ভাৰতবৰ্ষৰ জেমছ বণ্ড অজিত ডোভাল আৰু তেওঁৰ কিছু দুঃসাহসিক অভিযান

ভাৰতবৰ্ষৰ জেমছ বণ্ড অজিত ডোভাল আৰু তেওঁৰ কিছু দুঃসাহসিক অভিযান

লেখক- ৰঞ্জনা দত্ত

ভাৰতৰ চুপাৰ স্পাই অজিত কুমাৰ ডোভালে আই পি এছ হিচাপে চাকৰিত যোগ দি ৩৬ বছৰ ইণ্টেলিজেন্স বিভাগত কাম কৰে। তেওঁ ২০০৫ চনত ইণ্টেলিজেন্স ব্যুৰোৰ চিফ হিচাপে অৱসৰ গ্ৰহণ কৰে। এই ৩৬ বছৰ সময়ত তেওঁ পুলিছৰ পোছাকযোৰ পিন্ধিছিল মাত্ৰ সাত বছৰ। বাকী ত্ৰিছ বছৰত তেওঁ কেতিয়াবা কুৰ্তা-পাইজামা, কেতিয়াবা লুঙ্গী-পাঞ্জাবী বা কেতিয়াবা অন্য কোনো পোছাক পিন্ধি বিভিন্ন বেশত মিলি গৈছিল জনসমুদ্ৰত। বছৰ বছৰ ধৰি দেশে-বিদেশে গোপন মিছন চলাইছিল ইণ্টেলিজেন্স ব্যুৰোৰ আণ্ডাৰ কাভাৰ এজেণ্ট হিচাপে। ভাৰতৰ সৰ্বকনিষ্ঠ আই পি এছ পুলিচ অধিকাৰী হিচাপে তেওঁ মাত্ৰ সাত বছৰৰ কাৰ্য্যকালৰ পিছতে ভাৰতীয় পুলিচ পদক লাভ কৰিছিল। সাধাৰণতে ১৭ বছৰ চাকৰি কৰাৰ পিছতহে এই মেডেল লাভ কৰিবৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছিল। তেওঁ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল লাভ কৰাৰ উপৰিও কীৰ্তিচক্ৰ সন্মান লাভ কৰিছিল। কীৰ্তিচক্ৰ লাভ কৰা তেৱেঁই প্ৰথমজন অসামৰিক ব্যক্তি আছিল।

তেওঁৰ ৰোমাঞ্চকৰ অভিযানবোৰৰ কাহিনী লিপিৱদ্ধ কৰিলে ডাঙৰ কিতাপ এখনৰ সমানেই হ’ব।
মিছন নৰ্থ ইষ্ট:

১৯৬৬ চনৰ পৰা মিজোৰামত আৰম্ভ হৈছিল মিজো বিদ্ৰোহ। বিদ্ৰোহ চলি থকা সময়ত অজিত ডোভাল আছিল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইণ্টেলিজেন্স ব্যুৰোৰ এজন অফিচাৰ। ভাৰত চৰকাৰে বহু দিন ধৰি চেষ্টা কৰাৰ পিছতো মিজো নেতা লালডেঙ্গাক কোনোপধ্যে শান্তি চুক্তিত চহী কৰাবলৈ সক্ষম হোৱা নাছিল।

