ভদ্ৰদাৰ কণী বেপাৰ
লেখক- বিদ্যুৎ বিকাশ দত্ত
হঠাৎ ভদ্ৰদাৰ লগৰীয়া বাখৰ ওলালহি। মোৰ বাজাজ স্কুটাৰখন লাগে। মই পোনচাটেই না কৰিলো। গাড়ী বস্তুটো দি বেয়া হোৱাতকৈ নিদি বেয়া হোৱাটো ভাল। তাতে পুৰণি স্কুটাৰ। কাগজ পত্ৰৰ নামত একো নাই। তিনি চাৰিবাৰ অনুৰোধ কৰাৰ পিছতো স্কুটাৰখন নিদিয়াত বাখৰ গ’লগৈ। যাওঁতে সি যিটো চাৱনি দি গ’ল মই বুজি পালোঁ, ই মোক নিজৰ ঘৰত বুলিহে এৰি গৈছে, বাটে-পথে পালে মোহাৰি মাৰিব।
বাখৰ ভদ্ৰদাৰ খাচ মানুহ। তাৰ ঔ-গুৰিত ম’হৰ খুটি আছে। বিহুৰ বতৰত টেঙা গাখীৰত ৰসগোল্লাৰ পানী মিলাই মিঠা দৈ বেচা মানুহ ই।
ভদ্ৰদাই জীৱনত কৰা শিয়াল বুধিয়া কামবোৰৰ ই প্ৰধান সংগী।
ই ভাঙ, ভদ্ৰদা চিলিম/
ই হোকা, ভদ্ৰদাই কয় গিলিম।
বাখৰ যোৱাৰ আধাঘণ্টাৰ পিছত ভদ্ৰদা ওলালহি। আহিয়েই মোৰ ওপৰত গৰম। মই কিয় গাড়ী নিদিম! হু এম আই?
ভদ্ৰদাক আৰু মই উভতি কথা ক’ব পাৰোঁনে! তৰ্কৰ অৱতাৰণা নকৰাকৈ মই স্কুটাৰৰ ছাবিটো আগবঢ়াই দি ক’লো-”বাখৰকনো আপুনি গাড়ী নিবলৈ পঠাব লাগেনে! সি যদি ক’ৰবাত “বজাই” দিয়েগৈ কোনে ৰিস্ক ল’ব?”
গৰম হৈ গ’ল ভদ্ৰদা। ক’লে-”বাখৰে ক’ত গাড়ী চলাব জানে? স্কুটাৰ ঠেলি নিয়াত সি বৰ ভাল। অভিজ্ঞতা আছে। ম’হৰ খুটিত বানপানী উঠাত সি মোৰ লগতে আছেহি। ইনকাম নাই বোলে। মই বোলো মোৰ লগতে “বিগিনিছ” কৰ। হাজিৰাটো ওলাব। “
ভদ্ৰদাৰ কথাত মোৰ হাঁহি উঠিল। আজি কত দিন মোৰ পৰা চলি আছে বাপুৱে, আজি আকৌ বাখৰক চাকৰিত ‘এপইণ্ট’ কৰিব পৰা হ’ল। লাজ পাব লাগে।
কথাবোৰ ভাবিলোহে, নক’লোঁ। তথাপি সুধিলোঁ, “বাখৰক এপইণ্টমেণ্ট দিব পৰাকৈ আপুনিনো কি বিজিনেছ খুলিলে?”
মোৰ কটাক্ষ বুজিব পাৰি ভদ্ৰদাই ক’লে -”কণীৰ ‘বিগিনিছ’। ‘বসু ডিমা ভাণ্ডাৰ’ৰ ছাব ডিলাৰ। এমাহ হ’ল। লাভেই লাভ। অহাবছৰ এনেকুৱা দিনত চাবি, ‘ইস্ক’পিঔ’ লৈ ঘূৰিম।”
হাঁহি দিলো মই। জোৰকৈ। মোৰ হাঁহি শুনি ভদ্ৰদাই বহাৰ পৰা উঠি ক’লে-”আজি আহিবি পাৰিক হোটেলৰ ওচৰলৈ। চিনেমা চাই যাবিহি। টকা ঘটিবলৈ মাথা লাগে।”
মই মোৰ মূৰটো খেপিয়াই চালোঁ, – মোৰ এইটো মূৰনে মাথা! মই মূৰটো খেপিয়াই চাওঁতেই ভদ্ৰদা স্কুটাৰত বহিল। বাখৰে ঠেলি গ’ল। এৰা, ১০০ টকা দামৰ পে’ট্ৰল খৰচ কৰি ভদ্ৰদা স্কুটাৰ চলোৱা মানুহনে!
