ভয়
অনুবাদ: বন্তি বৰঠাকুৰ বৰুৱা
মূল:খলিল জিব্ৰানৰ ‘Fear’
হয়নে,
সাগৰৰ বুকুত
বিলীন হ’বলৈ ধৰাৰ আগতে
কুলু কুলু সুৰেৰে বৈ অহা
চঞ্চলা নৈখনৰ বুকু
দুৰু দুৰুকৈ কঁপে
ভয়ত।
নৈখনে ঘূৰি চাব খোজে
এৰি থৈ অহা সেই
বিচিত্ৰ যাত্ৰাপথ
পৰ্বত শিখৰৰপৰা নামি
কেতিয়াবা নিস্তব্ধ অৰণ্য
কেতিয়াবা একোখন গাঁৱৰ মাজেদি
একাবেঁকাকৈ আহি
কি যে ৰোমাঞ্চকৰ
আছিল সেই যাত্ৰা।
এতিয়া সমুখত
সৌ এক বিশাল সমুদ্ৰ
বিলীন হ’ব খোজা সমুদ্ৰৰ পিনে
তাই আতংকিত হৈ চাই ৰয়
আৰু ভাবে
চিৰদিনৰ বাবে
মই নিঃশেষ হৈ যাব লাগিব নেকি
এই বিশাল সমুদ্ৰৰ বুকুত?
কিন্তু, এতিয়া যে
কোনো বিকল্প পথ নাই
উভতি যোৱাৰ।
নৈখনৰ দৰেই
বৰ্তমানক নেওচা দি
কোনেও যে উভতিব
নোৱাৰে অতীতলৈ।
অৱশেষত
বিচিত্ৰ যাত্ৰাপথ অতিক্ৰমি
নৈখনে সমুদ্ৰত
বিলীন হোৱাৰ মুহূৰ্তত
নিৰ্ভয় হৈ উপলব্ধি কৰিলে,
সমুদ্ৰত বিলীন হৈয়ো
মোৰ দেখোন অস্তিত্ব
শেষ হৈ যোৱা নাই
সমুদ্ৰৰ এই
বিস্তীৰ্ণ জলৰাশিৰ
ময়ো চোন এক অংশ।
অন্যান্য শিতান
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments