সময়ৰ অগ্ৰগতি .. পক্ষীৰাজত উঠি-

লেখক- অসীম তালুকদাৰ

পঁচিশ-ত্ৰিশ বছৰে চকুৰ সন্মুখতে ডাঙৰ হোৱা ঘৰৰ লখিমীজনীক বেলেগ এখন ঘৰলৈ উলিয়াই দিয়াৰ দিনা দেউতাকজনে স্বাভাৱিক হৈ থকাৰ অভিনয় কৰিবলগীয়া হয়। দেউতাকৰ চকুপানী হেনো ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে অমংগলজনক।

ৰামানুজ বৈশ্যৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো পোনে পোনে চহৰলৈ গৈছে। পদূলিত থিয় হ’লে আধা কিলোমিটাৰমান দূৰৰ কনকলাল জালানৰ ধানৰ মিলত প্ৰৱেশ কৰা ট্ৰাকবোৰ দেখিবলৈ পোৱা যায়। সেই মিলটোৰ পিছতেই নেশ্বনেল হাই-ওৱে আৰু হাই-ওৱেৰ সিপাৰে সৰু চহৰখন। গাড়ীখনৰ পিছে পিছে ৰামানুজ বৈশ্যও পদূলিলৈ ওলাই আহিছিল। গাড়ীখন এতিয়া চহৰৰ ফালে ধীৰে ধীৰে অগ্ৰসৰ হৈছে আৰু এক ধ্যানে তেওঁ গাড়ীখনৰ ফালে চাই আছে। চকুপানীয়ে ৰামানুজৰ দৃষ্টি পাতল কৰি আনিছে। ৰাস্তাটো পকী যদিও যোৱা কিছুদিন বৰষুণ নোহোৱাৰ কাৰণে অলপ ধূলিময় হৈছে। অৱশেষত তেওঁ গাড়ীখন নেদেখা হ’ল। ঘৰৰ ভিতৰলৈ যাবলৈ তেওঁ অলপ সন্ত্ৰস্ত হৈছে। জীৱনৰ সত্য এটা আজি বাস্তৱায়িত হ’ল। আজিৰে পৰা তেওঁ অকলশৰীয়া। ইমান দিনে তেওঁ ছাঁৰ দৰে আগুৰি ৰখা নে তেওঁক ছাঁৰ দৰে আগুৰি থকা ছোৱালীজনীয়ে সংসাৰৰ ধৰ্ম পালন কৰিবলৈ অন্য এখন ঘৰলৈ গৈ আছে।

এদিন আগলৈকে মানুহে গুমগুমাই থকা ঘৰখনত এতিয়া নিস্তব্ধ পৰিৱেশ এটা। যোৱা কেইসপ্তাহৰ ভাগৰে ৰামানুজক হেঁচা মাৰি ধৰিছে। ড্ৰয়িং ৰূমৰ চকী এখনত তেওঁ বহিল। কিবা ডাঙৰ কাম এটাৰ অজুহাত দেখুৱাই কিছুসময় আগতে ৰীণা ঘৰলৈ গল। কমলা খুড়ীৰো আজিহে নামঘৰলৈ মনত পৰিল। তেওঁলোক দুজনীয়ে কিয় তেনে কৰিলে সেয়া অৱশ্যে ৰামানুজে নজনা নহয়। কিন্তু, সঁচাকৈয়ে এই মুহূৰ্তত কাৰোবাৰ লগত কিবা কথা পাতিব পাৰিবনে তেওঁৰ নিজৰে সন্দেহ আছে? ৰূমটোৰ চাৰিওফালে তেওঁ চালে। পৰিপাটিকৈ ৰখা চোফাকেইখন, মাজৰ টেবুলখন, টেবুলখনত ধুনীয়াকৈ ভাঁজ কৰি থোৱা বাতৰি কাকতখন, খিৰিকীৰ কাষৰ শ্ব’কেছটো, শ্ব’কেছৰ ওপৰৰ টিভিটো, পাকঘৰ আৰু ড্ৰয়িং ৰূমক পৃথক কৰা বেৰখনৰ কাষৰ সৰু টেবুলখনৰ ওপৰত ৰখা কীৰ্তন-ঘোষা আৰু ভাগৱত গীতাখন .. প্ৰত্যেকতে যেন আটলাণ্টাৰ অদৃশ্য হাতৰ পৰশ স্পষ্ট হৈ আছে। এতিয়াৰে পৰা ঘৰৰ বস্তুবোৰো আটলাণ্টাৰ মৰমৰ স্পৰ্শৰ পৰা বঞ্চিত হ’ব। আজিৰ পাছত এইখন ঘৰলৈ আটলাণ্টাই আলহীৰ ৰূপতহে আহিব! তেওঁৰ বাৰে বাৰে ভাব হৈছে, এইমাত্ৰ যেন আটলাণ্টা ভিতৰৰ পৰা ওলাই আহি সুধিব, “দেউতা চাহ একাপ খাবা নেকি?” কিন্তু নাই, কোনো ওলাই নাহিল। তেওঁৰ মনটো লাহে লাহে অতীতলৈ উৰি গ’ল।

হাস্পাতালৰ পৰা কেঁচুৱাটোক ঘৰলৈ অনাৰ দিনা বহুত গৰম আছিল। টেক্সিত গোটেই ৰাস্তা ৰামানুজে কণমানিজনীক বিচনীৰে বিচি আহিছিল। ঘৰত বহুত মানুহ গোট খাইছিল। ৰামানুজৰ তিনিজনী ভনী, উত্তৰাৰ মাক আৰু ওচৰ চুবুৰীয়াও আছিল। ঘৰলৈ লক্ষ্মী আহিছে বুলি সকলোৱে তেওঁক অভিনন্দন জনাইছিল। সিদিনা ৰামানুজে একো কৰিবলগীয়া হোৱা নাছিল। দুদিন পাছত আলহীবোৰ ঘৰাঘৰি যোৱাৰ পাছত ৰামানুজৰ কাম বাঢ়িছিল। তেওঁলোকে হেঁপাহেৰে লক্ষ্মীজনীৰ নাম ৰাখিছিল ‘আটলাণ্টা’। ইমান আচহুৱা নাম কিয়নো ৰাখিছে বুলি বহুতেই ৰামানুজ বৈশ্যক প্ৰশ্ন কৰিছিল। ভৱিষ্যত সন্তানৰ কিবা এটা অগতানুগতিক নাম ৰাখিব বুলি তেওঁলোকে আগতেই ঠিক কৰিছিল। কেঁচুৱাৰ লগত ব্যস্ত উত্তৰাৰ নাম এটা ভাবিবলৈ সময় নাছিল। এদিন বাতৰি কাকত পঢ়ি থকা ৰামানুজ বৈশ্যৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত গ্ৰীষ্মকালীন অলিম্পিক সম্পৰ্কীয় প্ৰবন্ধ এটালৈ চকু গৈছিল। ৰামানুজে এয়া বুজিলে যে যোৱা ১৯৯২ চনত বাৰ্চীলোনাত অলিম্পিক হৈ গল, ১৯৯৬ চনৰ পৰৱৰ্তী অলিম্পিক আটলাণ্টাত আৰু ২০০০ চনৰ অলিম্পিক চিডনীত অনুষ্ঠিত হ’ব। বাৰ্চীলোনা, আটলাণ্টা আৰু চিডনীৰ মাজত উত্তৰাই পচন্দ কৰিলে আটলাণ্টা নামটো।

মাক-দেউতাকলৈ মনত পৰিল ৰামানুজ বৈশ্যৰ। খেতিয়ক দেউতাকে নিজৰ চাৰি বিঘা আৰু আধিলৈ লোৱা কিছু মাটিত খেতি কৰি ছয়জনীয়া পৰিয়ালটোক কোনোমতে পোহপাল দিছিল। ৰামানুজ তেওঁলোকৰ প্ৰথম সন্তান, তাৰ পাছত তিনিজনী ছোৱালী – সুভদ্ৰা, ৰীণা আৰু বীণা। অত্যধিক পৰিশ্ৰমে অকালতে বুঢ়া কৰি পেলোৱা দেউতাকৰ ৰামানুজ স্থানীয় কলেজত বি এ পঢ়ি থাকোঁতেই পৰলোক প্ৰাপ্তি ঘটিছিল। সেই বজ্ৰাঘাতে মাককো ক্ৰমান্বয়ে বেমাৰী কৰি তুলিছিল। কম বয়সতে ঘৰখনৰ সমগ্ৰ দায়িত্ব মূৰ পাতি লৈ ৰামানুজে ধোঁৱাকোঁৱা দেখিছিল। ভাগ্যক্ৰমে পাঁচ কিলোমিটাৰ দূৰৰ চহৰৰ পোষ্ট অফিচত ৰামানুজে সৰু চাকৰি এটা পাই যোৱাত ঘৰখনে সকাহ পাইছিল। এজনী এজনীকৈ তিনিওজনী ভনীয়েকক উলিয়াই দিওঁতে ৰুপিত মাটিখিনিও এদিন নাইকিয়া হৈছিল। গুৱাহাটীৰ হাস্পাতাললৈ নাযাওঁ বুলি আকোৰগোজ হৈ ৰামানুজৰ ঘৰখন আৰু পো-নাতি এটা দেখাৰ হেঁপাহ বুকুতে বান্ধি মাকেও এদিন নেদেখা জগতখনলৈ গতি কৰিলে। মাকৰ মৃত্যুৰ পাছত অকলশৰে সময়বোৰ কটাবলৈ ৰামানুজৰ অসুবিধা হৈছিল। ভনীয়েকহঁতৰ আৰু বন্ধু-বান্ধৱৰ অলেখ তাগিদাৰ পাছত তেওঁ বিয়া পাতিবলৈ সন্মত হৈছিল। কিন্তু ছোৱালীবোৰৰ ৰামানুজক পচন্দ নহয়হে নহয়। অৱশেষত চুবুৰীয়া গাঁও এখনৰ উত্তৰা নামৰ ৰামানুজৰ প্ৰায় সমবয়সীয়া,
অলপ অসুখীয়া আৰু কেবাবাৰো বিয়া ভঙা ছোৱালী এজনীৰ খবৰ আহিছিল। বিয়াৰ দেৰ বছৰ পাছতেই তেওঁলোকৰ জীৱনলৈ আটলাণ্টাৰ আগমন ঘটিছিল। বেছি বয়সত গৰ্ভধাৰণ কৰাৰ কাৰণেই নেকি উত্তৰাৰ গৰ্ভাৱস্থা বহুত কষ্টৰ মাজেৰে গৈছিল। গতিকে স্বাভাৱিকভাবে আটলাণ্টাৰ জন্ম হোৱাৰ পাছত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছিল। আটলাণ্টাই অকণো আমনি নকৰিছিল। তিনিমাহ নৌহওঁতেই তাই হাঁহিবলৈ শিকিছিল। কোনোবাই তাইৰ ফালে চাই থাকিলে তাই হাঁহি দিয়ে। আনকি খঙৰ অভিনয় কৰি চাই থাকিলেও তাই দাঁত নোহোৱা মুখখন মেলি হাঁহি মাৰে। এবাৰ কাষৰ ঘৰলৈ অহা আলহীয়ে ৰামানুজক কৈছিল – “ককাইদেউ দিনটো থাকিলো, এবাৰো তাইৰ কান্দোন নুশুনিলোঁ।” সেই মন্তব্যৰ উত্তৰত দময়ন্তী আইতাই কৈছিল – “এদিন? মই কাষৰ ঘৰত থাকি যোৱা এমাহে এবাৰো কান্দোন শুনা নাই।” স্কুল ছুটীৰ পাছত ওচৰৰ ছোৱালীবোৰে চুচুক-চামাককৈ আহি আটলাণ্টাক একোলা ল’বলৈ ভীৰ কৰিছিল। সকলোবোৰ ঠিকেই গৈ আছিল কিন্তু নিয়তিয়ে যে কুটিল হাঁহি মাৰিছিল ৰামানুজে ঘুণাক্ষৰেও গম পোৱা নাছিল। আটলাণ্টাৰ বয়স ছয় মাহ হোৱাৰ আগতেই নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ উত্তৰাই চিৰ বিদায় লৈছিল।
****
ফোনৰ শব্দত ৰামানুজ বৈশ্যৰ তন্ময়তা ভাঙিল। আটলাণ্টাৰ ফোন। একো বিঘিনি নোহোৱাকৈ সিহঁত অজয়ৰ ঘৰ গৈ পাইছে। দুইমিনিট মান কথা পাতিলে। আটলাণ্টাই ক’লে দেউতাকৰ ৰাতিৰ ভাত সাঁজ ঠিক কৰি থোৱা আছে। সোনকালে খাই ল’বলৈ দেউতাকক কৈ তাই ফোনটো থ’লে। শহুৰেকৰ ঘৰত আজি তাইৰ প্ৰথম দিন। আজি আৰু তাই ফোন নকৰে।
****
উত্তৰাৰ অবৰ্তমানত ৰামানুজৰ ভৰিৰ তলুৱাৰ পৰা যেন পৃথিৱীখন নাইকিয়া হৈ গৈছিল। মৃতকৰ শেষকৃত্যৰ যাৱতীয় কামত ব্যস্ত থাকি কেইদিনমানলৈ ৰামানুজে ঘটনাৰ গভীৰতাৰ উমান পোৱা নাছিল। দুদিনমান বেছিকৈ থাকি যোৱা ভনীয়েক ৰীণাই ৰামানুজৰ হাতত আটলাণ্টাক তুলি দি বিদায় লোৱাৰ পাছতহে ৰামানুজে উপলব্ধি কৰিছিল যে ছয়মহীয়া ছোৱালীজনীৰে সৈতে বিশাল পৃথিৱীখনত তেওঁ অকলশৰীয়া। ইমান সৰু ছোৱালী এজনীক তেওঁ কেনেকৈ ডাঙৰ কৰিব? কেঁচুৱাৰ যে ইমান কাম ওলায় ৰামানুজে ভাবিব পৰা নাছিল। তেওঁ ভালকৈ কোলাত ল’বও নাজানে। কোলাত ল’লেও কেইমিনিটমান পাছতেই তাই উচপিচাবলৈ ধৰে। দিনত আঠ-দহবাৰ পৰ্যন্ত লেতেৰা কাপোৰ ধুই ধুই ৰামানুজৰ ফোপাবলগীয়া অৱস্থা হৈছিল। তাই কেতিয়াবা গাৰু, বিছনাৰ চাদৰ, তুলী আদিও লেতেৰা কৰে। ৰামানুজে উৱাদিহ নোপোৱা হৈছিল। এবাৰ গৌতমৰ হতুৱাই চহৰৰ পৰা ডায়েপাৰ আনিছিল। ডায়েপাৰৰ ইমান বেছি দাম বুলি জনা নাছিল। সদায় মাকৰ গাখীৰ খোৱাত অভ্যস্ত আটলাণ্টাই গাখীৰৰ বটলটো মুখত সুমুৱাই দিলেও দুঘোটমান খায়েই ঠেলি আঁতৰাই দিয়া হ’ল। ৰামানুজে কামৰ পৰা বাৰে বাৰে চুটী বিচাৰিব লগা হ’ল। উপায়হীন ৰামানুজে বাৰে বাৰে ভনীয়েক ৰীণালৈ খবৰ পঠিয়াইছিল। কিন্তু নিজৰ সন্তান নাথাকিলেও নিজৰ ঘৰখন এৰি ৰীণাই
ককায়েকৰ ঘৰখন সদায় কেনেকৈ চম্ভালিব? তেনে এটা সন্ধিয়াতে অতিষ্ঠ হৈ ৰামানুজে আটলাণ্টাক ধমকি এটা দিছিল।

আটলাণ্টাৰ যেন সকলো ধৈৰ্য্যৰ বান্ধোন চিঙি গৈছিল। তাই ইনাই বিনাই কান্দিবলৈ আৰম্ভ কৰিলে। কান্দোন বন্ধ নহয়হে নহয়। কেইবাদিনো ভালকৈ খোৱাবোৱা নকৰা ছোৱালীজনীয়ে কেনেকৈ ইমান কান্দিব পাৰে? ৰামানুজে বিভিন্ন ধৰণে কোলাত লৈ তাইক নিচুকাবলৈ চেষ্টা কৰিছিল। কিন্তু তাইৰ কান্দোন কোনোপধ্যেই বন্ধ নহয়। এবাৰ আটলাণ্টাক কোলাত লৈ চোতালৰ পৰা দময়ন্তী খুড়ীক মাতিলে। খুড়ীয়ে বিভিন্ন নিচুকণি গীত গাই আটলাণ্টাক শুৱাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু কান্দোন কোনোপধ্যেই বন্ধ নহ’ল। দুঘণ্টামান তেনেকৈ থকাৰ পাছত আটলাণ্টাক ৰামানুজৰ হাতত দি ৰাতিপুৱা পুনৰ আহিম বুলি প্ৰতিশ্ৰুতি দি দময়ন্তী খুড়ী ঘৰলৈ গ’ল। আটলাণ্টালৈ ৰামানুজৰ ভয় লাগিছিল। কি হৈছে বাৰু ছোৱালীজনীৰ? তিনি ঘণ্টামান একেৰাহে কন্দাৰ পাছত তাই শুই গ’ল। কিবাকৈ সাৰ পায় বুলি তাইক বিছনাত দিবলৈ ৰামানুজৰ ভয় লাগিছিল। ভাগ্যে সাৰ নাপালে। ভাগৰত জৰ্জৰিত ৰামানুজো কাষতে শুই গ’ল।

ৰাতি কিমান সময় হৈছিল ৰামানুজে নাজানে। হঠাতে সাৰ পাই উঠি আটলাণ্টাই পুনৰ কান্দিবলৈ ধৰিলে। ৰামানুজ ধহমহকৈ উঠিল। প্ৰথমতে ৰামানুজৰ ভাব হৈছিল তেওঁ নিজে বাগৰ সলাওতে চাগে আটলাণ্টাই কিবাকৈ দুখ পালে। কেইবাৰমান চেষ্টা কৰাৰ পাছত তাই অলপ গাখীৰ খালে। তাৰ পাছত পুনৰ ডাঙৰ ডাঙৰকৈ কান্দিবলৈ ধৰিলে। ৰামানুজৰ নিজৰো কান্দোন ওলাই অহাৰ উপক্ৰম হৈছিল। টেবুলত ৰখা উত্তৰাৰ ফটোখনলৈ চাই ৰামানুজৰ ভাব হৈছিল তাই যেন গিৰিয়েকৰ অকৰ্মণ্যতাত দুখ পাইছে। গোটেই ৰাতিটো তাইক কোলাত লৈ ঘৰৰ ভিতৰতে ইফাল-সিফাল কৰি থাকিল। মাজতে অকণমান সময়ৰ কাৰণে কান্দোন বন্ধ হয়। তাৰ পাছত আকৌ একেই। কাহিলি পুৱাতেই দময়ন্তী খুড়ী আহিল। কেবাবাৰো চেষ্টা কৰাৰ পাছত আটলাণ্টাই অকণমান গাখীৰ খালে। ক্ষণিকৰ কাৰণে কান্দোন বন্ধ হয়। তাৰ পাছত পূৰ্বতকৈয়ো জোৰকৈ আৰম্ভ কৰে। মুঠতে শোৱা সময়খিনি বাদ দি বাকী সময়ত আটলাণ্টাই প্ৰায় কান্দিয়েই থাকিল। অৱশেষত দময়ন্তী খুড়ীৰ ভাব হ’ল যে কাৰোবাৰ নিশ্চয় মুখ লাগিছে। অলপ পানী-জৰা আনিবলৈ তেওঁ নিজেই গ’ল দশৰথ ওজাৰ ঘৰলৈ। কিন্তু কোনো লাভ নহ’ল। কেইবা সপ্তাহো তেনেকৈ গ’ল। মাজতে ৰীণা আহি দুদিন থাকিল, কিন্তু একো সলনি নহ’ল। আটলাণ্টাক আগতে একোলা ল’বলৈ ভীৰ কৰা ছোৱালীবোৰ নহা হ’ল। কামৰ পৰা ৰামানুজক খবৰ দিলে যে এনেকৈ কাম খতি কৰি থাকিলে চাকৰি এৰিব লাগিব। মাজতে যোগেশ্বৰ দাদাই আটলাণ্টাক চোৱাচিতা কৰিবলৈ ওচৰৰে গাঁও এখনৰ পৰা ছোৱালী এজনী লৈ আহিছিল। সেই চেগতে ৰামানুজ দুদিনমান কামলৈ গৈছিল। তাৰ পাছত ছোৱালীজনী গুচি গ’ল। ইমান কান্দি থকা ছোৱালী তাই হেনো চাই থাকিব নোৱাৰে। তদুপৰি তাই খঙতে আটলাণ্টাক এক চৰ মৰা দময়ন্তী খুড়ীয়ে নিজে দেখিছিল। ৰামানুজৰ এনে লাগিল যেন চাকৰি বাদ দি অকল ছোৱালীজনীকে চাই থাকিব লাগিব। উত্তৰাৰ ওপৰতো খং উঠিছিল। ইমান কান্দুৰী ছোৱালী এজনী কিয় ডিঙিত ওলোমাই দি গ’ল বুলি।

