খালিদ মিঞা
অনুবাদ: ৰঞ্জনা দত্ত
মূলঃ চাদাত হাচান মাণ্টো
মুমতাজে কাহিলি পুৱাতে উঠি তিনিওটা কোঠা ভালদৰে সাৰি পেলালে। তেওঁ চুকে কোণে পৰি থকা চিগাৰেটৰ টুকুৰা, পুৰি যোৱা জুইশলাৰ কাঠি আৰু এইধৰণৰ অন্য বস্তুবোৰো বিচাৰি বিচাৰি উলিয়ালে।
যেতিয়া তিনিওটা কোঠা পৰিষ্কাৰ কৰা হৈ গ’ল, তেওঁ স্বস্তিৰ নিশ্বাস এৰিলে।
তেওঁৰ পত্নী বাহিৰৰ চোতালখনত শুই আছিল। কেঁচুৱাটো তাৰ সৰু পালনাখনত আছিল।
মুমতাজে সদায় ৰাতিপুৱাই উঠি নিজে তিনিওটা কোঠা ভালদৰে ঝাৰু মাৰে কিয়নো তেওঁলোকৰ ল’ৰা খালিদে এতিয়া খোজ কাঢ়িবলৈ লৈছে আৰু আন সকলো শিশুৰ দৰেই সি তাৰ সমুখত পোৱা যিকোনো বস্তুকে তুলি নিজৰ মুখত ভৰায়।
মুমতাজে সদায় নিজে ৰাতিপুৱা তিনিওটা কোঠা অত্যন্ত মনোযোগেৰে চাফা কৰে। কিন্তু, তেওঁ আচৰিত হয় যেতিয়া খালিদে তাৰ সৰু সৰু আঙুলিবোৰেৰে মাটিৰ পৰা কিবা নহয় কিবা বস্তু উঠাই লয়।
মজিয়াৰ প্লাষ্টাৰবোৰ ঠায়ে ঠায়ে এৰাই আহিছে। খালিদ তেওঁৰ প্ৰথম পুত্ৰ যাৰ এবছৰো হোৱা নাই, সি মাটিৰ পৰা ধূলি বালিৰে পোত খাই থকা প্লাষ্টাৰৰ টুকুৰা এটা উঠাই নিজৰ মুখত লয়।
মুমতাজে চাফা কৰা বিষয়টোলৈ আসক্ত হৈ পৰিছে। যদি তেওঁ খালিদক মাটিৰ পৰা কিবা এটা তুলি লৈ মুখত লোৱা দেখে, তাৰ বাবে নিজকে অপৰাধী যেনেই ভাবে। নিজকে নিজে অন্তৰৰ পৰা গালি পাৰে, কিয়নো তেওঁ ইমান অসাৱধান বুলি।
তেওঁ খালিদক কেৱল ভাল নেপায়, তাক যেন পূজাহে কৰে। কিন্তু, খালিদৰ প্ৰথম জন্মদিনটো যিমানেই ওচৰ চাপিল, তেওঁৰ মনত এটা দুঃচিন্তাই লগ ল’লেহি যে তেওঁৰ ল’ৰাটো এবছৰ হোৱাৰ আগতেই মৃত্যু মুখত পৰিব।
নিজৰ এই ভয়লগা চিন্তাটোৰ কথা মুমতাজে নিজৰ পত্নীৰ আগত ব্যক্ত কৰিলে।
মুমতাজে এইধৰণৰ অন্ধ বিশ্বাসবোৰত একেবাৰে কাণ নিদিয়ে বুলি সকলোৱে জানে। গতিকে, তেওঁৰ পত্নীয়ে যেতিয়া তেওঁৰ মুখত এই বিষয়ে শুনিলে তেওঁ ক’লে– “তুমি আৰু এনেকুৱা অন্ধবিশ্বাসী! ওপৰৱালাৰ দয়াত আমাৰ ল’ৰা এশ বছৰ জীয়াই থাকিব। মই তাৰ জন্মদিনৰ বাবে এনেকুৱা বন্দৱস্ত কৰিছোঁ যে তুমি আচৰিত হৈ যাবা।”
এইটো শুনি মুমতাজৰ হৃদয়ত এটা জোকাৰণিৰ সৃষ্টি হ’ল। তেওঁ বিচাৰিছে যে তেওঁৰ ল’ৰাটো ভালেৰে জীয়াই থাকক। কিন্তু, তেওঁ নিজে কেনেকৈ এই দুশ্চিন্তাৰ পৰা মুক্ত হ’ব!