সেই সময়তে অজিত ডোভাল ম্যানমাৰৰ আৰাকান পাৰ্বত্য অঞ্চলৰ একেবাৰে ভিতৰুৱা ঠাইত থকা লালডেঙ্গাৰ ঘাটিলৈ যায়। জীৱনৰ লগত খেলা কৰি দুধৰ্ষ সৈনিকসকলেৰে পৰিৱেষ্টিত লালডেঙ্গাক সৈমান কৰিবলৈ তেওঁ আগুৱাই গৈছিল। কিছু দিন তেওঁলোকৰ কেম্পত কটোৱাৰ পিছত লালডেঙ্গাৰ মিজো নেচনেল ফ্ৰণ্টৰ সাতজন বিশ্বস্ত সৈনিকৰ ছজন নিজৰ লগত লৈ ডোভাল ঘূৰি আহিছিল। শক্তিহীন হৈ পৰা লালডেঙ্গাৰ শান্তি চুক্তিত চহী কৰাৰ বাহিৰে আৰু কোনো উপায় নাছিল। বিছ বছৰ ধৰি জ্বলি থকা জুইকুৰা নুমাই গৈছিল। ১৯৮৬ চনত ঐতিহাসিক মিজো চুক্তি সাক্ষৰিত হৈছিল। মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে লালডেঙ্গাই শপত গ্ৰহণ কৰিছিল।

ইয়াৰ পাছতেই তেওঁ সেইসময়ৰ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰধানৰ লগত ছিকিমলৈ গৈ ছিকিম ৰাজ্যখন ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগ আগবঢ়ায়।

অপাৰেচন ব্লেক থাণ্ডাৰ টু (পাঞ্জাব):

১৯৮৪ অপাৰেচন ব্লু ষ্টাৰত নিহত হৈছিল ৪৮৯জন শিখ উগ্ৰপন্থী আৰু আটক কৰি ৰখা দৰ্শনাৰ্থী। পুলিচৰ ৮৩ জন জোৱানে সেই অভিযানত প্ৰাণ হেৰুৱাইছিল। উগ্ৰপন্থী সকলৰ বিষয়ে একো তথ্য সংগ্ৰহ নকৰাকৈ চলোৱা এই অভিযানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ যথেষ্ট ক্ষতিৰ সম্মুখীন হৈছিল।

অপাৰেচন ব্লু ষ্টাৰৰ প্ৰতিশোধ হিচাপে শিখ উগ্ৰপন্থীসকলে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ দখল কৰিছিল। চৰকাৰে উগ্ৰপন্থীৰ কবলৰ পৰা স্বৰ্ণ মন্দিৰ মুক্ত কৰিবৰ বাবে ‘অপাৰেচন ব্লেক থাণ্ডাৰ টু’ৰ বাবে গোপন অভিযান আৰম্ভ কৰিছিল। ‘ব্লেক থাণ্ডাৰ টু’ৰ আগেয়ে মন্দিৰৰ ভিতৰত থকা উগ্ৰপন্থীৰ সংখ্যা, অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণ আৰু স্বৰ্ণ মন্দিৰ পৰিসৰত তেওঁলোকৰ সঠিক অৱস্থান আদি জনাটো খুব দৰকাৰ হৈ পৰিছিল।

এনেকুৱা এক সময়তে স্বৰ্ণ মন্দিৰৰ ওচৰত এজন নতুন ৰিক্সা চালকৰ আৱিৰ্ভাব হৈছিল। অচিনাকি ৰিক্সা চালকজন দেখি উগ্ৰপন্থী সকল সতৰ্ক হৈ পৰিছিল। ভাৰতীয় সেনাৰ গুপ্তচৰ হিচাপে তেওঁক বন্দী কৰি অকথ্য অত্যাচাৰ কৰিছিল। ৰিক্সাৱলা জনে পৰিষ্কাৰ উৰ্দুত কৈছিল যে তেওঁ পাকিস্তানী এজেণ্ট। খালিস্তানী আন্দোলনক সহায় কৰাৰ বাবে আই এচ আই য়ে তেওঁক পঠিয়াইছে।
লুঙ্গী কুৰ্তা পিন্ধা ৰিক্সাৱলাজনে ইয়াৰ পিছত পাকিস্তানৰ বিভিন্ন ঠাই, শিখ এলেকা গুৰুদ্বাৰা আদিৰ বিষয়ে সঠিকভাৱে পাকিস্তানী উৰ্দু ভাষাত কৈ গৈছিল। আইএচআইৰ শীৰ্ষ স্থানীয় লোক সকলৰ নামবোৰ কৈছিল। তেওঁৰ কথাত শিখ উগ্ৰপন্থীসকল আস্বস্ত হৈছিল আৰু মন্দিৰৰ ভিতৰৰ গোপন ঠাইবোৰত থকা তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰলৈ লৈ গৈ সকলোবোৰ দেখুৱাইছিল। কিদৰে তেওঁলোকে ভাৰতীয় সেনাৰ লগত হ’ব লগা যুদ্ধৰ প্ৰস্তুতি কৰিছে সকলোবোৰ বুজাই দিছিল।
১৯৮৮ চনৰ ৯ মে তাৰিখে আৰম্ভ হোৱা ‘অপাৰেচন ব্লু ষ্টাৰ টু’ত একছশ্লিছজন উগ্ৰপন্থীয়ে প্ৰাণ হেৰুৱাইছিল। দুশজন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছিল। মন্দিৰৰ ভিতৰৰ সকলো খবৰ পাঞ্জাব পুলিচক সৰবৰাহ কৰাৰ পিছত অপাৰেচনটোৰ ঠিক পিছৰ পৰাই ৰিক্সাৱলাৰ ভেশ ধৰি থকা ইণ্টেলিজেন্স ব্যুৰোৰ অফিচাৰ অজিত ডোভাল পুনৰ নাইকিয়া হৈ পৰিছিল।

