সমাজসেৱাৰে বিশ্ব ৰেক’ৰ্ড কৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী

লেখক- অঞ্জন শৰ্মা

বিশ্ব ৰেকৰ্ড কৰি উজলিছে বলিউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ হৈছে ‘এক থা টাইগাৰ’, ‘আশ্বিকী’, ‘বাগী’, ‘প্ৰেম ৰতন ধন পায়’ আদি জনপ্ৰিয় ছবিৰ এগৰাকী জনপ্ৰিয় গায়িকা, বলিউডৰ এগৰাকী তাৰকা শিল্পী পলক মুচ্ছল। ‘গিনিজ বুক অৱ ওৱ’ৰ্ল্ড ৰেক’ৰ্ডছ’ আৰু ‘লিমকা বুক অৱ ওৱ’ৰ্ল্ড ৰেক’ৰ্ডছ’ত নাম অন্তৰ্ভুক্ত হোৱা এগৰাকী শিল্পী এই পলক মুচ্ছল। কিন্তু, জানি আচৰিত হ’ব যে তেওঁৰ নাম কোনো সংগীত বা সাংস্কৃতিক অৱদানৰ বাবে এই ৰেকৰ্ড বুকসমূহত অন্তৰ্ভুক্ত হোৱা নাই। তেওঁ বিশ্ব ৰেকৰ্ড কৰিছে সমাজসেৱাৰ বাবে। তেওঁ কেনেকুৱা ধৰণৰ সমাজসেৱা কৰি আহিছে জানেনে? ২৮ বছৰীয়া এই যুৱতীগৰাকীয়ে এনেকুৱা এক কৰ্ম কৰি আহিছে যি তেওঁক বিশ্ব ৰেকৰ্ডৰ মজিয়ালৈকে লৈ যোৱাই নহয়, বৰঞ্চ বহুতৰ মনত তেওঁক এগৰাকী ভগৱানৰ শাৰীলৈকো লৈ গৈছে।

পলকৰ জন্ম হয় ১৯৯২ চনৰ ৩০ মাৰ্চত ইন্দ’ৰৰ এক মাৰোৱাৰী পৰিয়ালত। সৰুৰে পৰাই সংগীতৰ প্ৰতি আগ্ৰহী পলকে মাত্ৰ চাৰি বছৰ বয়সতে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক কল্যাণজী-আনন্দজীৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। পলক সৰুৰে পৰাই সমাজসেৱাৰ প্ৰতি আগ্ৰহী আছিল। ১৯৯৯ চনত কাৰ্গীল যুদ্ধৰ সময়ত পলক মাত্ৰ ৭ বছৰীয়া। এই সাত বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ চহৰখনৰ দোকান-বজাৰত গীত পৰিৱেশন কৰি কাৰ্গীল যোদ্ধাসকলৰ পৰিয়ালৰ বাবে ধন সংগ্ৰহ কৰিছিল। মাত্ৰ সাত-বছৰীয়া যুৱতীগৰাকীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ২৫হাজাৰ টকা সংগ্ৰহ কৰি সেই সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৯ চনত উৰিষ্যাত হোৱা ধুমুহাৰ সময়তো তেওঁ গীত গাই ধন সংগ্ৰহ কৰিছিল।

সেই সময়তে এদিন পলকৰ পৰিয়ালৰ সহায় বিছাৰি ইন্দোৰৰ এগৰাকী শিক্ষক তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁৰ এগৰাকী ছাত্ৰ হৃদযন্ত্ৰৰ অসুখৰ সন্মুখীন হৈছিল আৰু ছাত্ৰগৰাকীৰ পৰিয়ালে ধনৰ অভাৱত তেওঁৰ চিকিৎসা কৰিবলৈ অপাৰগ আছিল। পলক আৰু তেওঁৰ পিতৃয়ে ছাত্ৰজনৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ মান্তি হ’ল, কিন্তু ব্যক্তিগত ধনেৰে নহয়; পলকে ৰাস্তাৰ ওচৰত সামগ্ৰী বিক্ৰী কৰা সৰু দোকান এখনকে ষ্টেজ বনাই লৈ গীত গাই গাই ৫১, ০০০ টকা সংগ্ৰহ কৰিলে। লগতে তেওঁলোকে এজন বিখ্যাত চিকিৎসকক ছাত্ৰজনৰ চিকিৎসা বিনামূলীয়াকৈ কৰিবলৈ অনুৰোধ কৰিলে। সেই ছাত্ৰজনৰ অস্ত্ৰোপচাৰ সফলতাৰে হৈ যোৱাৰ পিছত পলক আৰু তেওঁৰ পিতৃয়ে ৰাইজৰ মাজত এনেকুৱা ধৰণৰ দৰিদ্ৰ আৰু সম্বলবিহীন লোকসকলক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাই এক সজাগতা অভিযান চলাবলৈ আৰম্ভ কৰিলে।