খালিদ সুন্দৰ স্বাস্থ্যৰ ল’ৰা। জাৰকালি এদিন সি যেতিয়া এদিন বাহিৰত ফুৰি আহি ঘৰ সোমালহি, কামকৰা মানুহজনীয়ে মুমতাজৰ পত্নীক ক’লে – “বেগম চাহিবা, আপুনি ল’ৰাটোৰ গালত ৰ’জ নলগাব! মানুহৰ মুখ লাগিব।”
তেওঁৰ পত্নীয়ে কথাটো শুনি ডাঙৰকৈ হাঁহি উঠিল– “বুৰ্বক! তাৰ গালত ৰ’জ সানিবলৈ মোৰ কি দৰকাৰ পৰিছে। ওপৰৱালাৰ দয়াত তাৰ গালখন এনেই ৰঙা।”
ঠাণ্ডা দিনত খালিদৰ গালখন ৰঙা হৈ থাকে। কিন্তু, এতিয়া গৰমৰ দিনত গালখন শেঁতা হৈ পৰিছে।
সি পানীৰ লগত খেলি খুব ভাল পায়। অফিচলৈ যোৱাৰ আগতে মুমতাজে ডাঙৰ গা–ধোৱা চৰিয়া এটাৰ পানীত তাক ঠিয় কৰি দিয়ে। খালিদে তাতে বহুত সময় ধৰি বহি থাকে আৰু পানীবোৰ থপথপাই তাৰ চাৰিওফালে ছটিয়াই থাকে।
তাৰ এই কামবোৰ চাই চাই মুমতাজ আৰু তেওঁৰ পত্নীৰ খুব ভাল লাগে। কিন্তু, কিছু সময়ৰ পিছত মুমতাজৰ মনটো দুখৰ এক কলীয়া ডাৱৰে যেন ঢাকি ধৰেহি। তেওঁ ভাবে – “হে আল্লা! মোৰ পত্নীৰ কথাই সঁচা হওক! কিয় মোৰ মনটো মৃত্যুৰ এক ভয়ে আৱৰি আছে? মোৰ মন আৰু মগজুত তাৰ মৃত্যু হোৱাৰ কথা কিয় সোমাই গৈছে? তাৰ মৃত্যু কিয় হ’ব? সি এটা সুন্দৰ, সুস্বাস্থ্যৰ হাঁহিমুখীয়া ল’ৰা। তাৰ বয়সৰ বহুত ল’ৰাতকৈ সি বহুতগুণে স্বাস্থ্যৱান। মই নিশ্চয় পাগল হৈ গৈছোঁ। এইটো নিশ্চয় তাৰ বাবে থকা মোৰ অতিশয় মৰমৰ ফল যাৰবাবে মোৰ এই ভয় ভাৱটো গঢ় লৈ উঠিছে। মই তাক ইমান ভাল পাওঁ কিয়? সকলো দেউতাকে নিজৰ সন্তানক এনেদৰেই ভাল পায়নে? সকলো দেউতাকে নিজৰ সন্তানটোৰ মৃত্যু হ’ব পাৰে বুলি এইদৰে দুঃচিন্তাত পৰেনে? ….. এয়া মোৰ কি হৈছে?
মুমতাজে তিনিওটা কোঠা চুক–কোণ মাৰি ভালদৰে চাফা কৰি মাটিৰ ওপৰত পাটি এখন পাৰি বাগৰ দিলে।
ৰাতিপুৱা শুই উঠি সৰা–পোঁচা কৰি গৰমৰ দিনত তেওঁ আধাঘণ্টামান পাটিখনত বাগৰ দিয়াৰ নিয়ম।
গাৰু নোহোৱাকৈ এনেকৈ বাগৰ দি তেওঁ খুব আৰাম অনুভৱ কৰে।
বাগৰি বাগৰি তেওঁ চিন্তা কৰিবলৈ ধৰিলে– ‘পৰহিলৈ মোৰ বাবাটোৰ প্ৰথম জন্মদিন। বেয়া একো নঘটাকৈ এইটো যদি নিৰ্বিঘ্নে পাৰ হৈ যায়, মোৰ বুকুৰ মাজৰ পৰা সকলো বোজা পাতল হৈ যাব। মোৰ এই অন্ধবিশ্বাস পুৰা আঁতৰি যাব। হে আল্লা, এই সকলোবোৰ এতিয়া তোমাৰ হাতত।’
তেওঁৰ চকুদুটা বন্ধ হৈ আছিল। হঠাতে তেওঁৰ খালি বুকুত এটা ওজন অনুভৱ কৰিলে।
তেওঁ চকুদুটা মেলি দেখিলে যে সেইটো খালিদ। তেওঁৰ পত্নী ওচৰতে ঠিয় হৈ আছিল।
তেওঁৰ পত্নীয়ে ক’লে– “ই গোটেই ৰাতিটো চটফটাই আছে। টোপনিৰ মাজে মাজে যেন ভয়ত গাটো কঁপিও আছে ।”
খালিদে মুমতাজৰ বুকুৰ মাজত আকৌ এবাৰ জোৰত কঁপি উঠিল।
তেওঁৰ হাতখন তাৰ ওপৰত দি মুমতাজে ক’লে– “হে ওপৰৱালা, মোৰ ল’ৰাটো ৰক্ষা কৰা !”
মুমতাজৰ পত্নীয়ে কিছু খঙেৰে ক’লে– “আল্লাই নকৰক! আপোনাক এটা দুঃস্বপ্নই ঘেৰি আছে। তাৰ সামান্য জ্বৰহে হৈছে মাথোন। ওপৰৱালাই তাক অতি সোনকালেই ভাল কৰি দিব ।”
কথাটো কৈয়ে তাই কোঠাটোৰ পৰা ওলাই গ’ল।
মুমতাজে তেওঁৰ বুকুত আধা টোপনিত পৰি থকা খালিদৰ পিঠিত লাহে লাহে মৰমেৰে থপথপাবলৈ ল’লে আৰু সি টোপনিৰ পৰা সাৰ পাই উঠিল।
সি ক’লা চকুদুটা লাহে লাহে মেলিলে আৰু তাৰ দেউতাকক দেখি ধুনীয়াকৈ হাঁহি এটা মাৰিলে।
মুমতাজে তাক চুমা এটা দি ক’লে– “কি হৈছে, খালিদ বাবা? তুমি কিয় কঁপি আছা?”
