টোপনিতে

লেখক- মামণি দাস

(১ )
পাহৰণিত বাকি থোৱা চাহ একাপ ৰৈ যাব পাৰে
কাপৰ তলিতে
চাহ নহয় যেন চেঁচা তেজ

টোপনিত সপোন এটাই পিয়াহৰ কথা মনত পেলাই দিয়ে আৰু জাহ যায় সোঁৱৰণি

(২ )
সপোন এটা কেতিয়াবা ক্ষিপ্ৰ। কেতিয়াবা চতুৰ।

কিবা এটা পাহৰি তাক যিদৰে খেদি ফুৰোঁ
আধাভঙা সপোন এটাকো খেদি ফুৰে টোপনিয়ে

(৩ )
ফিৰফিৰীয়া বতাহত হালধীয়া চৰাই এটাই
ফল খুটিয়াই আছে বাহিৰত
ফল নহয় যেন মোৰ সপোন এটা আদবাটতে কাটি দিছে

৪)
টোপনিত মই সাৰে থাকোঁ আৰু টোপনিহীন সময়ক প্ৰশ্ন কৰোঁ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!