অবিশ্বাস্য
অনুবাদ: উপাশা ভাগৱতী
মূল: আশাপূৰ্ণা দেবী
এটা হাত কিলাকুটিৰ ওপৰতে কটা। তথাপি, বাকী হাতখনেৰেই সি ভেল্কি খেলে।
জোতা চিলাই কৰাৰ পৰা চণ্ডীপাঠলৈকে, নোৱাৰা কাম তাৰ একোৱেই নাই।
অৱশ্যে, তাকে নকৰি তাৰ আন উপায় আছে জানো?
ঘৰত ল’ৰা–ছোৱালী বুলিবলৈ কোনো নাই।
বাহিৰৰ মানুহ ৰাখিবলৈয়ো ইমান পইচা ক’ত আছে?
আগেয়ে যি কি নহওক, চাকৰি এটা কৰিছিল। এতিয়াতো পেঞ্চনো হৈ গ’ল।
যেনে দান, তেনে দক্ষিণা। যেনে চাকৰি তেনে পেঞ্চন।
ৰন্ধাৰ পৰা গুলিসূতা পকোৱা পৰ্য্যন্ত সকলোবোৰ পাৰে বুলিয়েই কাৰো ওচৰত হাত পাতিবলগীয়া নহয় সাধন দত্তৰ।
কি অৰ্থৰে, কি সাৰ্মথ্যৰে বহুদিন আগতে দত্তৰ পেহীয়েকজনী তেওঁৰ লগত থাকিবৰ বাবে ওলমি পৰিছিলহি জানো!
কৈছিল, “ল’ৰা পোনা, দুয়ো সাজেই ৰন্ধা ভাত নাপাবিনে? তাৰ ওপৰতে আকৌ ভগৱানেও মাৰিছে –”
সাধন দত্তই মনে মনে কৈছিল, ‘ভগৱানে মাৰিছে বুলিয়েই সকলোয়ে মিলি মাৰিবা? ৰক্ষা কৰা বাবা! ৰন্ধা ভাতৰ চৰণত দণ্ডৱৎ। সুখতকৈ স্বস্তিয়েই ভাল।’
মুখেৰে কিন্তু কৈছিল, “কোৱা কি পেহীদেউ? তুমি বুঢ়া হৈছা। তোমাৰ সেৱা খোৱাৰ বয়স ক’ত? সেয়াই নহয়, ময়েই বুঢ়া হৈ তোমাৰ কি সেৱা খাম?
মোৰ যি কি নহওক, এখন হাত আছে, দুটা ভৰি আছে। পেট ভালকৈয়ে ভৰাব পাৰিম।
তুমি কালিয়েই এই গঙ্গা এৰি দেশলৈ ঘূৰি যোৱা।”
কোৱা বাহুল্য, ইমান ডাঙৰ অপমানৰ পিছত আৰু পেহীদেউৱে থাকিব নোৱাৰিলে ।
সেই দিনাৰ পৰাই সাধন দত্তই সেই এখন হাতেৰেই ভেল্কি খেলি আছে।
এতিয়াতো কেৱল ঘৰৰ কাম।
অফিচ থাকোঁতে সহকৰ্মীবোৰে অবাক হৈ প্ৰশংসা কৰে, “বাপৰে, দত্ত, তুমি এটা হাতেৰেই কিল্লা মাৰিব পাৰা! আমি সন্ধ্যালৈকে খাটিও টেবুলৰ পাহাৰ জমা হৈয়েই আছে। আৰু তোমাৰ চাৰি নাবাজোতেই টেবুল খালী?
ইমানবোৰ ফাইল ইয়াৰ মাজতেই শেষ কৰিব পাৰিলা?”
সেয়া পাৰে সাধন দত্তই।
তথাপি, বেছি কথা নকৈ কেৱল হাঁহে। বৰ জোৰেৰে কয়, “সোঁহাতটো আছে নহয়! সেয়ে ৰক্ষা।”
সাধন দত্তই বেছি কথা কেতিয়াও নকয়। যেতিয়া কেৱল ‘সাধন’ আছিল। যেতিয়া তেওঁৰ তেজ আছিল চঞ্চল, চকুৰ দৃষ্টিত আছিল চুলবুলনি, তেতিয়াও মুখেৰে কথা কম কৈছিল।
এতিয়া, সেইবাবেই আড্ডা দিবলৈ বন্ধু গোটাব নোৱাৰে। কাম–কাজৰ লঘু, অসাৰ দিনবোৰত অকলে অকলে ইফালে সিফালে ঘূৰি ফুৰিলে। হয়তো, কেতিয়াবা বালিগঞ্জৰ ৰেলত উঠি ঢাপলি মেলে যাদবপুৰলৈ, কেতিয়াবা শিয়ালদহ ষ্টেচনৰ পৰা সোদপুৰ–খড়দা–শ্যামনগৰলৈ।
ৰাতিপুৱাই খোৱা বোৱা কৰি ওলাই যায় আৰু সমগ্ৰ দিন কটাই ৰাতিৰ ফালে ট্ৰেইনত ঘুৰে।
সকলো সময়তে টিকেট কিনেই। অপবাদ দিব পৰা নাযায় সাধন দত্তক।
আজিলৈকে সেইবাবেই অপমানিত হোৱা নাই তেওঁ। য’তেই হওক, ল’ৰা–পোনাৰ বুদ্ধি আৰু কৌশল।
কৌশলেৰে খেলিবলৈ গৈয়ে হেমাঙ্গিনী সিদিনা হাতে লোটে ধৰা পৰিল। অৱশ্যে, সেয়া যে সদ্য নতুন, তেনে নহয়। সেই আকালৰ বছৰটোৰ পৰা বিনা টিকটে তেওঁ যাত্ৰা কৰিছে।
তেতিয়া তেনে এটা দলেই আছিল। পুঁটি, কালোৰ মা, নলিনী, হৰিদাসী আৰু এই হিমি। চাল–ছলনাৰ ব্যবসায় কৰি তেওঁ তেতিয়া ফোপাই উঠিছিল।
এতিয়া আৰু ব্যৱসায়ৰ সেই বোলবালা নাই। তদুপৰি, হিমিক এতিয়া বেমাৰে ধৰিলে। জ্বৰে জ্বৰে দেহা ঝৰঝৰ হৈছে। সেইবাবে, হস্পিতালত দেখাবৰ বাবে হিমি কলিকতালৈ আহিছিল।
তেওঁলোকৰ লগত দলনকাৰীবোৰো হস্পিতালত আছে।
কিন্তু, সেই ঠাইৰ আইন বৰ কাঢ়া। কাৰখানাৰ কুলি–কামলাৰ বাহিৰে কোনেও ঔষধ নাপায়।
পিন্ধনত বগা ধকধকীয়া নৰুন পাৰীৰ ধূতি, গাত সৰু ডিঙিৰ চেমিজ, বগা ওৰণিৰে মেৰিওৱা ভদ্ৰ বিধবাৰ দৰে শান্তভাৱেই বহিছিল হেমাঙ্গিনী।
তথাপি, আৰোহীজনে অস্ফুট কণ্ঠেৰে কৈ উঠিল, “এইবোৰ হৈছে বিনা–টিকেটৰ পেচেঞ্জাৰ। অথচ, বহিছে চোৱা গাঁথি লগাৰ দৰে।”
কাষৰে, তাৰো কাষৰবোৰে আৰু কিছুমানে অষ্ফুটকৈ প্ৰশ্ন কৰিলে। পূৰ্বৰ বক্তাই তেতিয়ালৈ শ্ৰুতি গোচৰ হোৱাকৈ ক’লে, “এইটোয়েই পেছা। এওঁ কি আজিকালি এই লাইনেৰে অহা যোৱা কৰিছে? বহুকালৰ পৰা কৰিছে। কেতিয়াওতো দেখা নাপালো —”
সাধন দত্তই হা কৰি সেইফালে চাই আছিল। তেওঁৰ নিজৰেই যে টিকেট নাই, সেয়া তেওঁৰ খেয়াল নাছিল। অবাক হৈ ভাবিছিল, মানুহজনীতো আগে–গুৰিয়ে চাদৰ মেৰিয়াই মূৰটো ওৰণিৰ আঁৰ হৈ থকাত সাধন দত্তই ইমান সময়ে চাই থাকিও আৱিষ্কাৰ কৰিব নোৱাৰিলে এওঁৰ সৰ্ম্পূণ মুখখন কেনেকুৱা। অথচ, মানুহ দুজনে কেনেকৈ ধৰা পেলাইছে যে তেওঁৰ টিকেট নাই?
মূৰ্তিটোৰ ধৰণ–কৰণ দেখি ভাব নহয় যে এওঁলোকৰ কথা তেওঁৰ কাণত পৰিছে। ৰক্ষণশীল ভদ্ৰঘৰৰ বিধবা মহিলাৰ দৰেই মনে মনে বহি আছে খিৰিকিৰ পিনে চাই। কিন্তু, কাষৰজনে এমোকোৰা হাঁহিৰে লৰিচৰি থিয় হৈ অলপ আঁতৰি আহি কৈ উঠিল, “আপোনাৰ টিকেট আছে নে?”
কাষৰ এজনে চাৰ্টৰ কোণত ধৰি উদাৰ কণ্ঠেৰে কৈ উঠে, “যাবলৈ দিয়া না, দাদা! তোমাৰেই বা কি, আমাৰেই বা কি? কোম্পানী কা মাল, দৰিয়া মে দাল।”
ভদ্ৰলোকে কাপোৰৰ কোণটো এৰুৱাই লৈ কৈ উঠিল, “উহু, এইটো ঠিক নহয়। এয়া হৈছে কাপুৰুষতা। দুৰ্নীতিক প্ৰশ্ৰয় দিয়া। আমি প্ৰত্যেকেই এই বিষয়ে উদাসীন বুলিয়েইতো দেশখনত ইমান দুৰ্নীতি! শুনিছেনে, টিকেট আছেনে আপোনাৰ?”
অৱগুণ্ঠিতাৰ অৱগুণ্ঠন ঈশৎ উন্মুক্ত হ’ল। ভাব হ’ল, কিবা ক’ব। কিন্তু, নক’লে। ওৰণিখন টানি লৈ আকৌ ঘূৰিহে বহিল।
দূৰ্নীতি দমনকাৰী কিন্তু নাছোড়বান্দা।
তেওঁ এইবাৰ প্ৰায় ধমকিৰ সুৰতে কৈ উঠিল, “কথা ক’বলৈ নাজানা নেকি? বোবা?”
কোৱা বাহুল্য, হেমাঙ্গিনীক বাৰে বাৰে আপুনি বুলি কৈ থকা তেওঁৰ পক্ষে সম্ভৱ নহয় কাৰণ এই সুযোগতে তাইৰ চালচলনৰ ইতিহাস তেওঁ শুনি লৈছে।
ধমকিৰ সুৰ শুনি হেমাঙ্গিনীয়ে উচাট মাৰি ঘূৰি বহিল। তীব্ৰ সুৰেৰে তাই কৈ উঠিল, “প্ৰশ্ন সুধিবলৈ তুমি কোন, বাচা? তুমি চেকাৰ বাবু নেকি?”
“মই কোন?” বজ্ৰকণ্ঠেই ক’লে। “কলিকতালৈ ব’লা!জানিব পাৰিবা মই কোন!”
সাধন দত্তই বিস্ফোৰিত নেত্ৰে এই অভিনয় চাই আছিল। তাৰ দেহৰ প্ৰতিটো নোমকূপ যেন দৃষ্টিপ্ৰদীপ হৈ জ্বলি উঠিছিল।
কিন্তু, এয়া কি, এয়া কি! গাড়ীৰ আৰু পাঁচজনে অৱশ্যে এই ফাঁকিটো সহজেই ধৰিব পাৰিলে।
হেমাঙ্গিনীয়ে যেন ভয় খাই গ’ল।
হয়তো, শাৰীৰিক শক্তিহীনতাৰ কাৰণেই। হয়তো বা, এনেদৰে অহাৰ অভ্যাস একেবাৰেই নাই বাবে।
তাই অসহায়ৰ দৰেই এবাৰ গাড়ীৰ আৰোহীবোৰৰ মুখৰলৈ চাই থাকিল।
তাৰপিছত হাঁহি মাৰি সাধন দত্তৰ পিনে চাই চাই কৈ উঠিল, “দেখিছা, দেৱৰ বোপা, মানুহটোয়ে মোক অনাহকত কিদৰে অপমান কৰিছে?”
দেৱৰ বোপা!
এই আকস্মিক সম্বোধনৰ কৌতুক–ৰহস্যত গাড়ীখনৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ হাঁহিৰ ঢৌ এটা বৈ গ’ল। যিসকল ৰীতিমতে ভদ্ৰ, তেওঁলোকে কাহিবলৈকে আৰম্ভ কৰিলে।
সাধন দত্ত কিন্তু নিৰ্বিকাৰ। সি উঠি আহিল আৰু গম্ভীৰভাৱেই ক’লে, “দেখিছোঁ আৰু, সৰু বৌ। কেৱল মনে মনে আছোঁ ভদ্ৰলোকৰ ধৃষ্টতাৰ সম্ভাৰ শেষলৈকে চাবৰ বাবেহে।”
নীতিবাগীশজনৰ ফালে এইবাৰ এক গভীৰ দৃষ্টি নিক্ষেপ কৰিলে সাধন দত্তই।
এইবাৰ ভদ্ৰলোকৰ আমঠু শুকাই গ’ল। তথাপিও, তচনচ কিন্তু নহ’ল।
জ্বলন্ত দৃষ্টিৰে এবাৰ চাই তিক্ত ব্যঙ্গৰ স্বৰেৰেই তেওঁ কৈ উঠিল, “ভাল তেতিয়া হ’লে, দেৱৰ বোপা। আপুনিয়েই কওকচোন সৰু বৌক, দয়া কৰি, টিকেটটো দেখুৱাবলৈ!”
এইবাৰ আৰু চেপা হাঁহিৰ ঢৌ নহয়। ৰীতিমতেই হাঁহিৰ ৰোল উঠিল। অবাধ উন্মুক্ত, অনেক ধৰণৰ হাঁহি। ভদ্ৰ, সভ্য, পৰিচ্ছন্ন ব্যক্তিসকলৰ মাজৰ পৰা ইতৰলৈও কোমেও উকি একোটা নামাৰি থাকিব নোৱাৰিলে এই অপৰূপ কৌতুকটো শুনি।
সাধন দত্তই পিছে বেছি কথা নকয়। তথাপিও, এতিয়া ক’লে। মানে, থিয় হৈ ভদ্ৰলোকৰ ফালে পোনে পোনেই চাই তেওঁ ক’লে, “যিটো প্ৰশ্ন এওঁ কৰিছিলে, সেইটোয়েই মই কৰিছোঁ। টিকেট চোৱাৰ অধিকাৰ আপোনাৰ আছেনে? আপুনি ৰেল কোম্পানিৰ প্ৰতিনিধি নেকি?”
‘যাবলৈ দিয়ক, দাদা, যাবলৈ দিয়ক’ বুলি ওপৰৰ ভদ্ৰলোক এজনে সাধন দত্তৰ হাতৰ কাপোৰখনত ধৰি বহুৱাবলৈ গৈ কিন্তু চমকিহে উঠিল।
“কি, দাদা! হাতখন ক’ত?”
দীঘল হাতৰ ডাঠ পাঞ্জাৱীটোৱে ইমান সময় যি সত্যক আঁৰ কৰি ৰাখিছিল, হিতকাৰীজনৰ সেই হিত প্ৰচেষ্টাৰ ফলত সত্যটো প্ৰকাশ হৈ গ’ল।
“হাতখন নাই।”
অস্ফুট এটা আৰ্তনাদৰ দৰেই সমস্ত আৰোহীসকলৰ মুখেৰে উচ্চাৰিত হ’ল সেই কথাটো।
সাধন দত্তই পোনকৈ থিয় হৈ গম্ভীৰভাৱে ক’লে, “নাই, দাদা। ভগৱানে মাৰিছে। আপোনালোকক দুখনকৈ হাতৰ লগতে নখ দাঁত, শিং, ইমানবোৰ সম্পত্তি দিছে ভগৱানে। আৰু, মোক দুখন হাতৰ পৰাও আক’ এখন কাটিহে নিছে। আহা, সৰু বৌ, নামা! দৰকাৰ হ’লে ৰেলৰ অফিচত গৈ টিকেট জমা দিম।”
ট্ৰেইনখনে ইতিমধ্যে ষ্টেচন চোওঁ, চোওঁ হৈছিলেই। লেহেম গতিৰ ট্ৰেইনখনৰ পৰা নামি পৰিল সাধন দত্ত।
আচৰিত কথা, পিছে পিছে হেমাঙ্গিনীও বিনা প্ৰতিবাদেই নামি পৰিল।
ইমানপৰে গাড়ীত কি ঘটিল, সেই কথা থাওক। এওঁলোকৰ কথাই হওক।
প্ৰথম কথা, হেমাঙ্গিনীয়ে বেদনা আৰু বিস্ময় মিহলি মাতেৰে ক’লে, “হাত কটা গ’ল কেনেকৈ?”
“ডাক্তৰৰ ছুৰিৰে” সাধন দত্তই ক’লে।
“আহহা, সেয়াতো বুজিলোঁ। কিন্তু, হৈছিল কি? “
সাধন দত্তই এক চেকেণ্ড ৰৈ মিচ্ মিচকৈ হাঁহি ক’লে, “সেয়া এক ইতিহাস! পিছত হ’ব সেইবোৰ কথা। কিন্তু, কথা হৈছে, এই লাইনত তুমি প্ৰায়েই আহা নেকি?”
প্ৰায়ে অহাৰ মাজত চাল–ছলনাৰ ইতিহাস আছে। সেইবাবে হেমাঙ্গিনীয়ে অপৰূপ ভঙ্গীত তাচ্ছিল্যৰ হাঁহি এটা মাৰি ক’লে, “প্ৰায় আকৌ কেনেকৈ? সময় সাপেক্ষে।”
সাধন দত্তই আকৌ হা কৰি চাই ৰ’ল।
এতিয়াও এইদৰেই হাঁহে হেমাঙ্গিনীয়ে। হাঁহিব পাৰে।
ছোৱালী মানুহৰ বয়স নাবাঢ়ে নেকি? কিমান বয়স হ’ল হেমাঙ্গিনীৰ? চল্লিশ? বিয়াল্লিশ?
পাগল! বিয়াল্লিশ পাৰ হৈ আহিছে কোন কাহিনীয়েই। দহ বছৰ আগতেই।
মনে মনে নিজৰ বয়সটো এবাৰ হিচাপ কৰি লৈ নিশ্চিত হ’ল সাধন দত্ত। অথচ এতিয়াও বাইছ বছৰীয়াৰ দৰে মুখ টিপি হাঁহিব পাৰে হেমাঙ্গিনীয়ে। যি হাঁহিৰ জুইত সাধন দত্ত —–
হেমাঙ্গিনীৰ কথাৰ ঠেলাত চমকি উঠিল সাধন।
“তুমি যে দেখিছোঁ, একেবাৰে বুঢ়া হৈ গৈছা! মানুহজনীয়ে যত্ন নকৰে বোধহয়?”
“ক’ত আৰু?”
সাধন দত্তই মুখ টিপি টিপি হাঁহিবলৈ চেষ্টা কৰিলে। তেনে কৰাত কেৱল মুখৰ পেশীবোৰ অলপ কোঁচ খাই গ’ল।
মুখখন আৰু অলপ বিকৃত দেখালে।
“আচ্ছা, মই গৈ দুটামান কথা শুনাই দিম। পুৰুষৰ শৰীৰ অযত্নত টিকি থাকে নে? ল’ৰা–ছোৱালী কেইটা?”
“একো নাই।”
“আ! ল’ৰা–ছোৱালী হোৱা নাই? ’’
“নাই।”
“আঃ কপাল!”
“কপালতো ভালেই।” সাধনে কলে।
“ধেই, পাঁচটামান ল’ৰা–ছোৱালী নহ’লে কেনেকৈ মন ভৰে হে?
এই মোকেই চোৱাচোন, কেৱল এই এটা বস্তুৰ অভাৱত জীৱনটোৱেই”
ৰৈ গ’ল হেমাঙ্গিনী। লৰালৰিকৈ কথা সলাই ক’লে, “তেনেহলে বেলঘোৰতেই থাকা, নহয়নে?
“ৰাম ৰাম! কলিকতাক এৰি মানুহ বাচি থাকে জানো?”
হেমাঙ্গিনীয়ে অবাক হৈ ক’লে, “তেতিয়াহলে ইয়াত নামিলা যে?”
‘কাউৰি পৰিল। তুমি যে কাণ্ডটি ঘটাইছিলা। ’
হেমাঙ্গিনীয়ে লাজ পালে কিন্তু চুপ কৰি নাথাকিল। তৎক্ষণাত ক’লে “লৰালৰিতে টিকেট কিনা নহ’ল।”
‘অকলেই অহা যোৱা কৰা?”
হেমাঙ্গিনীয়ে আৰু এবাৰ তেনেকৈয়ে তাইৰ বাইছ বছৰীয়া হাঁহিটো মাৰিলে। হাঁহি মাৰি ক’লে “দুকলে আৰু ক’ত পাইছোঁ?”
“আচৰিত!” সাধন দত্তই নিঃশ্বাস পেলাই ক’লে। “ তুমি বাৰমাহে এই পথেৰে অহা যোৱা কৰিলা। ময়ো সদায় আহোঁ। অথচ, এদিনোতো দেখা পোৱা নাই?”
হেমাঙ্গিনীয়েও এটা নিঃশ্বাস পেলালে।
এতিয়াহে যেন তাইৰ চেতনা হ’ল কাৰ লগত কথা পাতি আছে। উদাস স্বৰেৰে ক’লে “ দেখা হ’লেও বা লাভ কি হ’ল হয়!”
অলপ সময় দুয়োজন মনে মনে থাকিলে।
আকৌ হেমাঙ্গিনীয়ে কথা পতাৰ ভাৰ লয়। “ইয়াত যদি নাথাকাই, তেতিয়াহ’লে গৈছা কলৈ?”
সাধন দত্তই চমকি উঠি ক’লে, “কতা? কতো যোৱা নাইতো!”
“যোৱা নাই?” হেমাঙ্গিনী অবাক। সঁচাকৈয়ে অবাক! “যোৱা নাই যদি খোজ কাঢ়ি আছা যে!”
“কিয় জানো! এনেয়ে!” বুলি কৈয়েই হাঁহি উঠাৰ দৰে কৈ উঠে সাধন দত্তই, “বহুদিনৰ মূৰত তোমাক দেখি, বুজিলা সৰু বৌ – মানে খেয়াল নাইকিয়া কিয় খোজ কাঢ়ি ফুৰিছোঁ। তেতিয়াহ’লে তুমি গৈছিলা ক’লৈ?”
“কলিকতালৈ আৰু ক’ত?”
“তেতিয়াহ’লে –ময়োতো—মানে ময়ে বা ইয়াত তোমাক নিম ক’ত —বেছ তেতিয়াহ’লে, আকৌ ষ্টেচনলৈ ঘূৰা যাওক! কি কোৱা? গাড়ী অনেক আছে। পাই যাম, যিয়েই হওক, কিবা এটা।”
এইবাৰ সম্পূৰ্ণ পইচা দি দুখন টিকেট কিনিলে সাধনে, একেলগে গাড়ীত উঠি বহিল দুয়োজনে। তেতিয়ালৈ সন্ধিয়া হৈ গৈছে।
“ইমান দিনৰ পিছত তুমি মোক চিনি পালা কিদৰে, কোৱাচোন সৰু বৌ? আচৰিত দেখোন!”
চতুৰ হেমাঙ্গিনীয়ে কণ্ঠলৈ এক গম্ভীৰ উদাস সুৰ আমদানি কৰি ক’লে, “প্ৰাণৰ চিনাকি থাকিলে পৰজন্মতো চিনি পোৱা যায়। এয়াতো মাত্ৰ কেইটামান বছৰৰ কথাহে। বিপদত মধুসূদনক বিচাৰি গৈ তোমাক বিচাৰি পালোঁ।”
ত্ৰিশ বছৰ ধৰি এখন হাতেৰে ভাত ৰান্ধি খাইছে সাধন দত্তই। চৌকাত জুই দিছে, বটনা বাটিছে, গুলি পকাইছে। তথাপিও, সেই হাতখনৰ ভিতৰতো হেমাঙ্গিনীৰ কোলাৰ ওপৰত পৰি থকা হাতখন চেপি ধৰাৰ বাবে এক অদ্ভত চঞ্চলতা জাগে। পিছে, কষ্টেৰে সেই ইচ্ছা সম্বৰন কৰি সি ক’লে, “স্বপ্নতো কেতিয়াও ভাবা নাছিলোঁ যে তোমাৰ লগত পুনৰ কোনোবা দিনা দেখা হ’ব!”
“দুঃস্বপ্ন বুলি কোৱা।” এইবুলি কৈয়ে মিচিকিয়াই হাঁহি হেমাঙ্গিনীয়ে চেমিজৰ ভিতৰৰ পৰা চাধা–পাণৰ টোপোলাটো বাহিৰ কৰিলে আৰু অলপ আগবঢ়াই দি সুধিলে, “চলেনে?”
সাধন দত্তই মূৰটো লৰালে। “নাই! জানাইতো চাধাৰ গোন্ধত মোৰ মূৰ ঘূৰায়।”
“ও বাবা! এতিয়াও সৰু ল’ৰাই হৈ আছা? মানুহজনীয়ে মানুহ কৰি তুলিবই পৰা নাই তেনেহ’লে?”
সাধন দত্তই এইবাৰ মূৰ জোকাৰি কৈ উঠিল, “মূৰ নথকাৰ কিহৰ মূৰৰ বিষ? বিয়াই কৰোৱা নাই, কিহৰ আকৌ মানুহজনী?
“বিয়া কৰা নাই?” হেমাঙ্গিনী প্ৰথমে চমকি উঠিল। তাৰপিছত অবাক হৈ উঠা চকুৰ কোণত লোভৰ জুই একুৰা জ্বলি উঠিল।
বিয়াতো কৰাই নাই। তেতিয়াহ’লে অলপ সহানুভূতিৰে দুটা দুঃখৰ কথা ক’ব পাৰিলে কিবা এটা হয়তো আদায় কৰিব পৰা যাব।
হুঃ, বিয়াই কৰোৱা নাই। সেইবাবেই এতিয়াও এনে বেঙা হৈ ৰৈ গৈছে।
চাধা–পাণৰ টোপোলাটি আকৌ যথাস্থানত থৈ হেমাঙ্গিনী অলপ লৰি চৰি বহিল।
“বিয়া কৰা নাই কিয়, দেৱৰ বোপা? ছোৱালী মানুহৰ ওপৰত ঘিণত?”
হেমাঙ্গিনী বাইছ বছৰৰ পৰা বাৱন্ন বছৰৰ দৰজালৈ আহিছে আৰু এই ৰ্দীঘ পথটো অতিক্ৰম কৰোঁতে তাই কিমান যে ঘাটৰ পানী খাবলগীয়া হৈছে, কিমান ঘাট ঘূৰিলে, কিমান খটখটি নামিলে, কিমান চাল চলাই
শেষান্তত চাল–ছলনাৰ ব্যৱসায়ত! আকৌ, সেই ব্যবসায় এৰি এতিয়া জ্বৰ, জ্বৰত জৰজৰ। তাৰ মাজতে আজিও মল্লিকহঁতৰ ঘৰ আৰু সৰু বৌৰ কথা কৈ উঠে, যাৰ কথাত আছিল কটাৰীৰ ধাৰ?
সাধন দত্তই কথা ক’ব নাজানে।
আগেয়েও ভোদা আছিল। আজিও সেই একেই। কেৱল নিজে ভোদা বুলিয়ে হয়তো তীক্ষ্ণ ধাৰ থকা কটাৰীৰ প্ৰতি তেওঁৰ ইমান লোভ।
“ঘিণ আকৌ কি? কাৰ ওপৰত ঘিণ কৰিম? হেই, নাই নাই। সেয়া আৰু তোমাৰ কি দোষ? হিন্দুৰ ঘৰৰ বিধৱা। তদুপৰি আৰু –নাই নাই, এইবোৰ একো নহয়। বিয়া কৰিবৰ সময় পালোঁ ক’ত? আনহাতে —হাত কটা পাত্ৰক ছোৱালীৰ হাত দিবই বা কোনে?”
হাত কটা!
হেমাঙ্গিনীয়ে চকু গোল কৰি ক’লে, “কিমান দিন হ’ল?”
“সেই সিমান দিনেই।” অকৌ মিচ্ মিচকৈ হাঁহিলে সাধনে।
হেমাঙ্গিনী কিছুসময় স্তব্ধ হৈ বহি ৰ’ল।
কি যেন ভাবি আছে। কিহবাৰ যেন হিচাপহে কৰিছে। বছৰ, তাৰিখ, মাহ, হয়তো বছৰৰে হিচাপ।
হিচাপৰ ফাঁকে ফাঁকে তাই কি কোনো ছবি দেখা পাইছে নেকি? মল্লিকহঁতৰ বিৰাট ঘৰখনৰ ছবি?
সন্মুখ আৰু পিছফালে ঘৰৰ দৰেই ডাঙৰ বাৰাণ্ডা দিয়া, চাৰিওকোণ মিলাই সেই অট্টালিকা সদৃশ ঘৰ। চাৰিও চুকৰ খাজে খাজে আৰু কিমান যে শাখা–প্ৰশাখা! সৰু সৰু কুঠৰি, সৰু সৰু দৰজা, কিমান যে টুকুৰা টুকুৰেৰে ঘেৰা বাৰাণ্ডা!
লুকাই প্ৰেম কৰিবলৈ এখন আৰ্দশ ঘৰেই।
কোনে জানে, সেই ঘৰৰ আদি পুৰুষৰ আমোলৰ পৰাই আশে পাশে কিমান যে আদি ৰসাত্মক লীলা খেলা ঘটি আহিছে!
পূৰ্বকালৰ মালিকবোৰৰ খাজানা দিয়া ঘাটি আছিল আৰ্মানিসকলৰ জাহাজৰ ভিতৰত।
সেইবোৰ কথা হেমাঙ্গিনীৰ জানিবলগীয়া নহয়। হেমাঙ্গিনীয়ে কেৱল এই যুগৰ কথাই জানে যেতিয়া মল্লিক বংশৰ পুৰুষবোৰে লক্ষ্মীৰ চন্দুকত সৰ্ম্পূণ নিশ্চিন্তে গৃহলক্ষ্মীবোৰৰ প্ৰতি সৰ্তক দৃষ্টি ৰাখিবলৈ শিকিছে।
হেমাঙ্গিনীয়ে জানে মাথোঁ ঘৰৰ সৰু বৌগৰাকীক।
সৰু বৌ! বগা, ধকধকীয়া মিহি খাদীৰ চেমিজ, ক’লা নৰুন পাৰীৰ শিমলুৰ ধূতি। হাতত দুডালকৈ সাধাৰণ খাৰু, ডিঙিত সৰু গোটা হাৰ।
এয়াই সাজ।
চৰাইৰ দৰে পাতল শৰীৰ, কটাৰীৰ ধাৰৰ দৰে কথা।
বিয়াৰ বছৰ নুঘুৰোঁতেই পিছে বিধৱা।
শহুৰ থাকোঁতেই স্বামী গৈছে। তাই বিষয় –সম্পত্তিৰ অংশীদাৰ নহয়। কেৱল গ্ৰাসাচ্ছাদনৰ অধিকাৰীণীহে।
যিসকল পাঁচ অংশৰ এক অংশ পায়, সেয়া ডাঙৰ। মাজু নহ’লে সৰু বৌসকলৰ সঁচাই বৰ মেজাজ। সৰু বৌৰ গতিবিধিততো উৰি থকা মৌমাখিৰ দৰেই চপলতা।
ননন্দবোৰ আহিলে ননন্দৰ ঘৰত সোমাই তাইৰ খোপাত বেলিফুলৰ মালা পিন্ধাই দি আহে। সৰু বৌয়ে সৰু পদ্যৰ দৰে কথা পাতে, গালৈ পাণ–তামোল দলি মাৰে। দূৰ সৰ্ম্পকীয় দেৱৰবোৰ আহিলে তেওঁলোকৰ সুখ–স্বাচ্ছন্দ্যৰ ভাৰ স্বেচ্ছাই কান্ধত তুলি লয়, ৰান্ধনীৰ লগত কাজিয়া কৰে, ডাঙৰ গৃহিনীৰ কৃপনতাৰ প্ৰতি কটাক্ষ কৰে আৰু বয়সত অলপ ডাঙৰ–চাঙৰ ভাগিন আৰু ভতিজাবোৰক তাচ খেলৰ প্ৰলোভনত ভূলাই একেবাৰে অনুগত কৰি ৰাখে।
প্ৰখৰ প্ৰগলভা তৰুণী বিধৱাৰ দৰে বিপজ্জনক বস্তু সংসাৰত কমেইহে আছে। সেয়ে, ডাঙৰ, মাজু গৃহিনীবোৰ হিচ্ হিচ্ কৰি ঘূৰি ফুৰে। কিন্তু ওপৰলৈ উধাব নোৱাৰে।
ফাঁকেৰেই গলিলৈ ওলাই যায় সৰু বৌ। ওলাই গৈ ঘৰে ঘৰে আড্ডা দি ফুৰে।
হয়তো, দুপৰ–ৰাতি গৈয়ে আসন্ন পৰীৰ্ক্ষাথী পেহীয়েকৰ পুতেক দেওৰেকৰ ঘৰত হামলা দিয়ে। নিৰুদ্দেগ হৈ তাৰ পঢ়া কিতাপ–পত্ৰবোৰ ওলট পালট কৰি কয়, “চব্বিশ ঘণ্টাই মুখৰ আগত কিতাপ। ভাল ল’ৰাৰ দৰেই হ’লে কি হব আৰু! দুই এটা কথা ক’বলৈ আহিলোঁ, বুজিলা?”
ল’ৰাটো ভয়ত কাঠ হৈ যায় আৰু আড়ষ্ট হৈ চাই থাকে খোলা খিৰিকিৰ ফালে। সৰু বৌয়ে বিছনাত বহি ভৰি লৰাই লৰাই লৰাই কয়, ‘ইমান ভয় কিহৰ? তোমাকতো আৰু বেয়া কৰি পেলোৱা নাই? চব্বিশ ঘণ্টা বুঢ়ীবোৰৰ লগত থাকি থাকি প্ৰাণ ফুপাই উঠে। দুটামান আড্ডা নিদিলে বাচি থকা যায় জানো? ভয় নকৰিবা, ভয় নকৰিবা! গৃহিনীবোৰ এতিয়া নিজৰ নিজৰ গৃহস্থৰ লগত।”
নিষ্ঠুৰ নিষ্ঠুৰ ল’ৰাবোৰে ভেকুলীৰ ঠেঙত ৰছী বান্ধি তাৰ গাত হুলেৰে ফুটাই যি আমোদ পায়, সেই আমোদৰ আস্বাদ বুজি পাব বিচাৰিলে হেমাঙ্গিনীয়ে।
কিন্তু, বাৰুদৰ বাকচত জুইৰ ছিটিকনি মাৰিলে সেই বাৰুদ কেৱল স্ফুলিঙ্গ হৈয়েই থাকে জানো? একে সময়তে সকলো জ্বলি উঠি আধাৰটো ফাটি সেই জুই বাহিৰলৈ ওলাই নাহেনে?
কিতাপ–পত্ৰ ওলোটাই দিয়াৰ লগে লগে ফচ্ কৰি ঘূৰাই নুমাই দিলে টেবুল লেম্পটো। খপ কৰি চেপি ধৰিলে টেবুলৰ ওপৰত ৰাখি থোৱা বগা হাতখন আৰু চেপা নিষ্ঠুৰ মাতেৰে কৈ উঠিল, “কোনে কাক বেয়া কৰিব পাৰে, জানানে?”
অপ্ৰত্যাশিত এই আক্ৰমণত অকস্মাৎ চিঞৰ এটা মাৰি উঠিছিল নেকি মল্লিকৰ বিধৱা সৰু বৌজনীয়ে? হয়তো কৰিছিল। প্ৰকাণ্ড ঘৰখনৰ তলৰ তলাৰ অবহেলিত খুপৰিটোত লুকাই থকা সৰু সেই কুঠৰিটোৰ সন্মুখত, নহ’লে, লগে লগে ভীৰ জমা হৈ উঠিছিল কেনেকৈ?
চৰাইৰ পাখিৰ দৰে পালেংখনত পাতল দেহটো এৰি দি ঘৰৰ পিছফালেৰে বাহিৰ ওলাব পাৰিছিল সৰু বৌ। কিন্তু, ল’ৰাটোয়ে পৰা নাছিল।
“পলালে নহ’ব! মৰিলে একেলগে মৰি” বুলি গোঁৱাৰামি কৰি দৰজাত খিল লগাবলৈ গৈ নিজৰ হাত দুটা কেৱল দুই দৰজাৰ মাজত পিহ খাই গৈছিল।
পিহ খাইতো যাবই। ওলাই যোৱাৰ পৰত বাহিৰৰ পৰা দৰজা বন্ধ কৰি শিকলি লগাই দিছিল বুদ্ধিমতী সৰু বৌৱে।
নিদিলে, সেই ভীৰৰ সন্মুখত ফোপাই জোপাই কান্দি কান্দি ক’ব পাৰে নে, “তাৰ মনত যে ইমান এটা কাণ্ড, জানিম কেনেকৈ? তেতিয়া মোক ক’লে, শুবলৈ যোৱাৰ আগেয়ে দুটা লং দি যোৱাচোন, সৰু বৌ! লং খালে টোপনি নোহোৱা হয়। মই সৰল মনেৰে তাকে দিবলৈ গৈছিলোঁ। কি কৰি জানিম যে লক্ষ্মীয়ে এৰা দিয়াটোৱে মোক অকলে পাই”- কান্দোনত ভাঙি পৰি বাকী কথাখিনি শেষ কৰিবই নোৱাৰিলে সৰু বৌয়ে।
কিন্তু, ইমান চেষ্টা কৰোঁতেও সৰু বৌৰ সৰলতাক কোনেও বিশ্বাস কৰা নাছিল। বিশ্বাস কৰা নাই যে জুইত জ্বলি পুৰি মৰিবৰ দুঃসাহস তাৰ নাই যে কেৱল এডাল –আধাটুকুৰা জুইশলা কাঠি জ্বলি জ্বলাই গভীৰ অন্ধকাৰত দুঃসাহসটো সহনীয় কৰাৰ বুৰ্বকামী এটা কৰিব।
নাই, ইমান অদ্ভুত কথাৰ বিশ্বাস কোনেও কৰা নাছিল। হতভাগ্য সেই ল’ৰাটোক সংসাৰৰ –বুদ্ধিসম্পন্ন মানুহবোৰে সেই ৰাতিয়েই ডিঙিত ধৰি বাহিৰ কৰি দিছিল আৰু ৰাতি পুৱাওঁতেই পুৱাৰ গাড়ীখনত তুলি সৰু বৌক নৱদ্বীপলৈ চালান কৰি আহিছিল।
সেই নৱদ্বীপৰ ঘাটৰ পৰা কত ঘাটতেই যে ঘূৰা ঘূৰি ।
সন্মুখৰ পথৰ হিচাপ আছে। পিছৰ ইতিহাস অজানা! কোনে জানে কি হৈছিল, সেই ভৰিত ৰছী বন্ধা ভেকুলীটোৰ কাহিনী!
এইবাৰ প্ৰথম বক্তা সাধন দত্ত।
“কি, চুপ মাৰি গ’লা যে!”
হেমাঙ্গিনীয়ে এটা নিঃশ্বাস পেলাই ক’লে, “নাই, চুপ নহয়। নিজৰ পাপৰ হিচাপ কৰিছোঁ।”
সাধন দত্তই জোৰকৈ হাঁহি উঠে। “হুঃ। খাই বৈ আৰু কাম নাই? পাপৰ হিচাপ কৰিছা? আৰে বাপু, দোষ মোৰো আছিল। লগে লগে চিকিৎসা পত্ৰ নকৰিলোঁ। একো নাই। পৰি পৰি পচিল, পচি পচি গ্যাংগ্ৰীন হ’ল। বাদ দিবলগীয়া হ’ল আৰু শেষত। দোষ কাৰ?”
“তোমাৰ জীৱনটো ময়েই নষ্ট কৰিলোঁ!” কথা ক’লে চাউল চোৰ হিমি নহয়, ক’লে মল্লিকৰ ঘৰৰ সৰু বৌয়ে!
যি ছোৱালীজনী প্ৰগলভা, কথা বেছি কোৱা হিতজ্ঞানশূন্য হ’লেও তায়োতো এজনী মানুহ আছিল।
কিন্তু, দীৰ্ঘকাল, পুঠিমাছৰ দৰে, হৰিদাসী, কালোৰ মাকৰ লগত কথা কৈ কৈয়ো তাইৰ সেই মানুহৰ জীৱনৰ ভাষা জানো আজিও মনত আছে হেমাঙ্গিনীৰ?
সাধন দত্ত চকিত হৈ উঠিল। “কি যে দিগদাৰ। জীৱনটো কি মাছ–গাখীৰ নেকি যে এটা কথাতে নষ্ট হৈ যাব? সঁচাকৈয়ে পাৰ কৰি আহিলোঁ। ৰান্ধি বাঢ়ি খাই বৈ উৎকৃষ্টকৈ থাকিলোঁ! যাবাতো? দেখিবলৈ পাবা মোৰ সংসাৰখন! “
“যাম মানে?” হেমাঙ্গিনীয়ে কৈ উঠে, “মই ক’ত যাম?”
“কিয়, মোৰ ঘৰলৈ।”
“পাগল নেকি!”
“পাগল মানে? তাত কোনে তোমাক মাৰিব আহিব?”
“মাৰিবলৈ অহাৰ কথা নহয়। যাম কোনখন মুখেৰে? মই যাম মাৰোৱাৰী হস্পিতালত ভৰ্তি হোৱাৰ চেষ্টা কৰিবলৈহে।”
“হস্পিতাললৈ?” সাধন দত্ত চমকি উঠিল, “ কিয়, হস্পিতাললৈ কিয়?”
“কিয় আৰু! বেমাৰে ধৰিছে! মৰিলেই আপদ শেষ হয়। কিন্তু, মৰিছোঁ ক’ত? সদায় জ্বৰ, সদায় জ্বৰ।”
সাধন দত্তই অলপ গাঢ় মাতেৰে ক’লে, “অঃ সেইবাবে! সেইকাৰণেই চেহেৰা ইমান বেয়া হৈ গৈছে? মই ভাবিছিলো দুঃখৰ কোবত!”
“সেইটোও মিছা নহয়। জীৱনৰ ওপৰেৰে কিমান ধুমুহাই যে বৈ গ’ল! তোমাকো মাৰিলোঁ, নিজকো বচাব নোৱাৰিলোঁ। সঁচাকৈ, এতিয়া মৰিব পাৰিলেই শান্তি পাম।”
“মৰিবলৈ তোমাক কোনে কৈছে?” সাধন দত্তই হঠাৎ উৎফুল্ল মাতেৰে কৈ উঠে, “হস্পিতালেই বা কোনে যাবলৈ কৈছে? চাবাচোন, এই এখন হাতৰ সেৱাতেই তোমাক ভাল কৰি তুলিব পাৰিম নে নাই!”
সাধন দত্তই আৰু কথা নবঢ়ালে। উৎসাহেৰে তেওঁ নামি গ’ল আৰু ষ্টেচনৰ পৰা ঘৰলৈ যাবলৈ বাচত নুঠিল। এখন টেক্সি মাতি বহিহে পৰিল!
হেমাঙ্গিনী কিবা যেন বৰ মনে মনে আছে! যি হেমাঙ্গিনীয়ে ক্ষণিক আগেয়ে ভাবিছিল দুটামান দুঃখৰ কাহিনী যুগুতাই শুনাব পাৰিলে এই নিৰীহ মানুহটোৰ পৰা কিবা এটা হাতলৈ আনিব পৰা যাব, সেই হেমাঙ্গিনী এতিয়া যেন ক’ৰবাত হেৰাই গৈছে।
সাধন দত্তই চাবি খুলি ঘৰটো পোহৰ কৰিলে।
“এইয়া চোৱা! পত্নী নাই বুলি ঘৰৰ কিবা খেলিমেলি দেখিছা নেকি, সৰু বৌ? আহা, এতিয়া হাত মুখ ধুই লোৱা! গাটো ভাল নহয় যে, ৰাতি কি খাবা?”
“চাহ খাম!” হঠাৎ ঝংকাৰিত হেমাঙ্গিনীয়ে কৈ উঠে, “বহুতো আত্মীয়তা হৈ গৈছে। থাকক। এইবাৰ যাবলৈ দিয়া নেকি?”
সাধন দত্তই থতমত খাই ক’লে, “এতিয়া এই ৰাতিখন ক’ত যাবা?”
“চৌকাত!” উষ্মাৰে হেমাঙ্গিনী উঠে, “তোমাৰ প্ৰত্যাশাত ওলাইছিলোঁ নেকি?”
প্ৰৌঢ় সাধন দত্তৰ পেশীবহুল মুখত এক বিচিত্ৰ হাঁহি ফুটি উঠে — “তুমি মোৰ প্ৰত্যাশাত ওলোৱা নাই বুলি জানো। কিন্তু, মইতো তোমাৰ প্ৰত্যাশাতেই ওলাইছিলোঁ, সৰু বৌ!”
“তাৰ মানে?” হেমাঙ্গিনীয়ে ভুৰু কোচাই কৈ উঠে, “তুমি জানা, মই আহিম?”
মূৰ লৰালে সাধন দত্তই। “নাজানো। ভাবিছিলোঁ! ভাবিছিলোঁ, যদি দৈবাৎ কোনোদিন দেখা পাই যাওঁ! সেই প্ৰত্যাশাত প্ৰায়েই —-”
হেমাঙ্গিনীয়ে গম্ভীৰ মুখেৰে ক’লে, “দেখা পোৱাৰ বাবে ইমান ইচ্ছা কিয়? প্ৰতিশোধ ল’বৰ বাসনাত?”
“হয়, হয়” সুখত ঝলমলাই উঠে সাধন দত্তৰ ভোটা চকু দুটা। “সেইবাবেতো। আজি হাতত পাই গৈছোঁ। আৰু, এৰি দিম ?”
“হাতত পাই?” ঠগ, ফাঁকিবাজ অৰ্থলোলুপ হিমিৰ মুখতো এইবাৰ আৰু এক বিচিত্ৰ অপৰূপ হাঁহি ফুটি উঠে।
“হু! তথাপি যদি দুখন হাত থাকিল হয়।”
হাঃ হাঃ কৈ হাঁহি উঠিল সাধন দত্ত।
স্বভাৱ এৰা, অভ্যাস এৰা জোৰকৈ মৰা হাঁহি।
“নাই—সেয়াতো আমাৰ বাবে বৰ ভাল অ! এতিয়া আৰু চিঞৰি মানুহ গোটাই অভিযোগ কৰিবও নোৱাৰিবা যে অকলে পাই লক্ষ্মীয়ে এৰি যোৱাটোয়ে মোক সাৱটি ধৰি—
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%