এখন স্মৰণীয় বিবাহ
লেখক- সৌৰভ বুঢ়াগোহাঁই
১৯৯৬ চনৰ অক্টোবৰ মাহ। তেতিয়া মই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। মই দুৰ্গা পূজাৰ বন্ধত যোৰহাটৰ পৰা গুৱাহাটীৰ ঘৰলৈ আহিছোঁ। সেইসময়ত আমাৰ লগৰ বন্ধু (সৈনিক স্কুল গোৱালপাৰাত একেলগে পঢ়া) শ্ৰী ৰামমোহন উপাধ্যায়ৰ বিয়া। বিয়া মানে অসমত নহয় বিহাৰৰ চাপড়া নামৰ ঠাইত। ৰামমোহনে আমাৰ লগত স্কুলত দশমমানলৈ পঢ়িছিল। মেট্ৰিক পাছ কৰি সি বঙাইগাওঁ পলিটেকনিকৰ পৰা ডিপ্লোমা কৰে। আমি যেতিয়া ডিগ্ৰীৰ দ্বিতীয়বৰ্ষত পঢ়ি আছো ৰামুৱে (ৰামমোহনক আমি মৰমতে ৰামু বুলি মাতো) তেতিয়া চাকৰিত সোমায়। অৰ্থাৎ আমি ছাত্ৰ হৈ থাকোতে ৰামুৱে নিজৰ ভৰিত থিয় হৈ নিজৰ জীৱনটো চম্ভালিব পৰা হ’ল। ৰামুৰ আচল ঘৰ বিহাৰৰ চাপড়া নামৰ জিলাত কিন্তু সি সৰুৰে পৰা ডাঙৰ দীঘল হৈছে অসমৰ বঙাইগাঁৱত। তাৰ মাজু ককায়েকে বঙাইগাঁৱত চাকৰি কৰিছিল। ৰামু যিহেতু নিজৰ ভৰিত থিয় হ’ব পাৰিছে সেইকাৰণে ৰামুৰ ককায়েক দুজনে তাক বিয়া পাতি দিব বিচাৰিছে। তাৰ ডাঙৰ ককায়েক বৃদ্ধা মাকৰ লগত বিহাৰৰ চাপড়াত থাকে।
সেইসময়ত ৰামু গুৱাহাটীৰ চান্দমাৰীত স্কুলৰে লগৰ গৌতমৰ লগত ভাড়াঘৰত একেলগে থাকিছিল। সেই ঘৰটো আমাৰ বন্ধুবোৰৰ আড্ডাৰ স্থলী আছিল। মই বন্ধত কলেজৰ পৰা ঘৰলৈ আহিলে বেছি সময় তাতে পাৰ কৰিছিলোঁ। তেনেকৈয়ে ১৯৯৬ চনৰ অক্টোবৰ মাহৰ পূজা বন্ধত যেতিয়া ঘৰলৈ যাওঁ মই ৰামু–গৌতমৰ ঘৰত ভূমুকি মাৰো আৰু তাতেই ৰামুৰ বিয়াৰ নিমন্ত্ৰণ পাওঁ। নিমন্ত্ৰণ নহয় ৰামুৰ কাঢ়া আদেশ যে বিয়াত যাবই লাগিব আৰু বিয়াত যাবলৈ আমি পইচা খৰছ কৰিব নেলাগে কাৰণ সি ট্ৰেইনৰ দহটা টিকেট (গুৱাহাটীৰ পৰা পাটনালৈ অহা–যোৱা ) ইতিমধ্যে কাটি পেলাইছে। মই আচৰিত হৈ তাক কৈছিলোঁ– তই কিয় টিকট কাটিলি, আমি নিজে কাটি গলোহয় নহয়। সি হাঁহি কলে– “মই তহঁতৰ উপস্থিতি মোৰ বিয়াত একান্তমনে বিচাৰিছোঁ, সেই বাবে ৰিস্ক লোৱা নাই। কাৰণ তহঁতে নিজে ট্ৰেইনৰ টিকেট কাটি যে বিয়া খাবি তাত সন্দেহ আছে।” মই হাঁহিলো। অৱশ্যে কথাটো হয়, ট্ৰেইনৰ টিকেট কাটি ইমান দূৰ যে বিয়া খাবলৈ যোৱা হ’ব তাত সঁচাকৈ সন্দেহ আছিল। বাৰু যা হওক, ৰামুৱে আমাক দহটা টিকেট দি নিজে বিয়াৰ কেইদিনমানৰ আগতে চাপড়ালৈ গমন কৰিলে। এতিয়া আমাৰ পাল দহজন বন্ধু গোটোৱা যি বিয়া খাবলৈ যাব পাৰে। বহু কষ্ট কৰি আমি ন–জন বন্ধুহে গোটাব পাৰিলোঁ আৰু তাৰে চাৰিজন গুৱাহাটী মেডিকেল কলেজত পঢ়ি থকা বন্ধু।