২০০১ চনত পলক আৰু তেওঁৰ ভাতৃ পলাশে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি দুখীয়া শিশুসকলৰ চিকিৎসাৰ বাবে অৰ্থসাহায্য সংগ্ৰহ কৰাৰ এক অভিযান আৰম্ভ কৰিলে। কোকিলকণ্ঠী পলকে তেওঁৰ কণ্ঠৰ যাদুৰে অচিৰেই সমগ্ৰ ভাৰতৰ সংগীত জগততে নিজৰ এক পৰিচয় গঢ়ি ল’লে। পলকে সমগ্ৰ ভাৰতত ১৭টা ভাষাত গীত পৰিৱেশন কৰি এখনৰ পিছত এখনকৈ মঞ্চ-অনুষ্ঠান কৰি গ’ল আৰু এনে অনুষ্ঠান পৰিৱেশন কৰি পোৱা ধনসমূহ তেওঁ আৰু তেওঁৰ ভাতৃয়ে দুখীয়া শিশুসকলৰ হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগৰ অস্ত্ৰোপচাৰৰ বাবে খৰচ কৰি গ’ল। ২০০১ চনতেই পলকে গুজৰাটৰ ভূমিকম্পত ক্ষতিগ্ৰস্থ লোকসকলৰ সহায়ৰ বাবেও অনুষ্ঠান পৰিবেশন পৰি ১ নিযুত টকা সংগ্ৰহ কৰি বিতৰণ কৰিছিল।

২০১১ চনত পলকে আনুষ্ঠানিকভাৱে বলিউডৰ সংগীত জগতত এগৰাকী কণ্ঠশিল্পী হিচাপে যোগদান কৰে। কম দিনৰ ভিতৰতে পলকে বলিউডৰ সংগীত জগতক এটাৰ পিছত এটা জনপ্ৰিয় গীত উপহাৰ দি গ’ল। বলিউডৰ তথাকথিত গ্লেমাৰাচ জগতখনেও কিন্তু পলকক তেওঁ কৰি অহা সমাজসেৱাৰপৰা আঁতৰাই আনিব নোৱাৰিলে। বৰঞ্চ, অত্যধিক উৎসাহেৰে তেওঁ দৰিদ্ৰ শিশুসকলক এটাৰ পিছত এটা জটিল ৰোগৰ অস্ত্ৰোপচাৰৰ বাবে সহায় কৰি গ’ল। আৰু আজি এই সংখ্যাটোৱে প্ৰায় তিনি হেজাৰৰ ওচৰ পালেগৈ। ২০১৬ চনৰ সমীক্ষা মতে পলকে ২০৯১জন শিশুৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰৰ বাবে তেওঁৰ অনুষ্ঠানৰ জৰিয়তে ধন সংগ্ৰহ কৰি এই শিশুসকলক নতুন জীৱন পোৱাত সহায় কৰিছে আৰু ইয়াৰেই ফলশ্ৰুতিত পলকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল ‘গিনিজ বুক অৱ ৱ’ৰ্ল্ড ৰেক’ৰ্ডছ’ আৰু ‘লিমকা বুক অৱ ৱ’ৰ্ল্ড ৰেক’ৰ্ডছ’ত।

পলক আজি বহুত শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ভগৱানতুল্য। পলকৰ এই অৱদানৰ শলাগ লৈ চিকিৎসকলেও তেওঁক শিশুসকলৰ অস্ত্ৰোপচাৰ কৰি থকা সময়ত অস্ত্ৰোপচাৰ কক্ষত উপস্থিত থকাৰ অনুমতি প্ৰদান কৰে। তেওঁৰ অৰ্থসাহায্যৰে কৰা প্ৰতিজন শিশুৰ অস্ত্ৰোপচাৰৰ সময়ত পলক শিশুজনৰ কাষত উপস্থিত থাকে তেওঁৰ নিজা চাৰ্জিকেল গ্ৰাউন পৰিধান কৰি আৰু হাতত এখন গীতা লৈ। অস্ত্ৰোপচাৰৰ আগে আগে তেওঁ শিশুসকলক গীতাৰ অধ্যায়সমূহ মাতি শুনায়।

সকলোৰে দৰে শিল্পীসকলৰো সামাজিক দায়বদ্ধতা থাকে কাৰণ শিল্পীসকল হ’ল জনতাৰ মানুহ। জনতাই তেওঁলোকক ভাল পায় বাবেই তেওঁলোকৰ অনুষ্ঠানৰ নামত লাখ লাখ টকা ভৰি হ’লেও তেওঁলোকক চাবলৈ যায়। ইয়াৰ বিপৰীতে শিল্পীসকলৰো সামাজিক দায়বদ্ধতা থাকিব লাগে যিটো নেকি আজিৰ শিল্পীসমাজত তেনেই বিৰল। পলকৰ দৰে শিল্পীয়ে তেওঁৰ কণ্ঠক সম্পূৰ্ণৰূপে উছৰ্গা কৰিছে জনতাৰ কল্যাণৰ বাবে। নৱপ্ৰজন্মই পলকৰ দৰে শিল্পীৰপৰা শিকিবলগীয়া বহুত আছে। পলকক ভগৱানে সুস্বাস্থ্য আৰু অধিক কৰ্মস্পৃহা প্ৰদান কৰক, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!