‘গামক ঘৰ’:হেৰাই যোৱা সময়ৰ এখনি ছবি
লেখক- প্ৰাঞ্জল দাস
মধ্যবিত্ত পৰিয়ালৰ প্ৰায় প্ৰতিজন লোকৰে গাঁৱৰ মাটিত এখন আপোন ঘৰ থাকে। আটোমটোকাৰিকৈ সজা এখন পুৰণি পৈতৃক ঘৰ। চাকৰি, ব্যৱসায়-বাণিজ্য, কৰ্মজীৱনৰ খাতিৰত মানুহবোৰ লাহে লাহে গাঁৱৰ ঘৰখনৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। সময়বোৰ বাগৰাৰ লগে লগে, প্ৰজন্মবোৰ সলনি হোৱাৰ পিছত একেখন ঘৰৰ পৰা আৰম্ভ হোৱা পৰিয়ালবোৰ ক্ৰমাৎ অচিনাকি হৈ গৈ থাকে। ব্যস্ততাৰ খাটিৰত পুৰণি সেই ঘৰখনৰ সৈতে মানুহবোৰৰ আঁত ছিঙে। সময়ে ঘৰখনক আঁচুৰি ক্ষত-বিক্ষত কৰে। আৰু এটা সময়ত পুৰণি দিনবোৰৰ সোণোৱালী স্মৃতিবোৰ সামৰি গাঁৱৰ মাটিত অকলশৰে ঘৰখন থিয় দি ৰৈ থাকে। একালত মানুহৰ হাঁহি-ধেমালি, কথা-বতৰাৰে মুখৰ হৈ থকা ঘৰখন ক্ৰমাৎ নিজান নিতাল নিস্তব্ধ হৈ পৰে।
এনে এখন ঘৰৰ কাহিনীকে উপজীৱ্য হিচাপে লৈ নৱাগত পৰিচালক আঁচল মিশ্ৰাই নিৰ্মাণ কৰি উলিয়াইছে এখন সুন্দৰ, হৃদয়স্পৰ্শী ছবি ‘গামক ঘৰ’। ছবিখন মৈথেলী ভাষাৰ। মৈথেলী ভাষাত গামক ঘৰৰ অৰ্থ হ’ল ‘গাঁৱৰ ঘৰ’। বিহাৰৰ এখন প্ৰান্তীয় ঠাইৰ গাঁৱৰ ঘৰৰ এটা পৰিয়ালত দুটা দশকৰ ভিতৰত হোৱা পৰিৱৰ্তনবোৰ, সময়ে সলনি কৰা কথা-বতৰাবোৰকলৈ নিৰ্মাণ কৰা এই কলাত্মক ছবিখনে দৰ্শক, চিত্ৰ সমালোচক সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। মাত্ৰ বাইছ বছৰ বয়সীয়া এই নবীন পৰিচালকজনে প্ৰথমখন ছবিৰেই প্ৰচুৰ সম্ভাৱনাৰ পৰিচয় দিছে। বহুকেইখন চলচ্চিত্ৰ মহোৎসৱত আঁচল মিশ্ৰা সন্মানিত হৈছে ভাৰতীয় ছবিজগতৰ নতুন মুখ ৰূপে।
সচৰাচৰ ছবিবোৰ দুটা ভাগত ভাগ হোৱাৰ বিপৰীতে আঁচলে তেওঁৰ ছবিখনক ভাগ কৰিছে সম্পূৰ্ণ তিনিটা ভাগত। আনকি তিনিওটা ভাগ আৰু সময়ক পৃথকৰূপে দেখুৱাবলৈ তেওঁ কেমেৰাৰ ফ্ৰেমো সলনি কৰিছে। কিন্তু ছবিখন কোনো নিৰ্দিষ্ট কাহিনীৰ ওপৰত আধাৰিত নহয়। ছবিখনৰ মূল চৰিত্ৰ হ’ল এখন গাঁৱৰ ঘৰ। সেই ঘৰখনৰ মাজেৰে সময় আগুৱাই গৈ আছে। বাকী চৰিত্ৰসমূহ ঘৰখনলৈ আহিছে, আঁতৰিছে, তেওঁলোকে মাথোঁ সময়ে অনা পৰিৱৰ্তনখিনি চিনিপোৱাত সহায় কৰিছে। ছবিখনে সামৰি লৈছে দুটা দশকজোৰা সময়। সেই সময়খিনিত হোৱা কথা-বতৰা, চিন্তাধাৰা, মানুহৰ সম্বন্ধৰ সালসলনিবোৰে ছবিখনত বৰ মনোমোহাকৈ তুলি ধৰা হৈছে।
