ট’কিও ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ এক চমু পৰ্য্যালোচনা

লেখক- উচ্চজিৎ দশগিৰি

১) যোৱা ডেৰবছৰ ধৰি গোটেই বিশ্বই ক’ৰ’না অতিমাৰী বোলা এক আচহুৱা ঘাতকৰ বিপক্ষে যুঁজি আছে, বহুতে নিজৰ আপোনজনক হেৰুৱাইছে। ক’ৰ’নাই অলম্পিকতো প্ৰভাৱ পেলালে। এবছৰ পিছুৱাই পাতিব লগা হ’ল ট’কিও অলিম্পিক আৰু প্ৰথমবাৰৰ বাবে ক্ৰীড়াঙ্গনত সাধাৰণ দৰ্শক অবিহনে অলিম্পিক আয়োজন কৰা হ’ল। কিন্তু এই ভয়ঙ্কৰভাৱে হতাশাজনক ক’ৰ’নাৰ দিনত নিকপকপীয়া স্বাস্থ্যসুৰক্ষাবিধিৰ মাজেৰে অতি সুকলমে অলিম্পিক আয়োজন কৰাৰ বাবে জাপান তথা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি ধন্যবাদৰ পাত্ৰ। আমাৰ দৰে অসংখ্য ক্ৰীড়াপ্ৰেমীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা দূৰদৰ্শন আৰু ইণ্টাৰনেটৰ জৰিয়তে অলিম্পিক উপভোগ কৰি আপ্লুত হৈছোঁ।

২) অলিম্পিকক মানুহৰ প্ৰাকৃতিক বেগ, শক্তি আৰু ক্ষমতাৰ সৰ্বোত্তম প্ৰদৰ্শনী অৰ্থাৎ দ্যা গ্ৰেটেষ্ট শ্বো অন আৰ্থ বুলি কোৱা হয়। এইবেলিৰ ট’কিও অলিম্পিক আধুনিক যুগৰ দ্বিত্ৰিংশতিতম বা ৩২ নম্বৰ অলিম্পিক আছিল। যদিও এই প্ৰতিযোগিতা ২০২১ত অনুষ্ঠিত হৈছে তথাপি ব্ৰেণ্ডিঙৰ পৰিপ্ৰেক্ষিতত নামটো ট’কিও ২০২০ বুলিয়ে লিপিবদ্ধ হৈ ৰ’ব।

৩) এইবাৰৰ অলিম্পিকত মুঠ ৩৩বিধ খেলৰ ৫০টা শাখাৰ সৰ্বমুঠ ৩৩৯টা ইভেণ্টৰ বাবে প্ৰতিযোগিতা হয় আৰু মুঠ ৩৪০টা সোণৰ পদক, ৩৩৮টা ৰূপৰ পদক আৰু ৪০২টা ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। পুৰুষৰ হাইজাম্পত দুগৰাকী খেলুৱৈক যুগ্মভাৱে সোণৰ পদক দিয়া হয় আৰু সেয়েহে তাত কোনো ৰূপৰ পদক প্ৰদান কৰা নহ’ল। আকৌ কাৰাটে, জুডো, টাইকোৱাণ্ডো, মুষ্টিযুদ্ধ তথা মল্লযুদ্ধৰ মুঠ ৬২টা ইভেণ্টত দুটাকৈ ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়, কাৰণ এইবোৰ হৈছে ক’ম্বেট স্পৰ্টছ অৰ্থাৎ ইজনে সিজনক কায়িকভাৱে প্ৰহাৰ কৰা ক্ৰীড়া। তদুপৰি জিমনাষ্টিকৰো এটা ইভেণ্টত তৃতীয় স্থানৰ বাবে টাই হোৱা কাৰণে দুগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে৷ গতিকে সোণ বা ৰূপতকৈ ব্ৰঞ্জৰ পদকৰ সংখ্যা এইবেলি ৬৩টা বেছি।

৪) ট’কিও ২০২০ত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অন্তৰ্গত ২০৫খন দেশৰ লগতে শৰণাৰ্থীৰ অলিম্পিক দল এটায়ো অংশগ্ৰহণ কৰে৷ অংশগ্ৰহণকাৰী মুঠ ক্ৰীড়াবিদ আছিল ১১,৬৫৬গৰাকী। শৰণাৰ্থী দল মানে হ’ল নিজৰ দেশৰপৰা বিভিন্ন কাৰণত বিতাড়িত হৈ বা স্ব-নিৰ্বাসন লৈ অন্য দেশত শৰণাশ্ৰয়ী হিচাপে থকা ক্ৰীড়াবিদৰ দ্বাৰা গঠিত দল। তেনেকুৱা ২৯ গৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক
সমিতিৰ অন্তৰ্গত দল হিচাপে ১২বিধ খেলত অংশগ্ৰহণ কৰে যদিও পদক অৰ্জন কৰিবলৈ সক্ষম নহ’ল। আনপিনে WADA অৰ্থাৎ বিশ্ব ডোপিং-প্ৰতিৰোধী সংস্থাই ৰাছিয়াক ২০১৯ চনতে চাৰিবছৰৰ বাবে সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাছিয়ান পতাকাৰে আনুষ্ঠানিকভাৱে অংশগ্ৰহণৰপৰা বাৰণ কৰিছিল কাৰণ ৰাছিয়াত কিছু খেলুৱৈক চৰকাৰী উদ্যোগত ডোপিং বা নিষিদ্ধ শক্তিবৰ্দ্ধক ব্যৱহাৰ কৰোৱা বুলি প্ৰমাণিত হৈছিল। সেয়েহে ৰাছিয়াৰ যোগ্যতা অৰ্জনকাৰী খেলুৱৈসকলে ৰাছিয়ান অলিম্পিক সমিতিৰ নাম আৰু পতাকাৰ তলতহে এইবাৰৰ অলিম্পিকত ভাগ লয়। আনহাতে ক’ৰ’নাৰ কাৰণে উত্তৰ কোৰিয়াই এইবাৰ অলিম্পিকত ভাগ নল’লে।

