare) নামৰ এজন অধিবক্তাইও স্বতন্ত্ৰভাৱে ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁৰ নাম অনুসৰি এই পদ্ধতিক হেৰে চিষ্টেম (Hare System) বুলিও জনা যায়। এই পদ্ধতিৰ মতে ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিয়াৰ পৰিবৰ্তে প্ৰাৰ্থীসকলক ৰেংকিঙৰ সহায়ত দেখুৱাব পাৰে। ভোটাৰে বেলটত তেওঁৰ প্ৰথম প্ৰিয় প্ৰাৰ্থী, দ্বিতীয়, তৃতীয় এইদৰে দেখুৱাব পাৰে। যদি যিকোনো এজন প্ৰাৰ্থীয়ে প্ৰথম স্থানত ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰে তেতিয়া তেওঁক বিজয়ী বুলি ধৰা হয়। তেনে প্ৰাৰ্থী নাথাকিলে প্ৰথম স্থানত আটাইতকৈ কম সংখ্যক ভোট লাভ কৰা প্ৰাৰ্থীজনক তালিকাৰ পৰা আঁতৰাই দিয়া হয় আৰু তেওঁৰ ভোটসমূহ দ্বিতীয় স্থানত দিয়া প্ৰাৰ্থীজনলৈ স্থানান্তৰ হয়। এইদৰে যিকোনো এজন প্ৰাৰ্থীয়ে ৫০ শতাংশতকৈ অধিক ভোট লাভ নকৰা পৰ্যন্ত প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণস্বৰূপে, তলত তিনিজন প্ৰাৰ্থী ক্ৰমে ক, খ আৰু গ ৰ বিপৰীতে ১০০ জন ভোটাৰৰ ৰেংক্‌ড চইছ ভোটিং পদ্ধতি দেখুওৱা হৈছে:

৪৯ জন ভোটাৰ

৪৮ জন ভোটাৰ

৩ জন ভোটাৰ

যিহেতু প্ৰথম স্থানত কোনো এজনো প্ৰাৰ্থীয়ে ৫১ টা ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেয়েহে গ প্ৰাৰ্থীক আঁতৰাই দিয়া হ’ব আৰু তেওঁৰ তিনিটা ভোট খ প্ৰাৰ্থীলৈ যাব। ফলত খ প্ৰাৰ্থীৰ মুঠ ভোট হ’ব ৪৮+৩=৫১ টা আৰু ক প্ৰাৰ্থীৰ ভোট হ’ব ৪৯ টা। গতিকে খ প্ৰাৰ্থী বিজয়ী (৫১ শতাংশ বা অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।)

ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ ব্যৱহাৰৰ সুবিধা:
১) ভোটাৰে প্ৰিয় প্ৰাৰ্থীসকলক ৰেংকৰ সহায়ত প্ৰকাশ কৰিব পাৰে; ফলত ভোটাৰৰ দ্বিতীয়, তৃতীয় ইত্যাদি স্থানসমূহো গুৰুত্ব সহকাৰে লোৱা হয়।
২) এই পদ্ধতিত ভোটসমূহ নষ্ট নহয়! যদি এজন ভোটাৰৰ প্ৰথম প্ৰিয় প্ৰাৰ্থীজনে প্ৰথমে আঁতৰি যায় তেওঁৰ ভোট দ্বিতীয় প্ৰিয় প্ৰাৰ্থীলৈ যায়।
৩) এই পদ্ধতিৰে নিৰ্বাচনত জয়ী হ’বলৈ প্ৰাৰ্থী এজনে অতি কমেও ৫১ শতাংশ ভোট লাভ কৰিব লাগিব, ফলত এজন গৰিষ্ঠ সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচনত জয়ী হয়।
৪) ৰেংকড্ চইছ ভোটিং পদ্ধতিয়ে দুবাৰ নিৰ্বাচন পাতিব লগা কাৰ্য্যক ৰোধ কৰে, যিটো এটা অতি ব্যয়বহুল প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে ফান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা চাব পাৰি।

ৰেংকড্ চইছ ভোটিঙৰ প্ৰয়োগ: ৰেংকড্ চয়ছ ভোটিং পদ্ধতিৰ প্ৰয়োগ ১৮৫৫ চনত ডেনমাৰ্কত আৰম্ভ হৈছিল যদিও এই পদ্ধতি ইমান জনপ্ৰিয় হোৱা নাছিল। ১৯১৮ চনত অষ্ট্ৰেলিয়াত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ লয়। বৰ্তমানেও এই পদ্ধতিৰে অষ্ট্ৰেলিয়াৰ নিৰ্বাচনসমূহ আয়োজন কৰি অহা হৈছে। ইয়াৰ উপৰি মাল্টা (Malta), উত্তৰ আয়াৰলেণ্ড (Northern Ireland) আদি ঠাইত এই পদ্ধতিৰে সাধাৰণ নিৰ্বাচনসমূহ আয়োজন কৰা হয়। ইয়াৰে উত্তৰ আয়াৰলেণ্ড, মাল্টা আদিত ব্যৱহাৰ কৰা পদ্ধতিটোক Single Transferable Vote বোলা হয়। যোৱা বিছ বছৰত আমেৰিকাত এই পদ্ধতিৰ বিষয়ে সজাগতা বাঢ়িছে। ইতিমধ্যে আমেৰিকাৰ বিভিন্ন মেয়ৰ, নগৰ পৰিষদ আদি পৰ্য্যায়ত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ২০২০ বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত আমেৰিকাৰ চাৰিখন ৰাজ্যৰ ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি মনোনয়নত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে। আমেৰিকাৰ বিভিন্ন শিক্ষানুষ্ঠানত এই পদ্ধতি ব্যৱহাৰ হৈ আছে। অতি কমেও ৫০ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত সভাৰ বিভিন্ন পদৰ প্ৰাৰ্থীসমূহ এই পদ্ধতিৰে বাছনি কৰা হয়।