এটা ধুনীয়া দিনত আমি সকলো বন্ধু গুৱাহাটী ৰেলৱে ষ্টেচনত লগ হলো চাপড়ালৈ গৈ ৰামুৰ বিয়া খাবলৈ। ট্ৰেইন আহিল আৰু আমি ফুৰ্তিত নাচি–বাগি ট্ৰেইনত উঠিলোঁ। কিমান যে ফুৰ্তি লাগিছিল সেই দিনটো তাক ভাষাৰে প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি পোৱা নাই। কিন্তু কওঁ– It was simply fantastic। ট্ৰেইনত আমি আমাৰ লগত থকা এক্সট্ৰা টিকেটটো বেলেগ মানুহ এজনক বিক্ৰী কৰি দিলোঁ আৰু তাৰ পইচাৰে পাৰ্টি কৰিলোঁ। ট্ৰেইনত আমি টাচ খেলিছো, অন্তাক্ষৰী খেলিছো আৰু যে কিমান লানি–নিছিগা কথা! এনেকৈ আমি পাটনা ষ্টেচন ৰাতি নমান বজাত পালোঁ। ৰামুৱে আমাক কাঢ়া নিৰ্দেশ দি থৈছিল যে আমি কোনো কাৰণত ৰাতি ষ্টেচনৰ পৰা বাহিৰ নহওঁ কাৰণ সেই সময়ত বিহাৰৰ পৰিস্থিতি বৰ ভাল নাছিল। আমাক কোৱা হৈছিল যে ৰাতিপুৱা পোহৰ হলেহে যেন আমি চাপড়া লৈ যাত্ৰা আৰম্ভ কৰোঁ পাটনাৰ পৰা। ৰাতিটো পাটনা ষ্টেচনত কটাই আমি ৰাতিপুৱা বাছত উঠিলো চাপড়ালৈ বুলি। পাটনাৰ পৰা চাপড়া লৈ দূৰত্ব সত্তৰ কিলোমিটাৰ, সময় কিন্তু আঢ়ৈ ঘণ্টা মান লাগে। আমি পুৱা ন মান বজাত যাত্ৰা আৰম্ভ কৰি দিনৰ চাৰে এঘাৰমান বজাত চাপড়া চহৰ পাওঁ।
বাছৰ পৰা আমাক নিবলৈ ৰামুৱে তাৰ সম্পৰ্কীয় ভায়েকক পঠাইছিল। কিন্তু বাছৰ পৰা নামিয়ে আমি দুঃসংবাদটো পাওঁ যে ৰামুৰ মাকৰ কালি মৃত্যু হৈছে। আমাৰ ফুৰ্তিত একেবাৰে চেঁচা পানী পৰিল। কিবা আচৰিত লাগিছে কথাটো! কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম আমি বুজিয়ে পোৱা নাই। ৰামুৰ ভায়েকক সুধিলোঁ ঘৰৰ পৰিস্থিতিৰ বিষয়ে। সি ক‘লে ঠিকে আছে– ৰামুৰ মাক বহুত দিনৰ পৰা বিছনাতে আছিল বৃদ্ধাৱস্থাৰ ৰোগৰ লগত যুঁজি যুঁজি। ৰামুৰ মাকে ৰামুৰ বিয়াখন চাই যাব বিচাৰিছিল কিন্তু বিধিৰ বিধান যে বিয়াৰ দুদিনৰ আগতে তেওঁ ইহ সংসাৰ ত্যাগ কৰিলে। আমি চাপড়া বাছষ্টেণ্ডৰ পৰা ৰিক্সা ললোঁ ৰামুৰ ঘৰলৈ বুলি দূৰত্ব দুই কিলোমিটাৰ। ৰাস্তাত গৈ থাকোঁতে ভাৱি আছো, ৰামুৰ সন্মুখীন কেনেকৈ হ‘ম, তাৰ লগত কি কথা পাতিম। ইমান দুৰ্ভগীয়া সি যে বিয়াখনো তাৰ সুকলমে হ’ব নেপালে। আমি যি উৎসাহত