ভিষ্টাড’মৰ খিৰিকিৰে বৰাইল পাহাৰৰ সেউজীয়া বিচাৰি

লেখক- প্ৰশান্ত কুমাৰ বৰা

গুৱাহাটী আৰু হাফলঙৰ মাজত বৰাইল পাহাৰৰ সেউজীয়াবোৰৰ মাজেৰে ভাৰতীয় ৰে’লৰ পৰ্যটক বিশেষ ভিষ্টাড’ম ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰ দিনাই ভ্ৰমণৰ সোৱাদ লভিলোঁ। জ্যেষ্ঠ সহকৰ্মী বংকিম ভাগৱতীদাৰ পৰিয়াল‌ আৰু আমাৰ পৰিয়ালৰ মুঠ ৭ জনীয়া সদস্যৰ দলটোৰ বাবে এই ভ্ৰমণ আছিল আশ্চৰ্যকৰ আৰু অনুপম অভিজ্ঞতাৰ ভঁৰাল। এই বিশেষ ৰে’লসেৱাৰ প্ৰথম দিনটোৰ যাত্ৰী হোৱাৰ সুবাদত কেতবোৰ ক্ষেত্ৰত বিশেষ সুবিধাৰ সোৱাদ পোৱাৰ লগতে বিভাগীয় সতীৰ্থ তথা ডিমা-হাচাওৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলোৰ বদান্যতাত ডিমা-হাচাও স্বায়ত্তশাসিত পৰিষদৰ আতিথ্য লাভৰো সুযোগ মিলিল।


ৰে’লগাড়ীখন হাফলং ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছতে পৰিষদে উষ্ম আদৰণি জনোৱাৰ পাছত ডিমা-হাচাও পৰ্যটনে দুখন বিশেষ বাছেৰে আমাক হাফলং চহৰৰ চৌপাশৰ কেইবাটাও আকৰ্ষণীয় ঠাই পৰিদৰ্শন কৰালে। ভিউ পইণ্ট আৰু চাৰ্কিট হাউচৰ সন্মুখৰ উদ্যানৰ পৰা বৰাইল পাহাৰৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিলোঁ। হাফলং লেকৰ কাষৰ এখন ৰেস্তোৰাঁত ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ৰ সোৱাদ ল’লোঁ। জাতিংগাৰ অসম ৰাইফলছৰ চৌহদত ডিমা হাছাও পৰ্যটনে আয়োজন কৰা দুপৰীয়াৰ ভাতসাঁজৰ সোৱাদ কেনেকৈ পাহৰিম! কুকুৰাৰ আঞ্জা, গাহৰিৰ ভাজিৰ পৰা পোৰা বেঙেনাৰ পিতিকা, তিতাফুলৰ চাটনিলৈকে কি নাছিল তাত! ভোজনৰ অন্তত অনুষ্টুপীয়া এটা কাৰ্যসূচীৰে আলহীসকলক ডিমা হাছাও পৰ্যটনৰ একোটাকৈ স্মৰণিকাও উপহাৰ হিচাপে দিলে তেওঁলোকে। চাৰিঘণ্টীয়া চফৰৰ অন্তত পুনৰ বাছেৰে ষ্টেচনলৈ আনি পৰিষদে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে অতিথিসকলক হাফলঙৰ পৰা বিদায় জনালে।

জীৱনত পোনপ্ৰথমবাৰৰ বাবে ডিমা-হাচাওলৈ গৈছিলোঁ। ভিষ্টাডমৰ সূচনাই এই ভ্ৰমণ স্মৰণীয় কৰি তুলিলে। গুৱাহাটীৰ পৰা বদলি হৈ যোৱাৰ পাছত জনসংযোগ বিষয়া পূৰবী বাইদেউক কালি সূদীৰ্ঘ দিনৰ অন্তত লগ পালোঁ। গোটেই সময়চোৱা আমাক তেওঁ মৰমেৰে আৱৰি ৰাখিলে। আহিবৰ সময়ত তেওঁ দুমোনা পাহাৰীয়া জৈৱিক কৃষি-সামগ্ৰীও উপহাৰ হিচাপে আমাৰ দুয়োটা পৰিয়ালৰ হাতত তুলি দিলে। দাঙিব নোৱৰাকৈ গধুৰ মোনা দুটাত পাহাৰীয়া আদা, গোমধান, ৰঙালাউ, চিৰাল, মাটিকঁঠাল আদি ঠাঁহ খাই আছিল।