৫) ট’কিওৰ অলিম্পিক ষ্টেডিয়ামত ২৩ জুলাই তাৰিখে অংশগ্ৰহণকাৰী দেশবিলাকৰ পাৰম্পৰিক পতাকা সমদলেৰে আৰম্ভ হোৱা ট’কিও ২০২০ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জাপানৰ সম্ৰাট নৰুহিটোই। “আশাই আমাৰ পথ আলোকিত কৰক” এই বাণীৰে ২০২০চনৰ মাৰ্চত আৰম্ভ হোৱা ট’কিও অলিম্পিক টৰ্ছ ৰেলীৰ শেষত ২৩ জুলাই তাৰিখে ষ্টেডিয়ামত অলিম্পিক বন্তি প্ৰজ্বলন কৰে জাপানী টেনিছ তাৰকা নাওমি ওছাকাই। আমাৰ ভাৰতৰ ১২৬জনীয়া ক্ৰীড়াবিদৰ দলটোৰ সন্মুখত পতাকা বহন কৰে পুৰুষ হকীদলৰ অধিনায়ক মনপ্ৰীত সিং আৰু আমাৰ বক্সিংৰাণী মেৰী কমে।

৬) ট’কিও অলিম্পিকৰ ফুটবল আৰু ছ’ফ্টবলৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ খেলবোৰ ২১ জুলাইৰপৰা আৰম্ভ হয় যদিও পদকৰ ইভেণ্টবোৰ ২৪ জুলাইৰপৰাহে আৰম্ভ হয় আৰু সেইদিনা পুৱাৰ ভাগত এইবাৰৰ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণপদক মহিলাৰ ১০ মিটাৰ ৰাইফলচালনাত চীনদেশে অৰ্জন কৰে। আমাৰ ভাৰতৰ মণিপুৰী শক্তিকন্যা মীৰাবাই চানুৱে মহিলাৰ ভাৰত্তোলনৰ ৪৯ কিঃগ্ৰাঃ শাখাত ৰূপৰ পদক অৰ্জন কৰি ভাৰতৰ বাবে এইবাৰৰ অলিম্পিকৰ চমকপ্ৰদ আৰম্ভণি ঘটায়।

৭) এইবেলি অলিম্পিকত অন্তৰ্ভুক্ত ৩৩বিধ খেলৰ ভিতৰত কাৰাটে, স্পৰ্ট ক্লাইম্বিং বা বাধা বগোৱা, সাগৰৰ ঢৌত ছাৰ্ফিং কৰা আৰু স্কেটবোৰ্ডিং এই চাৰিবিধ খেল প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে। আমাৰ ভাৰতবৰ্ষই এইবাৰ এতিয়ালৈকে সৰ্বাধিক ১৮বিধ খেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

৮) আহক আমি প্ৰতিবিধ খেলত বিভিন্ন দেশৰ প্ৰদৰ্শনৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ।

৯) আৰ্চাৰী বা ধনুৰ্বিদ্যাত এইবাৰো অলিম্পিকত দক্ষিণ কোৰিয়াই নিজৰ আধিপত্য বজাই ৰাখে আৰু মুঠ ৫টা স্বৰ্ণপদকৰ ৪টাই নিজৰ দখলত ৰাখে। অৱশিষ্ট স্বৰ্ণ পদকটো লাভ কৰে তুৰস্কই। কোৰিয়ান মহিলা ধনুৰ্বিদ এন সেনে তিনিটা সোণ অৰ্জন কৰে। আমাৰ ভাৰতৰো চাৰিগৰাকী ধনুৰ্বিদে অংশগ্ৰহণ কৰে যদিও প্ৰায় গোটেইকেইটা শাখাতে কোৰিয়াৰ লগত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়। বিশ্বৰ শীৰ্ষস্থানীয় ধনুৰ্বিদ ভাৰতৰ দীপিকা কুমাৰী আৰু তেওঁৰ স্বামী তথা সহযোগী সুযোগ্য ধনুৰ্বিদ অতনু দাসৰ বাবে এয়া এক হতাশাজনক পৰিণাম বুলিয়ে ক’ব লাগিব। অলিম্পিকত বাহিৰে বিশ্বৰ আন সকলো শীৰ্ষস্থানীয় প্ৰতিযোগিতাতে ভাৰতীয় ধনুৰ্বিদে পদক অৰ্জন কৰে কিন্তু অলিম্পিকত চাপত ভাগি পৰা দেখা যায়।