খালিদে মূৰটো দেউতাকৰ বুকুতে পেলাই দিলে।
মুমতাজে লাহে লাহে তাক আকৌ পিঠিত থপৰিয়াবলৈ ধৰিলে। তেওঁ এইবাৰ অন্তৰেৰে সৈতে পুত্ৰৰ দীৰ্ঘজীৱন কামনা কৰি মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
তেওঁৰ পত্নীয়ে খালিদৰ প্ৰথম জন্মদিনটোৰ বাবে ডাঙৰ এক আয়োজন কৰিছে। তেওঁ নিজৰ সকলোবোৰ বান্ধৱীকে নিমন্ত্ৰণ জনাইছে।
সি জন্মদিনত পিন্ধিবৰ বাবে দৰ্জীক বিশেষভাৱে কাপোৰ চিলাবলৈয়ো দিছে। আহাৰৰ তালিকাত কি কি খোৱাবস্তু থাকিব, সেইবোৰো ভাবি থৈছে।
মুমতাজৰ পিছে এইবোৰ কাৰবাৰ একেবাৰে ভাল লগা নাই। তেওঁ ভাবিছিল, কোনেও একো গম নোপোৱাকৈ কোনোমতে তাৰ জন্মদিনটো পাৰ হৈ যাওক।
তেওঁৰ নিজৰো যেন একো মনত নাথাকে আৰু খালেদৰ এবছৰ পাৰহৈ কেইটামান দিন পাৰ হোৱাৰ পিছতহে যেন তাৰ কথাটো মনত পৰে।
খালিদে এইবাৰ দেউতাকৰ বুকুৰ ওপৰত উঠি বহিল।
মুমতাজে তাক মৰমত ডুব গৈ থকা কণ্ঠেৰে ক’লে– “খালিদ বাবা, দেউতাক চালাম এটা নকৰা নেকি?”
খালিদে হাঁহি এটা মাৰি নিজৰ হাতখন উঠাই কপালত লগালে। মুমতাজে তাক আশীৰ্বাদ কৰিলে– “বহুত দিন বাচি থাকা, মোৰ বাবা ।”
কিন্তু, যেতিয়াই তেওঁ এই শব্দকেইটা ক’লে, তেওঁৰ বুকুৰ ভিতৰত কিবা অনিষ্টৰ প্ৰবল পূৰ্বাভাষ এটা অনুভৱ কৰিলে আৰু নিজে এখন দুঃচিন্তাৰ সাগৰত ডুব যোৱা যেন অনুভৱ কৰিলে।
খালিদ এইবাৰ কোঠাটোৰ পৰা ওলাই গ’ল।
অফিচলৈ যাবলৈ এতিয়াও বহুত সময় আছিল। মুমতাজে পাটিখনতে বাগৰি থাকিল আৰু নিজৰ মনৰ পৰা বেয়া ভাববোৰ উলিয়াই পেলাবলৈ দৃঢ় সংকল্প ল’লে।
হঠাতে চোতালৰ পৰা তেওঁৰ পত্নীৰ আতুৰ চিঞৰ এটা তেওঁ শুনিবলৈ পালে– “মুমতাজ চাহেব, মুমতাজ চাহেব! সোনকালে ইয়ালৈ আহক!”
মুমতাজ একেজাঁপে উঠি বহিল আৰু বাহিৰলৈ দৌৰ মাৰিলে।
তেওঁৰ পত্নী গা–ধোৱা ঘৰৰ বাহিৰত থিয় হৈ আছিল আৰু তেওঁৰ কোঁচত খালিদ একেবাৰে কোঁচমোচ খাই ইফাল সিফাল কৰি আছিল।
মুমতাজে ভয়ত কঁপি থকা পত্নীৰ কোলাৰ পৰা খালিদক নিজৰ কোঁচত লৈ তাৰ কি হৈছে জানিব বিচাৰিলে।
তেওঁৰ পত্নীৰ মাতটো ভয়তে সোপা লাগি ধৰিছিল।
তেওঁ ক’লে– “ মই একো নাজানো। সি পানীৰ সৈতে খেলি আছিল। মই তাৰ নাকটো চাফা কৰিবলৈ লওঁতেই তাৰ হঠাতে এনেকুৱা হৈ গ’ল ।”
মুমতাজৰ কোলাত খালিদে এনেদৰে পাক খাই আছিল যেন কোনোবাই তাক কাপোৰ চেপাদি চেপিহে আছে।
সমুখত চাৰপাইখন আছিল। মুমতাজে তাক চাৰপাইখনতে শুৱাই দিলে।
পতি পত্নী দুয়োজন খুব চিন্তাত আছিল।
সি বিছনাখনত পৰি ইবাৰৰ পিছত সিবাৰকৈ জোকাৰ খাই আছিল আৰু সিহঁত দুজনে নিজৰ জ্ঞান আধা হেৰুৱাই তাক মৰম কৰিব নে চুমা খাব নে মুখত পানী মাৰিব, একো ভাবি পোৱা নাছিল।
তাৰ গাৰ জোকাৰণিবোৰ অকণো কম হোৱা নাছিল।
কিছুসময়ৰ পিছত তাৰ গাৰ জোকাৰণিবোৰ যেতিয়া বন্ধ হ’ল আৰু খালেদে জ্ঞান হেৰুৱালে, মুমতাজে ভাবিলে তাৰ চাগে মৃত্যু হ’ল।
পত্নীৰ ফালে ঘূৰি চাই সি লাহে লাহে ক’লে– “সি আৰু নাই।”
তাই উচাট মাৰি খঙেৰে কৈ উঠিল– “দুষ্ট আত্মাবোৰৰ বিনাশ হওক! তোমাৰ মুখেৰে কি কথা ওলাইছে?
তাৰ এটা কনভালচন হৈছিল– এতিয়া আৰু নাই। সি অতি সোনকালেই ভাল হৈ উঠিব।”
খালিদে তাৰ ক’লা ডাঙৰ ডাঙৰ চকুহাল মেলিলে আৰু দেউতাকৰ ফালে চালে।
মুমতাজৰ গোটেই পৃথিৱীখনে আকৌ যেন প্ৰাণ পাই উঠিল। দুখ আৰু মৰম সনা কণ্ঠেৰে তেওঁ খালিদক ক’লে– “কি হ’ল, খালিদ বাবা … তোমাৰ কি হৈছিল?”
খালেদৰ ওঁঠত এটা পাতল হাঁহিৰ আভাস ফুটি উঠিল।
মুমতাজে তাক কোঁচত লৈ কোঠাৰ ভিতৰলৈ গ’ল। তেওঁ খালিদক বিছনাখনত শুৱাবলৈ লওঁতেই তাৰ পিছে দ্বিতীয়টো কনভালচন আৰম্ভ হ’ল
খালিদে আকৌ মৃগী ৰোগত পৰাৰ দৰেই কঁপি কঁপি পাক খাবলৈ ধৰিলে। তাৰ জোকাৰণিবোৰ ইমানেই তীব্ৰ আছিল যে মুমতাজৰ ভাব হৈছিল যেন খালেদ নহয়, তেওঁহে ইয়াৰ কৱলত পৰিছে।
দ্বিতীয় বাৰৰ আক্ৰমণৰ পিছত খালিদ আৰু বেছি নিস্তেজ হৈ পৰিল। সি তাৰ ভাগৰুৱা আৰু দুৰ্বল হৈ পৰা চকুযোৰ মেলি দেউতাকলৈ চালে।
“খালিদ মোৰ বাচা, তোমাৰ এয়া কি হৈ আছে?”
“খালিদ মিঞা, উঠানা….অকণমান খোজ কাঢ়া!”
“আমাৰ খালিদে অকণমান মাখন খাবনে?”
খালিদে মাখন খাবলৈ খুব ভাল পায়। কিন্তু, দেউতাকৰ কথাৰ সি কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে।
কিন্তু, যেতিয়া মুমতাজে তাক সুধিলে – “ বাবা তুমি মিঠাই খাবা?”
সি দুৰ্বলভাৱে ‘নাখাওঁ’ বুলি মূৰটো জোকাৰিলে।
মুমতাজে হাঁহি এটা মাৰি তাক টানকৈ বুকুত সাৱটি ল’লে। তাৰপাছত তাক পত্নীৰ কোলাত দি ক’লে– “তুমি ইয়াক ভালকৈ চাবা! মই ডাক্তৰ এজন লৈ আহোঁগৈ!”
যেতিয়া ডাক্তৰজন লৈ তেওঁ ঘূৰি আহিল, তেওঁৰ পত্নী চিন্তা–ভাৱনা কৰিব পৰা অৱস্থাত নাছিল।
তেওঁৰ অনুপস্থিতিত খালিদৰ আৰু তিনিবাৰ আগৰদৰে কনভালচন হ’ল।
এইবোৰে খালিদক একেবাৰে নিৰ্জীৱ কৰি পেলালে।
কিন্তু, ডাক্তৰজনে খালিদক চাই ক’লে যে চিন্তা কৰিবলগীয়া একো নাই।
“সৰু ল’ৰাছোৱালীবোৰৰ এনেকুৱা ধৰণৰ কনভালচন হয়েই। নতুনকৈ দাঁত ওলাওঁতে বা কেতিয়াবা পেটত পেলু থাকিলেও এনেকুৱা হ’ব পাৰে। মই আপোনাক এখন প্ৰেস্কিপচন লিখি দিছোঁ। ঔষধবোৰ খুৱালে সি কিছু আৰাম পাব। তাৰ জ্বৰ খুব বেচি নাই। আপুনি একো চিন্তা নকৰিব ।”
মুমতাজে অফিচৰ পৰা এদিনৰ ছুটি ল’লে আৰু পূৰা দিনটো খালিদৰ ওচৰতে বহি থাকিল।
ডাক্তৰজন যোৱাৰ পিছত খালিদৰ আগৰ দৰেই আৰু দুবাৰ কনভালচন হ’ল।
তাৰপিছত সি একেবাৰে লৰচৰ নকৰাকৈ পৰি আছে।
গধূলি হোৱাৰ পিছত মুমতাজে ভাবিলে, ‘হয়তো ভগৱানে আমাক কিছু দয়া কৰিছে। বহুত সময়ৰ পৰা নতুনকৈ আৰু কনভালচন অহা নাই। ভগৱানে গোটেই ৰাতিটো এনেদৰে পাৰ কৰি নিলেই হয়।’
মুমতাজৰ পত্নীয়েও সকাহ বোধ কৰিলে।
‘‘যদি আল্লাই কৰে, কাইলৈ ৰাতিপুৱা মোৰ খালেদ উঠি দৌৰি ফুৰিব।’’
খালিদক ৰাতি এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ঔষধ খুৱাই থাকিব লগা হ’ল।
টোপনি আহে বুলি ভয় কৰি মুমতাজে বিছনাত বাগৰেই নিদিলে। তেওঁ খালিদৰ অকণমান বিছনাখনৰ কাষলৈকে তেওঁৰ আৰামী চকীখন চোঁচৰাই আনিলে।
খালিদ গোটেই ৰাতি চটফটাই আছিল বাবে মুমতাজেও গোটেই ৰাতি বহি বহি কটালে।
সি কঁপি কঁপি কেইবাবাৰো টোপনিৰ পৰা সাৰ পাই উঠিছিল। তাৰ গাটোও খুব গৰম আছিল।
ৰাতিপুৱা যেতিয়া মুমতাজে খালিদৰ জ্বৰটো জুখিলে, তেতিয়া ১০৪ ডিগ্ৰী জ্বৰ আছিল।
তেওঁ ডাক্তৰক আকৌ মাতি আনিলে।
ডাক্তৰে চাই ক’লে– “চিন্তাৰ একো কাৰণ নাই। তাৰ ব্ৰংকাইটিছ হৈছে। মই ঔষধ দুটামান লিখি দিছোঁ। সি তিনি চাৰি দিনতে ভাল হৈ যাব।”
ডাক্তৰে প্ৰেস্কিপচনখন লিখি গুছি গ’ল। মুমতাজে ঔষধটো দিবলৈ ঠিক কৰিলে।
