মহামাৰী স্পেনিছ ফ্লু আৰু ইয়াৰ ভয়াবহতা

লেখক- গৌৰৱ শইকীয়া।

২০২০ চনত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কভিডৰ ভয়বহতাৰ স্মৃতি হয়তো এতিয়ালৈকে কোনেও পাহৰিব পৰা নাই। যদিও এই মহামাৰীৰ ভাইৰাছ চীনৰ য়ুৱান প্ৰদেশৰ এটা গৱেষণাগাৰৰ লেবৰ পৰা উন্মুক্ত হৈছিল বুলি কোৱা হয় কিন্তু এই তথ্যক লৈও বিতৰ্কৰ কোনো অন্ত নাই। সি যি কি নহওক সুদীৰ্ঘ দুবছৰ ধৰি সমগ্ৰ বিশ্বই এই মানৱসৃষ্ট ভাইৰাছ বিধৰ বাবে যি দুৰ্গতি ভুগিলে সি হয়তো মেডিকেল বিজ্ঞানৰ ইতিহাসত চিৰদিনলৈ খোদিত হৈ ৰব আৰু পৰৱৰ্তী সময়ছোৱালৈও বিভিন্ন ভাইৰাছজনিত পৰীক্ষানিৰীক্ষাৰ ক্ষেত্ৰখনত নতুন তথ্যৰ উন্মেষ ঘটাব। বৈজ্ঞানিক সকলে কব বিচাৰে যে বিশ্বত প্ৰতি এশ বছৰৰ মূৰেমূৰে মহামাৰীৰ প্ৰকোপে বিভিন্ন কাৰণত দেখা দিয়ে; উদাহৰণস্বৰূপেঃপ্নেগ, কলেৰা, স্পেনিছ ফ্লু ইত্যাদি। 

 বিশ্বত কভিদ মহামাৰীৰ আগতেও কভিদৰ লগতে জড়িত অন্য এবিধ মহামাৰীয়ে মানুহৰ জীৱনলৈ অকাল মৃত্যু কঢ়িয়াই আনিছিল আৰু এই মহামাৰীত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল অগণন। কভিদ মহামাৰীৰ লগত একে লক্ষণবিশিষ্ট এই মহামাৰী বিধ আছিল স্পেনিছ ফ্লু। এই ফ্লুৱে পাঁচৰ পৰা দহ কোটি লোকক আক্ৰান্ত কৰি প্ৰাণ লৈছিল। সাধাৰণতে এইবিধ মহামাৰীক স্পেনিছ ফ্লু বুলি এইকাৰণেই কোৱা হৈছিল যে ইনফ্লুয়েঞ্জা ৰোগৰ লক্ষণ সমূহৰ দৰেই আছিল। এতিয়া আহোঁ চমুকৈ ইনফ্লুয়েঞ্জা ৰোগবিধৰ বিষয়ে; ইনফ্লুয়েঞ্জা নামৰ ৰোগটোক চমুকৈ ফ্লু বুলিও জনা যায়। ইয়াৰ আন এটা নাম হল গ্ৰিপ। ভাইৰাছ নামৰ অণুজীৱৰ সাংঘাতিক ধৰণৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। ই আমাৰ শ্বাসপ্ৰশ্বাসৰ নলীৰ ওপৰ আৰু তল অংশ বৰ দকৈ আক্ৰমণ কৰে আৰু তাৰ ফলত জ্বৰ, কঁপনি উঠা, ঠাণ্ডা লগা, সাধাৰণ দুৰ্বলতা, মাংসপেশীৰ বিষ, ডিঙিৰ চৰচৰণি আদি লক্ষণে দেখা দিয়ে। হাওঁফাওঁত আক্ৰমণ কৰি বা আন জটিলতাৰ সৃষ্টি কৰি ই ৰোগীৰ মৃত্যুও ঘটায়। কিন্তু এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰধান অসুবিধাটো হল এয়ে যে এই ৰোগৰ সৃষ্টিকাৰী অণুজীৱ ভাইৰাছবোৰে কিছু দিনৰ মূৰে মূৰে ৰূপ সলাই শৰীৰৰ নিজা প্ৰতিৰোধী ব্যৱস্থা বা ছিটাই আনি দিয়া প্ৰতিৰোধী ব্যৱস্থাটোক অক্ষম কৰি তোলে। 