মিছন পাকিস্তান:

অজিত ডোভালে প্ৰায় সাত বছৰ কাল পাকিস্তানত কটাইছিল। ইয়াৰ ভিতৰত ইছলামাবাদৰ হাই কমিছনত আছিল ছবছৰ। এবছৰ কাল আছিল সম্পূৰ্ণ অজ্ঞাত বাসত। অজ্ঞাত বাসৰ এই কালছোৱাত তেওঁ এটা মুছলমান জনবসতি প্ৰধান অঞ্চলত বাস কৰিছিল। দীঘল দাঢ়ি ৰাখি সলসলীয়াকৈ উৰ্দু ভাষাত কথা পতা ডোভাল এজন নিষ্ঠাবান মুছলমানৰ দৰে স্থানীয় সাজ-পোছাক পিন্ধি মছজিদলৈ গৈছিল। ওচৰৰ লোকসকলক আৰবী ভাষাত লিখা কোৰান আৰু অন্য কিতাপ কিছুমান খোকোজা নলগাকৈ পঢ়ি শুনাইছিল। ভাৰতীয় গুপ্তচৰ ডোভালক সেইবাবে কোনোৱে সন্দেহ কৰা নাছিল।

সেই এবছৰৰ ভিতৰতে তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী দলসমূহৰ কাৰ্য্যকলাপৰ বিষয়ে বহুত তথ্য সংগ্ৰহ কৰিছিল। তেওঁ সংগ্ৰহ কৰিছিল পাকিস্তানৰ গোপন পৰমাণু অস্ত্ৰ সংক্ৰান্ত নানান তথ্য-পাতি যিবোৰে পৰৱৰ্তী কালত বিশ্ববাসীৰ সম্মুখত পাকিস্তানৰ আচল ৰূপ উদঙাই দেখুৱাত বহুত সহায় হৈছিল। তেওঁ ভিক্ষাৰীৰ বেশত মাটিত বহি থাকি সম্ভাব্য পৰমাণু প্ৰশিক্ষণ কেন্দ্ৰৰ বাহিৰত থকা এখন চেলুনৰ পৰা মাটিত পৰা চুলিবোৰ সংগ্ৰহ কৰিছিল। ভাৰতত চুলিবোৰ পৰীক্ষা কৰি পাকিস্তানত নিউক্লিয়াৰ পৰীক্ষণ চলি থকাৰ বিষয়ে নিঃসন্দেহ হৈছিল।