হঠাতে এদিন আবেলি দময়ন্তী খুড়ী উধাতু খাই দৌৰি আহিল। সত্তৰ বছৰীয়া জীৱনৰ অভিজ্ঞতাৰে পুষ্ট মানুহজনীয়ে যেন বুজি পাইছিল আটলাণ্টাই কি বিচাৰিছে — “তাই মাকক বিচাৰিছে।” কেই মুহূৰ্তমানৰ কাৰণে ৰামানুজ স্তব্ধ হৈ ৰ’ল। উত্তৰাৰ অনুপস্থিতি যে আটলাণ্টায়ো প্ৰতি মুহূৰ্তে অনুভৱ কৰিছে সেয়া তেওঁ কল্পনা কৰিব পৰা নাছিল। দময়ন্তী খুড়ীৰ কথা মতে উত্তৰাৰ আলমাৰীটো খুলিলে। সেউজীয়া-নীলা পাৰি থকা চাদৰখন উলিয়াই আনোতে তেওঁৰ হাতখন কঁপি উঠিছিল। চিনাকি চাদৰখনৰ ইমান চিনাকি গোন্ধটো আটলাণ্টাই চিনি পাবনে? ধুনীয়াকৈ জাপি থোৱা চাদৰখন তেনেকৈয়ে নি বিছনাত হাত-ভৰি আচাৰি কান্দি থকা আটলাণ্টাৰ কাষত থ’লে। দুই মিনিটতে আটলাণ্টাৰ কান্দোন বন্ধ হ’ল। বহুত দিনৰ পাছত সিদিনা তাই গোটেই ৰাতি শুলে। পৰৱৰ্তী কেইদিনমান ঠিকেই গ’ল। তাই কান্দিলেই উত্তৰাৰ কিবা এটা কাপোৰ আনি কাষত থয় আৰু তাইৰ কান্দোন বন্ধ হয়। কিন্তু সৰহ দিন তেনেকৈ নাথাকিল। আটলাণ্টাই যেন গম পালে দেউতাকে তাইক ঠগিছে বুলি। তাই পুনৰ কান্দিবলৈ আৰম্ভ কৰিলে – আগতকৈও বেছিকৈ। ওচৰ-চুবুৰীয়াইয়ো আমনি পাই ৰামানুজক পৰামৰ্শ দিলে – হয়তো আটলাণ্টাৰ কাৰণে ‘নতুন মা’ এজনী আনক, নাইবা তাইক আইতাকৰ ঘৰলৈ পঠিয়াই দিয়ক। ৰামানুজৰ নতুনকৈ সংসাৰ
পতাৰ কোনো পৰিকল্পনা নাছিল। ৰামানুজে মাতি পঠোৱাৰ পাছত এদিন শহুৰেক-শাহুয়েকক দুয়ো আহিল। সকলো কথা ব্যাখ্যা কৰি ৰামানুজে তেওঁলোকক অনুৰোধ কৰিলে আটলাণ্টাক লৈ যাবলৈ। ৰামানুজে এয়াও ক’লে যে সময় পালেই সি তাইৰ খবৰ লৈ থাকিব, পইছা পাতিৰে সহায় কৰিব আৰু ডাঙৰ হোৱাৰ পাছত তাইক লৈ আহিব। তেওঁলোক সন্মত হ’ল। যোৱাৰ আগতে শাহুয়েকে ৰামানুজক আটলাণ্টাৰ কথা চিন্তা নকৰিবলৈ আৰু নিজৰ সংসাৰ পাতিবলৈ পৰামৰ্শ দি গ’ল। আটলাণ্টাই যেন কিবা বুজিছিল। তাই যাবলৈ বিচৰা নাছিল। ৰামানুজক টানকৈ খামোচ মাৰি ধৰিছিল। দেউতাকে তাইক ত্যাগ কৰা বুলি যেন তাই ডাঙৰকৈ কান্দিছিল। শেষলৈ ৰামানুজে আটলাণ্টাৰ চকুলৈ চাব নোৱাৰা হৈছিল।
*****
ৰামানুজৰ কাহ এটা আহিল। দুদিনৰ পৰা ক্ৰমান্বয়ে কাহটো বেছি হৈ আহিছে। আলমাৰীৰ এটা চুকত আটলাণ্টাই গম নোপোৱাকৈ থৈ দিয়া বটলটোৰ পৰা টেবলেট এটা উলিয়াই খালে।
*****
সেই দিনটোৰ কথা ৰামানুজে পাহৰিব পৰা নাই। নিজৰ তেজ মঙহৰ সাত-মহীয়া ছোৱালীজনীক কেনেকৈ তেওঁ পৰিত্যাগ কৰিবলৈ ওলাইছিল? আটলাণ্টাক লৈ শহুৰ-শাহু গুচি যোৱাৰ পাছত শান্ত পৰিবেশটো ৰামানুজে উপভোগ কৰিছিল। অনবৰতে থকা কান্দোনৰ শব্দটো নাই – কান্দোনৰ শব্দ নাথাকিলেও এই মুহূৰ্ততে পুনৰ কান্দিব পাৰে বুলি সন্ত্ৰস্ত হৈ থাকিবলগীয়াও হোৱা নাই। বিশৃংখল হৈ থকা ঘৰটো ৰামানুজে অলপ পৰিপাটি কৰিলে। দুপৰীয়াৰ সাঁজ ৰান্ধিলে। নিশ্চিন্ত হৈ দুপৰীয়া এঘুমুটি মাৰিলে। মাজতে দময়ন্তী খুড়ী আহিল। ৰামানুজে ভালেই কৰিলে বুলি কৈ নতুনকৈ সংসাৰ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাবলৈ পৰামৰ্শ দিলে। খুড়ী যোৱাৰ পাছতেই ৰামানুজৰ চকুত পৰিল চোতালৰ তাৰত মেলি দিয়া আটলাণ্টাৰ কাপোৰকেইটালৈ। ৰামানুজৰ মনটোৱে হাহাকাৰ কৰি উঠিল। ইমান সৰু কাপোৰৰ ভিতৰত খাই পৰা ছোৱালীজনীক তেওঁ কিয় ভয় কৰিছে? তাই নিজে অহা নাই নহয়, ৰামানুজ আৰু উত্তৰাইহে তাইক এই সংসাৰলৈ আনিছিল। তেনেস্থলত? এক তীব্ৰ অপৰাধবোধে ৰামানুজক গ্ৰাস কৰিলে। এবাৰ ছোৱালী এজনীক মোমায়েকৰ ঘৰত এৰি থৈ অহাৰ পাছত তাইৰ লগত সমাজে কৰা অন্যায়ৰ কাহিনীৰ ওপৰত নিৰ্মিত চিনেমা এখনৰ কথা মনত পৰি ৰামানুজৰ অন্তৰাত্মা শিয়ৰি উঠিল। সন্তান ত্যাগ কৰিবলৈ তেওঁ মানুহ নে
জন্তু? দুই এদিনতে শহুৰেকৰ ঘৰলৈ গৈ আটলাণ্টাক লৈ আহিব – সেই সিদ্ধান্তটো লোৱাৰ পাছতহে তেওঁৰ মনটো অলপ শান্ত হ’ল। কিন্তু তাৰ পাছতো ৰামানুজৰ মনটো উচপিচাই থাকিল। তেওঁ বহুত সময় আটলাণ্টাৰ কাপোৰকেইটাৰে নিজৰ চকু ঢাকি বহি থাকিল। কাপোৰকেইটাৰ গোন্ধৰ মাজতেই তেওঁ আটলাণ্টাৰ উপস্থিতি অনুভৱ কৰিছে। অৱশেষত সিদিনাই আন্ধাৰ হোৱাৰ অলপ পাছত চাইকেলখন লৈ ৰামানুজ ওলাল। দুখন গাঁও পাৰ হৈ প্ৰায় ছয় কিলোমিটাৰ দূৰৰ শহুৰেকৰ পোৱালৈকে গাঁৱৰ আধা মানুহ ইতিমধ্যে শুইছে। ৰাস্তাৰ পৰাই কেঁচুৱাৰ কান্দোনৰ শব্দ শুনি ৰামানুজৰ অন্তৰখনে হাহাকাৰ কৰি উঠিল। উত্তৰাৰ ককায়েক চোতালতে আছিল। ৰামানুজক দেখিও নামাতিলে। আনহাতে ৰামানুজক দেখি শহুৰেক অলপ আচৰিত হ’ল। আটলাণ্টাই হেনো দিনত একোৱেই খোৱা নাই। আবেলি তাই অলপ শুইছিল, বাকী সময়খিনি কেৱল কান্দিয়েই আছে। শোৱনি কোঠাৰ ভিতৰত আইতাকে নিচুকণি গীত গাই গাই আটলাণ্টাক শুৱাই দিবলৈ বৃথা চেষ্টা কৰিছে। কোঠালৈ সোমাই অহা দেউতাকক দেখি আটলাণ্টাৰ কান্দোন দুগুণে চৰিল। কিন্তু – সেয়া কি? অকণমানি হাত দুখন তাই দেউতাকৰ ফালে মেলি দিছে। প্ৰায় দৌৰি গৈ ৰামানুজে তাইক কোলাত তুলি ল’লে।