আহিছিলো সকলো পণ্ড হ‘ল। আমাৰ সকলোৰে মনবোৰ মৰি গৈছিল। লগৰবোৰৰ মুখবোৰ চাইছোঁ, চবেই চিন্তিত। অলপ আগলৈকে যেনেকৈ উৎপাত কৰি আহিছিলো এতিয়া তাৰ বিপৰীত ছবি। মানে আমাৰ মনৰ আকাশখন কলীয়া ডাৱৰে চানি ধৰিছে। আকৌ ভাবিছো, আমাৰেই এই অৱস্থা, তেনেহলে ৰামুৰ কি হ’ব? প্ৰায় আধাঘণ্টামানৰ পাছত দুপৰীয়া চাৰে বাৰমানত ৰামুৰ ঘৰৰ সন্মুখত আমাৰ পাঁচখন ৰিক্সা ৰ‘ল। ৰামুৱে ঘৰৰ চাদৰ পৰা আমাক চাই আছিল। ৰামুৰ ঘৰটো দুই মহলীয়া কিন্তু আমাৰ অসমৰ দুমহলীয়া ঘৰৰ নিচিনা নহয়। বেছি একো ডিজাইন নেথাকে, মাথোঁ এটাৰ ওপৰত আৰু এটা ঘৰ বনাই দিয়ে। এনেকুৱা ঘৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত আমি প্ৰায়ে দেখা পাওঁ যেতিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ ট্ৰেইনত যাত্ৰা কৰা যায়।
আমাক আদৰিবলৈ ৰামু তললৈ আহিল। আমি হাঁহিম নে কান্দিম বুজি পোৱা নাই। সি আমাক তাৰ ঘৰৰ চাদৰ ওপৰলৈ লৈ গ’ল। আমি কেনেকৈ হ’ল বুলি সুধোতে ক‘লে টোপনিত আছিল আৰু পিছত বহুদেৰি নুঠাত ঘৰৰ মানুহ ওচৰলৈ গৈ লক্ষ্য কৰে গাটো চেঁচা পৰি আছিল। উশাহ–নিশাহ বন্ধ। এতিয়া ডাঙৰ কথাটো হ‘ল ৰামুৱে বিয়া নেপাতে আৰু ছোৱালীৰ (কইনা) ঘৰত হাঁহাকাৰ অৱস্থা। সকলো আয়োজন হৈ গৈছিল। এতিয়া বিয়াখন পিছুৱালে এবছৰলৈ পিছুৱাই যাব। ৰামুৰ ককাইয়েক দুজনে আমাৰ লগত কথা পাতিলে যে– আমি ৰামুক বুজাওঁ যাতে সি বিয়াখন পাতে। আমি কথাটো শুনি আচৰিত হলো। এইটো কেনেকৈ সম্ভৱ? তেতিয়া তেওঁলোকে কলে যে– ৰামুৰ মাকৰ মৃত্যুৰ বিষয়ে কাকো জনোৱা নহব। ফৰ্মেলডিহাইড (Formaldehyde solution) নামৰ দ্ৰব্যবিধ গোটেই শৰীৰত পুছ(push) কৰি শৰীৰতো দুটা দিন সজীৱ কৰি ৰখা হ’ব। তেওঁলোকে ক‘লে বিয়াৰ সমস্ত যোগাৰ হৈ গৈছে সেইকাৰণে আকৌ এবছৰ পিছুৱাই গলে সকলোৰে দিগদাৰ হব। মাক এনেও বহুত মাহৰ পৰা বিছনাতে আছিল। কথাখিনি শুনি আমি কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ পিছত আমি গোটেই বন্ধু কেইজন লগ হৈ ৰামুক বুজাৱাটোৱে ঠিক কৰিলোঁ। আজিকালি কাৰো সময় নাই। তাকো কইনাঘৰে এনেই ভুগিব লাগিব। আমি ৰামুক বুজাইছোঁ কিন্তু সি নুবুজে। বহুত যুক্তি তৰ্কৰ পিছত সি অৱশেষত সন্মতি প্ৰদান কৰিলে। আহ শান্তি…! এতিয়া আঁচনি তৈয়াৰ কৰা হ’ল, কেনেকৈ বিয়াখন হ‘ব?
