এটা সময়ত

লেখক- জোনমণি দাস

এটা সময়ত সকলো উভতি আহে
ঘৰৰ ল’ৰা ঘৰলৈ
বাহৰ চৰাই বাহলৈ

এটা সময়ত পূবৰ বেলি পশ্চিমত মাৰ যায়
পলে পলে টুটি থাকে
সকলোৰে আয়ুস

এটা সময়ত সকলো কিশোৰে
নিতান্তই গোপনে নিগৰাই
প্ৰথম টোপাল জুলীয়া জোনাক

কিশোৰীবোৰে বুকু উদঙাই
আইনাত গোপনে
জুখি চাই যৌৱন

এটা সময়ত পুলি এটা হয়গৈ বিশাল বৃক্ষ
ডেকা এজন বৃদ্ধ
নদীয়েও সুঁতি সলাই সন্ধান কৰে
বৈ যোৱাৰ নতুন অৰ্থ

এটা সময়ত সকলো সলনি হয়
কেৱল সলনি নোহোৱাকৈ
একেই থাকে সূৰ্য

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!