কোনোবাই যেন কিবা যাদুহে কৰিলে। লগে লগে আটলাণ্টাৰ কান্দোন বন্ধ হ’ল। তাই দেউতাকক টানকৈ খামুচি ধৰিছে। তাইৰ চকু-নাক পানীৰে একাকাৰ। কাষতে পোৱা গামোচা এখনেৰে দেউতাকে তাইৰ মুখখন মচি দিলে। ইতিমধ্যে আইতাকে গাখীৰৰ বটলটো আনি দিছিল। তাই গাখীৰখিনি এনেকৈ খালে যেন তাই বহুত দিন একোৱেই খোৱা নাছিল। তাইক কোলাতে লৈ থাকি ৰামানুজ চকী এখনত বহিল। তাই দেউতাকলৈ চাই হাঁহি এটা মাৰিলে। আটলাণ্টাৰ যেন সকলো অভিমান পলকতে উৰি গ’ল। তাইৰ মুখৰ ভিতৰত কিবা বগা বগা দেখি দেউতাকে চুই চালে। তাইৰ প্ৰথম দাঁত ওলাইছে। ৰামানুজে চাই থাকোঁতেই আটলাণ্টাৰ চকু দুটা লাহে লাহে জাপ খাই গ’ল। দুই ছেকেণ্ডমানৰ পাছত ঘপহকৈ সাৰ পোৱাৰ দৰে তাই চকু দুটা মেলিলে। ক্ষন্তেক সময়ৰ পাছতেই তাইৰ চকু দুটা পুনৰ বন্ধ হৈ গ’ল। কেই ছেকেণ্ডমানৰ পাছত তাই পুনৰ চকু দুটা মেলিলে। কিন্তু এইবাৰ তাই সম্পূৰ্ণকৈ মেলিবই নোৱাৰিলে। তাইৰ টোপনি আহিল। আটলাণ্টাই সাৰ পাব বুলি ৰামানুজে ৰাতিটো চকীখনতেই বহি থাকিল। মাথোঁ মহ খেদিবলৈ আইতাকৰ পৰা বিচনী এখন খুজি ল’লে।

ৰামানুজৰ সন্মুখত যেন জীৱনৰ অৰ্থ স্পষ্ট হৈ পৰিল। পৃথিৱীখন আচলতে অতি সুন্দৰ। মানুহৰ মৰম চেনেহে সেই সৌন্দৰ্যক পূৰ্ণতা দিয়ে। আজি জীৱন তমসাবৃত হৈ থাকিলেও অনাগত দিনবোৰত জীৱনৰ জ্যোতিয়ে সত্যক সাৰথি কৰি আশাৰ বতৰা কঢ়িয়াই আনিবই। সেই পোহৰৰ সত্যকে অৱলম্বন কৰি ৰামানুজে জীৱনৰ পোৱা নোপোৱাবোৰৰ প্ৰতি কোনো আক্ষেপ নৰখাকৈ আগুৱাই যাবলৈ সংকল্প ল’লে। জীৱনক ভাল পাবলৈ শিকোৱা অকণমানি কলিজাৰ টুকুৰাটোক এই জটিল পৃথিৱীখনত চলিব পৰাকৈ গঢ় দিয়াই তেওঁৰ একমাত্ৰ সপোন হৈ পৰিল। বাকী সকলো কথা গৌণ। সকলো মাহীমাক বেয়া বুলি ৰামানুজে নাভাবে। কিন্তু নিজৰ সুখৰ কাৰণে ভৱিষ্যতে আটলাণ্টাৰ সামান্যও দুখ হ’ব পৰা সম্ভাৱনীয়তা এটা সৃষ্টি কৰাৰ পোষকতা তেওঁ নকৰিলে।

আটলাণ্টায়ো যেন দেউতাকৰ সমস্যাবোৰৰ কথা বুজি উঠিল। তাই পুনৰ আগৰ দৰে হৈ পৰিল। শুৱাই দিলে শুই থাকে, বহাই দিলে বহি থাকে। কাপোৰ লেতেৰা হ’লে হাত ভৰি আচাৰি জানিবলৈ দিয়ে। দিনবোৰ ৰামানুজৰ কাৰণে লাহে লাহে সহজ হৈ আহিল। পুনৰ ঘৰৰ কাষৰ ছোৱালীবোৰে আটলাণ্টাক একোলা ল’বলৈ ভীৰ কৰিবলৈ ল’লেহি। ‘দিনটো ময়ে চাই দিম’ – বুলিও বহুতেই কোৱা হ’ল। কিন্তু সদায় পাঁচ মাইল চহৰলৈ চাইকেল চলাই অফিচ কৰিবলৈ ৰামানুজৰ মন নোহোৱা হ’ল। সেয়েহে বহুত ভাবি চিন্তি এদিন গাঁৱৰ মাটিখিনি বিক্ৰি কৰি চহৰলৈ যোৱা সিদ্ধান্ত ল’লে। পইছাখিনিৰে চহৰৰ নিচেই কাষতে মাটি অলপো ল’লে। তেতিয়াই কমলা খুড়ী ৰামানুজ আৰু আটলাণ্টাৰ জীৱনলৈ আহিছিল। অকলশৰে থকা বিধৱা মহিলাগৰাকীৰ ভাড়া ঘৰটোৰ খবৰ তেওঁ বন্ধু এজনৰ পৰা পাইছিল। একেটা চৌহদতে দুটা ঘৰ। ৰাস্তাৰ কাষতে দুটা শোৱনি কোঠা, এটা ড্ৰয়িংৰুম আৰু কিচ্চেনেৰে সৈতে ভাড়া ঘৰটো। পাছফালে মানুহজনী থকা ঘৰটো। পঞ্চাছৰ ওচৰা ওচৰি বয়সৰ মানুহজনীৰ গিৰীয়েক ওচৰৰে স্কুলৰ শিক্ষক আছিল। বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয় ভাগ লোৱা মানুহজনক জুয়ে পোৰা তিৰাশীৰ নিৰ্বাচনৰ সময়ত ঘৰৰ ওচৰতে কোনোবা দুৰ্বৃত্তই এদিন ৰাতি হানি খুচি হত্যা কৰিছিল। সেই দুখতেই কেইবছৰমান পাছত তেওঁলোকৰ
একমাত্ৰ ল’ৰাজনেও ঘৰ এৰি গৈ কোনোবা বিদ্ৰোহী সংগঠনত যোগ দিয়ে। তেতিয়াৰে পৰা ল’ৰাজনৰ কোনো খবৰ নাই। বন্দৱস্ত হৈছিল ৰামানুজহঁত ভাড়া ঘৰটোত থাকি নিজৰ মাটিত ঘৰ এটা সাজিব। খুব বেছি এক-দেৰ বছৰ পাছত তেওঁলোক নিজৰ ঘৰলৈ যাব। কিন্তু তেতিয়াৰে পৰা পঁচিশ বছৰ বাগৰি গৈছে। নিজৰ ঘৰটো শেষ কৰোঁতে ৰামানুজক দহ বছৰতকৈ অধিক সময় লাগিল। কিন্তু ভাড়া ঘৰটো এৰি যোৱা কথা তেওঁলোকৰ কোনেও ভাবিব নোৱাৰে। কমলা পাটগিৰী তেওঁলোকৰ জীৱনৰ অংশ হৈ পৰিল।

বাকী সকলো ঠিকেই আছিল। কিন্তু আটলাণ্টা ডাঙৰ হৈ অহা কথাটোহে ৰামানুজৰ একেবাৰে ভাল নলগা হ’ল। বহাই দিলে বহি থকা ছোৱালীজনীয়ে লাহে লাহে থপ থপকৈ খোজ কাঢ়িবলৈ শিকিলে, তাইৰ মাত ফুটিল, কেইবাটাও দাঁত গজিল, সহজেই দাঙি কোলাত ল’ব নোৱাৰাকৈ গধুৰ হ’ল, চুলি দীঘল হ’ল। তাইৰ ফুটফুটীয়া ফ্ৰকবোৰৰ বুটাম খুলি ডিঙি খোলাকৈ ৰাখিব নোৱাৰাকে তাই ডাঙৰ হ’ল। দোকমোকালিৰ নিয়ৰসনা বতাহে খেলি যাবলৈ চুলিখিনি খুলি ৰাখিব নোৱাৰা অৱস্থা হ’ল। তাই আপোনমনে “গছে গছে পাতি দিলে ..” আদি গোৱা আৰম্ভ কৰিলে। চুলি বান্ধিবলৈ ৰামানুজে বেণী গোঠাকে ধৰি বিভিন্ন কিটিপ শিকিবলগীয়া হ’ল। তাইৰ জন্মদিন আহে, কাপোৰ-জোতাবোৰ সৰু হয়, নতুন শ্ৰেণীলৈ উত্তীৰ্ণ হয় – ৰামানুজে বুকুত এক অজান বিষ অনুভৱ কৰে। তাই লাহে লাহে ঘৰৰ দুই এটা কামত সহযোগ কৰিবলৈ ল’লে – নহৰুৰ বাকলি গুচোৱাৰ পৰা আৰম্ভ কৰি ধুই থোৱা কাঁহী বাতিবোৰ যথাস্থানত থোৱালৈকে। তাইৰ ছয়বছৰ বয়স হওঁতে এদিন গা বেয়া হৈ শুই থকা দেউতাকৰ কাৰণে চাহ একাপ কৰোঁ বুলি তাই গেছটো জ্বলাবলৈ গৈছিল। ভাগ্যে দেউতাকৰ চকুত পৰিল। লাহে লাহে তাইৰ শৰীৰৰ স্বাভাৱিক পৰিৱৰ্তনবোৰ আহিল। ৰামানুজৰ স্পষ্টকৈ মনত আছে – আটলাণ্টা তেতিয়া অষ্টম শ্ৰেণীত। দেওবাৰৰ আবেলিৰ ঘটনা। কাষৰ ঘৰৰ ছোৱালীজনীৰ লগত খেলি থকা আটলাণ্টা উধাতু খাই ঘৰলৈ সোমাই আহিছিল। পিন্ধি থকা ফ্ৰকটোৰ তলফালে কিবা ৰঙা ৰঙা কিবা দেখি ৰামানুজ অস্থিৰ হৈ পৰিছিল। তাই দৌৰি গৈ ভিতৰৰ ৰূমত সোমাই আইতাকক মাতিবলৈ কৈছিল। তাই দুৱাৰখন খুলি দিয়াৰ পৰিৱৰ্তে কিয় বাৰে বাৰে আইতাকক মাতিবলৈ কৈ আছে বুজা নাছিল। আইতাক উধাতু খাই সোমাই আহিছিল। ভিতৰৰ পৰা ওলাই আহি যেতিয়া কমলা খুড়ীয়ে কৈছিল, “ছোৱালী ডাঙৰ হ’ল।” ৰামানুজ হতভম্ব হৈছিল। পাছতহে গম পাইছিল যে এই বিষয়ে আইতাকে আটলাণ্টাৰ লগত কথা পাতিছিল। তিনিদিন নেদেখাকৈ থকাৰ পাছত তোলনী বিয়াৰ দিনা পেহীয়েকে দিয়া শাৰীখন পিন্ধি আটলাণ্টা যেতিয়া প্ৰথম ওচৰলৈ আহিছিল ৰামানুজৰ অন্তৰখনে হাহাকাৰ কৰি উঠিছিল। তাই কিয় ডাঙৰ হৈছে? পৃথিৱীত ইমান মানুহ থকা সত্ত্বেও তেওঁৰ মৰমৰ ৰাজকুমাৰীজনী বাইদেউ, মা, আইতা হোৱা জৰুৰীনে? সময় যেন থমকি ৰওক, গোটেই জীৱন তেওঁ ছোৱালীজনীক চোৱাচিতা কৰিয়েই কটাই দিব।