১০) বেডমিণ্টনত চীনদেশে অলিম্পিকত নিজৰ উন্নত প্ৰদৰ্শন অব্যাহত ৰাখি মুঠ ৫টা শাখাৰ ২টা সোণসহ মুঠ ৬টা পদক অৰ্জন কৰে। পুৰুষৰ একক শাখাত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনে যোৱাবাৰৰ বিজয়ী চীনৰ ছেন লঙক পৰাজিত কৰি সোণৰ পদক লাভ কৰে। মহিলাৰ একক শাখাত চীনৰ ছেন য়ুফেইয়ে টাইৱান বা চাইনীজ টাইপেইৰ টাই-ঝু-য়িঙক পৰাজিত কৰি স্বৰ্ণ পদক লাভ কৰে। ভাৰতৰ বেডমিণ্টন সাম্ৰাজ্ঞী পি ভি সিন্ধুৱে চীনৰ হে-বিন-জিয়াওক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰি একেৰাহে দুখন অলিম্পিকত স্বাধীন ভাৰতৰ হৈ ব্যক্তিগত খেলত পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰীড়াবিদ আৰু সামগ্ৰিকভাৱে ২য়গৰাকী ভাৰতীয় ক্ৰীড়াবিদৰূপে ইতিহাস স্থাপন কৰে।

১১) বেছবল তথা ছ’ফ্টবল খেলৰ দুয়োটা স্বৰ্ণপদক অৰ্জন কৰে গৃহস্থ জাপানে। আমাৰ বাবে কিছু অচিনাকি এই দুয়োবিধ খেলৰ ক্ৰিকেট খেলৰ লগত কিছু সাদৃশ্য আছে যদিও নিয়ম-কানুনবোৰ বেলেগ।

১২) বাস্কেটবল খেলৰ চাৰিটা শাখাৰ ৩টাতে সোণৰ পদক লাভ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই।

১৩) বক্সিং বা মুষ্টিযুদ্ধৰ মুঠ ১৩টা শাখাৰ ভিতৰত ৪টা স্বৰ্ণসহ মুঠ ৫টা পদক লাভ কৰি শীৰ্ষস্থান দখল কৰে বিশ্বৰ অপেছাদাৰী বক্সিঙৰ পুৰণি মক্কা বুলি অভিহিত কিউবাই। গ্ৰেট ব্ৰিটেইনে ২টা স্বৰ্ণসহ ৬টা পদক লাভ কৰে। ভাৰতৰো ৯গৰাকী মুষ্টিযোদ্ধাই অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰপৰা একাধিক পদক আশা কৰা হৈছিল। কিন্তু বিশ্বৰ শীৰ্ষস্থানৰ অমিত পাংগালকে ধৰি ভাৰতৰ পুৰুষ বক্সাৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে যদিও সতীশ কুমাৰে ছুপাৰ হেভীৱেট শাখাত কোৱাৰ্টাৰ ফাইনেলত উজবেকী বিশ্ব তথা অলিম্পিক চেম্পিয়ন জালোলোভৰ বিপক্ষে সাহসেৰে যুঁজ দিয়ে। কিন্তু এইবাৰৰ অলিম্পিকত ভাৰতীয় বক্সিঙৰ পতাকা উত্তোলন কৰে আমাৰ চেনেহৰ অসমকন্যা ল’ভলীনা বৰগোহাঁইয়ে। পূৰ্বৰ পদকবিজয়ী ভাৰতীয় বক্সিংৰাণী মেৰী কমে বিচাৰকৰ বিবাদজনক সিদ্ধান্তৰ বাবে প্ৰি কোৱাৰ্টাৰ স্তৰতে বিদায় ল’ব লগা হয় যদিও ল’ভলীনাই সুদক্ষ প্ৰদৰ্শনেৰে ছেমিফাইনেলত উপনীত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

১৪) কেনোৱিং বা খেলনাওচালনা প্ৰতিযোগিতাৰ ১৬টা শাখাত ৩টা স্বৰ্ণসহ ৬টা পদক লাভ কৰি হাঙ্গেৰী শীৰ্ষস্থানত থাকে।

১৫) চাইকেলচালনাৰ মুঠ ২২টা শাখাত ৬টা স্বৰ্ণসহ ১২টা পদক অৰ্জন কৰি গ্ৰেট ব্ৰিটেইনে শীৰ্ষস্থান লাভ কৰে। উল্লেখযোগ্য যে চাইকেলচালনাৰ ৰোড ৰেছ শাখাত পুৰুষসকলে একেৰাহে মুঠ ২৩৪ কিঃমিঃ আৰু মহিলাসকলে ১৩৭ কিঃমিঃ চাইকেল চলাব লাগে। এয়া মানৱীয় সক্ষমতা জোখা এক অতি কঠিন খেল।