এই অজ্ঞাত বাসৰ সময়ত তেওঁ এবাৰ বিপদৰ মুখৰ পৰা আচৰিত ধৰণে ৰক্ষা পৰিছিল। এদিন তেওঁ মছজিদত নামাজ পঢ়ি ঘূৰি আহিছিল। মছজিদৰ বাহিৰত দীঘল পকা দাঢ়িৰে সতে বহি থকা এজন মৌলবীয়ে তেওঁক কিছু দূৰৈত থকা নিজৰ ঘৰলৈ মাতি নি কৈছিল “তুমি হিন্দু।” অজিত ডোভালে কৈছিল “ আপুনি ভুল কৰিছে। মই এজন নিষ্ঠাবান মুছলমান।” মৌলবী জনে তেওঁক কৈছিল “তোমাৰ কাণৰ লতিত থকা ফুটাটোৱে প্ৰমাণ কৰে যে তুমি হিন্দু। মৌলবী জনে উপদেশ দিছিল তোমাৰ কাণৰ ফুটাটো প্লাষ্টিক চাৰ্জাৰী কৰি বন্ধ কৰি পেলোৱা। নহ’লে পাকিস্তানত তুমি বিপদত পৰিবা। অজিত ডোভালে কাণৰ ছিদ্ৰটো বন্ধ কৰি পেলাইছিল। মৌলবীজন মুছলমানৰ বেশত থকা এজন হিন্দু আছিল। তেওঁৰ পৰিয়ালৰ বাকী আটাইকেইজন লোক হিন্দু মুছলমান সংঘৰ্ষৰ চিকাৰ হৈছিল।

ডোভাল লাহোৰত ছদ্মবেশেৰে লুকাই থকা কথা পাকিস্তানে গম পাইছিল তেওঁ পাকিস্তান এৰি থৈ যোৱাৰ বহুত পিছত।

অপাৰেচন কাশ্মীৰ ১৯৯০:

১৯৯০ চনত অজিত ডোভাল কাশ্মীৰলৈ গৈ সন্ত্ৰাসবাদী সংগঠনৰ এটাৰ নেতা কুকা পাৰী আৰু তেওঁৰ অনুগামীসকলক প্ৰভাৱান্বিত কৰি তেওঁলোকৰ মত সলনি কৰি তেওঁলোকক ভাৰতবৰ্ষৰ সপক্ষে যুঁজিবলৈ সাজু কৰি তুলিছিল। ইয়াৰ ফলত ১৯৯৬ চনত জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ হৈছিল।

অপাৰেচন ফ্লাইট আইচি ৮১৪:

১৯৯৯ চনৰ ২৪ ডিচেম্বৰৰ দিনা নেপালৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিছিল ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান আইচি -৮১৪। বিমান খনত আছিল ১৭৬জন যাত্ৰী আৰু ১৫জন বিমান সেৱা কৰ্মী। বিমানখন ভাৰতৰ আকাশ মাৰ্গত সোমোৱাৰ কিছু সময়ৰ পিছতেই অপহৰণ কৰিছিল হৰকত মুজাহিদিনৰ ৫জন সন্ত্ৰাসবাদীয়ে। অমৃতসৰ, লাহোৰ আৰু, ডুবাই বিমান বন্দৰ হৈ বিমানখন অৱতৰণ কৰা হৈছিল তালিবান নিয়ন্ত্ৰিত কান্দাহাৰ বিমান বন্দৰত। বিমানখন সশস্ত্ৰ তালিবাণী সেনাই আগুৰি ধৰিছিল।

হৰকতুল মুজাহিদিনৰ সন্ত্ৰাসবাদীবোৰৰ দাবী আছিল ভাৰতৰ কাৰাগাৰত বন্দী হৈ থকা মৌলানা মাছুদ আজহাৰ, মুস্তাক আহমেদ আৰু আহমেদ ওমৰ শেখৰ মুক্তি। অপহৰণকাৰীবোৰৰ সতে ফোনযোগে আলোচনাত ব্যস্ত হৈ পৰিছিল আজিত ডোভাল। কিন্তু তেওঁলোকে নিজৰ চৰ্ত পুৰণৰ বাদে কোনো নতুন চৰ্ত মানি লোৱা নাছিল।