আঁচনিমতে–
প্ৰথমে formaldehyde solution আনি মৃতদেহৰ বিভিন্ন ঠাইত পুছ(push) কৰিম। এইখিনি কামত আমাৰ লগৰ মেডিকেল পঢ়ি থকা বন্ধু কেইজনে আগভাগ ল‘লে। formaldehyde push কৰাৰ পিচত কোঠাটো বন্ধ কৰি দিয়া হ‘ব।
দ্বিতীয়তে কাইলৈ (বিয়াৰ দিনা) আমি ৰামুৰ ঘৰৰ পৰা শান্তভাবে ওলাই যাম ওচৰৰ এখন হোটেললৈ। হোটেলখন কইনা ঘৰৰ পৰা ঠিক কৰা হৈছিল। তাতে দৰায়ে দৰাৰ সাজ পিন্ধিব আৰু ঘোঁৰাত উঠি কইনা আনিবলৈ যাব।
তৃতীয়তে বিয়া পাতি কইনা ৰামুৰ ঘৰ আহি আকৌ নিজৰ ঘৰলৈ উভতি যাব নহ‘লে ৰামুৰ মাকক মৃত ঘোষণা কৰা হ‘লে তাইৰ চুৱা লাগিব আৰু বহুত দিন তাই নিজৰ ঘৰলৈ যাব নোৱাৰিব।
চতুৰ্থতে কইনা ঘৰলৈ ঘূৰি যোৱাৰ পিছত আমি ৰামুৰ মাকৰ অন্তিম সৎকাৰ কৰিম গঙ্গা নদীৰ পাৰত।
প্লেনটো সকলোৰে পছন্দ হ‘ল আৰু কথাটো কইনাৰ ঘৰত জনাই দিয়া হল। কইনাঘৰত এই সিদ্ধান্তটোৱে বহুত আনন্দ দিলে। বচ, এতিয়া প্লেনটো বাস্তৱলৈ ৰূপান্তৰিত কৰিব লাগে। আমি অলপ খোৱা–লোৱা কৰি জিৰণি ললোঁ। আমাক ওপৰৰ মহলাৰ কোঠা এটা দিয়া হল। কোঠাটো ৰামুৰ মাকৰ মৃতদেহ ৰখা কোঠাটোৰ কাষৰটো। আমাৰ অলপ ভয়ো লাগিল কিন্তু নজন বন্ধু একেলগে আছো যেতিয়া ভয় কৰিবলগীয়া নাই। আমাৰ কেইজনমান ৰামুৰ ককাইয়েকৰ লগত formaldehyde solution আনিবলৈ গ:ল। আবেলি চাৰিমান বজাত formaldehyde solution আহিল আৰু লগতে বহুত কেইটা চিৰিঞ্জ। আমাৰ লগৰ মেডিকেল পঢ়ি থকা বন্ধু কেইজনৰ লগতে আমিও ইঞ্জেকচন দিয়াত লাগি গ‘লো। মৃত্যুৰ পিছত বডীতো টান হৈ যায় আৰু চিৰিঞ্জ ভৰাবলৈ কৰাত কষ্ট হয়। লগৰ এটাৰটো চকুতে পৰিল ফৰ্মেলিন। যাহওক আধা ঘণ্টা মানত মৃতদেহৰ বিভিন্ন ঠাইত ফৰ্মেলডিহাইড দিয়া হ‘ল আৰু এইটো নিশ্চিত কৰা হ‘ল যে আৰু দুদিন মৃতদেহটো ঠিকে থাকিব। এইবাৰ আমি ৰুমত আকস্মিক ঘটনাটোৰ বিশ্লেষণ কৰি এনেই ঢালাই বিছনাত পৰি সময় পাৰ কৰি আছো। ৰাতিৰ আহাৰ গ্ৰহণ কৰি আমি শুবলৈ ললোঁ। শোৱাৰ আগতে মই টয়লেটলৈ গলোঁ, কিন্ত এয়া