তেওঁ খালেদক এপালি দৰব দিলে। কিন্তু, খালিদৰ একো উন্নতি নহ’ল।
পুৱা দহমান বজাত মুমতাজে ডাঙৰ ডাক্তৰ এজনক মাতিলে।
তেওঁ খালিদক ভালদৰে পৰীক্ষা কৰিলে আৰু তেওঁলোকক আশ্বাস দিলে যে চিন্তা কৰিবলগীয়া একো নাই। সকলো ঠিক হৈ যাব।
একো ঠিক নহ’ল। ডাঙৰ ডাক্তৰজনৰ দৰবে একো কাম নিদিলে। খালিদৰ জ্বৰ বাঢ়িহে গৈ থাকিল।
মুমতাজৰ ঘৰৰ সহায়িকাগৰাকীয়ে ক’লে– “চাহাব, এইটো কোনো বেমাৰ নহয়। খালিদ বাবাৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি পৰিছে। মই গৈ তাৰ কাৰণে এটা ৰক্ষা–কবচ লৈ আহোঁগৈ। আল্লাই কৰিলে ই নিশ্চয় কাম দিব।”
সাতটা কুঁৱাৰ পৰা পবিত্ৰ পানী সংগ্ৰহ কৰা হ’ল। কবচটো পানীত ডুবাই পানীখিনি খালিদক দিয়া হ’ল। কিন্তু, একো লাভ নহ’ল।
চুবুৰীয়া মানুহ এগৰাকী আহিল। তেওঁ য়ুনানী ঔষধ এটাৰ নাম লিখি দিলে।
মুমতাজ বজাৰলৈ গৈ দৰবটো কিনি আনিলে। কিন্তু, খালিদক দিয়া নহ’ল।
গধূলি মুমতাজৰ সম্বন্ধীয় মানুহ এজনে আৰু এজন ডাক্তৰ লৈ আনিলে। ডাক্তৰজনে খালিদক ভালদৰে চাই ক’লে, তাৰ মেলেৰিয়া হৈছে।
“মেলেৰিয়া হ’লেহে জ্বৰ ইমান বেছি হ’ব পাৰে। তাৰ মূৰত বৰফৰ পটি দিয়ক! মই তাক কুইনাইনৰ বেজী এটা দিওঁ ।”
কপালত বৰফৰ পটি দিয়াৰ পিছত তাৰ জ্বৰটো হঠাতে ৯৮ ডিগ্ৰীলৈ নামি আহিল।
মুমতাজ আৰু তেওঁৰ পত্নীয়ে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু, লাহে লাহে তাৰ জ্বৰটো আগতকৈয়ো বেছি হ’বলৈ ধৰিলে।
মুমতাজে খালেদৰ জ্বৰটো জুখিলে। এইবাৰ জ্বৰ ১০৬ ডিগ্ৰী দেখুৱালে।
ঘৰৰ ওচৰৰ মানুহ এজন আহি খালিদলৈ খুব দুখেৰে চালে আৰু মুমতাজক ক’লে– “মোৰ ভাব হৈছে, ইয়াৰ ৰাজহাড়ডাল ডিঙিৰ পিছফালে ভাঙি গৈছে।”
মমুমতাজ আৰু তেওঁৰ পত্নী নিৰাশ হ’বলৈ আৰম্ভ কৰিছিল।
মুমতাজে তলৰ কাৰখানাটোৰ পৰা হস্পিতাললৈ ফোন কৰিলে।
হস্পিতালৰ পৰা কোৱা হ’ল, ৰোগীক লৈ আনিবলৈ।
মুমতাজে ঘোৰাগাড়ী এখন মতাই আনিলে আৰু খালিদক কোঁচত লৈ পত্নীৰ সতে হস্পিতাললৈ ওলাই গ’ল
মুমতাজে দিনটোত কেইবাবাৰো পানী খাইছে। কিন্তু, তেওঁৰ যেন এতিয়াও তৃষ্ণা পূৰণ হোৱা নাই।
হস্পিতাললৈ যোৱাৰ বাটত তেওঁৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই যোৱা যেন ভাব হ’ল।
তেওঁ ভাবিলে, বাটতে দোকান এখনত সোমাই তেওঁ পানী এগিলাচ খাই ল’ব।
কিন্তু, হঠাতে এটা আপদীয়া ভাব আহি তেওঁৰ মনটো গ্ৰাস কৰি পেলালে –
‘চোৱা, তুমি যদি পানী খোৱা’ আপদীয়া ভাৱটোৱে তেওঁক ক’লে-‘তোমাৰ খালিদ আৰু নাবাচে।’
মুমতাজৰ ডিঙিটো শুকাই কৰ্কৰীয়া হৈ পৰিছিল যদিও সি আৰু পানী নেখালে।
ঘোৰাগাড়ীখন আহি যেতিয়া হস্পিতালৰ ওচৰ পালেহি, তেওঁ চিগাৰেট এটা জ্বলাই ল’লে।
মাত্ৰ দুটা হোপা মৰাৰ পিছতে তেওঁ হঠাতে চিগাৰেটটো দলিয়াই পেলাই দিলে।
কৰবাৰ পৰা আৱাজ এটা আহি তেওঁৰ মূৰত প্ৰতিধ্বনিত হ’বলৈ ধৰিলে– “মুমতাজ, চিগাৰেট নাখাবি! তোৰ ল’ৰাটোৰ মৃত্যু হ’ব।”
মুমতাজে গাড়ীখন ৰখালে।
তেওঁ ভাবিলে – এইটো কি ধৰণৰ মুৰ্খামি? এইবোৰ অদৰ্কাৰী ভয়। মই চিগাৰেট এটা হুপিলে ল’ৰাটোৰ কি বিপদ হ’ব পাৰে?”