১৬) ইকুষ্ট্ৰিয়ান অৰ্থাৎ অশ্বচালনা ক্ৰীড়াৰ মুঠ তিনিটা শাখাৰ ৬টা ইভেণ্টত ৩টা স্বৰ্ণসহ ৪টা পদকেৰে শীৰ্ষস্থান লাভ কৰে জাৰ্মানীয়ে। এইখিনিতে উল্লেখযোগ্য যে অশ্বচালনা ক্ৰীড়াৰ অশ্বাৰোহীগৰাকী যিকোনো লিঙ্গৰ ব্যক্তি হ’ব পাৰে লগতে অশ্বটোও পুৰুষ বা স্ত্ৰী যিকোনো লিংগৰে হ’ব পাৰে আৰু নিজৰ নিৰ্দিষ্ট ঘোঁৰাৰ সৈতেহে অশ্বাৰোহীগৰাকীয়ে প্ৰতিযোগিতাত অংশ ল’ব পাৰে। এইবাৰ দুই দশকৰ মূৰত এগৰাকী ভাৰতীয় অশ্বাৰোহী ফৌৱাদ মিৰ্জাই অশ্বচালনাৰ ইভেণ্টিং শাখাৰ বাবে অলিম্পিকলৈ বুলি যোগ্যতা অৰ্জন কৰে যদিও তেওঁ পদক অৰ্জন কৰিব নোৱাৰিলে।

১৭) ফেন্সিং বা তৰোৱালচালনা প্ৰতিযোগিতাৰ ১২টা শাখাত ৩টা সোণেৰে সৈতে মুঠ ৮টা পদকেৰে ৰাছিয়ান অলিম্পিক সমিতি প্ৰথম স্থানত থাকে। অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় ক্ৰীড়াবিদে তৰোৱালচালনাত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ হ’ল তামিল দুহিতা চি এ ভৱানী দেৱী। পদক অৰ্জন কৰিব নোৱাৰিলেও ভৱানীয়ে ভাল প্ৰদৰ্শন দাঙি ধৰে।

১৮) ফুটবলৰ পুৰুষ শাখাত একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক চেম্পিয়ন হয় ব্ৰাজিল; স্পেইনে ৰূপ আৰু মেক্সিকোই ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলা শাখাত কানাডাই স্বৰ্ণ, ছুইডেনে ৰূপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰঞ্জ জয় কৰে।

১৯) গ’ল্ফ খেলৰ পুৰুষ আৰু মহিলা উভয় শাখাতে আমেৰিকা যুক্তৰাষ্ট্ৰই স্বৰ্ণ পদক জয় কৰে। ভাৰতৰো দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা খেলুৱৈয়ে এই খেলত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে। তাৰে তিনিগৰাকীৰ প্ৰদৰ্শন সিমান উন্নত নহ’ল যদিও বিশ্বৰ ২০০নং ৰেংকিঙৰ অদিতি অশোকে শেষ মুহূৰ্তলৈকে যুঁজ দি মাত্ৰ এক পইণ্টৰ বাবে ব্ৰঞ্জৰ পদক লাভ নকৰিলে। গ’ল্ফ এবিধ ব্যয়বহুল খেল আৰু অদিতিৰ চমকপ্ৰদ প্ৰদৰ্শনে ভাৰতৰ বহুতকে গল্ফ খেলিবলৈ বা এই খেলৰ পৃষ্ঠপোষকতা কৰিবলৈ উৎসাহ জগাব পাৰে।

২০) জিমনাষ্টিকৰ তিনিটা শাখা ক্ৰমে কলাত্মক জিমনাষ্টিক, সাঙ্গীতিক জিমনাষ্টিক আৰু ট্ৰেম্পোলিন জিমনাষ্টিকৰ মুঠ ১৮টা ইভেণ্টত ৪টা স্বৰ্ণসহ মুঠ ১১টা পদকেৰে চীনদেশে শীৰ্ষস্থান লাভ কৰে। উল্লেখ্য যে যোৱাবাৰৰ ৰিঅ’ অলিম্পিকত ৪টাকৈ সোণৰ পদক জয় কৰা আমেৰিকাৰ শীৰ্ষস্থানীয় মহিলা জিমনাষ্ট ছিমোনা বাইলেছে এইবেলি মানসিক ভগ্নস্বাস্থ্য তথা চাপৰ বাবে দলীয় ফাইনেলত ভাগ নল’লে। আজিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ যুগত মানসিক চাপ আৰু মানসিক ভগ্নস্বাস্থ্য এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে দেখা দিছে।

২১) হেণ্ডবলৰ পুৰুষ শাখাত ফ্ৰান্স, ডেনমাৰ্ক আৰু স্পেইনে যথাক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জ জয় কৰে। মহিলা শাখাত পদক লাভ কৰে ক্ৰমে ফ্ৰান্স, ৰাছিয়ান অলিম্পিক সমিতি আৰু নৰৱেই।

২২) ফিল্ড হকীৰ পুৰুষ শাখাত বেলজিয়াম প্ৰথমবাৰৰ বাবে অলিম্পিক চেম্পিয়ন হয়, অষ্ট্ৰেলিয়াই চতুৰ্থবাৰৰ বাবে ৰূপৰ পদক আৰু ভাৰতে তৃতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে।
মহিলা শাখাত নেডাৰলেণ্ডে সোণ, আৰ্জেণ্টিনাই ৰূপ আৰু যোৱাবাৰৰ চেম্পিয়ন গ্ৰেট ব্ৰিটেইনে ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখযোগ্য যে এইবাৰ হকীত ভাৰতে বহুবছৰৰ পিছত উন্নত প্ৰদৰ্শন কৰি ১৯৮০ৰ পিছত প্ৰথমবাৰলৈ পুৰুষ শাখাত পদক অৰ্জন কৰে আৰু মহিলা শাখাতো প্ৰথমতে ভাল নেখেলিলেও পিছলৈ আয়াৰলেণ্ড, অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক পৰাজিত কৰি ছেমিফাইনেলত উপনীত হয়। ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু তাৰ পিছৰ ব্ৰঞ্জৰ বাবে খেলা খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত ভাৰতীয় মহিলা হকী দলে সামান্য ব্যৱধানতহে পৰাজিত হয়। ভাৰতীয় হকীৰ পুনৰুত্থান এইবাৰ অলিম্পিকৰ এক উল্লেখযোগ্য পৰিঘটনা৷ তাৰবাবে পুৰুষ দলৰ অষ্ট্ৰেলিয়ান প্ৰশিক্ষক গ্ৰাহাম ৰীড তথা মহিলা দলৰ ওলণ্ডাজ প্ৰশিক্ষক ছোৱৰ্ড মাৰিনেৰ লগতে যোৱা বহুবছৰ ধৰি ভাৰতৰ হকীক পৃষ্ঠপোষকতা কৰি অহা উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কো অশেষ ধন্যবাদৰ পাত্ৰ।

২৩) জুডোৰ ১৫টা স্বৰ্ণৰ ভিতৰত ৯টা সোণেই লাভ কৰে গৃহস্থ জাপানে আৰু মুঠ ১২টা পদকেৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে জাপান অলিম্পিক জুডোৰ শীৰ্ষস্থানত থাকে।

২৪) অলিম্পিকত ১মবাৰৰ বাবে অন্তৰ্ভুক্ত কাৰাটেৰ ৮টা ইভেণ্টৰ ভিতৰত ১টা সোণসহ মুঠ ৩টা পদকেৰে জাপানে শীৰ্ষস্থান অধিকাৰ কৰে।

২৫) আধুনিক পেণ্টাথলনৰ পুৰুষ আৰু মহিলা উভয় শাখাতে গ্ৰেট ব্ৰিটেইনে স্বৰ্ণ পদক লাভ কৰে। আধুনিক পেণ্টাথলন ক্ৰীড়া হৈছে পিষ্টলচালনা, ইপী তৰোৱালচালনা, ২০০ মিটাৰ মুকলি সাঁতোৰ, অশ্বাৰোহণ কৰি জপিওৱা আৰু প্ৰায় ২ মাইল ক্ৰছ-কাউণ্ট্ৰী দৌৰা এই পাঁচবিধ খেলৰ সমষ্টি আৰু ইয়াক অলিম্পিকৰ এক অন্যতম কঠিন প্ৰতিযোগিতা বুলি গণ্য কৰা হয় কাৰণ এই খেলত একেগৰাকী খেলুৱৈ বিভিন্ন ক্ৰীড়াত নিপুণ হোৱাটো প্ৰয়োজনীয় হৈ পৰে।

২৬) ৰোৱিং বা ডিঙাচালনা প্ৰতিযোগিতাৰ ১৪টা ইভেণ্টত ৩টা স্বৰ্ণসহ মুঠ ৫টা পদক লাভ কৰি নিউজিলেণ্ড শীৰ্ষত থাকে। ভাৰতৰ অৰ্জুন লাল আৰু অৰবিন্দ সিঙে পুৰুষৰ দ্বৈত পাতল স্কাল শাখাত একাদশ স্থান লাভ কৰে। এয়া এতিয়ালৈকে অলিম্পিক ৰোৱিঙত ভাৰতে কৰা সৰ্বোত্তম প্ৰদৰ্শন।

২৭) সাতজনীয়া ৰাগবী খেলত পুৰুষৰ শাখাত ফিজিয়ে স্বৰ্ণ, নিউজিলেণ্ডে ৰূপ আৰু আৰ্জেণ্টিনাই ব্ৰঞ্জৰ পদক জয় কৰে। মহিলা শাখাত নিউজিলেণ্ড, ফ্ৰান্স তথা ফিজিয়ে যথাক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জ অৰ্জন কৰে।