কথা-বতৰাৰ মাজৰে দুটামান দিন পাৰ হৈ গৈছিল। খোৱা-বোৱা আৰু পানীৰ অভাৱত যাত্ৰীসকল বিমানৰ ভিতৰত অসুস্থ হৈ পৰিছিল। সোনকালে চৰ্ত পূৰণৰ আশা নেদেখি অধৈয্য হৈ পৰা অপহৰণকাৰীবোৰে বিমানৰ ভিতৰতে হত্যা কৰিছিল ৰূপিন কাটিয়াল নামৰ এজন নব বিবাহিত যুবকক। আন কিছুমান যাত্ৰীক ভীতি প্ৰদৰ্শন আৰু হত্যাৰ ভাবুকি দিয়া হৈছিল।

ডোভালে তালিবান নেতৃবৃন্দৰ সতে জৰুৰী কথা-বতৰাত লিপ্ত হৈ পৰিছিল। বিমানখন ঘেৰি থকা তালিবানি সৈন্যবোৰে অপহৰণকাৰীবোৰক আদেশ দিছিল যে বিমানৰ ভিতৰত তেওঁলোকে আন কাকো হত্যা কৰিব নোৱাৰিব। অন্যথা তালিবান সেনা বিমানখনৰ ভিতৰলৈ সোমাই যাব। কেৱল সেয়েই নহয় বিমানত থকা যাত্ৰীসকলৰ বাবে তালিবানীসকলৰ সহায়ত খোৱা বস্তু আৰু বিশুদ্ধ খোৱা পানীৰো যোগান ধৰা হৈছিল।

যাত্ৰী সকলৰ প্ৰাণ ৰক্ষাৰ বাবে অৱশেষত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰৰ দিনা ভাৰতীয় কাৰাগাৰত বন্দী হৈ থকা সন্ত্ৰাসবাদী কেইজন লৈ ডোভাল আৰু বিদেশ মন্ত্ৰী যশবন্ত সিং কান্দাহাৰলৈ উৰা মাৰিছিল। তিনিজন দুধৰ্ষ সন্ত্ৰাসবাদীৰ মুক্তিৰ বিনিময়ত বিমান অপহৰণৰ ২৭৩ ঘণ্টা পিছত যাত্ৰী সকলক মুক্তি দিছিল।

মিছন ইৰাক ২০১৪:

আইচিচৰ সৈন্য সকলে ২০১৪ চনত চিৰিয়া আৰু ইৰাকৰ বহু অঞ্চল দখল কৰি লৈছিল। ইৰাকৰ তিৰকিত নামৰ ঠাইখনৰ হস্পিতালত কৰ্মৰত ৪৬ গৰাকী নাৰ্চ হস্পিতালখনৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। তিৰকিত চহৰখনত তেতিয়া নৃশংস গণহত্যা চলিছিল। নাৰ্চ কেইগৰাকী মৃত্যু ভয়ত কঁপি উঠিছিল।

ঘটনাটোৰ ঠিক এমাহ আগেয়ে অজিত ডোভালে ৰাষ্ট্ৰীয় নিৰাপত্তা বিভাগৰ উপদেষ্টা হিচাপে যোগ দিছিল। জুলাই মাহত এক গোপন মিছনত তেওঁ ইৰাকলৈ উৰা মাৰিছিল আৰু তাৰ পিছতেই সকলোকে অবাক কৰি ভাৰতীয় নাৰ্চসকলক আইচিচ সন্ত্ৰাসবাদীবোৰে মুক্তি দিছিল। ৪৬ গৰাকী নাৰ্চক লৈ কোচিলৈ ঘূৰি আহিছিল ভাৰত চৰকাৰৰ দুখন বিশেষ বিমান।

মিছন ম্যানমাৰ ২০১৫:

নাগালেণ্ডৰ এনএচচিএন(খাপলাং) আৰু মণিপুৰৰ কেওৱাইকেএলৰ উগ্ৰপন্থীবোৰে ম্যানমাৰৰ পাৰ্বত্য অঞ্চলত গোপন ঘাটি স্থাপন কৰি ভাৰতীয় সৈন্যৰ ওপৰত জধেমধে আক্ৰমণ কৰিছিল। ২০১৫ চনৰ ৪ জুন তাৰিখে তেওঁলোকে মণিপুৰৰ চাণ্ডেল জিলাত ১৮জন ভাৰতীয় সৈন্যক হত্যা কৰে। তেতিয়াৰ আৰ্মি চীফ দলবীৰ সিং সুহাগৰ সতে ডোভালৰ আলোচনা চলিছিল।

সেই মৰ্মে ২০১৫ চনৰ ৯ জুন তাৰিখে ম্যানমাৰ সীমান্তৰ ভিতৰলৈ সোমাই গৈ ভাৰতীয় কমাণ্ডো বাহিনীয়ে ৫০ জনতকৈও বেছি উগ্ৰপন্থীক হত্যা কৰি তেওঁলোকৰ উগ্ৰপন্থী কাৰ্য্যকলাপ সমূলি ধ্বংস কৰে। ম্যানমাৰ চৰকাৰ আৰু সেইদেশৰ মিলিটেৰিৰ লগত মিলি সেই অপাৰেচনটো সফল কৰাৰ মূল নায়ক আছিল অজিত ডোভাল।

ছাৰ্জিকেল ষ্ট্ৰাইক কাশ্মীৰ ২০১৬:

২০১৫ চনৰ ২৭ জুলাইৰ দিনা জইছ-ই-মহম্মদৰ তিনিজন উগ্ৰপন্থীয়ে পাঞ্জাবৰ দিননগৰ পুলিচ ষ্টেচনত আক্ৰমণ কৰিছিল। এই আক্ৰমণত তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।

২০১৬ চনৰ ২ জানুৱাৰী তাৰিখে পাকিস্তানৰ সহায়ত পাঁচজন উগ্ৰপন্থীয়ে পাঠানকোটৰ ভাৰতীয় বায়ুসেনাৰ বিমানঘাটীত আক্ৰমণ কৰে। এই আক্ৰমণত ভাৰতীয় সেনাৰ সাতজন সৈনিক আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। পাঁচজন উগ্ৰপন্থীৰ মৃত্যু হৈছিল।

২০১৮ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে জইছ ই মহম্মদৰ উগ্ৰপন্থীবোৰে কাশ্মীৰৰ উৰি মিলিটেৰী কেম্পত আক্ৰমণ কৰে। এই আক্ৰমণত ১৯জন জোৱান শ্বহীদ হয়।

এই তিনিটা উগ্ৰবাদীৰ আক্ৰমণৰ পিছত ভাৰতৰ ধৈৰ্য্যৰ বান্ধ চিঙি গৈছিল। নতুন দিল্লীত উচ্চস্তৰীয় বৈঠকত উপস্থিত আছিল প্ৰধানমন্ত্ৰীৰ সতে অজিত ডোভাল।

২০১৬ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে ভাৰতীয় সেনাৰ ৭০জন দুঃসাহসী কমাণ্ডোৱে আকাশ আৰু স্থলপথেৰে লাইন অফ কণ্ট্ৰোল পাৰ হৈ পাক অধিকৃত কাশ্মীৰত সোমাই পৰিছিল। অতৰ্কিতে আক্ৰমণ কৰি সন্ত্ৰাসবাদীবোৰৰ ঘাটি চূৰ্ণ-বিচূৰ্ণ কৰি দিছিল। সেই আক্ৰমণত ৬০-৭০জন উগ্ৰপন্থী আৰু পাকিস্তানী সেনা নিহত হৈছিল।

মিছন বালাকোট কাশ্মীৰ ২০১৯:

২০১৯ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে কাশ্মীৰৰ পুলৱামাত জইছ-ই-মহম্মদৰ উগ্ৰপন্থীসকলৰ অতৰ্কিত আক্ৰমণত আমাৰ ৪০জন জোৱানৰ মৃত্যু হৈছিল। অজিত ডোভালে লগে লগে ফোন কৰিছিল আমেৰিকালৈ। ফোনৰ ইটো প্ৰান্তত আছিল আমেৰিকাৰ জাতীয় নিৰাপত্তা উপদেষ্টাজন বোল্টন। । বোল্টনক ডোভালে জনাইছিল যে সীমান্তৰ সিপাৰে জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীবোৰে আত্মঘাটী মিছনৰ বাবে প্ৰশিক্ষণ লৈ আছে। ডোভালৰ এই ফোনৰ পিছতেই বোল্টনে এখন বিজ্ঞপ্তি জাৰি কৰি কয় যে “আত্মৰক্ষাৰ অধিকাৰ ভাৰতৰ আছে।”

ইয়াৰ পিছতে ২৬ ফ্ৰেব্ৰুৱাৰী তাৰিখৰ পুৱতি নিশা ভাৰতীয় বিমান বাহিনীয়ে বালাকোট কেম্পত আক্ৰমণ চলায়। বোমাৰ আক্ৰমণৰ ফলত উগ্ৰপন্থীবোৰৰ কেম্প সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছিল। কেইবাশও উগ্ৰপন্থীৰ মৃত্যু হৈছিল।

১৯৭১ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ডোভালে ১৫টা বিমান অপহৰণৰ কাণ্ড তেওঁৰ সময়োচিত বিচক্ষণ বুদ্ধিৰে ৰোধ কৰিবলৈ সক্ষম হৈছিল।

অজিত ডোভাল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা এজেঞ্চীৰ পঞ্চমজন উপদেষ্টা। আফগানিস্তানত হৈ থকা ভয়ঙ্কৰ পৰিস্থিতিৰ সময়ত তাত আৱদ্ধ হৈ থকা লোকসকলক সুকলমে ঘূৰাই অনাৰ ক্ষেত্ৰত ডোভালে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। এন এছ এ অজিত ডোভালে আমেৰিকাৰ ৰক্ষা বিশেষজ্ঞ জেক চুলিভানৰ লগত ফোনযোগে দীঘলীয়া কথা-বতৰা হোৱাৰ পিছত কাবুলৰ আমেৰিকাই ব্যৱহাৰ কৰা এয়াৰ ষ্ট্ৰিপ ভাৰতক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। ভাৰত বায়ু সেনাৰ চি-১৭ বিমান খনে ৪৬জন ভাৰতীয় লোকক নিৰাপদে ভাৰতলৈ লৈ আনে।

আমেৰিকাই আফগানিস্তান ত্যাগ কৰাৰ পিছত অজিত ডোভাল, বৈদেশিক মন্ত্ৰী এচ জয়শঙ্কৰ আৰু জেষ্ঠ কূটনৈতিক বিষয়াসকলে মিলি আফগানিস্তানত এতিয়াও আৱদ্ধ হৈ থকা লোক সকলৰ মুক্তি আৰু অন্যান্য বিষয়সমূহ আলোচনা কৰি আছে।

অজিত ডোভাল এক জীৱন্ত কিংবদন্তী। ৰাষ্ট্ৰীয় সুৰক্ষাৰ খাতিৰত গোপনে ৰখা তেওঁৰ চোৰাংচোৱা জীৱনৰ কামবোৰ ৰাজহুৱা কৰিলে হয়তো আমি বহুতো ৰোমাঞ্চকৰ কাহিনীৰ বিষয়ে জানিব পাৰিম। প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ কালৰে পৰা এতিয়ালৈকে প্ৰত্যেকখন চৰকাৰৰ লগতে কাম কৰি অহা অজিত ডোভালক ভাৰত ৰত্ন পুৰস্কাৰেৰে সন্মানিত কৰিবলৈ বিভিন্ন সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!