ছবিখন আৰম্ভণি ১৯৯৮ চনৰ গৰমকালিৰ কোনোবা এটা দিনেৰে। গাঁৱত বাস কৰা এটা বৃহৎ যৌথ পৰিয়াল। অতি আঢ্যৱন্ত নহ’লেও পৰিয়ালটো সুখী, সম্পদশালী। নতুনকৈ জন্ম হোৱা সদস্য এজনৰ বাবে আয়োজন কৰা অনুষ্ঠানত গাঁৱৰ ঘৰখনত পৰিয়ালৰ আটাইবোৰ মানুহ গোট খাইছে। সময়বোৰ উজ্জ্বল। সকলোৰে মাজত মিলা-প্ৰীতি। হাঁহি ধেমালিৰ কথা-বতৰা। বয়সীয়াল সকলে বৰ মুকলিমনেৰে চ’ৰাঘৰত বহি তাচ খেলাৰ আনন্দ লৈছে। মহিলাসকলে ভিতৰত ধেমেলীয়া কথাৰ মহলা মাৰিছে। ঘৰৰ সৰুবোৰে মিলি জুলি লুকা-ভাকু, দৌৰা-দৌৰি খেলিছে; আম পাৰিবলৈ গৈছে। ঘৰৰ অনুষ্ঠানটোলৈ গাঁৱৰ মানুহবোৰো আহিছে। তেওঁলোকে নৱজাতকক আশীৰ্বাদ দিছে। পৰিয়ালটোৱে আয়োজন কৰা ভোজত বৰ ফুৰ্তিৰে খোৱা-মেলা কৰিছে। সকলোৱে মিলি ভিচিআৰত চিনেমা চাইছে!
দ্বিতীয় অংশ আৰম্ভ হৈছে ২০১০ চনৰ শৰৎ কালৰ সময়েৰে। গাঁওখনলৈ বহুখিনি সালসলনি আহিছে। গাঁৱৰ কোনো কোনোৱে ইটাৰ পকী দালান সাজিছে। মানুহবোৰে কথা-বতৰাত সময়ৰ সৈতে হোৱা পৰিৱৰ্তনবোৰ আলোচনা কৰিছে; পুৰণি দিনবোৰ সুঁৱৰিছে। এইবাৰ পৰিয়ালবোৰ আহিছে চট পূজাৰ অনুষ্ঠানত ভাগ ল’বলৈ। মানুহবোৰ গোট খাইছে যদিও পৰিয়ালটোত যেন আগৰ সেই মিলা-প্ৰীতি নাই, যিটো চকুত পৰা। সৰু ল’ৰা-ছোৱালীবোৰো আগৰদৰে দৌৰি-ঢাপৰি ফুৰা নাই। সিহঁত মোবাইল চোৱাত ব্যস্ত। বয়সীয়ালসকলৰো তাচপাত খেলিবলৈ আহৰি নাই। পৰিয়ালবোৰ নিজৰ নিজৰ মাজতে ব্যস্ত। পূৰ্বতে সকলোৱে মিলি গ্ৰুপ ফটো উঠাৰ বিপৰীতে এইবাৰ পৰিয়ালবোৰে বেলেগে বেলেগে ফটো উঠিছে। ৰীল কেমেৰাৰ ঠাইত ডিজিটেল কেমেৰাই ঠাই লৈছে। পৰিয়ালটোৰ সদস্যবোৰৰ মাজত কথা-বতৰাবোৰ সীমিত হৈ পৰিছে। চুটি চুটি কথাৰে তেওঁলোকে এজনে আনজনক সমস্যাৰ কথা কৈছে, কিন্তু কোনো সমাধানৰ পথ ওলোৱা নাই।