বিশ্বনাথত দুটা বছৰ একেলগে কাম কৰা এ চি এছ বিষয়া আবুল কালাম দাকো কালি চাৰ্কিট হাউচত ডেৰ বছৰৰ মূৰত লগ পালোঁ। বৰ্তমান হাফলঙৰ সদৰ মহকুমাপতি হিচাপে কৰ্মৰত কালাম দা কালি জিলাখনত বিৰাজ কৰা আইন-শৃংখলাজনিত পৰিস্থিতি তদাৰকীৰ কামত যথেষ্ট ব্যস্ত থাকিবলগা হোৱাৰ আমাক বেছি সময় দিব নোৱাৰিলে।

কালিৰ গোটেই ভ্ৰমণকালত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সচিবৰূপে কৰ্মৰত ৰেবেকা চাংছান বাইদেৱে আগবঢ়োৱা সহযোগিতা আছিল অনবদ্য। জনজাতীয় সাঁজ পৰিহিত সহজ-সৰল বিষয়াগৰাকীয়ে আমাৰ পাঁচবছৰীয়া ল’ৰাটোক অনবৰতে মৰমেৰে চকু ৰখাৰ লগতে বিদায় পৰত তাৰ হাতত উপহাৰৰ টোপোলা এটাও তুলি দিছিল। ৰেবেকা বাইদেউ, পূৰবী বাইদেউ আৰু কালাম ছাৰৰ দৰে জনদৰদী বিষয়া থাকিলে প্ৰশাসন অতিথিপৰায়ণ নহৈ পাৰেনে!

অসমৰ একমাত্ৰ হিল-ষ্টেশ্যন ৰূপে পৰিচিত হাফলঙৰ পৰ্যটন উদ্যোগটো কিয় ইমানদিনে বিকশিত নোহোৱাকৈ আছে ভাবি আচৰিত হ’লোঁ। ‌ বোধহয় উগ্ৰপন্থিজনিত ঘটনাৱলীয়েই ইয়াৰ মূল কাৰণ। পৰিকল্পিতভাৱে বিকশিত কৰি পৰ্যটকৰ সন্মুখত উপস্থাপন আৰু বিপণন‌ কৰিব পাৰিলে হাফলং অসমৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ যথেষ্ট অৱকাশ আছে। শ্বিলং-চেৰাপুঞ্জী আনকি দাৰ্জিলিঙৰ সৌন্দৰ্য্যতকৈও বৰাইল পৰ্বতমালাৰে আবৃত ডিমা-হাচাওৰ প্ৰাকৃতিক শোভা বহুগুণে ওপৰত। ‌ ভিষ্টাড’ম বিশেষ ৰে’লৰ সূচনাই এই দিশত সম্ভাৱনাৰ এখন বৃহৎ দুৱাৰ মুকলি কৰিছে। আশাকৰোঁ অসম পৰ্যটন আৰু ডিমা-হাচাও স্বায়ত্তশাসিত পৰিষদে এই দিশত তৎপৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি হাফলঙক ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব।

#vistadome
#mighty_haflong

সংযোজন-১
গুৱাহাটী আৰু হাফলঙৰ মাজত এই পৰ্যটন বিশেষ ভিষ্টাডম ৰে’লসেৱা সপ্তাহত দুদিনকৈ, প্ৰতি বুধবাৰ আৰু শনিবাৰে চলাচল কৰে। উজনিমুৱা ৰে’লখনে (০৫৮৮৮) পুৱা ৬-৩৫ত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া ১১-৫৫ত নিউ হাফলঙ ষ্টেচনত উপস্থিত হয়। আনহাতে নামনিমুৱা গাড়ীখনে (০৫৮৮৭) বিয়লি ৫-০০ বজাত নিউ হাফলঙৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাতি ১০-৪৫ত গুৱাহাটী পায়হি। যাত্ৰাপথত ৰে’লখনে মান্দাৰডিছা আৰু মাইবং ষ্টেচনত দুই দুই মিনিটৰ বাবে ৰয়।