তেওঁ ঘোৰাবাগীখনৰ পৰা নামি আহি ৰাস্তাৰ কাষৰ দোকান এখনৰ পৰা চিগাৰেট এটা কিনি জ্বলালে।
তেওঁ ঘোঁৰা গাড়ীখনলৈ ঘূৰি আহি চিগাৰেটটোত হোপা এটা মাৰিবলৈ লওঁতেই এক অদৃশ্য শক্তিয়ে তেওঁক বাধা দি উঠিল– ‘না মুমতাজ, এইটো কাম নকৰিবি! খালিদৰ মৃত্যু হ’ব।’
মুমতাজে জোৰেৰে তাৰ হাতৰ পৰা চিগাৰেটটতো দলিয়াই পেলাই দিলে।
কচোৱানজনে তালৈ আচৰিত হৈ চালে।
মুমতাজৰ ভাব হ’ল যেন তেওঁ কচোৱানটোৰ মনত হোৱা তেওঁৰ প্ৰতি বিদ্ৰূপৰ ভাবটো ধৰিব পাৰিছে।
তেওঁ নিজকে প্ৰবোধ দিয়াৰ দৰে ক’লে– “চিগাৰেটতো একেবাৰে বাজে আছিল।”
তেওঁ এইবাৰ আৰু এটা চিগাৰেট উলিয়াই ল’লে। জ্বলাবলৈ ইচ্ছা আছিল যদিও তেওঁৰ কিন্তু সাহস নহ’ল।
তেওঁৰ মনত এটা ডাঙৰ ধুমুহা চলিছে। তেওঁৰ যুক্তিবাদী মনটোৱে কৈছে যে অন্ধবিশ্বাসবোৰৰ একো অৰ্থ নাই।
কিন্তু, এটা ডাঙৰ শক্তিয়ে তেওঁৰ সকলো যুক্তি তল পেলাই দিছেহি।
ঘোৰাগাড়ীখন হস্পিতালৰ গেটেৰে সোমাই গ’ল আৰু মুমতাজে তেওঁৰ আঙুলিৰ ফাঁকত থকা চিগাৰেটতো পেলাই দিলে।
তেওঁৰ নিজকে ভয়ৰ গ্ৰাসত সোমাই পৰা এজন বিধস্ত মানুহ যেন ভাব হ’ল।
ৰিচেপচনত থকা মানুহটোৱে খালিদক লগে লগে হস্পিতালত ভৰ্তি কৰিলে।
ডাক্তৰজনে খালিদক চাই ক’লে– “এইটো ব্ৰংকিয়েল নিউমোনিয়া। ল’ৰাটোৰ অৱস্থা সংকটজনক ।”
খালিদ অজ্ঞান হৈ আছিল। তাৰ মাকে বিছনাত তাৰ শিতানত বহি তাৰ ফালে চাই আছিল।
তাইৰ চকুযোৰ হতাশাৰে ভৰি পৰিছিল।
কোঠাটোৰ লগতে এটা গাধোৱা ঘৰ সংলগ্ন আছিল। মুমতাজৰ খুব পিয়াহ লাগিছিল।
তেওঁ পানীৰ টেপটো খুলি দুই হাতেৰে আজলি পাতি পানী খাবলৈ আৰম্ভ কৰিলে।
আগৰদৰে একেটা ভয়েই তেওঁৰ মনলৈ আহিল।
“মুমতাজ, তই কি কৰিছ? পানী নেখাবি! খালে তোৰ খালিদৰ মৃত্যু হ’ব।”
মুমতাজে ভয়টো আওকাণ কৰি পানী খাবলৈ ধৰিলে আৰু ইমান পানী খালে যে তেওঁৰ পেটতো ফুলি গ’ল।
তৃষ্ণা নিবাৰণ হোৱাৰ লগে লগে তেওঁ বাথৰূমৰ পৰা খালিদক শুৱাই থোৱা কোঠাটোলৈ আহিল।
খালিদ হস্পিতালৰ লোহাৰ বিছনাখনত অচেতন হৈ পৰি আছিল।
মুমতাজে তাৰপৰা আঁতৰি যাবলৈ বিচাৰিছিল, নিজৰ জ্ঞান হেৰাই যোৱাটো বিচাৰিছিল, খালিদ ভাল হৈ যোৱাটো বিচাৰিছিল আৰু খালিদৰ গাৰ পৰা নিউমোনিয়াটো তেওঁৰ নিজৰ গালৈ গুচি অহাটোকে বিচাৰিছিল।
মুমতাজে মন কৰিলে যে খালিদ আগতকৈয়ো বেছি শেঁতা পৰি গৈছে।
তেওঁ ভাবিলে-‘এইটো মোৰ পানী খোৱাৰে ফল। যদি মই পানী নাখালোঁহেঁতেন, খালেদৰ অৱস্থা নিশ্চয় আগতকৈ ভাল হ’লহেঁতেন!’
তেওঁৰ এইবাৰ ভীষণ অনুশোচনা হ’ল। ইয়াৰ বাবে তেওঁ নিজকে গালিও পাৰিলে। কিন্তু, লগে লগে তেওঁৰ ভাব হ’ল – ‘যিয়ে এইবোৰ বাজে কথা ভাবিছে, তেওঁ মুমতাজ নহয়। অন্য কোনোবাহে হয়। কিন্তু, এই অন্যজন কোন? কিয় এই মানুহজনৰ মূৰত এই ভয় ভাববোৰৰ জন্ম হৈছে।’
তেওঁৰ পিয়াহ লাগিছিল, তেওঁ পানী খালে। ইয়াৰ বাবে খালিদৰ ওপৰত কি প্ৰভাব পৰিব পাৰে?
খালিদ নিশ্চয় ভাল হৈ উঠিব। পৰহিলৈ তাৰ জন্মদিন। আল্লাৰ দয়াত জন্মদিনটো আমি খুব ধুমধামেৰে পাতিম।
কিন্তু, লগে লগেই তেওঁৰ মনটো বহি গ’ল। মনৰ ভিতৰৰ পৰা এটা মাতে যেন কৈ আছে, খালিদৰ এবছৰ কেতিয়াও পুৰা নহয়।
মতাজৰ ইচ্ছা হৈছে যেন এই মাতটো ধৰি লৈ তাক শিপাৰ সতে কাটি পেলাব।
কিন্তু, মাতটো তেওঁৰ নিজৰ মনৰ বাহিৰে অন্য কোনো ঠাইৰ পৰা অহা নাই।
ওপৰৱালাই জানে ই কেনেকৈ আৰু কিয় আহিছে!
মুমতাজে এনেকুৱা ধৰণে ভীতিগ্ৰস্ত হৈ পৰিলে যে তেওঁ নিজকে নিজে ক’বলৈ ধৰিলে, ‘আল্লাৰ দোহাই, মোক দয়া কৰা! কিয় তুমি মোৰ দৰে নিঃকিনৰ পিছত পৰিছা?”
সন্ধ্যা লাগিবলৈ আৰম্ভ কৰিছিল। কেইবাজনো ডাক্তৰে আহি খালিদক পৰীক্ষা কৰিলেহি। বহুতো দৰব দিলে। কেইবাটাও ইনজেকচনো দিলে। খালিদ কিন্তু অচেতন হৈয়েই থাকিল।
হঠাতে মুমতাজৰ মূৰৰ ভিতৰলৈ অদ্ভুত ভাব এটা আকৌ আহিবলৈ ল’লে– ‘তই ইয়াৰ পৰা গুচি যা! এতিয়াই গুচি যা! নহ’লে, খালিদ মৰি থাকিব।’
মুমতাজে কোঠাটোৰ পৰা ওলাই হস্পিতালখনৰ পৰাও বাহিৰলৈ ওলাই গ’ল।
তেওঁৰ মূৰৰ ভিতৰত ভাবটোৱে কিন্তু এতিয়াও হেঁচা মাৰি ধৰিয়েই আছে।
তেওঁ সেই ভাবটোৰ বশ হৈ পৰিল। তেওঁৰ প্ৰতিটো পদক্ষেপ, তেওঁৰ প্ৰতিটো কাম সেই ইচ্ছাটোৰ বশ হৈ পৰিল।
সেই ইচ্ছাটোৱে তেওঁক এখন হোটেললৈ লৈ গ’ল আৰু তেওঁক মদ খাবলৈ ক’লে।
মদৰ গিলাছটো তেওঁ আনিলে ভাৱটোৱে তেওঁক গিলাছটো দলিয়াই পেলাই দিবলৈ ক’লে।
মুমতাজে হাতৰ পৰা গিলাছটো দলিয়াই পেলালে।
মূৰৰ ভিতৰৰ পৰা ইচ্ছাটোৱে আকৌ মদৰ অৰ্ডাৰ দিবলৈ ক’লে আৰু দ্বিতীয় গিলাছটো অহাৰ লগে লগে সেইটোও দলিয়াই দিবলৈ ক’লে।
মদ আৰু ভঙা গিলাছ দুটাৰ দাম দিয়াৰ পিছত মুমতাজ বাহিৰলৈ ওলাই আহিল।
বাহিৰত চাৰিওফালে বেলেগ ধৰণৰ নিস্তব্ধতা। কেৱল তেওঁৰ মনৰ ভিতৰত এটা হুলস্থূল চলি আছিল।
তেওঁ হস্পিতাললৈ ঘূৰি আহি খালিদৰ কোঠাৰ ফালে পোনালে।
কিন্তু, মূৰৰ ভিতৰৰ পৰা আৱাজটোৱে ক’লে– ‘তালৈ নেযাবি, মুমতাজ। গ’লেই খালিদ মৰি যাব।’
তেওঁ ঘূৰি আহিল। বাহিৰৰ বাগানৰ ঘাঁহনিত এখন বেঞ্চ পৰা আছিল। তেওঁ তাৰ ওপৰতে বাগৰ দিলে।
ৰাতি দহ বাজি গৈছিল। বাগানখন আন্ধাৰ আৰু শান্ত হৈ আছিল।
মাজে মাজে পাৰ হৈ যোৱা একোখন গাড়ীৰ হৰ্ণৰ শব্দই সেই নিস্তব্ধতা আঁতৰ কৰিছিল।
সমুখৰ ওখ দেৱালখনত লাইটেৰে উজলি থকা হস্পিতালৰ দেৱাল ঘড়ীটো আছিল।
মুমতাজে খালিদৰ কথা ভাবি আছিল।
‘সি বাচিবনে? যদি মৰিবই লাগে, এই শিশুবোৰৰ কিয় জন্ম হয়?
যদি ইমান সোনকালে মৃত্যুৰ মুখলৈ যাবই লাগে, এই জীৱনটো কিয় আৰম্ভ হ’ব লাগে?’