শেষৰ অংশ ২০১৯ চনৰ শীতকালৰ। একালৰ উজ্জ্বল ঘৰখন এতিয়া অযত্নপালিত হৈ কুঁৱলিৰ মাজত নিথৰ হৈ থিয় দি আছে। গাঁৱৰ ঘৰখনত এতিয়া কোনো নাথাকে। আটাইকেইজন ককায়েক ভায়েকৰ পৰিয়ালে চহৰত নিগাজীকৈ বাস কৰিব লৈছে। ঘৰখন বান্ধি ৰখা ঘাই মানুহগৰাকীৰ মৃত্যুৰ পিছত তেওঁলোকে গাঁৱৰ ঘৰখনলৈ অহা বাদ দিছে। কেৱল বুঢ়া বন কৰা মানুহজনে অকলশৰে ঘৰখনৰ ৰখীয়া হৈ আছে। ঘৰখনৰ দুৱাৰ খিৰিকিবোৰ ভঙা। বেৰবোৰৰ ৰং মলিন, শেলুৱৈয়ে ধৰা। আগফালৰ গছ-বনবোৰ অনাদৰত হাবিৰ দৰে দেখুৱাইছে। মানুহ নোহোৱা ঘৰখনত এপাল ছাগলী সোমাই গছ-পাতবোৰ খাইছে। ঘৰৰ চালখন উৱলি গৈছে। প্ৰথম অংশত দেখুওৱা পৰিয়ালৰ এজন সদস্য গুদ্দু, যি এতিয়া এজন বয়সস্থ ব্যক্তি হৈ উঠিছে, তেওঁ আহি ঘৰখন কিছু পুনৰ্নিমাণ কৰাৰ উদ্দেশ্যে ভাঙি পেলাইছে। তাতেই ছবিখনৰ সামৰণি পৰিছে।
নবীন ডেকা পৰিচালক আঁচল মিশ্ৰাৰ দৃষ্টি অতি সূক্ষ্ম, সময়ৰ প্ৰৱাহৰ সৈতে হোৱা সালসলনি সম্পৰ্কত তেওঁৰ ধাৰণা গভীৰ আৰু পৰিষ্কাৰ। তেওঁ তাহানিৰ সোণোৱালী দিনবোৰৰ স্মৃতিৰে দৰ্শকক ৰোমাঞ্চিত কৰি তুলিবলৈ সক্ষম হৈছে, লগতে নিষ্ঠুৰ সময়ে অনা পৰিৱৰ্তনবোৰক লৈ আৱেগিক কৰি তোলাতো সফল হৈছে। প্ৰতিটো সৰু সৰু কথাৰ মাজেৰে তেওঁ সময়ৰ সৈতে হোৱা সালসলনিবোৰ কেমেৰাত তুলি ধৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে, প্ৰথম অংশত দেখুওৱা হৈছে ঘৰৰ সৰু ল’ৰা-ছোৱালীবোৰে খাবলৈ পাকঘৰত আলু ভজা হৈছে। আনহাতে দ্বিতীয় অংশত তাৰ ঠাই লৈছে মেগীয়ে। ঠিক একেদৰে, এসময়ত একেলগে উঠা পৰিয়ালৰ ফটোখন দ্বিতীয় অংশত পুৰণি এলবামত দেখুওৱা হৈছে। এই কথাবোৰ তেওঁ বহলাই দেখুৱাবৰ চেষ্টা কৰা নাই। কেৱল মাথোঁ এটা এটা দৃশ্যতে, এটা এটা বক্তব্যতে সামৰি থোৱা হৈছে। তাতেই পৰিচালকৰ পৰিপক্বতা প্ৰকাশ পাই উঠিছে। তদুপৰি, ঘৰৰ পিছফালৰ চোতালত থকা তুলসী গছজোপা পৰিচালকে অতি কৌশলেৰে সময়প্ৰৱাহক দেখুৱাবলৈ ব্যৱহাৰ কৰিছে। পূৰ্বতে উজ্জ্বল আৰু জোপোহা হৈ থকা তুলসী জোপা সময়ৰ গতিত শুকাই লেৰেলি যোৱা দেখুওৱা হৈছে। শেষৰ সময়ছোৱাত তুলসীৰ বেদীটোও ভাঙি ছিঙি গৈছে।
চিনেমা নিৰ্মাণৰ প্ৰতি আগ্ৰহ থকা প্ৰতিজন ব্যক্তিৰ কাৰণে এই ছবিখন এখন প্ৰয়োজনীয় শিকন সমল হৈ উঠিব পাৰে। ছবিখনৰ প্ৰতিটো দৃশ্য ইমান নিখুঁত আৰু পৰিকল্পিতভাৱে সজাই তোলা হৈছে যে, ছবিখন চলি থকাৰ মাজত যিকোনো এটা মুহূৰ্ত ৰখাই দিলেই সেয়া যেন এখন সুন্দৰ ফটোগ্ৰাফলৈ ৰূপান্তৰিত হৈ পৰে। বিশেষকৈ প্ৰথম অংশৰ কেমেৰাৰ কামখিনি নিশ্চয়কৈ মানিবলগীয়া। ‘পথেৰ পাঁচালি’ ছবিৰ বিখ্যাত ট্ৰেইন আৰু কহুঁৱাৰ দৃশ্যটোৰ দৰে নয়নাভিৰাম দৃশ্য এটা এইখন ছবিতো আছে।
পৰিচালক আঁচল মিশ্ৰায়ে এই গোটেই ছবিখন অকলে নিৰ্মাণ কৰি উলিয়াইছে বুলি ক’লেও ভুল কোৱা নহ’ব। তেওঁ ছবিখনৰ পৰিচালনা কৰাৰ লগতে প্ৰযোজনা, চিত্ৰনাট্য নিৰ্মাণ আৰু সম্পাদনাৰ কাম খিনিও নিজেই কৰিছে। কেৱল কেমেৰাৰ কামখিনিতহে তেওঁ অভিজ্ঞ বন্ধুৰ সহায় লৈছে। তদুপৰি তেওঁ ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে নিজৰ শৈশৱ পাৰ কৰি অহা গাঁৱৰ ঘৰখনত। বিহাৰৰ দৰভাংগাৰ প্ৰান্তীয় এখন গাঁৱৰ সাধাৰণ মানুহখিনিকে তেওঁ ছবিখনৰ চৰিত্ৰ হিচাপে নিয়োগ কৰিছে। ছবিৰ সৈতে কোনো পূৰ্ব পৰিচয় নথকা অনভিজ্ঞ, অপেছাদাৰী শিল্পী ব্যৱহাৰ কৰিলেও তেওঁলোকে মোটামোটি সুন্দৰ অভিনয় কৰিছে বুলিব পাৰি।
এটা সাক্ষাৎকাৰত পৰিচালক আঁচল মিশ্ৰাক সোধা হৈছিল, তেওঁ মৈথেলী ভাষাত ছবিখন নিৰ্মাণ কৰাৰ কথা কিয় ভাবিলে? তেওঁ হয়তো হিন্দীতো নিৰ্মাণ কৰিব পাৰিলেহেঁতেন আৰু ইয়ে ছবিখনক আৰু অধিক দৰ্শকৰ সন্মুখলৈ আগবঢ়াই নিয়াত সহায় কৰিলেহেঁতেন। নৱাগত পৰিচালকজনৰ উত্তৰ- তেখেতে কথাটো সেইদৰে নাভাবে। তেওঁ ক’ব বিচাৰে যে, এইখন মৈথেলী ভাষাৰ ছবি নহয়; ইয়াত কেৱল মৈথেলী ভাষা ব্যৱহৃতহে হৈছে। কাৰণ ছবিখনে ক’ব বিচৰা কথাখিনি সাৰ্বজনীন। মৈথেলী ভাষা নজনাকৈয়ো এজন দৰ্শকে এই ছবিখনৰ সৈতে একাত্মবোধ কৰিব পাৰিব। ছবিখনত যি সময় পৰিৱৰ্তনৰ কথা দেখুওৱা হৈছে, সেয়া সকলো ঠাইৰ বাবে একেই। সেই একেবোৰ কথাৰ মাজেৰেই আমাৰ সকলোৰে সময়বোৰ পাৰ হৈ আহিছে। সেই একেবোৰ সালসলনি সকলোৱে দেখি আহিছে। ছবিত দেখুওৱা ঘৰখন কেৱল এটা পৰিয়ালৰ ঘৰ নহয়, সেয়া সকলোৱে এৰি অহা নিজ নিজ গাঁৱৰ পুৰণি আপোন ঘৰ।
(বি: দ্ৰ: ছবিখন পূৰ্বতে mubi.comত উপলব্ধ আছিল, এতিয়াহে বোধকৰোঁ নাই। ইউটিউবত ট্ৰেইলাৰটো চালেও ছবিখনৰ সম্পৰ্কত ধাৰণা এটা কৰিব পৰা যাব। )