পৃথিৱীৰ অন্য দেশৰ ভোটিং ব্যৱস্থাঃ

যদিও পৃথিৱীৰ গৰিষ্ঠ সংখ্যক দেশত প্লুৰালিটি ভোটিং পদ্ধতিৰ দ্বাৰা সাধাৰণ নিৰ্বাচন সমূহ আয়োজন কৰা হয়, এনে বহু দেশ বা অঞ্চল আছে য’ত অন্য ভোটিং পদ্ধতিৰ দ্বাৰা নিৰ্বাচন আয়োজন কৰা হয়। ইয়াৰে ভিতৰত অষ্ট্ৰেলিয়াত ৰেংকড্ চইছ্ ভোটিং পদ্ধতি, মাল্টা, উত্তৰ আয়াৰলেণ্ড আদিত ব্যৱহাৰ কৰা চিংগল টা্ন্সফাৰেবুল ভোটিং পদ্ধতি(Single Transferable Vote); ইউৰোপৰ বেছিভাগ দেশত ব্যৱহাৰ কৰা সমানুপাতিক ভোটিং ব্যৱস্থা (Party list PR System) আদি প্ৰধান। দক্ষিণ প্ৰশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ সমূহত একাধিক ভোটিং পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াৰে কিৰিবাটি (Kiribati) আৰু নাউৰু (Nauru)ত বৰডা (Borda count)ভোটিং পদ্ধতি ব্যৱহাৰ কৰা হয়।

সামৰণিঃ

ওপৰত উল্লেখকৰা আটাইকেইটা ভোটদান পদ্ধতি আমি ব্যৱহাৰ কৰা প্লুৰালিটি ভোটদান পদ্ধতিতকৈ উন্নত ভোটিং ব্যৱস্থা। প্ৰায়বোৰ ভোটিং পদ্ধতিৰ বিভিন্ন দোষ-ত্ৰুটি আছে৷ সেইদৰে আমি উল্লেখকৰা এই পদ্ধতিসমূহো সম্পূৰ্ণভাৱে দোষমুক্ত নহয়। কিন্ত এই কথা নিশ্চয়কৈ ক’ব পৰা যায় যে বিভিন্ন দোষ-ত্ৰুটি থকাৰ পাছতো ওপৰত উল্লেখ কৰা ভোটিং পদ্ধতিসমূহ আমি ব্যৱহাৰ কৰা প্লুৰালিটি ভোটিং পদ্ধতিতকৈ উন্নত। লগতে অন্য এটা কথা উল্লেখ কৰা উচিত যে ভাৰতৰ দৰে এখন বৃহৎ দেশত হয়টো অতি সোনকালে এই নতুন পদ্ধতি সমূহৰ সহায়ত সাধাৰণ নিৰ্বাচন আয়োজন কৰা সহজ নহয়৷ তথাপিও মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অনান্য সৰু নিৰ্বাচনত এই নতুন পদ্ধতিসমূহ পৰীক্ষামূলকভাবে ব্যৱহাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

তথ্যসুত্ৰঃ

১) Eric Maskin and Amartya Sen, The Rules of the Game: A New Electoral System, The New York Review of Books, January 19, 2017.
২) Eric Maskin and Amartya Sen, A Better Way to Choose Presidents, The New York Review of Books, June 08, 2017.
৩) Eric Maskin, Five Reasons Ranked Choice Voting will Improve American Democracy, Boston Globe Magazine, December 04, 2018.

(লেখক – গৱেষক ছাত্ৰ, গণিত বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়)

Subscribe
Notify of

4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bibekananda Choudhury
2 years ago

এইটো The Assam Tribuneতো সম্পাদকীয় পৃষ্ঠাৰ নিবন্ধ হিচাপে লিখিলে ভাল হ’ব।

বহুত গুৰুত্বপূৰ্ণ মন্তব্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখকক জনাম।

2 years ago

আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ। আমি এই নিবন্ধটো বা ইয়াৰ দৰে অন্য কিছু লেখা ইংৰাজীটো প্ৰকাশ কৰা কথা ভাবিছোঁ।

2 years ago

আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ। আমি এই নিবন্ধটো বা এই ধৰণৰ অন্য কিছু লেখা ইংৰাজীত প্ৰকাশ কৰাৰ কথা ভাবিছোঁ।

Don`t copy text!