মাজে মাজে চাহ কৰি দিয়া ছোৱালীজনীয়ে পাকঘৰৰ লগতে ঘৰৰো বহুত দায়িত্ব চম্ভালি ল’লে। দেউতাকে দৰৱবোৰ সময়ত খোৱাতো নিশ্চিত কৰা, টকা পইছাৰ হিচাপ ৰখা – মুঠতে ঘৰখনৰ প্ৰায়বোৰ দায়িত্বই আটলাণ্টাই মূৰ পাতি লৈছিল। তাইৰ হাতৰ চাহকাপেৰে ৰামানুজৰ ৰাতিপুৱাটো আৰম্ভ হয়। তেওঁ পেপাৰখন পঢ়িবলৈ লোৱা সময়ত গা পা ধুই আহি থাপনাৰ সন্মুখত তাই ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা গায় – “ব্ৰহ্মা আদি কৰি জীৱ যত – ৰাম ৰাম ৰাম ৰাম ৰাম –।” অকল দেউতাকৰে নহয়; হাঁহিমুখীয়া, স্বল্পভাষী আৰু সকলোকে আপোন কৰিব ল’ব পৰা স্বভাৱৰ দেখিবলৈ শুৱনি ছোৱালীজনী আইতাক, পেহীয়েক তথা মোমায়েকৰ ঘৰৰো চকুৰ মণি হৈ পৰিছিল। মাৰ্জিত ব্যৱহাৰৰ চিৰিয়াছ ছোৱালীজনীক শিক্ষক-শিক্ষয়িত্ৰীসকলেও বৰ ভাল পাইছিল। তেওঁলোকৰ ঘৰৰ সন্মুখত চেঙেলীয়া ল’ৰা কিছুমানে মাজে মাজে জুম বান্ধিছিল। কিয় তেনে কৰিছিল ৰামানুজে নুবুজা নহয়। কিন্তু তেওঁ সিহঁতক একো ক’ব পৰা নাছিল। এদিন আইতাকেহে ল’ৰাকেইজনক গালি পাৰিছিল। আটলাণ্টাই অৱশ্যে কাকো প্ৰশ্ৰয় নিদিছিল। এদিন ছোৱালীজনীয়ে ঘৰ এৰি যাব – সেই কথাতকৈও ভৱিষ্যতে ল’ৰাজনে তাইক বেয়া ব্যৱহাৰ কৰিব পৰা সম্ভাৱনাইহে ৰামানুজক বেছি আমনি কৰিছিল। গাভৰু ছোৱালীবোৰৰ লগত হোৱা বেয়া বেয়া খবৰবোৰ পেপাৰত
আহিয়েই থাকে। ক’ৰবালৈ গৈ আটলাণ্টাই সময়ত আহি নাপালে ৰামানুজৰ অন্তৰখনে ধৰপৰাই থাকে। পেহীয়েক বা মোমায়েকৰ ঘৰলৈ তাই ৰাতি থকাকৈ গ’লে সিদিনা ৰামানুজৰ টোপনি নাহে। সম্ভৱ হ’লে ৰামানুজে আটলাণ্টাক খোলা এটাৰ ভিতৰত সুমুৱাই থৈ দিলেহেতেন। ইমান দিনে আটলাণ্টাক কেতিয়াবা মাৰধৰ কৰা দূৰৰ কথা, টানকৈ ক’বলগীয়া পৰিস্থিতিও চাগে আঙুলিৰ মূৰত লেখিব পৰাকৈহে হৈছে। সামৰ্থ্যৰ বাহিৰৰ বস্তু বিচাৰি তাই কেতিয়াও সমস্যাত পেলোৱা নাই। অন্য বহুত ছোৱালীৰ দৰে শেহতীয়া ফোন, নতুন নতুন ফেশ্বনৰ কাপোৰ বিচাৰি কাহিনীও জেদ ধৰা নাই।

সৰুৰে পৰাই আটলাণ্টাৰ গুৱাহাটীৰ কলেজৰ হোষ্টেলত থাকি ডিগ্ৰী পঢ়িবলৈ মন আছিল। কিন্তু কলিজাৰ টুকুৰাটোক ইমান দূৰলৈ পঠিয়াবলৈ ৰামানুজৰ অলপো মন নাছিল। হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্ট ওলোৱাৰ দিনা স্পষ্ট হৈ পৰিছিল যে তাই ভাল কলেজ এখনতে চিট পাব। আটলাণ্টা আৰু বন্ধু-বান্ধৱী কেইজনমানে ফৰ্ম আনিবলৈ গুৱাহাটীলৈ যোৱা কথা আছিল। শেষমুহূৰ্তত তাই নগ’ল। ৰামানুজৰ প্ৰশ্নৰ উত্তৰত স্থানীয় কলেজেই ভাল হ’ব বুলি ক’লে। দেউতাকক এৰি নাযাওঁ বুলিহে যে সেই সিদ্ধান্ত লৈছে সেয়া বুজিবলৈ ৰামানুজৰ অসুবিধা হোৱা নাছিল। ৰামানুজৰ অন্তৰখনে হাহাকাৰ কৰিছিল। ছোৱালীজনীয়ে নিজৰ সপোন জলাঞ্জলি দিয়াটো তেওঁ কোনোপধ্যেই হ’বলৈ দিব নোৱাৰে। তেওঁৰ লগত থাকি থাকি আটলাণ্টাই নিজৰ কথা নাভাবিবই নেকি? বাৰে বাৰে কোৱা সত্ত্বেও আটলাণ্টা মান্তি নহ’ল। অন্য কথা কিছুমানেও ৰামানুজক আমনি কৰিবলৈ ধৰিলে। স্থানীয় কলেজখনৰ প্ৰিন্সিপাল আৰু ৰামানুজৰ কেবাজনো সহকৰ্মীয়ে আটলাণ্টাক নিজৰ ঘৰলৈ বোৱাৰী কৰি নিয়াৰ ইচ্ছা প্ৰকাশ কৰিলে। তাইৰ বিয়াৰ কথা এতিয়াই ভবা নাই বুলি প্ৰশ্নটো এৰাই ফুৰিলেও ৰামানুজ ভিতৰি ভিতৰি সন্ত্ৰস্ত হৈ পৰিছিল। সঁচাকৈয়ে ছোৱালীজনী উলিয়াই দিয়াৰ সময় আহিলেই নেকি?

অৱশেষত অনাকাংক্ষিত দিনটো আহিল। আটলাণ্টাই নিজেই অজয়ৰ কথা ক’লে। কলেজৰ প্ৰিন্সিপালৰ একমাত্ৰ ল’ৰা। একে স্কুলতেই আটলাণ্টাতকৈ তিনিবছৰ ওপৰত পঢ়িছিল। এতিয়া সি গুৱাহাটীত ভাল চাকৰি কৰে। অজয়ে হেনো আটলাণ্টাক স্কুলৰ সময়ৰে পৰাই ভাল পাইছিল। কিন্তু কিছুদিন আগতেহে তাইক কথাটো জনাইছে। তাইৰো হেনো ভাল লাগিছে। কথাটো শুনি ৰামানুজৰ পৃথিৱীখন নাইকিয়া হৈ যোৱা যেন লাগিল। অলপ খং মিহলি সুৰত আজিৰ যুগত ছোৱালীবোৰে ইমান সৰুতে বিয়া নহয়, মাষ্টাৰ ডিগ্ৰীৰ শেষ হোৱাৰ পাছত বি এড কৰিব লাগিব – আদি ধৰণৰ কথা কৈ তাইক নিৰুৎসাহ কৰিবলৈ চেষ্টাও কৰিলে। আটলাণ্টাই একো নকৈ নিজৰ ৰূমলৈ গৈ দুৱাৰখন বন্ধ কৰি ল’লে। দুৱাৰৰ সিফালে তাই কি কৰিছে উপলব্ধি কৰি ৰামানুজৰ অস্থিৰ হৈ পৰিল। সিদিনা কমলা খুড়ীয়ে ৰামানুজক বহুত কথা বুজালে। সংসাৰৰ নিয়ম -ছোৱালীয়ে এদিন ঘৰ এৰি যাবই লাগিব। নহ’লে পৃথিৱীখন নচলিবই। ৰামানুজে কথাবোৰ নজনা নহয়। কিন্তু ইমান দিনে ভয় খাই থকা কথাটো হঠাতে সন্মুখত আহি পৰা কাৰণেহে তেওঁ সহজ ভাবে ল’ব পৰা নাই। দুদিন পাছত ৰামানুজে প্ৰিন্সিপাল চাৰক লগ ধৰিবলৈ গ’ল। এসপ্তাহ পাছত তেওঁলোকো ঘৰলৈ আহিল। আপত্তি কৰিবলৈ কাৰো একো নাই। ৰামানুজে মাত্ৰ আটলাণ্টাৰ এম এ পৰীক্ষা শেষ হোৱাৰ ছমাহমান পাছতহে বিয়াখন পতা তথা মাজৰ সময়খিনিত সিহঁতে লোকে দেখাকৈ বেছিকৈ মিলামিছা নকৰাটোত জোৰ দিলে।

কিন্তু সকলো কথা ভবামতে নহয়। ৰামানুজৰ থাইৰয়ড আৰু ৰক্তচাপৰ সমস্যা আগৰ পৰাই আছিল। কিছুদিনৰ পৰা গাটো অলপ বেয়া লাগি থকা কাৰণে ডাক্তৰৰ ওচৰলৈ গ’ল। ডাক্তৰে গুৱাহাটীলৈ গৈ কেইটামান টেষ্ট কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ ভিতৰি ভিতৰি শংকিত হ’ল। আটলাণ্টাক আচল কথাটো নোকোৱাকৈ অফিচৰ কিবা কামৰ অজুহাতত এদিন ৰামানুজ গুৱাহাটীলৈ গ’ল। টেষ্টবোৰৰ ৰিজাল্ট অহাৰ পাছত ৰামানুজ চিন্তাত পৰিল। ডাক্তৰে দিয়া দৰৱখিনি আলমাৰীৰ চুক এটাত লুকাই থ’লে। আটলাণ্টাৰ এম এ পৰীক্ষা শেষ হোৱাৰ পাছদিনাই অজয়ৰ ঘৰলৈ গৈ ৰামানুজে বিয়াখন এমাহৰ ভিতৰতে পতাৰ প্ৰস্তাৱ দিলে।

সেই এমাহ যেন চকুৰ পচাৰতে পাৰ হৈ গ’ল। দৰাঘৰে অকল ছোৱালীজনী বিচাৰিছিল। তথাপিও সামৰ্থ্য অনুসাৰে ৰামানুজে আড়ম্বৰেৰে বিয়াখন পাতিলে। তিনিদিন আগতে বিয়াখন ধুনীয়াকৈ হৈ গ’ল। বংশৰ সবাতোকৈ মৰমৰ ছোৱালীজনীয়ে বিদায় লোৱাৰ সময়ত আইতাক, পেহীয়েকহঁতৰ কথাই বেলেগ, সাধাৰণতে ভাঙি নপৰা মোমায়েকৰো কান্দোন ওলাল। ৰামানুজৰ অন্তৰখন একেবাৰে খালী হৈ গৈছিল। কিন্তু দেউতাকৰ কান্দোন হেনো ছোৱালীজনীৰ কাৰণে বেয়া – সেয়েহে তেওঁ দৃঢ় হৈ থাকিল। পাছদিনাই আটলাণ্টা পুনৰ ঘৰলৈ আহিল। দুদিন ঘৰত কটোৱাৰ পাছত আজি দুপৰীয়া আঠমঙলাৰ প্ৰথাটোও হৈ গ’ল। আলহীবোৰ দুপৰীয়াই গ’ল। ৰীণা আজি ৰাতি থাকি যোৱাৰ কথা আছিল। কিন্তু বিদায়ৰ দৃশ্যটো চাবলৈ সাহে নুকুলালে। আইতাকেও নামঘৰৰ ফালে ওলাই গ’ল। কেইঘণ্টামান আগতে লখিমীজনী চিৰদিনৰ কাৰণে আনৰ ঘৰলৈ গুচি গ’ল। সিহঁতে আশীৰ্বাদ বিচৰা সময়ত ৰামানুজে মাথোঁ “তাইক ভালকৈ ৰাখিবা” বুলি অজয়ক ক’বলৈ সক্ষম হ’ল।

বহুত সময় একে ঠাইতে বহি থকা কাৰণেই নেকি ৰামানুজৰ ভৰি দুখন বিষাইছে। তেওঁ লাহে লাহে উঠি চাৰিওফালে চালে। নাই – যোৱা পঁচিশ বছৰে তেওঁক ছাঁৰ আৱৰি ৰখা ছোৱালীজনী সঁচাকৈয়ে ঘৰখনত নাই। সজল চকুদুটা পুনৰ গামোচাখনেৰে তেওঁ মচিলে। ভাতখিনি খাই থাকোঁতে নিজে গম নোপোৱাকৈয়ে চকুপানী এটোপাল খাদ্যখিনিত পৰিল। ৰামানুজে নিজৰ অজানিতে আটলাণ্টাৰ ৰূমলৈ সোমাই গ’ল। কিছুমান বস্তু তাই লৈ গৈছে। কিছুমান বস্তু পাছত নিব। টেবুলখনত তেওঁ ভাল পোৱা আটলাণ্টাৰ বিহুৱতী সাজৰ ফটোখন থৈ গৈছে। বন্ধাই থোৱা ফটোখন চাই থাকি স্বগত্যোক্তি কৰাৰ দৰেই তেওঁ কৈ উঠিল – “ভালকৈ থাকিবি আইজনী।”

আটলাণ্টাক কেনেকৈ কথাটো ক’ব ৰামানুজে ভাবি পোৱা নাই। বেমাৰটোৰ চিকিৎসা অতি সোনকালে আৰম্ভ কৰিবলৈ ডাক্তৰে পৰামৰ্শ দিছে। আৰোগ্য হৈ উঠিবনে তাৰ পিছে কোনো নিশ্চয়তা নাই। ডাক্তৰৰ ভাষাত ফিফটি-ফিফটি। আটলাণ্টাক তেতিয়াই কথাটো ক’লে বিয়াখন যে সময়ত নহ’লেহেতেন সেয়া ৰামানুজে গম পাইছিল। বেমাৰটোৰ কথা এতিয়াহে গম পোৱা বুলি তাইক মিছা ক’ব লাগিব। অন্যথা চিৰজীৱন তাই দোষী দোষী ভাব এটা লৈ থাকিব। আটলাণ্টাক ল’ৰাজনৰ ঘৰখনে মৰমেৰে ৰাখিব বুলি তেওঁ নিশ্চিত হৈছে। সেয়াই তেওঁ সদায় বিচৰা নাছিল জানো? দুখ আৰু কপটতাৰে ভৰা পৃথিৱীখনত ছোৱালীজনীক নিৰাপদে ৰখাটোৱে ৰামানুজৰ যোৱা পঁচিছ বছৰৰ সাধনা আছিল। সেই কাম সফলতাৰে কৰিবলৈ সমৰ্থ হৈছে যেন অনুভৱ হৈছে। নাতি-নাতিনীৰ সৈতে খেলাৰ সপোন এটা আছে। কিন্তু সেই সপোন পূৰ নহ’লেও আপত্তি নাই। যিকোনো সম্ভাৱনাৰ কাৰণে এতিয়া তেওঁ নিজকে প্ৰস্তুত কৰিব ৰাখিব। পুনৰ্জন্মৰ কথা যদি সঁচা হয় – আটলাণ্টাক পুনৰ এবাৰ জীয়েকৰ ৰূপত পোৱা সৌভাগ্য হ’বনে বাৰু তেওঁৰ? তাইৰ বিছনাখনতে পৰি ৰামানুজে শুবলৈ চেষ্টা কৰিলে। আচলতে তেওঁৰ অকণো টোপনি অহা নাই। ৰামানুজৰ টোপনি পাতল। ৰাতি আটলাণ্টাৰ ৰূমত কিবা শব্দ হ’লেই তেওঁ সাৰ পাই যায়। এতিয়াৰে পৰা যে সেইটোৰ প্ৰয়োজন নাই!

ঠিক সেই সময়ত ওচৰৰে স্কুলখনত কিবা এটা উপলক্ষ্যত হৈ থকা সাংস্কৃতিক সন্ধিয়াত কোনোবা শিল্পীয়ে গাই আছিল —
সময়ৰ অগ্ৰগতি — পক্ষীৰাজত উঠি
যাওঁ মই নতুন দিগন্তলৈ — হাঁহিমুখে হাঁহিমুখে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!