আবেলি তিনি বজাৰ পৰা পাৰিক হোটেলৰ বাৰাণ্ডাত বহি আছো। ক’তা আমাৰ কণীৰ “ছাবডিলাৰ ভদ্ৰদা” ৰ দেখাদেখি নাই। এতিয়ালৈ সাতটা ৰসগোল্লা আৰু তিনিকাপ চাহ খতম কৰিলোঁ। সময়বোৰ গৈ থাকিল। মনতে ভাবিলো, “ছাবডিলাৰ” মানুহ। ইমান পটকৈ আহিবনে!
তেনেতে দেখিলো, মোৰ স্কুটাৰখনৰ আগে পিছে ২০টামান কণীৰ প্লেট আৰু ৬-৭টা অতিৰিক্ত কাৰ্টন বান্ধি বাখৰে ঠেলি ঠেলি আহি আছে। বল-যুগুটি নোহোৱা মানুহ। এনেকুৱা লাগিছে যেন এটা পৰুৱাই ৰসগোলা এটা মূৰেৰে বগৰাই-বগৰাই লৈ যাবলৈ চেষ্টা কৰিছে। তাৰ পিছত— এক-দুই-তিনি। সেইটো হোটেলৰ মুখতে থকা মস্ত গাঁতত স্কুটাৰৰ আগ চকা সোমাই গৈছে আৰু—।
আৰু কি! কণীবোৰ ভাগি চুচুৰ্মৈ হৈছে। অকটা কেচেমা গোন্ধ সহিব নোৱাৰি মানুহবোৰে মুখত ৰুমাল লৈছে। বাখৰে চিঞৰিছে, “মই শেষ হৈ গ’লো ঐ। মালিকে মোক আজি মাৰি পেলাব। পৰি থকা ভঙা কণীবোৰ সি মূৰে-মুখে সানি চিঞৰি-চিঞৰি কান্দিবলৈ ধৰিলে। বাটৰ মানুহবোৰে তাক গালি দিবলৈ ধৰিলে। ট্ৰেফিক জাম বাঢ়ি গ’ল। বৰা পুলিচে লাঠী লৈ খেদি আহিও বাখৰৰ দুৰ্ভাগ্য দেখি দুখোজ পিছুৱাই গ’ল।
তেনেতে দেখিলো ভদ্ৰদা দৌৰি মানুহজাকৰ মাজলৈ সোমাই আহিল। আহিয়েই মানুহবোৰক আঙুলি টোৱাই গালি দিবলৈ আৰম্ভ কৰিলে। বিপদত পৰি সৰ্বস্বান্ত হোৱা বাখৰলৈ চাই এনে এটা ভাষণ দিলে যে হিটলাৰৰ বুকুতো মানৱ প্ৰেম জাগি যাব। ভাষণৰ শেষত টকা পাঁচশ বাখৰৰ হাতত গুজি দি চকুপানী টুকি ভিৰৰ পৰা ওলাই আহি হাতযোৰ কৰি বাখৰক সহায় কৰিবলৈ অনুৰোধ জনালে। ভদ্ৰদাৰ ভাষণত মানুহবোৰে পাঁচশ, এশ, দুশ টকাকৈ গুজি দিলে। মোৰ হিচাপে বাখৰে অনা কণীতকৈ দহ বাৰ হাজাৰ টকা অধিক পালে।
ৰাতিলৈ ছাগলী মঙহ দুই কেজি ভদ্ৰদা আমাৰ ঘৰত হাজিৰ। লগত বাখৰ আৰু কণীৰ মেইন ডিলাৰ বসু। ভদ্ৰদাই বসুৰ হাতত পাঁচশ টকা এখন গুজি দি দুৱাৰৰ ফালৰ ৰাষ্টাটো দেখুৱাই দি ক’লে, “আৰু পইছা নিবিচাৰিবি। অতসোপা গেলাকণী তোৰ এনেই গ’লহেঁতেন। আকৌ কণী নষ্ট হ’লে খবৰ দিবি। এইবাৰ আমগুৰিত নাটক নচলিব। ৰাইজে গম পাই যাব। হালোৱাটিঙত নি মাল চাপ্লাই দিলে এহেজাৰ টকা পাবি। “
বসুৱে মাত নামাতিলে।
বাখৰক জেপত টকা এহেজাৰ ভৰাই দি ভদ্ৰদাই ক’লে, “তোৰ কান্দোনটো বেছি হৈছে। আৰু ‘ট্ৰেইলিং’ লাগিব। “ মই অনুমান কৰিলো, ভদ্ৰদাৰ জেপত তেতিয়াও প্ৰায় দহ হাজাৰ টকা সোমাই আছে।