সেই মুহূৰ্ততে তেওঁক এটা ভয়ে গ্ৰাস কৰি পেলালে আৰু তেওঁ আঁঠুত ভৰ দি বহি পৰিল।
তেওঁৰ মূৰৰ ভিতৰৰ আৱাজটোৱে খালিদ ভাল হৈ নুঠালৈকে তেওঁক তেনেদৰে বহি থাকিবলৈ ক’লে।
মুমতাজ তেনেদৰেই বহি থাকিল।
তেওঁ এটা প্ৰাৰ্থনা গাবলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে।
তেওঁৰ চকুদুটা পানীৰে ভৰি পৰিল।
তেওঁ খালিদৰ বাবে নহয়, নিজৰ বাবে প্ৰাৰ্থনা কৰিলে – “হে আল্লা, মোক এই অৱস্থাৰ পৰা মুক্ত কৰা! যদি তুমি খালেদৰ মৃত্যু বিচাৰিছা, তেন্তে খালেদক মাৰিয়েই পেলোৱা!
এইটো কি ধৰণৰ যন্ত্ৰণা!”
তাৰপিছতে তেওঁ এটা হুলস্থূল শুনিবলৈ পালে।
কিছু দূৰৈত দুজন মানুহ চকীত বহি কথা পাতি পাতি কিবা খাই আছিল।
“ল’ৰাটো বৰ মৰম লগা ।”
“মাকজনীৰ ওচৰলৈ যাবলৈ মোৰ সাহসেই হোৱা নাই।”
“বেচেৰীজনী! তাই প্ৰত্যেকজন ডাক্তৰৰ ভৰিত পৰিছেগৈ ।”
“আমি কৰিব পৰা সকলোখিনি চেষ্টাই কৰিলোঁ । তাক বচোৱাটো সাধাৰণ কথা নহয় ।”
“মই তাৰ মাকক কৈছোঁ– ‘আপুনি ভগৱানক প্ৰাৰ্থনা কৰক!’
এজন ডাক্তৰে মুমতাজৰ ফালে চালে। তেওঁ তেতিয়াও আঁঠুকাঢ়ি বহি আছিল।
ডাক্তৰজনে ডাঙৰকৈ চিঞৰি সুধিলে– “হেৰা, তাত তুমি কি কৰি আছা? এইফালে আহাঁ!”
মুমতাজে ঠিয় হৈ ডাক্তৰকেইজনৰ ওচৰলৈ গ’ল।
এজনে সুধিলে– “তুমি কোন?”
মুমতাজে জিভাখনেৰে তেওঁৰ শুকান ওঁঠ দুটা তিয়াবলৈ চেষ্টা কৰি ক’লে– “চাৰ, মই এজন ৰোগী।”
“তুমি যদি ৰোগী..” ডাক্তৰজনে অকণমান ৰুক্ষভাৱেৰে ক’লে– “তেন্তে তুমি ভিতৰলৈ যোৱা! এই ঘাঁহনিখনত আঁঠুকাঢ়ি কি কৰিছা?”
মুমতাজে উত্তৰ দিলে, “চাৰ, মোৰ ল’ৰাটো…..সৌফালে থকা ৱাৰ্ডটোত ভৰ্তি হৈ আছে।”
“সেইটো তোমাৰ ল’ৰা যাৰ…..”
“হয়। সম্ভৱ আপোনালোকে তাৰ কথাই পাতি আছিলে..সি মোৰ ল’ৰা ..খালিদ।”
“আপুনি তাৰ দেউতাক?”
মুমতাজে দুখেৰে বুৰ গৈ থকা মূৰটো ল’ৰালে আৰু ক’লে– “হয়, ময়ে তাৰ দেউতাক।”
ডাক্তৰজনে ক’লে– “আপুনি ইয়াত বহি আছে কিয়? ওপৰলৈ যাওক, আপোনাৰ পত্নী একেবাৰে অকলশৰে আছে ।”
‘হয় চাৰ’ বুলি কৈয়ে মুমতাজে ৱাৰ্ডৰ ফালে খোজ ল’লে।
তেওঁ চিৰিবোৰ উঠি গৈ কোঠাটোৰ সমুখত ঘৰৰ কামকৰা মানুহটোক কান্দি থকা দেখা পালে।
মুমতাজক দেখাৰ লগে লগে সি আৰু বেচিকৈহে কান্দিবলৈ ল’লে– “চাহাব, খালিদ মিঞা আৰু নাই ।”
মুমতাজে কোঠাটোৰ ভিতৰলৈ গ’ল। তাত তেওঁৰ পত্নী অচেতন হৈ পৰি আছিল আৰু এজন ডাক্তৰ আৰু নাৰ্চে তেওঁৰ জ্ঞান আনিবলৈ চেষ্টা চলাই আছিলে।
মুমতাজ বিছনাখনৰ ওচৰত ঠিয় হ’লগৈ।
খালিদে চকু বন্ধ কৰি পৰি আছিল। তাৰ মুখত গভীৰ প্ৰশান্তিৰ চিন আছিল
মুমতাজে তাৰ কোমল চুলিবোৰৰ ওপৰত হাত ফুৰালে আৰু ভঙা ভঙা মাতেৰে ক’লে– “খালিদ মিঞা, মিঠাই এটা খাবানে?”
খালিদে নাখাওঁ বুলি ক’বলৈ তাৰ মূৰটো নোজোকাৰিলে।
মুমতাজে গভীৰ কণ্ঠেৰে আকৌ সুধিলে– “খালিদ মিঞা, মোৰ ভিতৰৰ ভয়বোৰ তোমাৰ লগতে লৈ যাবানে?”
মুমতাজৰ ভাব হ’ল যেন খালিদে তাৰ মূৰটো লৰাই সন্মতি প্ৰকাশ কৰিলে।