ৰে’ল গাড়ীখনত সদ্যহতে এটা ভিষ্টাড’ম দবা আৰু চাৰিটা শীত-তাপ নিয়ন্ত্ৰিত চেয়াৰ কাৰ দবা আছে। অৱশ্যে যাত্ৰীৰ চাহিদা অনুপাতে দবাৰ সংখ্যা ভৱিষ্যতে কম-বেছি কৰা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰে জানিব পৰা গৈছে। ভিষ্টাড’ম দবাটোৰ এক্সিকিউটিভ ক্লাছ আসনৰ সংখ্যা ৪০ খন, ভাৰাৰ নিৰিখ (একমুখী) ১০৪০ টকা। আনহাতে এ চি চেয়াৰ কাৰৰ আসন তিনি শতাধিক। ভাৰাৰ পৰিমাণ (একমুখী) ৪১৫ টকা। IRCTC পৰ্টেলৰ যোগেদি অনলাইন বুকিং কৰিলে সেৱা প্ৰদানকাৰী আৰু বেংকিং মাছুল ধৰি অতিৰিক্ত ৪৫ টকামান ভৰিব লাগিব।

ভিষ্টাডম দবাৰ মজিয়াখন বাদ দি চাৰিওদিশ স্বচ্ছ কাচেৰে সজ্জিত। আসনসমূহ ইচ্ছানুসৰি ৩৬০ ডিগ্ৰী ঘূৰাব পাৰি। যাত্ৰীৰ বাবে ৱাইফাই, ডিজিটেল ডিচপ্লে স্ক্ৰীণসহ এণ্টাৰটেইনমেণ্টৰ সুবিধা, এল ই ডি তথ্য ফলক, স্বয়ংক্ৰিয় শ্লাইডিং দুৱাৰ, উন্নত শৌচালয় আদি বহুখিনি বিশেষ সুবিধা আগবঢ়োৱা হৈছে। সেয়ে এই দবাত ভ্ৰমণৰ আমেজেই সুকীয়া। অৱশ্যে ইমানবোৰ সুবিধা নাথাকিলেও এ চি চেয়াৰ কাৰৰ ডাঙৰ কাচৰ খিৰিকিৰে এই ডবাৰ যাত্ৰীসকলেও যাত্ৰাপথৰ সৌন্দৰ্য্য পূৰ্ণমাত্ৰাই উপভোগ কৰিব পাৰে।

একেদিনাই ঘূৰি অহাকৈ যোৱা যাত্ৰীসকলে নিউ হাফলং ষ্টেচনত নমাৰ পাছত হাতত থকা ৫ ঘণ্টা সময়ত হাফলং চহৰ আৰু চৌপাশৰ কেইবাটাও দৰ্শনীয় স্থানৰ সৌন্দৰ্য্য উপভোগৰ সুযোগ ল’ব পাৰে। ষ্টেচনৰ বাহিৰত বিভিন্নধৰণৰ গাড়ী পোৱা যায়। ভাড়াৰ নিৰিখ সময় আৰু যাব খোজা স্থানভেদে বেলেগ বেলেগ, ন্যূনতম ১০০০ টকাৰ পৰা ওপৰলৈ। এতিয়ালৈকে কোনো নিৰ্দিষ্ট পেকেজ আৰু গাইডৰ ব্যৱস্থা নাই যদিও ডিমা হাছাও পৰ্যটন তথা প্ৰশাসনৰ উদ্যোগত অচিৰেই সেয়াও হৈ উঠিব বুলি আশা কৰা হৈছে।

সংযোজন-২
ডিমা হাচাও তথা হাফলঙৰ প্ৰকৃত সৌন্দৰ্য উপভোগৰ বাবে তাত নিশা কটোৱাকৈ যাব পাৰিলে ভাল। এৰাতি থকাকৈ গ’লে হাফলং চহৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহ চাব পৰা যাব। পাহাৰৰ মাজত ডাৱৰৰ লুকা-ভাকু, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্য, হাফলং হ্ৰদ, ফিয়াংপুই গীৰ্জা, কাষৰীয়া গাঁওসমূহৰ প্ৰাকৃতিক পৰিৱেশ, বেনদাও বাইগলাই জলপ্ৰপাত, ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমাৰ সোৱাদো ল’ব পৰা যাব। দুই-তিনিৰাতি থকাকৈ যোৱা ৰ্পযটকে জাতিংগা উপত্যকা, মাইবং, উমৰাংছ, পানীমূৰ জলপ্ৰপাত, হাৰাংগাজাও, ডিদাওদিপ জলপ্ৰপাত, দেহাংগি, নতুন লেইকুল, দৈহিং আদি ভ্ৰমণ কৰিব পাৰে। পক্ষীৰ ৰহস্যজনক আত্মহনন পৰিঘটনাৰ বাবে বিখ্যাত জাতিংগা উপত্যকাত থকা থকা পক্ষী নিৰীক্ষণ স্তম্ভৰ জৰিয়তে জাতিংগালৈ প্ৰতিবছৰে শৰত কালত অহা পৰিভ্ৰমী পক্ষীসমূহ নিৰীক্ষণ কৰিব পাৰি। পূৰ্বৰ ডিমাচা ৰাজ্যৰ ৰাজধানী হিচাপে পৰিচিত মাইবং জিলাখনৰ অন্যতম আকৰ্ষণীয় স্থান। বহু যুগৰ ইতিহাস নিহিত হৈ থকা মাইবঙৰ বিভিন্ন প্ৰান্তত এতিয়াও ডিমাচা যুগৰ বহু ভগ্নাৱশেষ সিঁচৰতি হৈ থকা দেখা পোৱা যায়। মাহুৰ নদীৰ পাৰত থকা এটা শিলত কাটি উলিওৱা শিলঘৰৰ ভাস্কৰ্য মাইবঙৰ অইন এক প্ৰসিদ্ধ ঐতিহ্য।
হাফলং চহৰৰ পৰা প্ৰায় ১১২ কিঃমিঃ নিলগত অৱস্থিত থুৰুক আৰু ৭৫ কিঃমিঃ নিলগৰ কেপেইলো গাঁৱত ডিচেম্বৰ-জানুৱাৰী মাজত বৰফ পৰে, তাপমাত্ৰা -১০ ডিগ্ৰী পৰ্যন্ত নামি যায়। উপযুক্ত ৰূপত প্ৰসাৰ আৰু প্ৰসাৰ পালে অসমৰ শীতলতম স্থান হিচাপে জনাজাত এই দুই স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ সম্ভাৱনা আছে।
থকা-মেলাৰ সুবিধাৰ বাবে হাফলং চহৰত কেইবাখনো মধ্যমীয়া হোটেল তথা লজ আছে। নীপকো, পৰ্যটন বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বন বিভাগৰ পৰিদৰ্শন বাংলোৰ দৰে বহুকেইটা চৰকাৰী সুবিধাও আছে, ভিতৰত চাৰ্কিট হাউচ সৰ্বোত্তম। হাফলং আৱৰ্ত ভৱন ৰাজ্যৰ ভিতৰতে অন্যতম সুন্দৰ বুলি জনা যায়। এই আৱৰ্ত ভৱনৰ দৰে মনোমোহা লোকেশ্যনত থকা চৰকাৰী অতিথিশালা অতি কমেই আছে বোধকৰোঁ। হাফলং চহৰৰ কেইখনমান উল্লেখযোগ্য হোটেল হৈছে লেণ্ডমাৰ্ক (+91-3673239003), ইষ্টাৰ্ণ হোটেল (+91-7399722246), নথাও লজ (+91-3673236247), হোটেল ইলাইট (+91-3673237350), ডিচগাও লজ (+91-9957290863), লেক ভিউ লজ (+91-7896849235), হোটেল জয়শ্ৰী (+91-3673236484), হাফলং নিউ হোটেল (+91-9435065627) আদি। জাতিংগা, উমৰাংছ’, দেহাংগি আদিতো বহুকেইটা লজ আৰু চৰকাৰী অতিথিশালাৰ সুবিধা আছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!