২৮) ছেইলিং অৰ্থাৎ পালতৰা নাওচালনা প্ৰতিযোগিতাৰ মুঠ ১০টা ইভেণ্টত ৩টা স্বৰ্ণপদকসহ মুঠ ৫টা পদক লাভ কৰি গ্ৰেট ব্ৰিটেইন শীৰ্ষস্থানত থাকে। ভাৰতৰো চাৰিগৰাকী প্ৰতিযোগীয়ে এই ক্ৰীড়াৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও পদক অৰ্জন কৰিবলৈ সক্ষম নহ’ল। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অলিম্পিকলৈ এগৰাকী ভাৰতীয় মহিলা নাৱিকে এই খেলৰ বাবে যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে৷ তেওঁ হ’ল তামিলনাডুৰ নেত্ৰা কুমানন যি মেকানিকেল ইঞ্জিনিয়াৰিঙৰো ছাত্ৰী।

২৯) শ্বুটিং বা বন্দুক চালনাৰ ১৫টা ইভেণ্টত ৪টা স্বৰ্ণসহ মুঠ ১১টা পদকেৰে চীনে শীৰ্ষস্থান লাভ কৰে। ভাৰতৰপৰা প্ৰথমবাৰৰ বাবে ১৫ জনীয়া এটা শক্তিশালী দলে এই ক্ৰীড়াত ভাগ লয় যদিও এটাও পদক জয় কৰিব নোৱাৰিলে। বিশ্বৰ শীৰ্ষস্থানৰ ভাৰতীয় শ্বুটাৰসকলৰ এই হতাশাজনক প্ৰদৰ্শন এক গভীৰ চিন্তাৰ কাৰণ৷ সঠিক ক্ৰীড়া মনস্তত্ত্ববিদেহে চাগৈ লক্ষ্যভেদন ক্ৰীড়া জগতৰ ভাৰতীয় ক্ৰীড়াবিদসকলক সহায় কৰিব পাৰিব।

৩০) প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত স্কেটবোৰ্ডিঙ খেলৰ ৪টা ইভেণ্টৰ ৩টা সোণৰ পদকসহ মুঠ ৫টা পদক লাভ কৰি জাপানে শীৰ্ষস্থান অধিকাৰ কৰে। আনটো সোণৰ পদক পায় অষ্ট্ৰেলিয়াই।

৩১) প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত অন্য এবিধ খেল স্পৰ্ট ক্লাইম্বিং বা বাধা বগোৱা খেলত পুৰুষৰ স্বৰ্ণপদক পায় স্পেইনে আৰু মহিলাৰ শাখাত শ্লোভেনিয়া নামৰ দেশখনে শীৰ্ষস্থান লাভ কৰে।
৩২) এইবেলি নতুনকৈ অন্তৰ্ভুক্ত সাগৰৰ ঢৌত ছাৰ্ফিং কৰা খেলবিধত পুৰুষ শাখাৰ সোণ জয় কৰে ব্ৰাজিলৰ খেলুৱৈয়ে আৰু আমেৰিকাই মহিলা শাখাৰ স্বৰ্ণ লাভ কৰে।

৩৩) টেবুল টেনিছত এইবাৰো চীনে অলিম্পিকত নিজৰ একচেটিয়া সাম্ৰাজ্য অক্ষুণ্ণ ৰাখি ৫টা সোণৰ ভিতৰত ৪টাই নিজৰ দখলত ৰাখে আৰু মুঠ ৭টা পদক অৰ্জন কৰে।

৩৪) টাইকোৱাণ্ডোৰ মুঠ ৮টা ইভেণ্টত ২টা স্বৰ্ণসহ ৪টা পদক লাভ কৰি শীৰ্ষস্থানত থাকে ৰাছিয়ান অলিম্পিক সমিতি।

৩৫) লন টেনিছ খেলৰ ৫টা ইভেণ্টৰ ভিতৰত পুৰুষৰ একক শাখাৰ বিজয়ী হয় জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝেৰেভ আৰু মহিলাৰ একক চেম্পিয়ন হয় ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনচিক। আন তিনিটা সোণ লাভ কৰে ক্ৰমে ক্ৰৱেছিয়া, ছেক ৰিপাব্লিক আৰু ৰাছিয়ান অলিম্পিক সমিতিৰ খেলুৱৈয়ে।

৩৬) ট্ৰাইথলনত এটাকৈ সোণৰ পদক জয় কৰে ক্ৰমে নৰৱে, বাৰ্মুডা তথা গ্ৰেট ব্ৰিটেইনে। এই খেলত একাদিক্ৰমে বিৰামহীনভাৱে ডেৰ কিলোমিটাৰ সাঁতোৰ, ৪০ কি:মি: চাইকেল চলোৱা আৰু ১০ কি:মি: দৌৰিব লাগে। ইয়ো অলিম্পিকৰ কঠিনতম ক্ৰীড়াৰ ভিতৰত এবিধ।

৩৭) মূল ভলীবল প্ৰতিযোগিতাত পুৰুষ শাখাত ফ্ৰান্স আৰু মহিলা শাখাত আমেৰিকা অলিম্পিক চেম্পিয়ন হয়।

আনহাতে বালিময় ক’ৰ্টত খেলা বীচ্ ভলীবলৰ পুৰুষ শাখাত নৰৱে আৰু মহিলা শাখাত আমেৰিকা চেম্পিয়ন হয়।