কি! টয়লেটৰ ভিতৰত দমকল এটা আছে আৰু তাৰ পৰা পানী নিজে নিজে ওলাই আছে। মই ভূত ভূত বুলি কৈ দৌৰি ওলাই আহিলোঁ। লগৰ কেইটাই মোৰ শব্দ শুনি দৌৰি আহিল। চব অবাক এইটো কেনেকৈ সম্ভৱ দমকলৰ পৰা পানী নিজে নিজে কেনেকৈ ওলাইছে? আমি ক‘লো মৰিলো এইটো পূৰা ভূতে কৰিছে মানে ৰামুৰ মাক ভূত হৈ আহিছে।
আমি লগে লগে ৰামুক বিচাৰি তলৰ মহলালৈ আহিলো। আমাৰ কথাপকথন শুনা পাই ৰামু ইতিমধ্যে তাৰ ৰুমৰ বাহিৰ হৈছিল। আমাৰ কথাখিনি শুনাৰ পিছত সি হাঁহিলে আৰু কলে– ধুৰ একো ভূত–চুত নাই। সি আমাক তলৰ বাথৰুমলৈ লৈ গ‘ল য‘ত আছে অন্য এটা দমকল আৰু সেইটো সংযোগ কৰা আছে ওপৰৰ মহলাৰ দমকলটোৰ লগত। অৰ্থাৎ তলৰ দমকলটো যেতিয়া ব্যৱহাৰ কৰা হয় ওপৰৰ দমকলটোৰ পৰাও পানী নিজে নিজে ওলায়। ৰামুৱে আমাক প্ৰমাণ দিয়াৰ পিছতহে ৰক্ষা আৰু এটা ডাঙৰ উৎকণ্ঠাৰ অন্ত পৰিল। ৰাতি ভাগৰুৱা হৈ থকাৰ কাৰণে পটককৈ টোপনি আহিল।
ৰাতিপুৱা সাতমান বজাত সাৰ পালো। লগৰবোৰো উঠিছে লাহে লাহে। আজি ৰামুৰ বিয়া। ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি লগৰ দুজনমান দৰাৰ কাৰণে গাড়ীত ফুল সজাবলৈ গ’ল। বাকীবোৰ আমি বিয়াৰ সৰু–সুৰা দুই এটা কামত সহায় কৰি দিছো। লাহে লাহে দিনটো বাগৰি সন্ধিয়া হ‘বৰে হ‘ল। আমি নতুন কাপোৰ–কানি পিন্ধি সাজু হ‘লো দৰাৰ লগত যাবলৈ। ইতিমধ্যে দৰাৰ গাড়ী ধুনীয়াকৈ সজাই অনা হ‘ল। আমি বন্ধুবোৰে কথা পাতি আছো যে আমি জীৱনৰ এখন অতি স্মৰণীয় বিবাহত নিজকে জড়িত কৰিব পাৰিলোঁ। এনেকুৱা যে আৰু ভৱিষ্যতে কেতিয়াও নহয় সেইটো একেবাৰে সত্য। ৰাতি সাতমান বজাত আমি ৰামুৰ ঘৰৰ পৰা হোটেললৈ ওলালোঁ। ৰামু মানে দৰা গাড়ীত আৰু আমিবোৰ খোজ কাঢ়ি। ৰামুৰ ঘৰৰ পৰা হোটেললৈ এক কিলোমিটাৰ মান হ‘ব আকৌ হোটেলৰ পৰা কইনাৰ ঘৰলৈ ডেৰ কিলোমিটাৰ। হোটেল আহি পোৱাত আমাৰ বাবেও দুটা ৰুম বুক কৰি থোৱা আছিল যাতে বিয়াৰ পৰা আহি তাত আমি অলপ শুব পাৰো। হোটেল আহি পোৱাৰ লগে লগে পৰিবেশ একেবাৰে বেলেগ মানে এটা উৎসৱ মুখৰ পৰিবেশ। গোটেই হোটেলখন লাইটেৰে পোহৰ কৰি পেলোৱা হৈছিল। ডাঙৰ ডাঙৰ চাউণ্ড বক্সত উচ্চ স্বৰত বলিউদ আৰু ভোজপুৰী গান। আমাৰো গাবোৰ সাতখন আঠখন লাগি গল। হোটেলৰ পৰা কইনাৰ ঘৰলৈকে হ’ব নাচ। ৱাহ মজ্জা, সকলো দুখ পাহৰি এতিয়া ফুৰ্তি কৰাৰ সময়। আমি ৰাতি আঠমান বজাত হোটেলৰ পৰা কইনাৰ ঘৰলৈ যাবলৈ সাজু হলোঁ। দৰা ঘোঁৰাত বহিল, ডিঙিত পইচাৰ মালা। ৰাস্তাৰ দুইপাৰে দহগৰাকীকৈ মহিলা আৰু তেওঁলোকৰ মূৰৰ ওপৰত কলহ আৰু তাৰ ওপৰত লাইট। একেবাৰে হিন্দী চিনেমাত দেখা নিচিনা কাৰুকাৰ্য। দৰাৰ ঘোঁৰাৰ পিছফালে এখন অটোভান আৰু তাত ডাঙৰ চাউণ্ড চিষ্টেম। গোটেই বাতাবৰণতো ৰঙীন, চাৰিও ফালে উৎসাহ আৰু উল্লাস। নাচ–বাগ আৰম্ভ হৈ গ‘ল আৰু আমি গানৰ লহৰে লহৰে নাচিবলৈ ধৰিলোঁ। আমাৰ দৰাপাৰ্টি কইনা ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। পৰিবেশটো ইমান উত্ৰাৱল হৈছিল যে নাচিব নজনা মানুহেও নাচিব পাৰিব। আমাৰ ডেৰ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিবলৈ একঘণ্টাতকৈ বেছি সময় লাগিল। আমি হেঁপাহ পলুৱাই নাছিলোঁ। ইমান ফুৰ্তি হ‘ব বুলি আমি সপোনটো কল্পনা কৰা নাছিলো। এটা অতি আনন্দময় যাত্ৰা শেষ কৰি আমি দহ মান বজাত কইনাৰ ঘৰ পালোঁ। কইনাৰ ঘৰ বৰ চহকী। কইনাৰ দেউতাক টেক্স চুপ্ৰিণ্টেণ্ডেণ্ট। ঘৰ মানে প্ৰকাণ্ড অট্টালিকা। খুব ধুনীয়াকৈ সজাইছে গোটেই বিবাহমণ্ডপটো। আমাক বৰ সুন্দৰকৈ আলপৈচান ধৰিলে। খোৱা–বোৱা কৰি আমি কেইজনমান হোটেললৈ গুচি আহিলোঁ অলপ শুবলৈ আৰু চাৰিজনমান ৰামুৰ লগত থাকিল।
ৰাতিপুৱা সাতমান বজাত আমি ৰামুৰ ঘৰ আহিলোঁ হোটেলৰ পৰা আৰু তাৰ ঠিক অলপ পিছত দৰা–কইনাও আহি উপস্থিত হ‘ল। কইনা অলপ দেৰি থাকি কিছু নিয়ম–নীতি পালন কৰি আকৌ নিজৰ ঘৰলৈ উভতি গ‘ল। এতিয়া আমাৰ পিছৰ কাম আৰম্ভ মানে ৰামুৰ মাকৰ অন্তিম সৎকাৰ গঙ্গাৰ পাৰত। আমি কাপোৰ কানি সলনি কৰি সাজু হলো আৰু মৃতদেহৰ কাৰণে চাঙি সাজি অনা হ‘ল। ৰামু আৰু