 এতিয়া আহোঁ স্পেনিছ ফ্লুৰ বিষয়ে মানৱ ইতিহাসৰ কাৰণে অতি ভয়াবহ মহামাৰী হিচাপে পৰিগণিত হোৱা এই ৰোগবিধৰ আৰম্ভণি ঘটিছিল ধ্বংসাত্মক প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ ঠিক পিছতেই। ১৯১৮ চনৰ জানুৱাৰী মাহত পোনপ্ৰথমে আমেৰিকাৰ হাস্কেল কাউণ্টি (Haskell County) নামৰ এক সৰু ঠাইৰ এজন স্থানীয় চিকিৎসকে এটা নতুন ধৰণৰ ৰোগ চিনাক্ত কৰে আৰু তেওঁ এইবিষয়ে আমেৰিকাৰ স্বাস্থ্য বিভাগত খৱৰ দিয়ে যদিও এজন সৰু ৰেংকৰ স্থানীয় চিকিৎসক হিচাপে তেওঁৰ কথা বিভাগে বিশ্বাসত নলৈ গুৰুত্ব নিদিয়ে, কিন্তু পিছলৈ চিকিৎসকজনৰ কথাই সঁচা প্ৰমাণিত হয়। ১৯১৮ চনৰ ৪ মাৰ্চ তাৰিখে আমেৰিকাত প্ৰথমটো ইনফ্লুয়েঞ্জাৰ লগত একে লক্ষণ জড়িত কেছ মানুহৰ সন্মুখলৈ আহে কিন্তু সেইটো সময়ত প্ৰথম বিশ্বযুদ্ধ চলি থকা বাবে কোনেও ইয়াক বেছি গুৰুত্বসহকাৰে নলয়। কিন্তু ইতিমধ্যে বিপদৰ আৰম্ভণি হৈ গৈছিল। এপ্ৰিল মাহৰ সময়ছোৱালৈ এই মহামাৰীৰ কেছ ইউৰোপৰ ভালেকেইখন দেশলৈ ক্ষিপ্ৰ গতিৰে বিয়পি পৰে। উক্ত দেশসমূহৰ ভিতৰত আছিল ক্ৰমেঃজাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স, স্পেইন ইত্যাদি। কিন্তু দুৰ্ভাগ্যবশতঃ যুদ্ধত লিপ্ত থকা সৈনিকসকলৰ মনত যাতে অহেতুক উদ্বেগৰ সৃষ্টি নহয় তাৰ কাৰণে প্ৰতিখন দেশৰ চৰকাৰে এই ৰোগৰ কথা গোপনে ৰাখে। ইউৰোপৰ বাকীবোৰ দেশ আৰু আমেৰিকাক বাদ দি কেৱল স্পেইনেহে এই ৰোগৰ কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে আৰু আনকি খৱৰ কাগজত বিজ্ঞাপনসহ চিত্ৰ অংকন কৰি জনতাৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। যিহেতু ইউৰোপত স্পেইনে এই ৰোগ তথা মহামাৰীটোৰ কথা ৰাজহুৱা কৰে আৰু লগতে এই মহামাৰীৰ ফলত বহুসংখ্যক লোকৰ মৃত্যুও ঘটে সেইকাৰণে বেছিভাগ দেশেই এই মহামাৰী স্পেইনৰ পৰা সৃষ্টি হৈছে বুলি গণ্য কৰি উক্ত মহামাৰীটোৰ নামস্পেনিছ ফ্লুৰাখে। কভিড মহামাৰীৰ দৰে এইবিধ ৰোগৰো লক্ষণ একেই আছিল, যেনে: – পানীলগা, জ্বৰ, কাঁহ, বমি, মূৰৰ বিষ, উশাহনিশাহত কষ্ট আৰু অত্যধিক আক্ৰান্ত হোৱাৰ পিছত মৃত্যু। কিন্তু বহুক্ষেত্ৰত কভিদতকৈও স্পেনিছ ফ্লুত মানুহৰ মৃত্যুৰ হাৰ বেছি আছিল। স্পেনিছ ফ্লুৰ সংক্ৰমণৰ পৰা বাছিবলৈও কভিদৰ দৰে একেবোৰ সাৱধানতা লোৱা হৈছিল, যেনেঃসামাজিক ব্যৱধান মানি চলা, মাস্ক পৰিধান কৰা, ৰবাৰ পৰা আহি বা খুৱাৰ আগত হাত পৰিষ্কাৰকে ধোৱা, তে ততে থুই নেপেলোৱা আৰু পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নোলোৱা ইত্যাদি। এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা অগণিত লোকৰ সংখ্যা তথা ইয়াৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে আমি হয়তো এতিয়া কল্পনাও কৰিব নোৱাৰোঁ। যিহেতু বৰ্তমানৰ দৰে এই ৰোগৰ বিৰুদ্ধে যাৱতীয় চিকিৎসামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান আজিৰ দৰে ইমান আগবঢ়া নাছিল তথা বেছিভাগ দেশেই সেইসময়ত প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহ ধ্বংসৰ গৰাহৰ পৰা আৰু দেওলীয়া অৰ্থনীতিৰ পৰা ভালকে মুক্তও হোৱা নাছিল। 

