বেলিৰ ঠিকনা
লেখক- জ্যোৎস্না হাজৰিকা
পুখুৰীটোৰ পাৰৰ আমজোপাৰ তলতে নাদুকী বুঢ়ীয়ে আজি কেবাদিনো ধৰি দুপৰীয়াৰ ভাতসাজ খাই হাঁহ পোৱালিকেইটা পহৰা দি আছে। জেঠমাহৰ দুপৰীয়া। বেলিটো মূৰৰ ওপৰতে লৈ গোটেইখন নিজান পৰি আছে।
পুখুৰীৰ পাৰৰ শীতল বতাহজাকে মাজে মাজে নাদুকী বুঢ়ীৰ চকুহাল মুদ খুৱাই নিয়ে। এনেতে পানী–যুঁৱলিত চৰি থকা হাঁহজাকে হঠাৎ কোঢ়াল কৰি উঠে। কাষৰ জোপোহাখিনিত জোকাৰণি এটা কঁপি কঁপি নোহোৱা হয়। বুঢ়ী খপজপকৈ সাৰ পাই উঠে। হাঁহ পোৱালি এটা থাওকতে নোহোৱা হয়! নতুনকৈ মাক হোৱা বোৱাৰীয়েকজনীয়ে পাকঘৰটো চম্ভালিবলৈ লোৱাৰেপৰা নাদুকী বুঢ়ীয়ে পুখুৰীৰ পাৰটোত দুপৰবেলাটো হাঁহ পোৱালিকেইটা ৰখিয়েই পাৰ কৰি দিছে। পিছে সিহঁতৰ সংখ্যা নিতৌ এটা দুটাকৈ কমি গৈয়ে আছে।
বুঢ়ীয়ে হাই–হুই কৰি পুখুৰীটোৰ পাৰৰ নিৰ্জনতাখিনিকহে যেন থিতাপি ল’বলৈ সুযোগ দিয়া নাই!
এইকেইদিন ৰাতিপুৱাতে উঠি সিহঁতৰ বাবে শামুক বিচাৰি ফুৰাটোও এটা কামেই হৈছেগৈ। আলিকাষৰ ডোঙৰ পাৰে পাৰে বুঢ়ীয়ে জুপি জুপি খোজ লওঁতে কেতিয়াবা বেলি ভালেখিনি হয়। বোৱাৰীয়েকে কোলাতে ল’ৰাকণক লৈ বাহিৰৰ চালিখনৰ তলতে পাতি লোৱা চাহৰ আখলখন সামৰিবলৈ লৈয়ো কেটলিটো ৰঙা আঙঠা জ্বলি থকা চৌকাটোত আকৌ এবাৰ উঠাই দিয়ে।
বুঢ়ীয়ে ৰঙা চাহটোপা গিলিয়েই শামুকখিনি চোতালত মেলি হাঁহৰ গড়ালটো মুকলি কৰি দিয়েগৈ। পুতেকেও পদূলিমুখতে থকা দোকানখন খুলি বহেগৈ। চুবুৰীটোৰ তেল–নিমখ, বিস্কুট বিচাৰি অহা গ্ৰাহকেৰে তাৰ দোকানত ৰাতিপুৱাতে সৰু–সুৰা ভিৰ এটাই হয়গৈ। বোৱাৰীয়েকেও সেই ছেগতে ল’ৰাটো শাহুৱেকৰ ওচৰত থৈ পুখুৰীত সাউতকৈ গাটো তিয়াই পুৱাৰ সাজৰ চাউল–পাতকেইটাও তিয়াই আনেগৈ। এইকণ সময়তে বুঢ়ীয়ে থুপুক–থাপাককৈ খোজ লোৱা ল’ৰাকণ আৰু হাঁহ পোৱালিৰ জাকটো একেলগে চম্ভালোঁতে শান্ত ৰাতিপুৱাটো ক্ৰমাৎ মুখৰ হৈ পৰে। হাঁহ পোৱালিৰ সংখ্যা তেওঁ গণিব পৰালৈ একুৰি দহটা আছিল।
কিন্তু লাহে লাহে চিলনীজাক আৰু উতনুৱা হেপা, নেউলকেইটাৰ কৃপাত সিহঁতৰ দহটামানহে আছেগৈ! শেষলৈ গৈ যে চাৰি–পাঁচটামানহে থাকিবগৈ তাকো বুঢ়ীয়ে নজনা নহয়! তথাপিতো যতন কৰে সাধ্যানুসাৰে। হাঁহকণীকেইটাই একো নহ’লেও তেল–চাবোনৰ খৰচখিনিকে মোকলায়। বানে ধুই নিয়া গাঁওখনত খেতি–বাতি বুলিবলৈ নোহোৱাই হ’ল। চৰকাৰী চাউলৰ কৃপাত মানুহখন লঘোণ নপৰাকৈ চলি আছে। কোনো কোনোৱে ৰাহি হোৱা চাউলভাগ চহৰৰ হোটেলত চৰা দামত বিকিও দুপইচা ঘটিছে। পাচলিৰ নামত পিছফালৰ মাটিডৰাত দুই এবিধ বতৰৰ পাচলি নথকা নহয়। বোৱাৰীজনীয়ে ছাগলী এজনীও গোটাইছে। ছাগলীজনীও মাক হৈছে নতুনকৈ। নাতিটোৱে বৰ ৰং পাইছে। থুপুক–থাপাক দুটি শৈশৱে ঘৰখন পোহৰাই থৈছে। বাৰ্ধক্যৰ সময়ছোৱা ৰঙীন কৰি তুলিছে কণমানি নাতিটো আৰু তাৰ কণমানি পৃথিৱীখনে।
”কি কচ্ছা এ বুঢ়মাই এই ভৰ দিপৰবেলা?” — ৰঙিলীয়ে ছাগলীক পানী খুৱাবলৈ আহি বুঢ়ীক মাতষাৰ দিলে।
”হাঁহৰ চানাগিটা ৰখচু ৰহ।” —বুঢ়ীয়ে পাৰৰ শিলচটাত বহি বহিয়েই উত্তৰটো দিয়ে।
”বৰী ঘুমেই আছেই আৰু আপনাক হাঁহৰচানা ৰখেই থচ্ছি?” —গাঁওখনত ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে পঠোৱা ৰঙিলীক বুঢ়ীয়ে বৰ এটা ভাল নাপায়। বহুতে তাইক অল ইণ্ডিয়া ৰেডিঅ’ বুলিও মাতে! ৰঙিলীৰ কথাত হয়ভৰ দিয়া মানে কথাই কি ৰূপ লৈ মানুহৰ কাণ চোৱেগৈ ঠিকনা নাই!
”ছলিৰ মাকে ঘুমাবা সময় পাৱেই নিকি? হাইহালখান তায়ে সামাৰেই মই এনেইহে ইফাল–সিফাল কৰি থাকোঁ।” —–
নাদুকী বুঢ়ীয়ে কথাষাৰ কৈ মুখখন ঘূৰাই থ’লে।
ৰঙিলীয়ে ছাগলী খুঁটিটো গোৰোহাটোৰে যিমানলৈকে পাৰে হেঁচি হেঁচি পুতি থৈ নিজ বাট ল’লে। জেওৰাখনৰ কাষতে ছাগলীজনী থৈ যেন বুঢ়ীৰ ওপৰতে খংটো জাৰিলে!
জেওৰাখনৰ কাষতে ছাগলীজনীকনো কি ভিটামিন খাবলৈ থৈ গ’ল বুঢ়ীয়ে বুজি নাপালে। তেওঁ ওচৰতে পৰি থকা কঁঠালৰ ঠানি এটা তাইলৈ আগুৱাই দিলে। নহ’লে জেওৰাখন মহতিয়াই তাই কোন দেশ পাবগৈ ঠিকনা নাই!
মানুহজন ঢুকুৱাৰেপৰা পুতেক–বোৱাৰীয়েকৰ ওপৰতেই তেওঁৰ ভৰসা। সিহঁতহালৰ লগত মিলি থাকিয়েই তেওঁ সুখ পাইছে। সেয়েহে উচটাই জোল খোৱা মানুহজাকৰপৰা সাত হাত দূৰত থাকে তেওঁ। নিজৰ বুলিবলৈ ঘৰখন থকাটোও তেওঁ ভাগ্যৰ কথা বুলিয়েই ভাবে। পৰিয়ালটো সামৰি লোৱাটো নিজৰ কথা। দুদিনৰ চিনাকিতে ল’ৰাটোক সামৰি–সুতৰি লোৱা বোৱাৰীজনীক বেয়া বুলিবলৈ সতেই নাযায় তেওঁৰ!
সৰুতেই পঢ়া–শুনা এৰাৰেপৰা উদঙীয়া হোৱা ল’ৰাটোৱে ঘৰ লৈ সংসাৰৰ বাট বুলিছে। আৰুনো কি লাগে! দেহাটোৱে আমনি নিদিলে তেওঁ লোকক দিগদাৰি দি বেয়াই পায়।
দুপৰবেলা পুতেকেও দোকানৰ সমুখৰ বাঁহৰ চাঙখনতে গাটো এৰিছে। দুপৰীয়াটোৱে ৰু–ৰুৱাই নিজানৰ গান এটাকে গাই থকা যেন লাগিছে।
মানুহজন গুচি যোৱা বহু বছৰ পাৰ হৈ গ’ল। আপদীয়া জ্বৰটো নোহোৱা হ’লে মানুহজন আজিও জীয়াই থাকিলহেঁতেন বুলিয়েই তেওঁ ভাবে। জীৱনৰ বিয়লি বেলাত একেলগে অতীত সোঁৱৰাৰ সৌভাগ্য তেওঁলোকৰ নহ’ল। তথাপি তাহানিৰ দিনবোৰ এতিয়াও সেউজ হৈ আছে তেওঁৰ দুচকুত। খেতিৰ ধানেৰে নদন–বদন ঘৰখনৰ বৰ বোৱাৰী হৈ আহিছিল তেওঁ। আগফাল–পাছফাল চম্ভালি লওঁতে বৰ বেছিদিন লগা নাছিল তেওঁৰ।
বয়সনো কিমান তেতিয়া! ষোল্ল কি সোতৰ! মানুহটোৰ সতীয়া মাকজনীৰ ল’ছালিকেইটা তেনেই পেন্দুকণা। নিজৰ মাকজনীয়ে এৰি যোৱাৰ পাছত নতুন মাকজনীৰ বাবে ‘ডাঙাৰ বাপা’ হোৱা মানুহটো বয়সতকৈ আগতেই পৈণত হৈছিল। নতুন মাকজনীৰ ওচৰত যেন ডাঙৰ হ’বলৈ বাধ্য হৈছিল নিজৰ মাকৰ আঁচলত ধৰি ফুৰা ল’ৰাটো! খেতি–খোলা চম্ভালাৰ সমস্ত দায়িত্ব মানুহটোৰ ওপৰত। সেয়েহে বিয়াখনো সোনকালে পাতি দিয়া হৈছিল। নতুন মাকে নিজৰ পেন্দুকণাবোৰ চম্ভালোতেই দিন গৈছিল আৰু বৰবৌ হৈছিলগৈ ঘাই ৰান্ধনী। কথাবোৰ ভাবিলে এতিয়া সাধুকথা যেনেই লাগে। কি শুদ্ধ কি অশুদ্ধ বিচাৰ কৰাৰ সময় নাছিল সেয়া।
পুৰুষে ঘৰ ধৰিব নজনাটোৱেইটো নিয়ম আছিল! খুপি খুপি খোজ দিছিল তেওঁ জীৱনৰ নতুন বাটেৰে। মানুহটোতকৈ ঘৰখনৰ দায়িত্ববোৰহে যেন বেছি আপোন হৈছিল!
ক’তো অকণো ভুল নোহোৱাকৈ অপৈণত খোজবোৰ পৈণতকৈ দিবলৈ তেওঁ বাধ্য হৈছিল। জাকৰুৱা ঘৰখনত তেওঁ বৰবৌ হৈছিল।
হাইহালখন বৰবৌৰ হৈছিল। পানী থোৱা ডাঙৰ কলহটো ৰাতিপুৱাতে বৰবৌৱে ভৰাইছিল। পুৱতিনিশাতে তেওঁ ঢেঁকীশালো জুৰিছিল।
ভাতৰ চাউল, পথাৰৰ জলপানৰ চাউল, লাৰু–পিঠা আৰু কত কি! তেনেকৈয়ে এহাল ল’ৰা–ছোৱালীৰ মাক হৈছিল বৰবৌ। জন্মতে নিশকতীয়া ল’ৰাটোৱে ফুটা–নুফুটা মাতেৰে মাকক মাতিছিল ব–বৌ। ওজন একেবাৰে কম হোৱা বাবে তাৰ নাম হৈছিলগৈ পুনু! ছোৱালীজনীৰ গঠনটো ভালেই আছিল। বৰবৌৱে সকলো ভাগ্য বুলি মানি লৈছিল।
তেওঁৰ নিজৰ ওপৰত অন্যায় হৈছিল বুলি ভাবিবলৈ আজিও মন নাযায়। কাৰণ তাহানিৰ দিনবোৰৰ জীৱনধাৰা তেনেকুৱাই আছিল। নাৰীয়ে নিজাকৈ সপোন দেখিব পৰা সময় নাছিল সেয়া!
কোনোমতে নামটো লিখিব জনা মানুহটোৰ ভায়েক–ভনীয়েকবোৰ কলেজ পাইছিলগৈ। দায়িত্ববোৰ বাঢ়িছিল। নিশকতীয়া পুনুক সৰুৰেপৰা বৰকৈ কোনেও মন দিব পৰা নাছিল।
সময়নো ক’ত? বিধে বিধে সকলোকে ৰান্ধি খুওৱা মানুহজনীৰ ল’ৰাটোৱে মাকৰ যতনৰ নামত পিটিকি খুওৱা ভাতকেইটাৰ বাহিৰে একো নোপোৱাকৈয়ে ডাঙৰ হৈছিল। পুনু গাত থাকোঁতে হাইহাল ঢেঁকীশাল মানুহজনীৰ মূৰত জাপি দিয়া মানুহবোৰে পুনুৰ বেমাৰৰ কাৰণবোৰ কাহানিও নুবুজিলে।
: বৰবৌ আজি মাহৰ দাইল ৰান্ধিবচোন।
: বৰবৌ আজি হাঁহৰ মাংস ৰান্ধিবাচোন।
: বৰবৌ বহুদিন পিঠা খোৱা নাই—অজস্ৰ আবদাৰত ডুবি আছিল বৰবৌ।
ল’ৰাটোৰ বুজা শক্তিখিনিও যেন বয়সৰ লগেলগে নবঢ়া হৈছিল। ক’ৰবাত যেন সি যতিচিহ্ন এটা হৈ ৰৈ গৈছিল। দুশ্ৰেণীমান পঢ়াৰ পিছত সি স্কুললৈ যাবলৈ মন নকৰা হৈছিল। বৰবৌৱে সকলো ঈশ্বৰৰ খেল বুলি মানি লৈছিল। লাহে লাহে ননদকেইজনীৰো বিয়া হৈছিল। দেওৰকেইজনেও সংসাৰ মেলিছিল। সকলোৱে নিজৰ ভৰিত খোপনি পুতিছিল। বৰবৌৰ বয়সটোহে যেন বৰ সোনকালে বাঢ়িছিল। কিন্তু বৰবৌৰ দায়িত্ববোৰ কমি যোৱা নাছিল। ভাগিন–ভাগিনীবোৰে গৰমৰ বন্ধ অথবা শীতৰ বন্ধত ডাঙৰ মামীৰ হাতৰ জুতি বিচাৰি অহাটো নিয়মেই হৈছিল! উলাহত উৰি ফুৰিছিল তেওঁ সেইকেইদিন। মামীৰ হাতৰ মাংস..মামীৰ হাতৰ লাৰু–পিঠা… বহুদিনলৈ মনত পেলাইছিল সিহঁতে। পাকঘৰটো ভাগ কৰাৰ কথা ভাবিব পৰা নাছিল কোনেও। কিন্তু ৰান্ধনীঘৰত সোমোৱাৰ সাহসো কৰা নাছিল কোনেও। বৰবৌ আছেই! জামেলা নোহোৱা মানুহ! জাঁকেইগৰাকীয়ে ল’ৰা–ছোৱালী পঢ়োৱাৰ নামত পাকঘৰৰপৰা মূৰপোলোকা মৰাটোৱে নিয়ম হৈছিলগৈ। ৰাতিলৈ তেওঁৰ কঁকালখন টানি ধৰিছিল। জীয়েকে বকিছিল। এনেকৈ লগে খাই থকাতকৈ বেলেগ হোৱাই ভাল। বৰবৌৱে তাইৰ মুখত সোপা দিছিল! মুখৰ লাগ–বান্ধ নাইকিয়া বুলি এজাউৰি বকিছিল। বৰবৌৱে খৰখেদা কৰিব নোৱাৰা হোৱাৰপৰা ভতিজাকেইটাও ৰাতিপুৱা সুদা পেটে যায়গৈ। মানুহবোৰে ভোৰভোৰাই থাকি নিজে নিজে চৰু জুৰিব পৰা হয়গৈ। বৰবৌৰ হালি পৰা কঁকালেৰে হেনো বহু দেৰি হয়! বৰবৌৰ পৰিয়ালটোৰ ভাতসাজৰ কথাহে কাৰো ভাবিবলৈ সময় নহয়! জীৱনটো ভাতেই ৰান্ধি পাৰ কৰা মানুহজনীয়ে যেনেতেনে ভাতসাঁজ ৰান্ধি খুৱাওতেই হাঁহাকাৰ দেখিছিল। ছোৱালীজনী সৰুতেই বুজন হৈছিল। অভাৱত ল’ৰা–ছোৱালীকেইটাৰ আব্দাৰবোৰ হুমুনিয়াহ হৈ মিলি গৈছিল। আইজনী মাকৰ সকাহ হ’ব পাৰিছিল। জাকৰুৱা পৰিয়ালটোত বাকীবোৰৰ উপাৰ্জন বাঢ়িছিল আৰু বৰবৌহঁতৰ পৰিয়ালটোত খৰচবোৰে মুখ মেলিছিল। দুকোঠলীয়া ঘৰটোত সংকুচিত হৈ পৰিছিল পৰিয়ালটো। তেওঁলোকে পুৰণি ডাঙৰ পাকঘৰটো সৰু কৰি লৈছিল। ডাঙৰ পানীৰ কলহটো স্মৃতি হৈ তাতেই থাকি গৈছিল। সৰু সৰু পাকঘৰবোৰত মানুহবোৰে সকাহ পাইছিল! গেছত ৰন্ধা–বঢ়া কৰি বিলাসী বিলাসী ভাব এটাও মানুহবোৰৰ মনলৈ আহিছিল। বৰবৌৱে খৰি বিচাৰি হাবি–বন মহতিয়াই ফুৰিছিল। জুহালৰ পৰম্পৰাটো বৰবৌৱে যেনেতেনে ধৰি ৰাখিছিল। আলুটো কঁঠালগুটিটো পুৰিবলৈ ল’ৰাখন জুহাললৈ আহিহে শান্তি পাইছিল! ল’ৰা–ছোৱালীহালে নুবুজি নুবুজি ঢেৰ কিবাকিবি বুজিছিল। সিহঁতে আনৰ পাকঘৰবোৰত ভূমুকি নমৰা হৈছিল। নিশকতীয়া ল’ৰাটোৱে ঢুকি নোপোৱা বয়সতে বাপেকৰ খেতি–খোলাত সহায় হৈছিল। মানুহবোৰে খেতিভাগ বৰজনাই কৰিব বুলিয়েই ধৰি থৈছিল! পিছলৈ মাটি ছন পেলোৱা বুলি বৰজনাৰ বদনাম হৈছিল। বৰজনাই চবকাত যোৱা গৰুহালৰ কথা ভাবি চকুপানী টুকিছিল। বাকীবোৰৰ ঘৰবোৰ নতুন হৈছিল। গাঁওবোৰ চহৰ হোৱাৰ অনুশীলন আৰম্ভ হৈছিল। চাকৰিয়াল হোৱা বাবেই জীৱনশৈলীও ক্ৰমাৎ উন্নত হৈছিল। পিয়নৰ চাকৰি কৰা ডাঙৰ ভায়েকে ঘৰলৈ টিভি আনিছিল। মানুহখনে সন্ধিয়া হ’লেই জুমুৰি খাই ধৰিছিল সিহঁতৰ ঘৰত। বৰবৌৱে হাঁহি হাঁহি মজিয়াতে বহি টিভি চাইছিল। ইমান ধুনীয়া মানুহো থাকেনে? নিজৰ ফাটমেলা গোৰোহাটোলৈ চাই বৰবৌৱে ভাবিছিল। ফটাকানিৰ বিছনাত বৰবৌৱে সপোন দেখিছিল নতুনৰ পোহৰৰ। ছোৱালীজনীৰ গাঁৱখনৰ সিমূৰৰ ৰজতৰ লগত মন মিলিছিল। বৰবৌৱে দেৰি কৰা নাছিল। ঘৰ ধৰা ছোৱালী। কিহৰ পলম! বিয়াখন পাতিবলৈ লৈহে তেওঁ ত্ৰিভুৱন দেখিছিল। সকাহ বুলি ভাবি থকা মানুহবোৰে নিৰাপদ দূৰত্বত অৱস্থান কৰিছিল। অলংকাৰ পিন্ধি ভাল পোৱা ছোৱালীজনীক সোণৰ কিবা এপদ দিবলৈ বৰবৌৱে মানুহবোৰৰ হাতে–ভৰিয়ে ধৰিছিল; পিয়ন ভায়েকে চেইন এডাল দিছিল। উলিয়াই দিয়াৰ পৰত ভায়েকৰ মানুহজনীয়ে তাইক আশীৰ্বাদ এটাও দিবলৈ ওলাই অহা নাছিল। অৱশ্যে তাক লৈ তেওঁৰ এতিয়া কোনো আক্ষেপ নাই। মানুহজনে যেনে তেনে জোৰা মাৰি টানিছিল সংসাৰৰ। পুনুৱে উজনিৰ ছোৱালী এজনী ঘৰ সুমুৱাইছিলহি। মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ অহা ছোৱালীজনী এদিন হঠাৎ তাৰ লগত গুচি আহিছিল। কি পালে জানো তাই পুনুৰ মাজত! মাতে–কথাই বৰ সাদৰী ছোৱালীজনী। বৰবৌৱে যেন সকাহহে পাইছিল তাইক লৈ অনাত! কাঁজী ছোৱালীজনীয়ে অলপ হ’লেও ঘৰখন পোহৰাব পাৰিছিল। হাঁহ–কুকুৰা পুহি জোৰা মাৰিছিল। ল’ৰাটোৱে পদূলিমুখত দোকানখনো দিছিলগৈ। হালি পৰা কঁকালটো পোন হোৱা যেন লাগিছিল বৰবৌৰ। নাতিপোৱালিটোৰ খিলখিল হাঁহিয়ে ঘৰখন মুখৰ কৰিছিল। খেৰি ঘৰটোত টিনপাত লাগিছিল। বোৱাৰীজনীয়ে বোৱা কাপোৰৰ ব্যৱসায়টোৰে ঘৰখন নতুন কৰিবলৈ হেঁপাহ কৰিছে। পুনুৱে দোকানখনত দুই এপদ নতুন বস্তুও ভৰাইছে। চহৰলৈ নোযোৱাকৈয়ে বস্তুকেইপদ পাই মানুহবোৰেও ভাল পাইছে। চেণ্টৰ বটলটো, ক্ৰীমটো বিচাৰি অহা গ্ৰাহক বেছি হৈছে। ল’ৰাকণক ভাল স্কুল এখনত দিবলৈ সপোন এটা জাগে পুনুৰ মনত। নাদুকী বুঢ়ীয়েও জীয়ন দিয়ে সপোন এটা; নাতিটো মানুহ হোৱাৰ, নিজে ঢুকি নোপোৱা হেঁপাহবোৰ চুব পৰাকৈ ওখ মানুহ হোৱাৰ। পুখুৰীৰ পাৰৰ চিলমিল টোপনিতো ৰ’দঘাই সপোনটোৱে তেওঁক যেন হেঁচুকি থৈ যায় …
দুপৰৰ বেলিটোৱে লাহেকৈ ভাটি দিয়ে… ৰ’দজাক অকণমান কোমল হয়..ছাগলী পোৱালিটোৰ পিছে পিছে নাতিটোৱে থুপুক–থাপাককৈ চোতালৰপৰা পুখুৰীৰ পাৰলৈ থকা সুৰসুৰীয়া বাটটোৰে আইতাকৰ ওচৰলৈ ঢাপলি মেলিছে। তাৰ পিছে পিছে বোৱাৰীজনী।
: মা আহক। গোটেই দুপৰীয়াটো ইয়াত থাকিবলৈ আপোনাক সদায় মানা কৰোঁ!
সাদৰী ছোৱালীজনী মোৰ! বুঢ়ীয়ে মনতে মিচিকিয়াই থয়। হাঁহজাক পানীৰপৰা সামৰি আটাইকেইজন ঘৰমুখী হয়। হাঁহৰ জাকটোৰ পিছে পিছে কণমানিটোৰ থুপুক–থাপাক খোজ, পিছে পিছে মাকৰ খৰখেদা খোজ আৰু একেবাৰে শেষত নাদুকী বুঢ়ী। কাষে কাষে অকণমানি ছাগলীৰ উছাহৰ জাঁপটোৰে যেন এটা ধুনীয়া আবেলি। নতুনৰ প্ৰতিশ্ৰুতিৰে বেলিটোৱে তেতিয়া হেঙুলীয়া বৰণ লৈছিল।
***********
টোকা:
গল্পটোত ব্যৱহৃত দৰঙী উপভাষাৰ শব্দাৰ্থসমূহ:
কচ্ছা>>কৰিছা
চানাগিটা>> পোৱালিকেইটা
ৰখচু>> ৰখি আছোঁ
বৰী>> বোৱাৰী
ঘুমেই>> শুই
হাইহাল>>পাকঘৰ
ছলি>>সৰু ল’ৰা–ছোৱালী