৩৮) ভাৰত্তোলনত এইবাৰৰ অলিম্পিকতো চীনৰ আধিপত্য অব্যাহত থাকে আৰু ১৪টা শাখাৰ ৭টাতে স্বৰ্ণজয় কৰে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে ভাৰতৰ মীৰাবাই চানুৱে ৪৯কিগ্ৰা শাখাত ৰূপৰ পদক লাভ কৰে। কাৰণাম মালেশ্বৰীৰৰ পিছত ভাৰতে ভাৰত্তোলনত লাভ কৰা এয়া দ্বিতীয়টো পদক হোৱাৰ লগতে প্ৰথমটো ৰূপৰ পদক।

৩৯) ৰেছলিং অৰ্থাৎ মল্লযুঁজৰ তিনিটা শাখাৰ মুঠ ১৮টা ইভেণ্টত ৫টা স্বৰ্ণসহ গৃহস্থ দেশ জাপানে মুঠ ৭টা পদক লাভ কৰি শীৰ্ষস্থানত থাকে আৰু ৰাছিয়ান অলিম্পিক সমিতিয়ে ৪টা স্বৰ্ণসহ মুঠ ৮টা পদকেৰে দ্বিতীয় স্থান লাভ কৰে। ভাৰতৰপৰা ৩গৰাকী পুৰুষ আৰু ৪গৰাকী মহিলা মল্লযুঁজাৰুৱে যোগ্যতা অৰ্জন কৰিছিল। বিশ্বৰ প্ৰথম ৰেংকিঙৰ ভিনেশ ফোগটকে ধৰি মহিলা খেলুৱৈসকলে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে আৰু পদক অৰ্জনত ব্যৰ্থ হয়। কিন্তু পুৰুষৰ ফ্ৰীষ্টাইলৰ নিজা নিজা শাখাত ৰবি কুমাৰ দাহিয়াই ৰূপ আৰু বজৰং পুনিয়াই ব্ৰঞ্জ অৰ্জন কৰি ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰে। ভাৰতৰ আনগৰাকী পুৰুষ খেলুৱৈ দীপক পুনিয়ায়ো অতি সামান্য ব্যৱধানৰ বাবেহে ব্ৰঞ্জ লাভ কৰিব নোৱাৰিলে। এতিয়ালৈকে ৫খন অলিম্পিকত পদক অৰ্জন কৰি ভাৰতত হকীৰ পিছতে মল্লযুঁজেই সফলতম অলিম্পিক ক্ৰীড়া বুলি পৰিগণিত হৈছে৷ এইক্ষেত্ৰত বছৰে বছৰে অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু উলিয়াব পৰাৰ বাবে হাৰিয়ানাৰ জনতা আৰু তাৰ চৰকাৰ ধন্যবাদৰ পাত্ৰ।

৪০) জলক্ৰীড়া বা একুৱাষ্টিক শিতানৰ অন্তৰ্গত সাঁতোৰ প্ৰতিযোগিতাৰ ৩৭টা ইভেণ্টৰ ভিতৰত ১১টা সোণসহ মুঠ ৩০টাকৈ পদক লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষস্থানত থাকে৷ অন্য এবিধ জনপ্ৰিয় জলক্ৰীড়া ডাইভিঙৰ ৮টা ইভেণ্টৰ ৭টাতে স্বৰ্ণসহ মুঠ ১২টা পদকেৰে চীনদেশে নিজৰ আধিপত্য সাব্যস্ত কৰে। সঙ্গীতৰ তালে তালে নাচি নাচি সাঁতোৰা কলাত্মক সাঁতোৰ প্ৰতিযোগিতাৰ দ্বৈত আৰু দলীয় দুয়োটা শাখাতে স্বৰ্ণ লাভ কৰে ৰাছিয়ান অলিম্পিক সমিতিয়ে। জলপ’লো খেলত পুৰুষ শাখাত ছাৰ্বিয়াই আৰু মহিলা শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰই স্বৰ্ণ লাভ কৰে।

৪১) অলিম্পিকৰ আটাইতকৈ বেছি চমকসৃষ্টিকাৰী ক্ৰীড়া বুলি অভিহিত এথলেটিকছৰ সৰ্বমুঠ ৪৮টা ইভেণ্টত ৭টা স্বৰ্ণসহ মুঠ ২৬টা পদক অৰ্জন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ এবাৰ ক্ৰীড়া প্ৰদৰ্শনত বিশ্বৰ সকলোতকৈ শক্তিশালী দেশ বুলি নিজকে প্ৰতিষ্ঠা কৰে। এইবাৰ চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি ইটালীয়ে ৫টাকৈ সোণ অৰ্জন কৰে। পুৰুষৰ ১০০মিটাৰ দৌৰত প্ৰথমবাৰৰ বাবে ইটালীয়ে সোণৰ পদক লাভ কৰে আৰু উছাইন বোল্টবিহীন ট্ৰেকত মাৰ্ছেল জেকবছ বিশ্বৰ দ্ৰুততম পুৰুষ বুলি অভিহিত হয়, জেকবছৰ ইটালীয়ে ৪*১০০ মিটাৰ ৰিলে দৌৰতো স্বৰ্ণ পদক অৰ্জন কৰে। মহিলাৰ ১০০ মিটাৰত প্ৰথম তিনিওটা স্থান দখল কৰে জামাইকাই। এলাইন থম্পছন হেৰা বিশ্বৰ দ্ৰুততম মহিলা হয় আৰু তেওঁৰ পিছতে থাকে সতীৰ্থ শ্বেলী এন ফ্ৰেজাৰ প্ৰাইছ আৰু শ্বেৰিকা জেকছন। থম্পছন-হেৰাই মহিলাৰ ২০০ মিটাৰৰ লগতে ৪*১০০ মিটাৰ ৰিলেতো স্বৰ্ণ অৰ্জন কৰি ট’কিও অলিম্পিকৰ সৰ্বশ্ৰেষ্ঠ দৌৰবিদৰ খিতাপ লাভ কৰিছে। অলিম্পিকৰ অতি পুৰণি আৰু ফ্লেগশ্বিপ ইভেণ্ট মাৰাথন দৌৰৰ পুৰুষ শাখাত বিজয়ী হয় কেনিয়াৰ ইলুড কীপছোগে আৰু মহিলা শাখাতো কেনিয়াৰে পেৰেছ জেপছিৰ্ছিৰে স্বৰ্ণ জয় কৰে।

এইবাৰ এথলেটিকছত ভাৰতৰ নীৰজ চোপ্ৰাই জেভেলিন অৰ্থাৎ যাঠী নিক্ষেপণত স্বৰ্ণ লাভ কৰি ইতিহাস স্থাপন কৰে। নীৰজ হৈছে এথলেটিকছৰ যিকোনো ইভেণ্টৰ ১ম ভাৰতীয় অলিম্পিক চেম্পিয়ন।

৪২) এনেকৈয়ে দুসপ্তাহ জোৰা ট’কিও অলিম্পিক ২০২১ চনৰ ৮ আগষ্টত সম্পন্ন হয় আৰু শেষৰ দিনা অন্তিমটো স্বৰ্ণ পদক লাভ কৰে পুৰুষৰ ৱাটাৰ প’লো বা জলপ’লো খেলত ছাৰ্বিয়াই। সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ পতাকা বহন কৰে ব্ৰঞ্জ বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়াই।
৩৯টা স্বৰ্ণ, ৪১টা ৰূপ আৰু ৩৩টা ব্ৰঞ্জসহ মুঠ ১১৩টা পদক লাভ কৰি পদকতালিকাৰ শীৰ্ষস্থানত থাকে আমেৰিকা যুক্তৰাষ্ট্ৰ। ৩৮টা সোণেৰে চীনে দ্বিতীয় আৰু ২৭তা স্বৰ্ণসহ জাপানে তৃতীয় স্থান অধিকাৰ কৰে। ভাৰতে নিজৰ অলিম্পিক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি ১টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰি তালিকাৰ ৪৮নং স্থান দখল কৰে। অংশগ্ৰহণকাৰী মুঠ ২০৬খন দেশ আৰু দলৰ ভিতৰত ৯৩খন দেশ বা দলে পদক তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। ট’কিও-২০২০ অলিম্পিকত ৫টা স্বৰ্ণ অৰ্জন কৰি সৰ্বশ্ৰেষ্ঠ পুৰুষ ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয় আমেৰিকাৰ সন্তৰবিদ কেলিব ড্ৰেছেল। ৪টা স্বৰ্ণসহ মুঠ ৭টা পদক লাভ কৰি শ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয় অষ্ট্ৰেলিয়াৰ সন্তৰবিদ এম্মা মেকন।

শেষত আমি অসমবাসী হিচাপে অতি গৌৰৱান্বিত যে অসমৰ প্ৰধমগৰাকী মহিলা অলিম্পিয়ান ল’ভলীনা বৰগোহাঁইয়ে নিজৰ প্ৰথম প্ৰচেষ্টাতে ব্ৰঞ্জ অৰ্জন কৰি ভাৰতীয় অলিম্পিক ক্ৰীড়াৰ পদকৰ মানচিত্ৰত অসমৰ নাম খোদিত কৰিবলৈ সক্ষম হয়। এয়া অসমৰ ক্ৰীড়াৰ বাবে ঐতিহাসিক মুহূৰ্ত, ইংৰাজীত যাক কোৱা হয় ৱাটাৰশ্বেদ ম’মেণ্ট। অসমৰ চৰকাৰ আৰু জনসাধাৰণে এই মুহূৰ্তৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰি উপযুক্ত আন্তঃগাঁথনি নিৰ্মাণ কৰি অসমত এক অভূতপূৰ্ব ক্ৰীড়া আন্দোলনৰ জন্ম দিয়া উচিত আৰু তেতিয়া হয়তো অহা দহবছৰত অসমে আৰু দহগৰাকী অলিম্পিক পদক বিজয়ী সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!