 আনকি ব্ৰিটিছ শাসিত ভাৰতবৰ্ষতো এই ৰোগে তাণ্ডৱ চলাইছিল, যিহেতু প্ৰথম বিশ্বযুদ্ধত ভাৰতৰ পৰা যুদ্ধত অংশগ্ৰহণ কৰা যিসকল সৈনিক পুনৰ নিজ দেশলৈ যুদ্ধৰ পিছত উভতি আহিছিল তেওঁলোকে নিজৰ শৰীৰৰত ইউৰোপৰ পৰা উক্ত ভাইৰাছবিধো কঢ়িয়াই আনিছিল। অন্যহাতে ব্ৰিটিছ চৰকাৰে উক্ত সময়ত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ কোনোধৰণৰ বিশেষ ব্যৱস্থা লোৱা নাছিল গতিকে ঘৰলৈ উভটা সৈনিকসকলৰ একো ডাক্তৰী পৰীক্ষানিৰীক্ষা নকৰাকৈ তথা ঘৰলৈ উভটাৰ আগত কোৱাৰেণ্টাইনত নৰখাকৈ পঠিয়াই দিয়াৰ ফলত এই মহামাৰীৰ ক্ষিপ্ৰ গতিত ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল। ভাৰতত প্ৰথমটো স্পেনিছ ফ্লুৰ কেছ ১৯১৮ চনৰ জুনৰ ১৯ তাৰিখে ধৰা পৰিছিল আৰু ইয়াৰ এমাহৰ ভিতৰত সমগ্ৰ দেশতে এই ফ্লু বিয়পি পৰিছিল। পাঁচৰ পৰা ছয় মাহৰ ভিতৰত স্পেনিছ ফ্লুৱে সমগ্ৰ দেশত ত্ৰাসৰ সৃষ্টি কৰে আৰু পৰিস্থিতি অধিক সংকটৰ দিশত যোৱাৰফলতহে ব্ৰিটিছ কৰ্তৃপক্ষই বিভিন্ন পদক্ষেপ লবলৈ আৰম্ভক কৰে; যেনেঃমুখত মাস্ক লগোৱা, সামাজিক দূৰত্ব মানি চলা, ৰাষ্টাত পিক্‌ পেলোৱাৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা আদি। যদিও প্ৰথমটো পৰ্যায়ত ভাৰতত মৃত্যুৰ হাৰ ইউৰোপৰ তুলনাত কম আছিল কিন্তু ইয়াৰ কেইমাহমানৰ পিছত অহা ২য়টো ঢৌৱে বহুসংখ্যক ভাৰতীয় লোকৰ মৃত্যু ঘটাইছিল। ডাঙৰ ডাঙৰ মহানগৰবোৰৰ ৰাষ্টাত হাজাৰ হাজাৰ লোকৰ মৃতদেহে দম বান্ধিছিল কিন্তু সেইসমূহৰ সৎকাৰ কৰা মানুহ কোনো নাছিল। বিখ্যাত হিন্দী কবি সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰালাৰ পৰিয়ালৰ গোটেইকেইজন সদস্য এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। নিৰালে লিখিছিল যে গংগা নদীৰ পাৰ মৃতদেহেৰে ভৰি পৰিছিল আৰু তেওঁ নিজৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰিবলৈ এডাল খৰিও বিচাৰি পোৱা নাছিল। আনকি মহাত্মা গান্ধীৰ পৰিয়ালৰো বহুতো সদস্য এই মহামাৰীত আক্ৰান্ত হৈছিল। চৰকাৰী তথ্য অনুসৰি ভাৰতত স্পেইনিছ ফ্লুৰ ফলত প্ৰায় ২ কোটি লোক মৃত্যুমুখত পৰিছিল; যিটো সময়ত ভাৰতৰ মুঠ জনসংখ্যা ৩০ কোটিৰ ওচৰাওচৰি আছিল। প্ৰায় সমগ্ৰ বিশ্বৰ প্ৰায়সংখ্যক দেশতে অৰ্থনীতি, জনসংখ্যাৰ গাঁথনি, ৰাজনীতি, চিকিৎসাখণ্ড সকলোতে ব্যাপক প্ৰভাৱ পেলোৱা এই মহামাৰী ১৯২১ চনলৈকে বৰ্তি আছিল আৰু বহুসংখ্যক লোকৰ প্ৰাণ কাঢ়িছিল আৰু এটা সময়ত এই ভাইৰাছ নিজেই দুৰ্বল হৈ বিশ্বৰ পৰা নাইকিয়া হৈ পৰিছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!