তাৰ ককাইয়েক কেইজনে ধুতি পিন্ধি মাকক ঘৰৰ ওপৰৰ পৰা তললৈ আনিলে আৰু চাৰিওফালে– “ৰাম নাম সত্য হে” ধ্বনিয়ে পৰিবেশটো পবিত্ৰ কৰি তুলিলে। পূজাৰীয়ে নিজৰ কৰ্মখিনি কৰাৰ পিছত আমি ডেড–বডী কান্ধত তুলি মুখত “ৰাম নাম সত্য হে” গাই গঙ্গা নদীৰ ফালে গতি কৰিলো। এটা বুজাব নোৱাৰা পৰিবেশ; এই দুখ, আকৌ সুখ আকৌ দুখ……। নিজকে ধন্য মানিছোঁ এনেকুৱা এটা অভিজ্ঞতা লাভ কৰিবলৈ পোৱাৰ বাবে। সপোনতো কল্পনা কৰিব নোৱাৰি যে চাপড়া চহৰৰ অলিয়ে–গলিয়ে খোজকাঢ়ি কেতিয়াবা মৃতদেহ কঢ়িয়াই যাম। আমি অলপ দেৰিৰ মূৰত গঙ্গা নদী পালো আৰু তাৰে কাষতে মৃতদেহ চিতাত শুৱাই মুখাগ্নি কৰা হল। অন্তিম সৎকাৰ সম্পূৰ্ণ কৰি আহি আমি ৰামুৰ ঘৰ পালোহি।
পিছৰ দিনাখন আমাৰ গুৱাহাটীলৈ ওভতনি যাত্ৰা কিন্তু দুখৰ বিষয় সেইদিনাখন বিহাৰ বন্ধ দিছে “ৰণবীৰ সেনাই।” আমি বৰ বিপদত পৰিলোঁ কাৰণ আবেলি আমাৰ পাটনাৰ পৰা ট্ৰেইন আছে গুৱাহাটীলৈ। কিন্তু এতিয়া পাটনা কেনেকৈ গৈ পাম? কথাটো আলোচনা কৰা হ‘ল আৰু কিছু অভিজ্ঞলোকে আহি আমাক উপদেশ দিলে যে বিহাৰত পিছবেলা বন্ধৰ প্ৰকোপ কমি যায়। আমাক কোৱা হ‘ল আমি কেনেকৈ পাটনা পাব পাৰো। আমি প্ৰথমে ট্ৰেইনত চাপড়াৰ পৰা চৌনপুৰ আহিম লোকেল ট্ৰেইনত। চৌনপুৰৰ পৰা হাজীপুৰ আহিম টেম্পোত। আকৌ হাজীপুৰৰ পৰা পাটনা আহিম বাছত। মনটো অলপ মুকলি মুকলি লাগিল। ৰাতি ভাল টোপনি মাৰি ৰাতিপুৱা ছয় মান বজাতে উঠি গা–পা ধুই ললোঁ। ৰাতিপুৱা ন বজাত ট্ৰেইন আছে চাপড়াৰ পৰা চৌনপুৰলৈ। ৰামুৱে আমাক ৰেলষ্টেচন লৈ থ‘বলৈ আহিল। ৰামুৰ ককায়েক কেইজনেও আমাক বহুত মৰম দি নিজৰ কৰি পেলালে। আহিবৰ সময়ত আমাৰ চকুৰপানী ওলাই গৈছিল। ৰামুৱে আমাক আহিবৰ সময়ত সাৱটি–সাৱটি বিদায় দিলে। আমাৰ ওভতনি যাত্ৰা আৰম্ভ হ‘ল আৰু সুকলমে আহি চৌনপুৰ পালো। এইবাৰ চৌনপুৰৰ পৰা হাজীপুৰলৈ দুখন টেম্পো বুক কৰিলো। টেম্পোত দুই কিলোমিটাৰ মান আহিলোঁ। কিন্তু হঠাৎ দেখোঁ সন্মুখৰ ফালৰ পৰা এটা ডাঙৰ “ৰণবীৰ সেনাৰ” দলে হাতত লোহা–লাঠী লৈ এফালৰ পৰা খুলি থোৱা দোকান পোহাৰ, গাড়ী, ৰিক্সা, চাইকেল আদি ভাঙি আহিছে। আমি একো ভালকৈ টলকিব পৰাৰ আগতেই টেম্পোৰ ড্ৰাইভাৰজনে ৰাস্তাৰ কাষতে টেম্পোখন ৰখাই পলাল। আমি কিংকৰ্তব্য বিমোৰ হৈ পৰিলোঁ। আমিও টেম্পোতে বেগ থৈ দোকানৰ কিনাৰত লুকাবলৈ চেষ্টা কৰিলো। ভাগ্য ভাল আছিল “ৰণবীৰ সেনাৰ” দলটোৱে টেম্পোখন অনিষ্ট নকৰাকৈ পাৰ হৈ গল। আমি তেতিয়াহে স্বস্তিৰ উশাহ লৈছো। লগৰবোৰ য‘ত–ত‘ত পলাইছিল। পৰিৱেশটো অলপ শান্ত হোৱাত সকলো আকৌ আহি টেম্পোৰ ওচৰ পালেহি। কিন্ত এইবাৰ টেম্পোৰ ড্ৰাইভাৰ কেইজনে টেম্পো নচলায়। আমি আকৌ বিপদত পৰিলো কাৰণ হাজীপুৰ বাছ ষ্টেণ্ডলৈ এতিয়া প্ৰায় ডেৰ কিলোমিটাৰ বাট আছিল। আমি বহুত কাকূতি–মিনতি কৰিও সৈমান কৰাব পৰা নাই। অৱশেষত এটা বুদ্ধি উলিয়ালোঁ যে আমি দুইখন টেম্পোৰ ভাড়া পুৰা দিম কিন্তু আমাক তেওঁলোকৰ এজনে খোজ কাঢ়ি গৈ হলেও হাজীপুৰ বাছ ষ্টেণ্ডত থৈ আহিব লাগিব। আমাৰ প্ৰস্তাৱটো তেওঁলোকে মানিলে আৰু তেনেকৈ আমি আহি হাজীপুৰ পালো। সময় তেতিয়া দুই বাজি গৈছে। পাটনা আৰু আন ঠাইলৈ যাবলৈ বাছবোৰ সাজু হৈছে। আমি পাটনা যাবলগীয়া বাছত উঠিলোঁ কিন্তু অলপ পিছত দেখিলো কিছুমান মানুহ বাছৰ ওপৰতো উঠিছে। আমি কণ্ডাক্টৰক সুধিলোঁ কথাটো কি? তেওঁ ক‘লে বাছৰ ভিতৰত পাটনালৈ ভাড়া ষোল্ল টকা আৰু বাছৰ ওপৰত গলে ভাড়া আঠ টকা মানে আধা। আমি চব বাছৰ ভিতৰৰ পৰা নামি বাছৰ ওপৰত উঠিলো। ভাড়া বচাবলৈ নহয় কিন্তু এটা নতুন অভিজ্ঞতা ল‘বলৈ। কি যে মজা লাগিছিল সেই সময়খিনি কাৰণ আমাৰ বাছখন গান্ধী সেতুৰ ওপৰেদি আহোঁতে দৃশ্যবোৰ অতিকৈ মোহনীয় লাগিছিল। বাছৰ ওপৰত সেইটোৱে জীৱনৰ প্ৰথম আৰু অন্তিম যাত্ৰা আছিল। আমি অৱশেষত বহুত ঘাত–প্ৰতিঘাত পাৰ কৰি পাটনা ৰেলৱে ষ্টেচন পালোহি। এনেকৈ এখন আমোদজনক, স্মৰণীয় আৰু ব্যতিক্ৰম বিবাহ এই জীৱনত নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ।